অধ্যায়ঃ15 আমাৰ পৰিবেশ

(OUR ENVIRONMENT)

প্রশ্নাৱলীঃ

Page No. 257

1. কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয় ?

উত্তৰঃ যিবোৰ পদার্থ উদ্ভিদ বা প্ৰানীৰ অংশ তেনে পদার্থক বেক্টেৰিয়া আৰু আন মৃতজীৱী প্রানীয়ে খাদ্য হিচাপে গ্রহণ কৰি পাচন ঘটাব পাৰে। অর্থাৎ সৰল পৰ্য্যায়লৈ পৰিবর্তন ঘটাব পাৰে। সেইকাৰণে তেনে পদার্থক জীৱ নিম্নিকৰণ বুলি কোৱা হয়। আনহাতে যিবোৰ পদার্থ উদ্ভিদ বা প্ৰানীৰ অংশ নহয় তেনে পদার্থক বেক্টেৰিয়া আৰু আন মৃতজীৱী প্রানীয়ে সৰল পৰ্য্যায়লৈ পৰিবর্তন কৰিব নোৱাৰে। সেইকাৰণে পদার্থক জীৱ অনিম্নিকৰণ বোলা হয়।

2. জীৱ নিম্নিকৰণ পদাৰ্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ।

উত্তৰঃ জীৱ নিম্নিকৰণ পদার্থই পৰিৱেশত প্রভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে তলত দিয়া হল –

(i) জীৱ নিম্নিকৰণ পদার্থই মাটিত হিউমাছৰ পৰিমান বৃদ্ধি কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।

(ii) জীৱ নিম্নিকৰণ পদার্থই পানী প্ৰদূষণ কৰি বিভিন্ন ধৰনৰ বেমাৰ বিয়পাব পাৰে।

3. জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰঃ জীৱ অনিম্নিকণ পদার্থই পৰিবেশত প্রভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে তলত দিয়া হল –

(i) জীৱ অনিম্নিকণ পদার্থই মাটি আৰু পানী প্রদূষণ কৰি পৰিৱেশ প্রদূষিত কৰে।

(ii) সিহঁতৰ দহনৰ ফলত ক্ষতিকাৰক প্রদূষিত গেছ উদ্ভৱ হৈ বায়ু প্ৰদূষণ কৰি পৰিৱেশ বিনষ্ট কৰে।

প্রশ্নাৱলীঃ

Page No. 261

1. পৌষ্টিক স্তৰ কি ? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।

উত্তৰঃ খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকেই পৌষ্টিক স্তৰ বুলি কোৱা হয়।

যিকোনো এটা নির্দিষ্ট খাদ্য শৃংখলৰ বিভিন্ন স্তৰ বা পৌষ্টিক স্তৰ কেইটা তলত দিয়া হল –

উৎপাদক – প্রাথমিক উপভোক্তা – দ্বিতীয় উপভোক্তা – তৃতীয় উপভোক্তা ।

উদাহৰণ – শস্য – কীট পতংগ – ভেকুলী – সাপ।

2. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি ?

উত্তৰঃ বিয়োজকে মৃতজীৱদেহ আৰু জীৱব মল বা বৰ্জিত পদার্থ আদি জটিল জৈৱ পদার্থবিলাক বিয়োজন ঘটাই সৰল অজৈৱ পদার্থলৈ পৰিবৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে । ফলত পৰিবেশ নির্মল হয় আৰু মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি হয়।

প্রশ্নাৱলীঃ

Page No. 264

1. অ’জ’ন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাব পেলায় ?

উত্তৰঃ অ’জ’ন হ’ল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত অক্সিজেনৰ অণু (O3)।

অজনে বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জ’ন স্তৰ গঠন কৰি এক বিশেষ আৰু প্রয়োজনীয় ভূমিকা পালন কৰে। এই অ’জ’ন স্তৰে সূৰ্যৰ পৰা নিৰ্গত
অতি বেঙুনীয়া ৰশ্মিক বাধা দি পৃথিৱী পৃষ্ঠক ৰক্ষা কৰি জীৱ জগতক সুৰক্ষা প্ৰদান কৰে।

2. পেলনীয়া আবৰ্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা ? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰঃ পেলনীয়া আবৰ্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ যিকোনো দুটা পদ্ধতি তলত দিয়া হল –

(i) জীৱ নিম্নিকৰণ পদার্থবিলাক বেছি ব্যৱহাৰ কৰি আৰু জীৱ অনিম্নিকৰণ পদার্থবিলাকৰ ব্যৱহাৰ হ্ৰাস কৰি পেলনীয়া আবর্জনাৰ সমস্যা হ্রাস কৰিব পাৰি।

যেনে – প্লাষ্টিকৰ বেগৰ পৰিৰ্বতে কাপোৰ বা কাগজ বা মৰাপাটৰ বেগ ব্যৱহাৰ কৰিব লাগিব।

(ii) পেলনীয়া আবর্জনাবিলাক পেলোৱাৰ পূর্বে সঠিক পৃথকীকৰণ কৰি অর্থাৎজীৱ নিম্নিকৰণ আৰু জীৱ অনিম্নিকৰণ পদার্থবিলাক পৃথক কৰিব লাগিব।

(iii) পেলনীয়া আবর্জনাবিলাক পেলোৱাৰ পূৰ্বে পুনৰ ব্যৱহাৰ কৰিব পৰা বস্তুবিলাক পৃথক কৰি ইয়াৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব।

অনুশীলনী:

Page No. 264

1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে ?
(a) ঘাঁহ, ফুল আৰু চামৰা
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
(d) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰঃ (a), (c), (d) 

2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ?
(a) ঘাঁহ, ঘেঁহু আৰু আম
(b) ঘাঁহ, ছাগলী আৰু মানুহ
(c) ছাগলী, গৰু আৰু হাতী
(d) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ

3. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকুল অভ্যাসৰ অন্তৰ্ভূক্ত ?
(a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস।
(b) অপ্রয়োজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস।
(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস।
(d) ওপৰৰ আটাইকেইটা অভ্যাস ।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা অভ্যাস ।

4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?

উত্তৰঃ যদি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি দিয়া হয় তেন্তে পৰিস্থিতি তন্ত্রত প্রকৃতিৰ ভাৰসাম্যতা বৰ্তি থকাত অসুবিধাৰ সৃষ্টি কৰিব কিয়নো পৰিস্থিতিতন্ত্রৰ প্ৰতিটো পোষ্টিক স্তৰ এটা আনটোৰ লগত প্রত্যক্ষ বা পৰোক্ষভাবে সম্বন্ধ থাকে। গতিকে যিকোনো এটা পোষ্টিক স্তৰৰ অনুপস্থিতিত ইয়াৰ ওপৰত নির্ভৰ কৰা পোষ্টিক স্তৰৰ অস্থিত্বত বিপদ আহে আৰু প্ৰকৃতিৰ ভাৰসাম্যতা হেৰুৱাই পেলায়।

5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিবনে ? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে ?

উত্তৰঃ বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে বেলেগ বেলেগ প্রভাৱ পৰিব। যদি কোনো এটা পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলৰ পৰা তৃনভোজী প্রাণীক ধ্বংস কৰি দিয়া হয় তেন্তে মাংসভোজী প্ৰাণীৰ সংখা কম হব। আনহাতে যদি সকলো স্ব-পোষী জীৱক ধ্বংস কৰি দিয়া হয় তেন্তে তৃনভোজী প্ৰানীৰ সংখ্যা হ্রাস হব। ফলত মাংসভোজী প্রাণীৰো সংখ্যা কম হব, যিয়ে সেই অঞ্চলৰ পৰিস্থিতি তন্ত্ৰত হানি হব। সেই কাৰণে পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো
এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব নোৱাৰিম।

6. জৈৱিক বিবর্ধক (Biological Magnification) বুলিলে কি বুজা ? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে ?

উত্তৰঃ জৈৱিক বিবর্ধক – যিকোনো এটা খাদ্য শৃংখলৰ নির্দিষ্ট পৌষ্টিক স্তৰত ক্ষতিকাৰক ৰাসায়নিক পদার্থবিলাক জমা হোৱাকে জৈৱিক বিবর্ধক বুলি কোৱা হয়।

পৰিস্থিতি তন্ত্ৰত বেলেগ বেলেগ স্তৰত ইয়াৰ প্রভাৱ বেলেগ বেলেগ হব। খাদ্য শৃংখলৰ একেবাৰে শীৰ্ষ স্থানত থকা প্ৰাণীবোৰৰ ওপৰত ইয়াৰ প্ৰভাৱ বেছি আৰু খাদ্য শৃংখলৰ একেবাৰে তলত থকা জীৱবিলাকৰ ওপৰত ইয়াৰ প্রভা নিম্নতম।

7. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে ?

উত্তৰঃ আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ নানান সমস্যাৰ সৃষ্টি হব পাৰে –

(i) যিহেতু জীৱ অনিম্নিকৰণ পদার্থবিলাক বিয়োজন নঘটে গতিকে ইহঁত মাটিত জমা হৈ মাটিৰ উর্বৰতা শক্তি হ্রাস কৰে।

(ii) জীৱ অনিম্নিকৰণ পদাথই মাটি আৰু পানী প্ৰদূষণ কৰি পৰিৱেশ প্রদূষিত কৰে।

(iii) সিহঁতৰ দহনৰ ফলত ক্ষতিকাৰক প্রদূষিত গেছ উদ্ভৱ হৈ বায়ু প্ৰদূষণ কৰি পৰিৱেশ বিনষ্ট কৰে।

৪. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদাৰ্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাব নপৰাকৈ থাকিবনে ?

উত্তৰঃ

অতিৰিক্ত প্রশ্নোত্তৰঃ

1. জীৱ নিম্নিকৰণ আৰু জীৱ অনিম্নিকৰণ পদার্থ কাক বোলে ?

উত্তৰঃ জীৱ নিম্নিকৰণ পদার্থ – যি বিলাক পদার্থ কিছুমান জৈৱিক প্রক্রিয়াৰ সহায়ত সৰল পযায়লৈ পৰিবর্তন কৰিব পাৰি। তেনেবিলাক পদার্থক জীৱ নিম্নিকৰণ পদার্থ বুলি কোৱা হয়।

যেনে – শাক-পাচলীৰ বাকলি, পেলনীয়া কাগজ, পাকঘৰৰ পেলনীয়া বস্তু ইত্যাদি ।

জীৱনিম্নিকৰণ পদার্থ – যি বিলাক পদার্থ কিছুমান জৈৱিক প্রক্রিয়াৰে সকল পর্যায়লৈ পৰিবর্তন কৰিব নোৱাৰি। তেনেবিলাক পদাৰ্থক জীৱ অনিম্নিকৰণ পদার্থ বোলে।

যেনে – প্লাষ্টিক, লোহা ইত্যাদি ।

2. পৰিস্থিতি তন্ত্র কি ? ইয়াৰ উপাদানবিলাক কি কি ?

উত্তৰঃ প্রকৃতিৰ ভাৰসাম্যতা বৰ্ত্তি থাকিবলৈ কোনো এক অঞ্চলব্যাপী সকলোবিলাক জীৱ আৰু পৰিৱেশৰ আন অজৈৱিক উপাদানবিলাকৰ মাজত এনে ওতঃপ্রোত:ভাৱে সমন্ধ ৰক্ষা কৰি থকা অৱস্থাকেই পৰিস্থিতি তন্ত্র বোলে বা পৰিৱেশ তন্ত্র বোলে।

পৰিস্থিতি তন্ত্রৰ উপাদানবিলাক হ’ল –

(i) জৈৱিক উপাদান। যেনে – উদ্ভিদ আৰু প্রানী।

(ii) অজৈৱিক উপাদান । যেনে – বায়ু আৰু পানী।

3. বিয়োজক কি ?

উত্তৰঃ যিবিলাক অনুজীৱই মৃত জীৱৰ দেহ, জীৱৰ মল বা বৰ্জিত পদার্থবিলাক (জৈৱ পদার্থ) সৰল পর্যায়লৈ পৰিবর্তন কৰিব পাৰে তেনে অনুজীৱ বিলাকক বিয়োজক বোলে।যেনে-ভেকুৰ, বেক্টেৰিয়া ।

4. খাদ্য শৃংখল কি ?

উত্তৰঃ জীৱ বিলাকক ইটোৱে সিটোক ভক্ষন কৰাৰ ওপৰত ভিত্তি যি শৃংখলত সজোৱা হয় তাকে খাদ্য শৃংখল বোলে।

যিকোনো এটা নির্দিষ্ট খাদ্য শৃংখলৰ বিভিন্ন স্তৰকেইটা তলত দিয়া হল –

(i) উৎপাদক

(ii) প্রাথমিক উপভোক্তা

(iii) দ্বিতীয় উপভোক্তা

(iv) তৃতীয় উপভোক্তা।

অর্থাৎ ক্রমশভাৱে উৎপাদক, প্রাথমিক উপভোক্তা, দ্বিতীয় উপভোক্তা, তৃতীয় উপভোক্তা।

5. খাদ্যজাল কি ?

উত্তৰঃ খাদ্যজাল হল যিকোনো এটা পৰিস্থিতি তন্ত্রত থকা বহুতো খাদ্যশৃংখল বিলাকৰ এটা জাল য’ত (একেবিধ জীৱই দুই বা ততোধিক জীৱক ভক্ষন কৰে আৰু সেইবিলাকো বেলেগ বেলেগ জীৱই ভক্ষন কৰাৰ বাবে) খাদ্যশৃংখল বিলাক সৰল ৰৈখিক হোৱাৰ পৰিবৰ্ত্তে সিহঁতৰ শৃংখলতাৰ সমন্ধশাখা বিন্যাসৰ দৰে দেখা যায়।

6.জৈবিক বিবর্ধক কি ?

উত্তৰঃ যিকোনো খাদ্য শৃংখলাত মানুহখিনিয়ে একেবাৰে শীৰ্ষস্থানত থকাৰ বাবে ক্ষতিকাৰক ৰাসায়নিক পদার্থবিলাক খাদ্যশৃংখলৰ যোগেদি আমাৰ শৰীৰত আটাইতকৈ বেছি পৰিমানৰ মজুত হয়। এই পৰিঘটনাটোকে জৈৱিক বিবর্ধক বুলি কোৱা হয়।

7. বায়ুমণ্ডলত অ’জ’ন কেনেকৈ গঠিত হয় ?

উত্তৰঃ অ’জ’নবিলাক বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অক্সিজেন আৰু অতি বেঙুনীয়া ৰশ্মিৰ মাজত বিক্রিয়া ঘটি উৎপন্ন হয়।এই উচ্চ শক্তি সম্পন্ন অতি বেঙুনীয়া ৰশ্মিয়ে অক্সিজেন অনুক দুটা মুক্ত অক্সিজেন পৰমানুলৈ পৰিবর্তন কৰে । এই অক্সিজেন অতি সক্রিয় হোৱাৰ বাবে আনৱিক অক্সিজেনৰ লগত বিক্রিয়া ঘটি অ’জ’ন উৎপন্ন হয় ।

ৰাসায়নিক সমীকৰণ –

O2   +   UV    →   O + O

O   +   O2    →    O3

8. অজন স্তৰক প্রভাৱ পেলোৱা কাৰকবোৰ কি কি ?

উত্তৰঃ অজন স্তৰক প্রভাৱ পেলোৱা কাৰকবোৰ হ’ল –

ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন (CFC), ক্লৰিন (Cl2), নাইট্ৰাছ অক্সাইড (N2O), মিথেন (CH4) ইত্যাদি ।

9. অ’জ’ন স্তৰ অৱক্ষয় হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি।

উত্তৰঃ অ’জ’ন স্তৰ অৱক্ষয় হোৱাৰ পৰা তলত দিয়া ধৰণে ৰক্ষা পাব পাৰি –

(i) CFC  ব্যৱহাৰ হ্রাস কৰি ।

(ii) CFC ৰ বিকল্প ব্যৱহাৰ কৰি অ’জ’ন স্তৰৰ অৱক্ষয় হোৱাৰ পৰা ৰক্ষা পাব পাৰি।

10. অ’জ’ন স্তৰৰ অৱক্ষয়ৰ পৰা হোৱা ক্ষতিকাৰক ফলাফলৰ বিষয়ে লিখা ।

উত্তৰঃ অ’জ’ন স্তৰৰ অৱক্ষয়ৰ পৰা হোৱা ক্ষতিকাৰক ফলাফলৰ বিষয়ে তলত উল্লেখ কৰি হ’ল –

(i) অ’জ’ন স্তৰ অৱক্ষয়ৰ ফলত মানুহৰ দেহৰ ছালৰ কর্কট ৰোগ হ’ব পাৰে।

(ii) জলজ উদ্ভিদ আৰু প্রানীৰ বিনাস হব পাৰে।

11. CFC ৰ সম্পূর্ণ নাম কি ?

উত্তৰঃ ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন ( Chloroflurocarbons )।

12. খাদ্য শৃংখলৰ প্ৰথম পৌষ্টিক স্তৰ কি কি ?

উত্তৰঃ উৎপাদক বা স্বপোষী জীৱ।

13. কোনদিনা অজন স্তৰৰ সংৰক্ষিত দিৱস হিচাপে পালন কৰা হয় ?

উত্তৰঃ 16 চেপ্তেম্বৰ।

 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *