অধ্যায়ঃ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

(CHEMICAL REACTIONS AND EQUATIONS)

প্ৰশ্নাৱলীঃ

Page No. 06

প্রশ্ন 1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয় ?

উত্তৰঃ মেগনেছিয়ামৰ ফিটাত লাগি থকা মেগনেছিয়ামৰ অক্সাইড প্রলেপটোক আঁতৰাবৰ বাবে, যিয়ে মেগনেছিয়ামৰ দহনক বাধা দিয়ে। সেই কাৰণে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে।

প্রশ্ন 2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।

(i) হাইড্ৰ’জেন + ক্ল’ৰিন → হাইড্ৰজেন ক্ল’ৰাইড

উত্তৰঃ H2 + Cl2 → 2HCl

(ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

উত্তৰঃ 3BaCl2 + Al2(SO4)3 → 3BaSO4 + 2AICI3

(iii) ছ’ডিয়াম + পানী → ছডিয়াম হাইড্র’ক্সাইড + হাইড্ৰ’জেন

উত্তৰঃ  2Na + 2H2O → 2NaOH + H2

প্রশ্ন 3. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State Symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছড়িয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়।

উত্তৰঃ BaCl2(aq) + Na2SO4 (aq) → BaSO4(s) + 2NaCl(aq)

(ii) ছডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্লৰিক এছিডৰ দ্ৰৱ (পানী) ৰে সৈতে বিক্ৰিয়া কৰি ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)

প্ৰশ্নাৱলীঃ

Page No. 06

প্রশ্ন 1. এটা পদার্থ ‘X’ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White Washing) ব্যৱহাৰ কৰা হয়।

(i) পদার্থ ‘X’ ৰ নাম আৰু সংকেত লিখা।

উত্তৰঃ পদাৰ্থ ‘X’ ৰ নাম হ’ল চূণ অথবা পোৰা চূণ অথবা কেলচিয়াম অক্সাইড আৰু ইয়াৰ সংকেত হ’ল CaO৷

(ii) পানীৰ সৈতে পদার্থ ‘X’ এ কৰা বিক্ৰিয়াটো লিখা।

উত্তৰঃ CaO(s) + H2O(l) → Ca(OH)2(aq)
পোৰা চূণ         পানী            শিথিলিত চূণ

প্রশ্ন 2. কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত ,সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় ? এই গেছটোৰ নাম লিখা৷

উত্তৰঃ যদি এটা পানীৰ অণুৰ বিয়োজন ঘটে তেন্তে এটা অক্সিজেন পৰমাণু আৰু দুটা হাইড্ৰ’জেন পৰমাণু উৎপন্ন হয়। অর্থাৎ অক্সিজেনৰ তুলনাত হাইড্ৰজেনৰ পৰমাণু দুগুণ উৎপন্ন হয়। সেই কাৰণে সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ।

এই গেছটোৰ নাম হ’ল হাইড্ৰ’জেন গেছ।

প্ৰশ্নাৱলীঃ

Page No. 06

প্রশ্ন 1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় ?

উত্তৰঃ লোৰ গজাল এটা কপাৰ ছালফেট দ্রৱত ডুবাই দিলে আইৰণ কপাৰতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে আইৰনে কপাৰ ছালফেট দ্ৰৱটোৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰি আইৰণ ছালফেট আৰু কপাৰ উৎপন্ন কৰে। সেইকাৰণে লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে।
ৰাসায়নিক বিক্ৰিয়াটো হ’ল—
Fe(s)+ CuSO4(aq) → FeSO4(aq) + Cu(s)

প্রশ্ন 2. কার্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ আন এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ হ’ল –

ছিলভাৰ নাইট্রেট আৰু ছডিয়াম ক্ল’ৰাইডৰ মাজত বিক্রিয়া ঘটালে বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটি বগা অধঃক্ষেপ ছিলভাৰ ক্ল’ৰাইড আৰু ছডিয়াম নাইট্রেট উৎপন্ন কৰে।

AgNO3(aq) + NaCl(aq) → AgCl(s)+ NaNO3(aq)

প্রশ্ন 3. তলৰ বিক্ৰিয়া কেইটাত জাতি আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাচি উলিওৱা।

(i) 4Na(s) + O2(g) → 2Na2O(s)

উত্তৰঃ জাৰিত হোৱা পদাৰ্থটো হ’ল ছডিয়াম (Na) কাৰণ ছ’ডিয়ামে অক্সিজেন লাভ কৰি ছডিয়াম অক্সাইড (Na2O) উৎপন্ন হৈছে।

(ii) CuO(s) + H2(g) → Cu(s) + H2O(l)

উত্তৰঃ কপাৰ অক্সাইড (CuO) হ’ল বিজাৰিত হোৱা পদার্থ। আনহাতে হাইড্রজেন (H2) হ’ল জাৰিত হোৱা পদাৰ্থ কিয়নো কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই বিজাতি হৈ কপাৰ আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰি জাৰিত হৈ পানী উৎপন্ন হৈছে।

অনুশীলনী:

Page No.14

প্রশ্ন 1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO(s)+C(s)→ 2Pb(s) + CO2(g)
(a) লেড বিজাৰিত হৈছে।
(b) কার্বন ডাই অক্সাইড জাৰিত হৈছে।
(c) কাৰ্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।

(i) (a) আৰু (b)

(ii) (a) আৰু (c)

(iii) (a), (b) আৰু (b)

(iv) সকলো

উত্তৰঃ (i) (a) আৰু (b)

প্রশ্ন 2. Fe2O3  + 2AI → Al2O3 +2Fe

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্ৰিয়াৰ

(b) এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ

(c) এটা বিয়োজন বিক্ৰিয়াৰ

(d) এটা অপসৰণ বিক্ৰিয়াৰ

উত্তৰঃ (d) এটা অপসৰণ বিক্ৰিয়াৰ

প্রশ্ন 3. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটো টিক চিন দিয়া।
(a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।
(b) ক্ল’ৰিণ গেছ আৰু আইৰন হাইড্ৰ’ক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ (a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।

প্রশ্ন 4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?

উত্তৰঃ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থৰ পৰমাণুৰ সংখ্যা বা মুঠ ভৰ আৰু বিক্রিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা বা ভৰ সমান তাকে সম্ভলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়।
ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে কিন্তু এটা ৰূপৰ পৰা আনটো ৰূপলৈ ৰূপান্তৰিত হয়। গতিকে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াৰ আগত মুঠ ভৰ আৰু বিক্ৰিয়াৰ পাছত মুঠ ভৰ সমান থাকিব লাগে। সেইকাৰণে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে।

প্রশ্ন 5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।

(a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰ সৈতে লগ হৈ এম’নিয়া প্ৰস্তুত কৰে।

উত্তৰঃ 3H2(g) + N2(g) → 2NH3(g)

(b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

উত্তৰঃ 2H2S(g)+ 3O2 (g) →  2SO2(g) + 2H2O(l)

(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।
উত্তৰঃ 3BaCl2(aq) + Al2(SO4)(aq) → 2AICI3(aq) + 3BaSO4(s)

(d) পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

উত্তৰঃ 2K(s) + 2H2O(l) → 2KOH(aq) + 2H2(g)।

প্রশ্ন 6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।

(a) HNO3 + Ca(OH)2 → Ca(NO3)2 + H2O

উত্তৰঃ 2HNO3 + Ca(OH)2 → Ca(NO3)2 + 2H2O

(b) NaOH + H2SO4→ Na2SO4 + H2O

উত্তৰঃ 2NaOH + H2SO4 → Na2SO4 + 2H2O

(c) NaCl+AgNO3 → AgCI + NaNO3

উত্তৰঃ NaCl+AgNO3 → AgCI + NaNO3

(d) BaCl2 + H2SO4 → BaSO4 + HCI

উত্তৰঃ BaCl2 + H2SO4 → BaSO4 + 2HCI

প্রশ্ন 7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(a) কেলছিয়াম হাইড্রক্সাইড + কার্বন ডাই অক্সাইড → কেলছিয়াম কার্বনেট + পানী।

উত্তৰঃ Ca(OH)2 + CO2 → CaCO3 + H2O

(b) যিংক + ছিলভাৰ নাইট্রেট  → যিংক নাইট্রেট + ছিলভাৰ।

উত্তৰঃ Zn + 2AgNO3 → Zn(NO3)2 + 2Ag

(c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।

উত্তৰঃ 2Al + 3CuCl2 → 2AlCl3 + 3Cu

(c) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড ৷

উত্তৰঃ BaCl2 + K2SO4 → BaSO4 + 2KCl

প্রশ্ন ৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত কৰা।

(a) পটেছিয়াম ব্ৰ’মাইড (aq) + বেৰিয়াম আয়’ডাইড (aq) → পটেছিয়াম আয়ডাইড (aq) + বেৰিয়াম ব্ৰ’মাইড (s)

উত্তৰঃ 2KBr(aq) + BaI2(aq) → 2KI(aq) + BaBr2(aq)

বিক্ৰিয়াটো হ’ল দ্বিঅপসাৰণ বিক্রিয়া।

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)

উত্তৰঃ ZnCO3(s) → ZnO(s) + CO2(g)

বিক্ৰিয়াটো হ’ল বিয়োজন বিক্রিয়া।

(c) হাইড্রজেন (g) + ক্ল’ৰিণ (g) → হাইড্ৰজেন ক্ল’ৰাইড(g)

উত্তৰঃ H2(g) + Cl2(g)→ 2HCl(g)

বিক্ৰিয়াটো হ’ল সংযোজন বিক্রিয়া।

(d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্ল’ৰিক এছিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড(aq) +  হাইড্রজেন (g)

উত্তৰঃ Mg(s) + 2HCl(aq)→ MgCl2(aq) + H2 (g)

বিক্ৰিয়াটো হ’ল অপসৰণ বিক্রিয়া।

প্রশ্ন 9. তাপবৰ্জী আৰু তাপগ্রাহী বিক্ৰিয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া।

উত্তৰঃ তাপবর্জী বিক্রিয়া – যিবোৰ বিক্ৰিয়াত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সোইবোৰক তাপবর্জী ৰাসায়নিক বিক্রিয়া বোলা হয়।
যেনে- (i) প্রাকৃতিক গেছৰ দহন

CH4(g) + 2O2(g)→ CO2(g)+2H2O(g)

(ii) শ্বসন

C6H12O6 (aq) + 6O2(aq) + 6H2O(l) →  6CO2 (aq) + 2H2O(l) + শক্তি

তাপগ্রাহী বিক্রিয়া – যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ বা শক্তি শোষিত হৈ বিক্রিয়াজাত পদার্থ উৎপন্ন হয়। সেইবোৰক তাপগ্রাহী বিক্রিয়া বুলি কোৱা হয়।

যেনে- 2AgCl(s) + সূৰ্যৰ পোহৰ → 2Ag(s)+ Cl2 (g)

প্রশ্ন 10.শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা ।

উত্তৰঃ যিদৰে তাপবর্জী বিক্ৰিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাৰ উপৰিও তাপ বা তাপ শক্তি উৎপন্ন হয়, ঠিক সেইদৰে শ্বসন প্ৰক্ৰিয়াত গ্লু’কজ অণু ভাঙি কার্বন-ডাই- অক্সাইড আৰু পানী উৎপন্ন হোৱাৰ উপৰিও তাপ শক্তিও উৎপন্ন হয় । সেইকাৰণে শ্বসনক এটা তাপবর্জী বিক্ৰিয়া বুলি কোৱা হয়।

শ্বসন প্রক্রিয়া : C6H12O6 (aq) + 6O2(aq) + 6H2O(l) →  6CO2 (aq) + 2H2O(l) + শক্তি

প্রশ্ন 11. বিয়োজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃ বিয়োজন বিক্ৰিয়াত এটা মাত্র বিক্রিয়ক পদার্থ একাধিক সৰল বিক্রিয়াজাত পদার্থলৈ ভাঙি যায়। আনহাতে সংযোজন বিক্ৰিয়াত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদার্থ উৎপন্ন হয়। সেইকাৰণে বিযোজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।

বিয়োজন বিক্রিয়া – CaCO3(s) + তাপ → CaO(s) + CO2(g)

সংযোজন বিক্রিয়া – C(g) + O2 (g) → CO2(g)

প্রশ্ন 12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰঃ তাপৰ প্ৰভাৱত ঘটা এটা ৰাসায়নিক সমীকৰণ –

CaCO3(s) + তাপ → CaO(s) + CO2(g)

পোহৰৰ প্ৰভাৱত ঘটা এটা সমীকৰণ –

2AgCl(s) +  সূৰ্যৰ পোহৰ →  2Ag(s)  + Cl2 (g)

বিদ্যুৎৰ প্ৰভাৱত ঘটা এটা ৰাসায়নিক সমীকৰণ-

2H2O(l) + বিদ্যুৎ শক্তি → 2H2(g) + O2(g)

প্রশ্ন 13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা।

উত্তৰঃ অপসৰণ বিক্রিয়া – যি ৰাসায়নিক বিক্ৰিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে তাকে অপসৰণ বিক্রিয়া বোলে।
যেনে –  Zn(s)+ CuSO4(aq) → ZnSO4(aq) + Cu(s)

দ্বিঅপসৰণ বিক্রিয়া – যি বিক্রিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বিঅপসৰণ বিক্রিয়া বোলে।

যেনে – Na2SO4(aq) + BaCl2(aq) →  NaCl(aq) + BaSO4(s)

প্রশ্ন 14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা।

উত্তৰঃ জড়িত বিক্ৰিয়াটো হ’ল –

AgNO3(aq) + Cu(s) → Cu(NO3)2(aq) + Ag(s)

প্রশ্ন 15. অধঃক্ষেপন বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰঃ যি ৰাসায়নিক বিক্রিয়াত অধঃক্ষেপ উৎপন্ন হয় তাকে অধঃক্ষেপন বিক্রিয়া বুলি কোৱা হয়।

যেনে – ছড়িয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্রিয়া ঘটালে পানীত অদ্রাব্য এটা বগা পদার্থ বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইড উৎপন্ন হয়। ইয়াত বেৰিয়াম ছালফেট হ’ল অধঃক্ষেপ।

জড়িত ৰাসায়নিক বিক্ৰিয়াটো হ’ল –
Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + NaCl(aq)

প্রশ্ন 16.অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।
(a)জাৰণ
(b) বিজাৰণ
উত্তৰঃ (a) জাৰণ – যি ৰাসায়নিক বিক্ৰিয়াত পদার্থ এটাই অক্সিজেন লাভ কৰে অথবা হাইড্ৰজেন হেৰুৱায় তাকে জাৰণ বোলে আৰু পদাৰ্থটোক জাৰিত হোৱা বুলি কোৱা হয় ।
যেনে – 2Cu + O+ তাপ → 2CuO

(b) বিজাৰণ – যি ৰাসায়নিক বিক্ৰিয়াত পদার্থ এটাই অক্সিজেন হেৰুৱাই বা হাইড্ৰজেন লাভ কৰে তাকে বিজাৰণ বোলে আৰু পদাৰ্থটোক বিজাতি হোৱা বুলি কোৱা হয়।
যেনে – CuO + H2 + তাপ → Cu + H2O

প্রশ্ন 17.এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।

উত্তৰঃ মৌল ‘X’ টো হ’ল কপাৰ (Cu) আৰু ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল কপাৰ অক্সাইড (CuO)।
জড়িত ৰাসায়নিক বিক্ৰিয়াটো হ’ল-

2Cu + O2  → 2CuO

প্রশ্ন 18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?

উত্তৰঃ মামৰে নধৰাৰ বাবে অথবা ক্ষয়ীভৱন নোহোৱাৰ বাবে আমি লোৰ বস্তুত ৰঙৰ প্রলেপ দিওঁ।

প্রশ্ন 19. তেল আৰু চৰী থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিৱশেত পেকেটত ভৰোৱা হয় কিয় ?

উত্তৰঃ নাইট্ৰ’জেন গেছে খাদ্যবস্তুটো জাৰিত নোহোৱাত সহায় কৰে। সেইকাৰণে তেল আৰু চৰী থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিৱশেত পেকেটত ভৰোৱা হয়।

প্রশ্ন 20. এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
(a) ক্ষয়ীভবন।
(b) চৰ্বিৰ দুৰ্গন্ধিতা।

উত্তৰঃ (a) ক্ষয়ীভবন – যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে – জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় হয় আৰু এই প্ৰক্ৰিয়াটোক ক্ষয়ীভবন বোলে।
যেনে – লোৰ ক্ষেত্ৰত মামৰে ক্ষয়ীভবন ঘটায়।
ইয়াৰ উপায় – ক্ষয়ীভবনৰ পৰা ৰক্ষা পাবলৈ গাড়ী-মটৰ, দলং, লোৰ বেৰা, জাহাজ আদি ধাতুৰে তৈয়াৰী সকলো বস্তুক ৰং কৰা হয়।

(b) চৰ্বিৰ দুৰ্গন্ধিতা – যি ৰাসায়নিক বিক্ৰিয়াত তেল অথবা চৰ্বিযুক্ত পুৰণি খাদ্যবস্তু জাৰিত হৈ বস্তুটোৰ গোন্ধ আৰু স্বাদ সলনি হৈ দূৰ্গন্ধিত পৰিণত হয় তাকে দুৰ্গন্ধিতা অথবা ৰেনচিডিটি বুলি কোৱা হয়।
ইয়াৰ উপায় – খাদ্যবস্তুক ৰেনচিডিটিৰ পৰা ৰক্ষা পাবলৈ হ’লে বস্তুটোক বায়ৰুদ্ধ পাত্ৰত ৰাখিব লাগিব অথবা বায়ুৰুদ্ধ কৰি নাইট্ৰ’জেন গেছ ভৰাব লাগিব।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন 1. ৰাসায়নিক বিক্ৰিয়া কি ?

উত্তৰঃ যি বিক্ৰিয়াত ৰাসায়নিক পৰিৱৰ্তন ঘটে তাকে ৰাসায়নিক বিক্রিয়া বোলে। যেনে – গাখীৰৰ পৰা দৈ হোৱা, গজালত মামৰ লগা ইত্যাদি।

প্রশ্ন 2. শব্দ সমীকৰণ কি ?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বাক্য অথবা শব্দ ৰূপত প্ৰকাশ কৰা হয় তাকে শব্দ সমীকৰণ বোলে।
যেনে – মেগনেছিয়াম + অক্সিজেন → মেগনেছিয়াম অক্সাইড।

প্রশ্ন 3. ৰাসায়নিক সমীকৰণ কি ?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত শব্দৰ সলনি ৰাসায়নিক সংকেত ব্যৱহাৰ কৰা হয় তাকে ৰাসায়নিক সমীকৰণ বোলে।

যেনে – Mg + O2 → MgO

প্রশ্ন 4. বিক্রিয়ক আৰু বিক্রিয়াজাত পদার্থ কাক বোলে ?

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটাত যিটো মৌল বা যৌগ যোগ হৈ ৰাসায়নিক পৰিবৰ্তন ঘটে তাকে বিক্রিয়ক পদাৰ্থ বোলে আৰু যিটো পদার্থ উৎপন্ন হয় তাকে বিক্রিয়াজাত পদার্থ বোলে।

যেনে- Mg + O2 → MgO

এই ৰাসায়নিক বিক্ৰিয়াত মেগনেছিয়াম আৰু অক্সিজেন হ’ল বিক্রিয়ক পদার্থ আৰু বিক্ৰিয়াটোত উৎপন্ন হোৱা নতুন পদার্থ মেগনেছিয়াম অক্সাইডক বিক্রিয়াজাত পদার্থ বোলা হয়।

প্রশ্ন 5. অসন্তুলিত ৰাসায়নিক সমীকৰণ কি ?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থৰ মুঠ পৰমাণুৰ সংখ্যা অথবা ভৰ আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ পৰমাণুৰ সংখ্যা অথবা ভৰ সমান নহয় তাকে অসন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

প্রশ্ন 6. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থৰ মুঠ পৰমাণুৰ সংখ্যা অথবা ভৰ আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ পৰমাণুৰ সংখ্যা অথবা ভৰ সমান হয় তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

Note : ৰাসায়নিক বিক্ৰিয়া এটাত পদাৰ্থৰ অৱস্থা বুজাবলৈ তলৰ চিহ্নকেইটা ব্যৱহাৰ কৰা হয় ।
(i) Solid (গোটা) → s

(ii) Gas (গেছ) → g

(iii) Liquid (জুলীয়া ) → l

(iv) Aqueous (জলীয়) → aq

প্রশ্ন 7. সংযোজন বিক্রিয়া কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাকে সংযোজন বিক্রিয়া বোলে।
যেনে – CaO(s) + H2O(l) → Ca(OH)2(aq)
পোৰা চূণ                         শিথিলত চূণ

প্রশ্ন ৪. তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ বিক্ৰিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়। সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলে।
যেনে – প্রাকৃতিক গেছৰ দহন
CH4(g) + 2O2(g) → CO2(g)+2H2O(g)

প্রশ্ন 9. পোৰ চূণ অথবা চূণ কি ?

উত্তৰঃ কেলছিয়াম অক্সাইডক (CaO) পোৰা চূণ বা চূণ বোলে।

প্রশ্ন 10. মাৰ্বল কি ? ইয়াৰ ৰাসায়নিক সংকেতটো লিখা।

উত্তৰঃ কেলছিয়াম কার্বনেটক মাৰ্বল বুলি কোৱা হয়।
ইয়াৰ ৰাসায়নিক সংকেতটো হ’ল- CaCO3 |

প্রশ্ন 11. বিযোজন বিক্রিয়া কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত এটা মাত্র বিক্রিয়ক পদার্থ একাধিক সৰল বিক্রিয়াজাত পদার্থলৈ ভাগি যায় তাকে বিয়োজন বিক্রিয়া বোলে।
যেনে – CaCO3(s) + তাপ → CaO(s) + CO2 (g)
(চূণশিল)                 (পোৰা চূণ)

প্রশ্ন 12. তাপীয় বিয়োজন কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যেতিয়া এটা বিয়োজন বিক্রিয়া তাপ প্রয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিযোজন বোলে।
যেনে – CaCO3(s) + তাপ → CaO(s) + CO2 (g)
(চূণশিল)                 (পোৰা চূণ)

প্রশ্ন 13. জাৰণ-বিজাৰণ অথবা ৰেডক্স বিক্রিয়া কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থবোৰ এটা জাৰিত হওঁতে আনটো বিজাৰিত হয় তাকে জাৰণ-বিজাৰণ অথবা ৰেডক্স বিক্রিয়া বোলে।
যেনে – CuO + H2 → Cu + H2O

এই ৰাসায়নিক বিক্ৰিয়াত হাইড্ৰজেনে অক্সিজেন লাভ কৰি জাৰিত হৈ পানী উৎপন্ন হৈছে। আনহাতে কপাৰ অক্সাইড অক্সিজেন হেৰুৱাই বিজাৰিত হৈ কপাৰ উৎপন্ন হৈছে।


1 Comment

MIRAJUL ISLAM · 17 October 2024 at 12:29

Excellent work you have done Sir.
So decent & to the point answers of the every questions. Hats off to you Sir.

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *