অধ্যায়ঃ11মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

(THE HUMAN EYE AND THE COLOURFUL WORLD)

প্ৰশ্নাৱলীঃ

Page No.190

1. চকুৰ উপযোজন ক্ষমতা কি ?

উত্তৰঃ চকুৰ ফকাছ দৈর্ঘ্য সালসলনি কৰি দূৰত অথবা ওচৰত থকা বস্তু ফকাছ কৰিব পৰা সামর্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে।

2. মায়’পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2 m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়।যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰঃ মানুহজনৰ যথোচিত দৃষ্টি ঘুৰাই আনিবলৈ উপযুক্ত ক্ষমতাৰ অৱতল লেনছ ব্যৱহাৰ কৰিব লাগিব।

3. স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকটবিন্দু কি ?

উত্তৰঃ দূৰ বিন্দুঃ চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিদুটোক দূৰ বিন্দু বোলে।

স্বাভাৱিক দৃষ্টিৰ এজন মানুহৰ দূৰ-বিন্দু হল চকুৰ পৰা 25 cm দূৰত্বৰ পৰা অসীমলৈ।

নিকট বিন্দুঃ চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন (জোৰ  নকৰাকৈ) দেখা পোৱা যায় তাক চকুৰ নিকট বিন্দু বা স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলি কোৱা হয়।
স্বাভাৱিক দৃষ্টিৰ এজন মানুহৰ নিকটবিন্দু হ’ল চকুৰ পৰা 25 cm৷

4.ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায় ৷ ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে ? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি ?

উত্তৰঃ লৰাজনে ভোগা বিকাৰটো হ’ল নিকট দৃষ্টিগ্রস্ততা বা মায় পিয়া

উপযুক্ত ক্ষমতাৰ অৱতল লেনছ ব্যৱহাৰ কৰি ইয়াৰ সংশোধন কৰিব পাৰি।

অনুশীলনীঃ

Page No.197

1. মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে।
ইয়াৰ কাৰণ হ’ল – 
(a) প্ৰেছবায়’পিয়া       (b) উপযোজন ক্ষমতা 
(c) নিকট দৃষ্টিগ্রস্ততা  (d) দূৰ দৃষ্টিগ্ৰস্ততা

উত্তৰঃ (b) উপযোজন ক্ষমতা 

2. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান
(a) কর্ণিয়া (Cornea)     (b) চকুৰ পতা (Iris )

(c) চকুৰ মণি (Pupil)    (d) অক্ষিপট (Retina)

উত্তৰঃ (d) অক্ষিপট (Retina)

3. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব – 
(a) 25 m          (b) 2.5 cm
(c) 25 cm        (d) 2.5m

উত্তৰঃ (c) 25 cm

4. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয় ?
(a) চকুৰ মণি        (b) অক্ষিপট
(c) চিলিয়াৰী         (d) চকুৰ পতা

উত্তৰঃ (c) চিলিয়াৰী 

5. এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্‌ছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্‌ছৰ ক্ষমতা-1.5 ডায়প্টাৰ হ’লে (i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য কিমান ?

উত্তৰঃ

6. নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্‌ছৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান ?

উত্তৰঃ

7. দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰ দৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্‌ছৰ ক্ষমতা কিমান ? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm ।

উত্তৰঃ

8. সাধাৰণ চকুৱে এটা 25 cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ?

উত্তৰঃ চকুৰ চিলিয়াৰী পেশীৰ ক্রিয়াৰ সংকোচন বা প্রসাৰনৰ ফলত চকুৰ লেনছৰ ফকাছ দৈর্ঘ্যৰ পৰিৱর্তন হয়।কিন্তু চকুৰ লেনছৰ ফকাছ দূৰত্ব এটা নিম্নতম মানতকৈ হ্রাস হব নোৱাৰে আৰু চকুৰ স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব হল 25cm। সেই কাৰণে সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় ।

9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয় ?

উত্তৰঃ যদি চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিয়া হয় তেন্তে চকুৰ ভিতৰত প্রতিবিম্বৰ দূৰত্ব একেই থাকিব।কিয়নো চিলিয়াৰী পেশীৰ প্ৰসাৰণৰ ফলত চকুৰ লেনছৰ ফকাছ দৈৰ্ঘ্য বাঢ়ি যায় কিন্তু চকুৰ ভিতৰত প্রতিবিম্ব গঠিত হোৱা পর্দা বা ৰেটিনাটো একে ঠাইতে স্থিৰ হৈ থাকে। 

10. তৰাই তিৰ্বিৰাই কিয় ?

উত্তৰঃ তৰাৰ তিৰবিৰনি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্রতিসৰণৰ বাবেই হয়। যেতিয়া তৰাৰ পোহৰ পৃথৱীৰ বায়ুমণ্ডলত প্রৱেশ কৰে তেতিয়া বায়ুমণ্ডলৰ ঘনত্ব পৃথিৱীৰ দিশলৈ ক্ৰমান্বয়ে বাঢ়ি অহাৰ বাবে পৃথিৱীলৈ আহি পোৱাৰ আগত ইয়াৰ অবিৰাম প্রতিসৰণ ঘটে।এই কাৰণেই তৰা এটাক তাৰ প্রকৃত অৱস্থানৰ পৰা কিছু ওপৰতহে দেখা পোৱা যায় । ইয়াৰ উপৰিও বায়ুমণ্ডলৰ অৱস্থা সঘনে সলনি হৈ থাকে বাবে বায়ুমণ্ডলৰ মাজেৰে তৰাৰ পৰা অহা পোহৰৰ গতিপথো অলপকৈ হলেও সঘনে সলনি হৈ থাকে।যিহেতু তৰাবোৰ অতি দূৰত থাকে গতিকে সিহঁতক পোহৰৰ বিন্দু বুলিব পাৰি আৰু সেই কাৰণে তাতকালিক অৱস্থান সঘন পৰিবর্তন আমাৰ চকুত ধৰা পৰে। তদুপৰি চকুত সোমোৱা তৰাৰ পোহৰৰ পৰিমানো কম বেছি হয়। ফলত তৰাটো কেতিয়াৱা উজ্জ্বল আৰু কেতিয়াবা ম্লান যেন লাগে।সেইকাৰণে তৰাই তিৰবিৰাই থাকে।

11. গ্রহই তিৰ্বিৰাই নাথাকে কিয় ?

উত্তৰঃ তৰাৰ তুলনাত গ্রহবোৰ পৃথিৱীৰ বহু ওচৰত অৱস্থিত। তদুপৰি ইহঁতক পোহৰৰ বিন্দু সদৃশ উৎস হিচাপে ধৰি নলৈ বিস্তৃত উৎস হিচাপে গণ্য কৰা হয়। । সেইকাৰণে গ্রহই তিৰবিৰাই নাথাকে । ইয়াৰ উপৰিও যদি যিকোনো এটা গ্রহক বিন্দুৰ উৎসৰ সমষ্টি বুলি ধৰি লঁও তেন্তে সকলো বিন্দুত উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিবর্তনৰ গঢ় মান শূন্য হব আৰু হয়েই তিৰবিৰনিৰ প্রভাবে নস্যাৎ কৰে।

12. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ?

উত্তৰঃ সূৰ্যোদয় আৰু সূর্যাস্তৰ সময়ত সূর্যই দিগন্তৰ ওচৰত অৱস্থান লয়।এনে অৱস্থাত সূর্যৰ পৰা অহা পোহৰে ভালেখিনি দূৰত্ব অতিক্রম কৰিব লগাত পৰে। এই যাত্রা কালতেই বিক্ষেপণৰ বাবে সূর্যৰ পোহৰৰ পৰা চুটি তৰংগ দৈর্ঘ্যৰ নীলা ৰং প্রায়েই শেষ হৈ যায়। আনহাতে সবাতোকৈ দীঘল তৰংগ দৈর্ঘ্যৰ ৰঙা ৰঙৰ বিক্ষেপন খুব কমকৈ হোৱাৰ বাবে অৱশেষত মানুহৰ চকুত প্রবেশ কৰা সূৰ্যৰ পোহৰত কেৱল সমৰ বোল ৰঙা পোহৰহে উপস্থিতি থাকে। সেইকাৰণে সূর্যোদয় আৰু সময় সূর্যাস্তৰ সময়ত সূর্যক ৰঙাচুৱা দেখি।

13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয় ?

উত্তৰঃ মহাকাশকেন্দ্রৰ উচ্চতাত বায়ুমণ্ডলৰ উপস্থিতি নাথাকে। গতিকে সূর্যৰ পোহৰৰ বিক্ষেপন নঘটে। এইকাৰণে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবর্তে কলা দেখে।

অতিৰিক্ত প্রশ্নঃ

 

1. মানৱ চকুৰ (i) ৰেটিনা বা অক্ষিপট  (ii) কর্নিয়া (iii)মনি আৰু (iv) পতাৰ সংজ্ঞা দিয়া।

উত্তৰঃ (i) ৰেটিনা বা অক্ষিপটঃ মানুহৰ চকুৰ লেনছ প্রণালীয়ে চকুৰ পিছফালে থকা পোহৰ সংবেদী এখন পৰ্দাত প্রতিবিম্ব গঠন কৰে । এই পৰ্দাখনক বেটিনা বা অক্ষিপট বোলা হয়।
এই পদাখন অসংখ্য পোহৰ সং বেদী স্নায়ুকোষেৰে গঠিত এটা ছাল।

(ii) কনিয়াঃ মানুহৰ চকুৰ সন্মুখৰ স্বচ্ছ বা পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায়। এই স্বচ্ছ অংশ বা পাতল ছালটোকে কর্নিয়া বোলা হয়।

(iii) চকু মনিঃ আৰু পাচার: চকুৰ মনি হল চকুত সোমোৱা পোহৰৰ পৰিমান নিয়মীয়া আৰু নিয়ন্ত্রন কৰা এটা অংগ।

(iv) চকুৰ পতাঃ চকুৰ পতা হ’ল এখন কলা পেশীবহুল পর্দা যি চকুৰ মনিৰ আকাৰ নিয়ন্ত্ৰন কৰে।

2. দৃষ্টিৰ সাধাৰণ বিকাৰ সমূহ কি কি ? সিহঁতৰ কাৰণ আৰু কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি বৰ্ণনা কৰা ।

উত্তৰঃ দৃষ্টিৰ সাধাৰণ প্রতিসৰণমূলক বিকাৰসমূহ হ’ল – (i) মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা (ii) হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা আৰু (iii) প্ৰেছবায়’পিয়া।

(i) মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততাঃ চকুৰ যি বিকাৰৰ বাবে এজন ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। তাকে মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা বোলে।

(ii) হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্রস্ততাঃ এজন ব্যক্তিৰ দূৰবিন্দু অসীমতকৈ ওচৰত থাকে কিন্তু নিকট বিন্দুৰ অৱস্থান অপৰিৱর্তিত থাকে আৰু এনে ব্যক্তিয়ে কেইমিটমান দূৰলৈকেহে স্পষ্টকে দেখে। এনে মানুহৰ চকুৱে দূৰৰ বস্তুবোৰৰ প্রতিবিম্ব অক্ষিপটত গঠন নকৰি ৰেটিনাৰ কিছু সন্মুখত গঠন কৰে।

এই বিকাৰৰ কাৰণঃ
(i) চকুৰ লেনছৰ অত্যধিক বক্রতা বা (ii) অক্ষিগোলকৰ দীঘল অৱস্থা ।

প্রতিকাৰঃ উপযুক্ত ক্ষমতাৰ অৱতল লেনছ ব্যৱহাৰ কৰি প্রতিবিম্বটো পুনৰ ৰেটিনালৈ ঘূৰাই আনি চকুৰ এই বিকাৰৰ পৰা হাত সাৰিব পাৰি ।

(ii) হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্রস্ততাঃ চকুৰ যি বিকাৰৰ বাবে এজন ব্যক্তিয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ ভালকে দেখা নাপায় তাকে হাইপাৰমেট্রালুয়া বা দূৰ দৃষ্টিগ্রন্থতা বোলে।
দূৰ দৃষ্টিগ্রস্ত এজন ব্যক্তিৰ নিকট বিন্দু চকুৰ পৰা স্বাভাবিক দূৰত্ব 25 cm তকৈ অধিক দূৰত্বত অৱস্থিত হয় কিন্তু দূৰ বিন্দুৰ অৱস্থান অপৰিৱর্তিত থাকে। এনে ব্যক্তিৰ চকুৰ লেনছে ওচৰৰ বস্তু এটাৰ পৰা পোহৰ ৰশ্মিবোৰ অক্ষিপটৰ পিছফালে থকা এটা বিন্দুলৈ অভিসাৎৰী কৰে।
বিকাৰৰ কাৰণসমূহঃ

(i) চকুৰ লেনছৰ ফ’কাচ দৈর্ঘ্য যথেষ্ট বেছি বা (ii)  অক্ষিগোলকটো যথেষ্ট সৰু।

প্ৰতিকাৰঃ উপযুক্ত ক্ষমতাৰ উত্তল লেন্‌ছ ব্যৱহাৰ কৰি প্ৰতিবিম্বটো পুনৰ ৰেটিনালৈ ঘূৰাই আনি এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি।

(iii) প্ৰেছবায়পিয়া : বয়সৰ বঢ়াৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি অহাৰ বাবে সৰহ সংখ্যক মানুহৰ বাবে নিকট বিন্দুটো ক্রমান্বয়ে দূৰলৈ আঁতৰি যায়। ফলত নিকটবৰ্তী বস্তুবোৰ স্পষ্টকৈ আৰু অনায়াসে চোৱাত অসুবিধা পায় তোকে পেছবায়পিয়া বোলে।

বিকাৰ কাৰণঃ
বয়সৰ লগে লগে চিলিয়াৰী পেশী বোৰ দূর্বল হৈ পৰে আৰু লেনছৰ নমনীয়তা কমি যায়। এই কাৰণে চকুৰ এই প্রতিসৰণমূলক বিকাৰ হয়।

প্রতিকাৰঃ উপযুক্ত ক্ষমতাৰ দ্বি-ফ’কাছযুক্ত লেনছ ব্যৱহাৰ কৰি এই বিকাৰৰ প্ৰতিকাৰ কবিব পাৰি।
দ্বি-ফ’কাছ লেনছৰ ওপৰৰ অৱতল লেনছ দূৰৰ বস্তু চোৱাত আৰু তলৰ উত্তল লেন্‌ছ ওচৰৰ বস্তুচোৱাত ব্যৱহাৰ কৰা হয়।

3. প্ৰিজম কি ?

উত্তৰঃ প্রিজম হ’ল এক প্রকাৰৰ প্রতিসাৰক মাধ্যম য’ত আপতিত ৰশ্মিৰ বিচ্ছুৰণ ঘটে।
এটা ত্রিভুজাকাৰ প্রিজমৰ দুটা ত্রিভুজাকাৰ ভূমি আৰু তিনিটা আয়তাকাৰ পার্শ্বীয় পৃষ্ঠ থাকে ।

4. প্রিজম, প্রিজম কোন আৰু বিচ্যুতি কোনৰ সংজ্ঞা দি প্রিজমৰ মাজেদি পোহৰৰ প্রতিসৰণ ঘটোৱা ৰশ্মি চিত্র আঁকা ।

উত্তৰঃ প্রিজম হ’ল পৰস্পৰ কোণিয়াকৈ থকা তিনিখন আয়তাকাৰ পৃষ্ঠ আৰু দুখন সমান্তৰাল ত্রিভুজ আকৃতিৰ পৃষ্ঠৰে আবৃত যিকোনো স্বচ্ছ টুকুৰা ।

প্রিজম কোনঃ যিকোনো প্রিজমৰ আয়তাকাৰ পৃষ্ঠ কেইখনৰ মাজৰ কোনক প্রিজম কোন বোলে।

বিচ্যুতিঃ যদি প্রিজমৰ মাজেৰে পোহৰৰ প্রতিসৰণ ঘটোৱা হয় তেন্তে আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজৰ কোনক বিচ্যুতি কোন বোলে ।

5. পোহৰৰ বিচ্ছুৰণ কি ?

উত্তৰঃ যদি পোহৰক যিকোনো প্রিজমৰ মাজেদি প্রতিসৰণ ঘটোৱা হয় তেন্তে বগা পোহৰ ইয়াৰ সাতোটা উপাদানমূলক ৰঙলৈ পৃথকীকৰণ হয় এই ঘটনাটোকে পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয়।

6. বগা পোহৰৰ বৰ্ণালী কি ?

উত্তৰঃ বগা পোহৰক প্রিজমৰ দ্বাৰা প্রতিসৰণ ঘটোৱাৰ পিছত নির্গত ৰঙীন ৰশ্মিবোৰ পোহৰ বা বগা পোহৰৰ বৰ্ণালী (spectrum) বুলি কোৱা হয়। এই বৰ্ণালীটোকে VIBGYOR ৰ ৰূপত প্ৰকাশ কৰা হয় ।

ইয়াত,

V = Violet (বেঙুনীয়া )

I – Indigo (নীলা)

B = Blue (নীলা)

G = Green (সেউজীয়া)

Y= Yellow (হালধীয়া)

O = Orange (কমলা)

R = Red (ৰঙা )

বেঙুনীয়া ৰঙৰ পৰা ৰঙা ৰঙলৈ ক্ৰমান্বয়ে তৰংগ দৈর্ঘ্য বাঢ়ি যায়।

এই বৰ্ণালীটোত বেঙুনীয়া ৰঙৰ পৰা আৰম্ভ হৈ ৰঙা ৰঙত শেষ হয় ।

7. প্রিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ দেখুৱাই এটা ৰশ্মিচিত্র আঁকা।

উত্তৰঃ

8. বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজন দেখুৱাই এটা ৰশ্মিচিত্র আঁকা ।

উত্তৰঃ

9.  আকাশত ৰামধেনু কেনেকৈ সৃষ্টি হয় ?

উত্তৰঃ বৰষুণৰ পিছত বায়ুমণ্ডলত উপঙি থকা পানীৰ কণিকা বোৰ ক্ষুদ্র ক্ষুদ্র প্রিজমৰ দৰে আচৰণ থাকে কৰে। যেতিয়া সূর্যৰ পোহৰ পানীৰ কনিকাবোৰৰ মাজেৰে পাৰ হৈ যায় তেতিয়া পোহৰৰ প্রতিসৰণ আৰু বিচ্ছুৰণ ঘটে। তাৰ পিছত ৰশ্মিবোৰ পানীৰ কণিকাৰ ভিতৰতে আভ্যন্তৰীণ প্রতিফলন ঘটে। অৱশেষত বৰষুনৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহোতে পুনৰ প্রতিসৰিত কৰে। সেইকাৰণেআকাশত ৰামধেনুৰ সৃষ্টি হয়।

10.  টিণ্ডেল পৰিঘটনা কি ?

উত্তৰঃ বায়ুমণ্ডলত থকা ক্ষুদ্র ক্ষুদ্র কণিকাবোৰত ঘটা পোহৰৰ বিক্ষেপনৰ বাবে পোহৰৰ গতিপথ দৃশ্যমান হৈ পৰে।এই পৰিঘটনাটোকে টিণ্ডেল পৰিঘটনা বোলে। যেনে-ঘন হাবিত গছ-গছনিলতাৰে আবৃত ঠাইৰ মাজেৰে সূর্যৰ পোহৰ পাৰ হৈ যোৱাত টিণ্ডেল পৰিঘটনা দৃশ্যমান হয়।

11. মুকলি আকাশৰ ৰং নীলা কিয় ?

উত্তৰঃ যেতিয়া সূর্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যায় তেতিয়া বায়ুৰ ক্ষুদ্র কণাবোৰে নালা ৰং ৰঙা ৰঙৰ তুলনাত বেছিকৈ বিক্ষিপ্ত কৰে। ফলত এই বিশিষ্ট বিক্ষিপ্ত নীলা পোহৰ আমাৰ চকুত সোমায় । সেইকাৰণে মুকলি আকাশৰ ৰং নীলা।

12. পোহৰক বিক্ষেপন কি ?

উত্তৰঃ

13. কেটেৰেক্ট কি ?

উত্তৰঃ কেতিয়াবা বয়সীয়াল মানুহৰ চকু স্ফটিকেৰে গঠিত লেনছখন দুগ্ধসদৃশ আৰু অস্পষ্ট হৈ যায় ইয়াকে কেটে’বেক্ট বা ছানি পৰা বোলে।

14. ৰামধেনু কি ?

উত্তৰঃ ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্রাকৃতিক বৰ্ণালী। বায়ুমণ্ডলত থকা পানীৰ ক্ষূদ্ৰ টোপালবোৰত সূর্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ইয়াৰ সৃষ্টি হয়। ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় ।


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *