অধ্যায়ঃ2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

(IS MATTER AROUND US PURE ?)

 

প্রশ্নাৱলীঃ

Page No. 15

1. পদার্থ বুলিলে কি বুজায় ?

উত্তৰঃ যি পদার্থ একেবিধ উপাদানৰ দ্বাৰা গঠিত অর্থাৎ পদাৰ্থটোৰ সকলো উপাদানবোৰৰ ৰাসায়নিক গুন একে তেনে পদার্থক বিশুদ্ধ পদার্থ বোলে।

ৰাসায়নিক সংযুতি অনুসৰি বিশুদ্ধ পদার্থবিলাকক মৌল বা যৌগ হিচাপে শ্রেনীবিভাগ কৰিব পাৰি।

2. সমসত্ব আৰু অসমসত্ব মিশ্ৰনৰ মাজৰ প্রভেদবোৰ লিখা।

উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্রভেদবোৰ হ’ল-

সমসত্ব মিশ্রনঃ

(ⅰ) সকলো অংশতে সংযুতি একে ।

উদাহৰণ – নিমখৰ পানী আৰু চেনিৰ দ্রৱ আদি।

(ii) উপাদানবোৰ ভৌতিকভাবে অষ্পষ্ট।

(ⅲ) ইয়াৰ মাজেদি পাৰহৈ যোৱা ৰশ্মি দৃশ্যমান নহয়।

অসমসত্ব মিশ্ৰনঃ

(ⅰ) সকলো অংশতে সংযুতি বেলেগ ।

উদাহৰণ – লোৰ গুড়ি আৰু নিমখৰ মিশ্রণ, পানী আৰু তেলৰ মিশ্রণ আদি।

(ⅱ) উপাদানবোৰ ভৌতিকভাবে স্পষ্ট।

(iii) ইয়াৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান হয়।

প্রশ্নাৱলীঃ

Page No. 18

1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পার্থক্য লিখা।

উত্তৰঃ ওপৰৰ প্ৰশ্নটোৰ উত্তৰৰ সৈতে একে।

2. কলয়ড, দ্রৱণ আৰু প্ৰলম্বনৰ মাজৰ প্রভেদবোৰ কি কি ?

উত্তৰঃ কলয়ড, দ্রৱণ আৰু প্রলম্বনৰ মাজৰ প্রভেদবোৰ তলত দিয়া হ’ল –

কলয়ডঃ

(ⅰ) অসমসত্ব মিশ্রণ।

(ii) ইয়াৰ কণিকাবোৰ খালি চকুৰে দেখিব নোৱাৰি।

(iii) ইয়াৰ কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে।

(iv) কলয়ডীয় দ্রৱবোৰ সুস্থিৰ।

(v) ইয়াৰ কনিকাবোৰ পৰিস্ৰাৱণ প্রনালীৰে পৃথক কৰিব নোৱাৰি।

দ্রৱণঃ

(ⅰ) সমসত্ব মিশ্রণ।

(ii) ইয়াৰ কণিকাবোৰ খালি চকুৰে দেখিব নোৱাৰি।

(iii) ইয়াৰ কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে।

(iv) দ্ৰৱণবোৰ সুস্থিৰ।

(v) ইয়াৰ কনিকাবোৰ পৰিস্ৰাৱণ প্রনালীৰে পৃথক কৰিব নোৱাৰি।

প্রলম্বনঃ

(ⅰ) অসমসত্ব মিশ্রণ।

(ⅱ) ইয়াৰ কণিকাবোৰ খালি চকুৰে দেখিব পাৰি।

(ⅲ) ইয়াৰ কনিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে।

(iv) প্রলম্বণবোৰ অস্থিৰ।

(ⅴ) ইয়াৰ কনিকাবোৰ পৰিস্ৰাৱণ প্রনালীৰে পৃথক কৰিব পাৰি।

3. 293 K উষ্ণতাত 100 mL পানীত 36 g ছডিয়াম ক্লৰাইড দ্রবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্রৱণটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা।

উত্তৰঃ সমাধানঃ

দিয়া আছে,

দ্রাৱক (পানী) ৰ ভৰ = 100 g

দ্রাব‍্যৰ ভৰ(ছডিয়াম ক্লৰাইড) ৰ ভৰ = 36 g

দ্ৰৱণৰ ভৰ = দ্ৰাৱকৰ ভৰ + দ্ৰাৱ্য‍ৰ ভৰ = (100+36)g  = 136 g

আমি জানো যে,

দ্ৰৱণৰ গাঢ়তা = দ্ৰাৱ্য‍ৰ ভৰ/দ্ৰৱণৰ ভৰ × 100%

= 36/136 × 100% = 26.47%

নির্ণেয় দ্রৱণটোৰ গাঢ়তা = 26.47%

প্রশ্নাৱলীঃ

Page No. 24

1. কেৰাছিন আৰু পেট্ৰ’লৰ (ইহঁতৰ উতলাংকৰ পার্থক্য 25°C তকৈ বেছি।) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা ?

উত্তৰঃ কেৰাছিন আৰু পেট্ৰ’লৰ মিশ্রনৰ পৰা সিহঁতক পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি আৰু পদ্ধতিটো তলত দিয়া হল –

 

 

পোন প্রথমে মিশ্রনটো এটা পাতন ফ্লাস্কত লোৱা হল আৰু তাত এটা থার্ম’মিটাৰ সংযোগ কৰা হ’ল।পাতন যন্ত্রটো চিত্রত দেখুৱাৰ দৰে ঠিক ঠাক কৰা হ’ল।এতিয়া পাতন ফ্লাস্কত থকা মিশ্রনটো লাহে লাহে গৰম কৰা হ’ল।পেট্রলটো বাষ্পীভূত হৈ শীতক ঘন্ত্ৰৰ মাজেদি পাৰ হৈ যাওঁতে ঘনীভূত হ’ব আৰু গ্রাহক পাত্ৰত জমা হব।আনহাতে পাতন ফ্লাস্কত কেৰাছিনখিনি ৰৈ যাব।

2. তলৰ মিশ্রনবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।

(ⅰ) দৈৰ পৰা মাখন (butter)।

উত্তৰঃ অপকেন্দ্রিক পদ্ধতি ।

(ii) সাগৰৰ পানীৰ পৰা নিমখ ।

উত্তৰঃ বাষ্পীভৱন প্রক্রিয়া ।

(iii) নিম্নখৰ পৰা কৰ্পূৰ ৷

উত্তৰঃ উর্ধপাতন প্রক্রিয়া ।

3. স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰন পৃথক কৰা যায় ?

উত্তৰঃ স্ফটিকীকৰণ পদ্ধতিৰে অশুদ্ধি থকা কঠিন পদার্থ এটা বিশুদ্ধ গোটা স্ফটিক ৰূপত পৃথক কৰা হয়।

উদাহৰণ স্বৰূপে সাগৰৰ পানীৰ পৰা আহৰণ কৰা নিমখত বহুতো অশুদ্ধি থাকে।এই অশুদ্ধিবোৰ আঁতৰ কৰিবলৈ স্ফটিকীকৰণ পদ্ধতি প্রয়োগ কৰা হয়।

প্রশ্নাৱলীঃ

Page No. 24

1. তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্তন ?

• গছ কটা।

উত্তৰঃ ভৌতিক পৰিবৰ্তন।

• কেৰাহি এখনত মাখন গলি যোৱা।

উত্তৰঃ ভৌতিক পৰিবৰ্তন ।

• আলমাৰিত মামৰ ধৰা ।

উত্তৰঃ ৰাসায়নিক পৰিবৰ্তন।

• পানী উতলাই জলীয় ভাপ কৰা।

    উত্তৰঃ ভৌতিক পৰিবৰ্তন।

    • পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্র’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা।

    উত্তৰঃ  ৰাসায়নিক পৰিবর্তন।

    • পানীত নিমখ দ্ৰৱীভূত কৰা ।

    উত্তৰঃ ভৌতিক পৰিবর্তন।

    • কেঁচা ফলৰ পৰা চালাড (salad) প্রস্তুত কৰা।

    উত্তৰঃ ভৌতিক পৰিবর্তন

    • কাগজ আৰু কাঠ পুৰিলে ।

    উত্তৰঃ ৰাসায়নিক পৰিবৰ্তন ।

    2. তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ বা মিশ্রন হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা।

    উত্তৰঃ আমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ বা মিশ্রন হিচাপে পৃথক কৰি তলত দিয়া হ’ল –

    বিশুদ্ধ পদার্থঃ- পানী, নিমখ, চেনি, সোন, ৰূপ, লো, কর্পূৰ, হীৰা ইত্যাদি।

    মিশ্রনঃ- মাটি, কাগজ, গাখীৰ, ঠাণ্ডা-পানীয়, বায়ু, কাঠ, কেৰাছিন, পেট্র’ল, প্লাষ্টিক ইত্যাদি।

    অনুশীলনীঃ

    Page No. 28

    1. তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্রয়োগ কৰিবা?

    (a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্ল’ৰাইড।

    উত্তৰঃ বাষ্পীভৱন প্রক্রিয়া ।

    (b) ছ’ডিয়াম ক্ল’ৰাইড আৰু এম’নিয়াম ক্ল’ৰাইড মিশ্রনৰ পৰা এম’নিয়াম ক্ল’ৰাইড।

    উত্তৰঃ উর্ধপাতন প্রক্রিয়া।

    (c) গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।

    উত্তৰঃ পৰিস্ৰাৱন পদ্ধতি।

    (d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ (extract) পৰা বিভিন্ন ৰঞ্জক পদার্থবোৰ।

    উত্তৰঃ বর্ণলেখন পদ্ধতি ।

    (e) দৈৰ পৰা মাখন।

    উত্তৰঃ অপকেন্দ্রিক পদ্ধতি।

    (f) পানীৰ পৰা তেল।

    উত্তৰঃ পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি।

    (g) চাহৰ পৰা চাহ পাত।

    উত্তৰঃ পৰিস্ৰাৱণ পদ্ধতি ।

    (h) বালিৰ পৰা লোৰ পিন।

    উত্তৰঃ চুম্বকীয় পদ্ধতি ।

    (ⅰ) চোকোৰাৰ পৰা গমৰ গুটি।

    উত্তৰঃ- জৰা প্রক্রিয়া।

    (j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ ।

    উত্তৰঃ অপকেন্দ্রিক পদ্ধতি।

    2. একাপ চাহ বনাবলৈ প্রয়োজনীয় পদক্ষেপবোৰ (Steps) লিখা। দ্রৱণ, দ্রাৱক, দ্ৰাৱ্য‍, দ্রৱীভূত, দ্রৱণীয়, অদ্রৱণীয় পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা।

    উত্তৰঃ একাপ চাহ বনাবলৈ প্রয়োজনীয় পদক্ষেপবোৰ হ’ল –

    (ⅰ) পোন প্রথমে এটা পাত্ৰত একাপ পানী দ্ৰাৱক হিচাপে লোৱা হ’ল আৰু গৰম কৰা হল।

    (ii) যেতিয়া পানীখিনি উতলিব তেতিয়া পৰিমানমতে  দ্ৰাৱক হিচাপে গাখীৰ আৰু চেনি যিটো পানীত দ্ৰৱনীয়, দ্ৰাৱ্য‍ হিচাপে দিয়া হ’ল আৰু দ্রবীভূত কৰিবৰ বাবে চামুচেৰে ভালদৰে লৰোৱা হ’ল। ফলত পানী, গাখীৰ আৰু চেনিৰ দ্রৱণ প্রস্তুত হ’ল।

    (iii) তাৰ পিছত পৰিমানমতে চাহপাত যিটো মিশ্রনটোত অদ্রৱনীয়, দ্ৰাৱ্য‍ হিচাপে দি আকৌ উতলাব দিয়া হ’ল।

    (iv) এতিয়া চেকনিৰ সহায়ত চাহৰ মিশ্রনটো বা দ্রৱণখিনি চেকিলে পৰিশ্ৰুত হিচাপে চাহ কাপত লোৱা হ’ল আৰু অৱশেষ হিচাপে চাহপাত চেকনিত থাকি যাব।

    3. প্রজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্রৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে।(ফলাফলবোৰ তালিকাখনত 100 g পানীত সংপৃক্ত দ্রৱণ প্রস্তুতিৰ বাবে প্রয়োজনীয় দ্ৰাৱ্য‍ৰ পৰিমাণ হিচাপত দিয়া হৈছে।)

     

     

     

    (a) পটেছিয়াম নাইট্রেটৰ সংপৃক্ত দ্রৱ এটা প্রস্তুত কৰিবলৈ 313 K উষ্ণতাত 50 গ্রাম পানীত কিমান গ্রাম পটেছিয়াম নাইট্রেট দুৱীভূত কৰিব লাগিব ?

    উত্তৰঃ যিহেতু, 313 K উষ্ণতাত সংপৃক্ত দ্রৱ এটা প্রস্তুত কৰিবলৈ 100 গ্রাম পানীত প্রয়োজনীয় পটেছিয়াম নাইট্রেটৰ পৰিমাণ = 62 গ্রাম

    এতেকে, 1 গ্রাম পনীত প্রয়োজনীয় পটেছিয়াম নাইট্রেটৰ পৰিমান = 62/100 গ্রাম

    এতেকে, 50 গ্রাম পনীত প্রয়োজনীয় পটেছিয়াম নাইট্রেটৰ পৰিমান = 62/100 × 50 গ্রাম

    = 31 গ্রাম

    এতেকে, নির্ণেয় পটেছিয়াম নাইট্রেটৰ পৰিমান = 31 গ্রাম ।

    (b) 353 K উষ্ণতাত প্রজ্ঞাই পটেছিয়াম ক্ল’ৰাইডৰ এটা সংপৃক্ত দ্রৱ প্রস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হব’লৈ থৈ দিলে।দ্ৰৱটো ঠাণ্ডা হ’লে তেওঁ কি দেখিব ? ব্যাখ্যা কৰা।

    উত্তৰঃ যিহেতু দ্ৰৱৰ উষ্ণতা কম হ’লে দ্রৱটোৰ দ্রৱণীয়তা কমি যায়।গতিকে 353 K উষ্ণতাত প্রস্তুত কৰা পটেছিযাম ক্ল’ৰাইডৰ এটা সংপৃক্ত দ্রৱ সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’বলৈ থৈ দিলে দ্রৱণীয়তা হ্রাস পাব আৰু কিছু পৰিমাণ পটেছিয়াম ক্ল’ৰাইড স্ফটিক ৰূপত পাত্ৰৰ তলিত জমা হ’ব।

    (c) প্রতিটো লৱণৰে দ্রৱণীয়তা 293 K ত নিৰ্দ্ধাৰণ কৰা।এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি ?

    উত্তৰঃ 293 K ত প্রতিটো লৱণৰ দ্রৱণীয়তা হ’ল –

    (ⅰ) পটেছিয়াম নাইট্রেটৰ দ্রৱণীয়তা = 32 গ্রাম

    (ii) ছ’ডিয়াম ক্ল’ৰাইডৰ দ্রৱণীয়তা = 36 গ্রাম

    (iii) পটেছিয়াম ক্ল’ৰাইডৰ দ্ৰৱণীয়তা = 35 গ্রাম

    (iv) এম’নিয়াম ক্ল’ৰাইডৰ দ্ৰৱণীয়তা = 37 গ্রাম

    293 K উষ্ণতাত এম’নিয়াম ক্ল’ৰাইডৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি।

    (d) লৱণৰ দ্ৰৱনীয়তাৰ ওপৰত উষ্ণতাৰ প্রভাৱ ব্যাখ্যা কৰা।

    উত্তৰঃ প্রদত্ত তথ্যৰ পৰা দেখা গ’ল যে লৱণৰ দ্ৰৱণীয়তা উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল আৰু উষ্ণতা বৃদ্ধি হ’লে লৱণৰ দ্ৰৱণীয়তা বাঢ়ি যায়।

    4. উদাহৰণ দি ব্যাখ্যা কৰা – 

    (a) সংপৃক্ত দ্রৱ ।

    উত্তৰঃ এটা নির্দিষ্ট উষ্ণতাত, এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সর্বোচ্চ পৰিমাণৰ দ্ৰাৱ্য‍ দ্রবীভূত হৈ থাকিলে তাক সংযুক্ত দ্রৱ বোলে। অর্থাৎ দ্ৰাৱকৰ  আয়তন একে থাকিলে তাত এক নির্দ্দিষ্ট পৰিমাণৰ দ্ৰাৱ্য‍হে দ্রবীভূত কৰিব পাৰি আৰু তেতিয়া দ্রৱটোক সংপৃক্ত দ্রৱ বুলি কোৱা হয়।

    উদাহৰণঃ এটা বিকাৰত 100 mL পানীলৈ তাত অলপ অলপকৈ সাধাৰণ নিমখ দি লৰাই দ্রৱীভূত কৰি গৈ থাকিলে অৱশেষত এনে এটা অৱস্থা পাব যে আৰু অধিক নিমখ দ্ৰৱীভূত কৰিব পৰা নাযাব। সেই অৱস্থাত দ্ৰৱটোক সংপৃক্ত দ্রৱ বুলি কোৱা হয়।অর্থাৎ যদি 100 mL পানীটোৱে সেই উষ্ণতাত সর্বোচ্চ 50 g নিমখ দ্ৰৱীভূত কৰিব পাৰে তেন্তে 100 mL পানীত 50 g নিমখ দ্ৰৱীভূত হৈ প্ৰস্তুত হোৱা দ্ৰৱটোক সেই উষ্ণতাত সংপৃক্ত দ্রৱ বুলি কোৱা হয়।

    (b) বিশুদ্ধ পদার্থ ।

    উত্তৰঃ যি পদাৰ্থ একেবিধ উপাদানৰ দ্বাৰা গঠিত অৰ্থাৎ পদাৰ্থটোৰ সকলো উপাদানবোৰৰ ৰাসায়নিক গুন একে তেনে পদার্থক বিশুদ্ধ পদার্থ বোলে।

    ৰাসায়নিক সংযুতি অনুসৰি বিশুদ্ধ পদার্থবিলাকক মৌল বা যৌগ হিচাপে শ্রেণীবিভাগ কৰিব পাৰি। উদাহৰণঃ- তাম, অক্সিজেন, পানী, চেনি, নিমখ, মিথেন আদি পদাৰ্থবোৰ বিশুদ্ধ পদার্থ।

    (c) কলয়ড।

    উত্তৰঃ যি অসমসত্ব মিশ্রণত কণিকাবোৰ সমগ্র দ্রৱণটোতে সুষমভাবে বিস্তাৰিত হৈ থাকে আৰু কণিকাবোৰ প্ৰলম্বনতকৈ তুলনামূলক ভাবে সৰু হোৱা বাবে মিশ্রণটো সমসত্ব যেন লাগে।তাকে কলয়ডীয় দ্রৱণ বা কলয়ড বোলে।

    উদাহৰণঃ গাখীৰ, তেজ, চিয়াঁহী ইত্যাদি।

    কলয়ডীয় দ্ৰৱৰ ধৰ্মঃ

    (ⅰ) কলয়ড এবিধ অসমসত্ব মিশ্রণ।

    (ii) কলয়ডীয় কণিকাবোৰ খালি চকুৰে দেখিব নোৱাৰি।

    (iii) কলয়ডীয় কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে ।

    (iv) কলযডীয় দ্ৰৱবোৰ সুস্থিৰ ।

    (ⅴ) কলয়ডীয় কণিকাবোৰ পৰিস্ৰাৱন প্রনালীৰে পৃথক কৰিব নোৱাৰি। কিন্তু অপকেন্দ্রিক পদ্ধতিৰে পৃথক কৰিব পাৰি।

    (vi) কলয়ডীয় দ্রৱণে টিণ্ডেল প্রভাৱ দেখুৱায়।

    (d) প্রলম্বন ।

    উত্তৰঃ যি অসমসত্ব মিশ্রণত দ্ৰাৱ্য‍ পদার্থ দ্রাৱকত দ্ৰৱীভূত হোৱাৰ পৰিবর্তে সমগ্ৰ দ্রাৱক মাধ্যমটোতে ওপঙি বা প্রলম্বিত হৈ থাকে। তাকে প্রলম্বন বুলি কোৱা হয়।

    উদাহৰণঃ চক আৰু পানীৰ মিশ্রণ, বোকা আৰু পানীৰ মিশ্রণ আদি।

    প্রলম্বনৰ ধর্মঃ

    (i) প্রলম্বন এবিধ অসমসত্ব মিশ্রণ ।

    (ii) প্রলম্বিত কণিকাবোৰ খালি চকুৰে দেখিব পাৰি।

    (iii) প্রলম্বিত কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে।

    (iv) প্রলম্বিত কণিকাবোৰ পৰিস্ৰাৱন প্রনালীৰে পৃথক কৰিব পাৰি।

    (v) প্ৰলম্বন দ্ৰৱণবোৰ অস্থিৰ।

    5. তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্রেণীভূক্ত কৰা।

    চ’ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকিলোৱা চাহ।

    উত্তৰঃ সমসত্ব মিশ্রণবোৰ হ’ল – চ’ডা পানী, বায়ু, ভিনেগাৰ আৰু চেকিলোৱা চাহ।

    অসমসত্ব মিশ্রণবোৰ হ’ল – কাঠ আৰু মাটি।

    6. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা ?

    উত্তৰঃ আমি বৰণহীন তৰলখিনিৰ উতলাংক উলিয়াই বিশুদ্ধ পানী হয়নে নহয় প্রমাণ কৰিব পাৰিম কিয়নো প্রতিটো বিশুদ্ধ তৰলৰ নির্দিষ্ট উতলাংক থাকে আৰু এক বায়ুমণ্ডলীয় চাপত বিশুদ্ধ পানীৰ উতলাংক হ’ল 100°C।গতিকে এক বায়ুমণ্ডলীয় চাপত যদি তৰলখিনিৰ উতলাংক 100°C হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী হয় আৰু যদি তৰলখিনিৰ উতলাংক 100°C তকৈ কম বা বেছি হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী নহয়।

    7. তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ “বিশুদ্ধ পদাৰ্থৰ” শাৰীত পৰিব ?

    (a) বৰফ ।

    উত্তৰঃ বিশুদ্ধ পদার্থ ।

    (b) গাখীৰ ।

    উত্তৰঃ বিশুদ্ধ পদার্থ নহয়।

    (c) লো ।

    উত্তৰঃ বিশুদ্ধ পদার্থ

    (d) হাইড্র’ক্লৰিক এচিড ।

    উত্তৰঃ বিশুদ্ধ পদার্থ ।

    (e) কেলচিয়াম অক্সাইড ।

    উত্তৰঃ বিশুদ্ধ পদার্থ ।

    (f) পাৰা ।

    উত্তৰঃ বিশুদ্ধ পদার্থ ।

    (g) ইটা ।

    উত্তৰঃ বিশুদ্ধ পদার্থ নহয়।

    (h) কাঠ ।

    উত্তৰঃ বিশুদ্ধ পদার্থ নহয়।

    (ⅰ) বায়ু । 

    উত্তৰঃ বিশুদ্ধ পদার্থ নহয়।

    8. তলৰ মিশ্রণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাচি উলিওৱা – 

    (a) মাটি।

    (b) সাগৰৰ পানী।

    (c) বায়ু।

    (d) কয়লা।

    (e) চ’দা পানী।

    উত্তৰঃ তলৰ মিশ্রনবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ হ’ল – (b) সাগৰৰ পানী, (c) বায়ু আৰু  (e) চ’দা পানী।

    9. তলৰ কোনটোৱ “টিণ্ডেল প্রভাৱ “দেখুৱায় ?

    (a) লৱণৰ দ্রৱ।

    (b) গাখীৰ ।

    (c) কপাৰ ছালফেটৰ দ্ৰৱণ ।

    (d) ষ্টাৰ্চৰ দ্রৱণ (Starch Solution)।

    উত্তৰঃ (b) গাখীৰ আৰু (d) ষ্টাৰ্চৰ দ্রৱণে “টিণ্ডেল প্রভাৱে” দেখুৱায়।

    10. তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্রণ হিচাপে শ্রেণীভূক্ত কৰা।

    (a) চ’ডিয়াম ।

    উত্তৰঃ মৌল ।

    (b) মাটি ।

    উত্তৰঃ মিশ্রণ।

    (c) চেনিৰ দ্ৰৱণ ।

    উত্তৰঃ মিশ্রণ ।

    (d) ছিলভাৰ ।

    উত্তৰ: মৌল ।

    (e) কেলছিয়াম কার্বনেট ।

    উত্তৰঃ যৌগ ।

    (f) টিন ।

    উত্তৰঃ মৌল।

    (g) ছিলিকন ।

    উত্তৰঃ মৌল ।

    (h) কয়লা |

    উত্তৰঃ মিশ্রন।

    (ⅰ) বায়ু ।

    উত্তৰঃ মিশ্রন ।

    (j) চাবোন।

    উত্তৰঃ মিশ্রন ।

    (k) মিথেন ।

    উত্তৰঃ যৌগ।

    (l) কার্বন ডাইঅক্সাইড।

    উত্তৰঃ যৌগ ।

    (m) তেজ |

    উত্তৰঃ মিশ্রণ ।

    11. তলৰ কোনবিলাক ৰাসায়নিক পৰিবর্তন ?

    (a) উদ্ভিদৰ বৃদ্ধি ।

    (b) লোত মামৰে ধৰা ।

    (c) লোৰ গুড়ি আৰু বালি মিহলিকৰণ ।

    (d) খাদ্য ৰন্ধন ।

    (e) খাদ্য হজম হোৱা ।

    (f) পানী গোটমৰা ।

    (g) মমবাটি জ্বলোৱা।

    উত্তৰঃ ৰাসায়নিক পৰিবৰ্তনবোৰ হ’ল –

    (a) উদ্ভিদৰ বৃদ্ধি ।

    (b) লোত মামৰে ধৰা ।

    (d) খাদ্য ৰন্ধন ।

    (e) খাদ্য হজম হোৱা ।

    (g) মমবাটি জ্বলোৱা ।

    অতিৰিক্ত প্রশ্নঃ

    1. মিশ্রণ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি? প্রতিটোৰে সংজ্ঞা দি উদাহৰণ দিয়া।

    উত্তৰঃ দুটা বা ততোধিক মৌল অথবা যৌগ যিকোনো অনুপাতত মিহলি হৈ থাকে তাকে মিশ্রণ বোলে ।

    মিশ্রণ দুই প্ৰকাৰৰ –

    (ⅰ) সমসত্ব মিশ্রণ আৰু  (ii) অসমসত্ব মিশ্রণ ।

    (ⅰ) সমসত্ব মিশ্রণঃ যি মিশ্রণত উপাদানবোৰ ভৌতিকভাবে অস্পষ্ট আৰু সকলো অংশতে একে সংযুতি আৰু একে ৰঙৰ হয় তাকে

    সমসত্ব মিশ্রণ বোলে।

    উদাহৰণঃ নিমখৰ পানী, চেনিৰ দ্ৰৱ আদি।

    (ii) অসমসত্ব মিশ্রণঃ যি মিশ্রণত উপাদানবোৰ ভৌতিকভাবে স্পষ্ট আৰু সকলো অংশতে সংযুতি বেলেগ। তেনে ধৰণৰ মিশ্রনক অসমসত্ব মিশ্রণ বোলে।

    উদাহৰণঃ লোৰ গুড়ি আৰু নিমখৰ মিশ্রণ, পানী আৰু তেলৰ মিশ্রন আদি।

    2. দ্রৱণ কি ? উদাহৰণ দিয়া।

    উত্তৰঃ দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্রণক দ্রৱ বা দ্ৰৱণ বোলে।

    উদাহৰণঃ নেমুপানী, চ’দাপানী আদি ।

    3. দ্ৰৱণৰ উপাদান কেইটা আৰু কি কি ? প্রতিটোৰে সংজ্ঞা দি উদাহৰণ দিয়া।

    উত্তৰঃ দ্ৰৱণৰ উপাদান দুটা – (i) দ্ৰাৱক আৰু (ii) দ্ৰাৱ্য‍ ।

    দ্ৰাৱক আৰু দ্ৰাৱ্য‍ৰ সংজ্ঞাঃ যি কোনো দ্ৰৱণ এটাৰ যিটো উপাদানে আন উপাদানক দ্রৱীভূত কৰে বা যিটো উপাদানৰ পৰিমান বেছি তাকে দ্ৰাৱক বোলে আৰু কম পৰিমাণৰ যিটো উপাদান দ্রৱীভূত হয় তাকে দ্ৰাৱ্য‍ বোলে।

    উদাহৰণঃ পানীত চেনি মিহলি কৰি পোৱা মিশ্রণটো এটা দ্ৰৱণ য’ত পানী হল দ্ৰাৱক আৰু চেনি হ’ল দ্রাব‍্য।

    4. দ্ৰৱণৰ ধৰ্মবোৰ লিখা।

    উত্তৰঃ দ্ৰৱণৰ ধৰ্মবোৰ হ’ল –

    (i) দ্রৱণ এটা সমসত্ব মিশ্রণ।

    (ii) দ্ৰৱণৰ কণিকাবোৰ খালি চকুৰে দেখিব নোৱাৰি।

    (iii) দ্ৰৱণৰ কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে।

    (iv) দ্ৰৱণৰ কণিকাবোৰ পৰিস্ৰাৱন প্ৰনালীৰে পৃথক কৰিব নোৱাৰি।

    (v) দ্ৰৱণবোৰ সুস্থিৰ।

    5. সংকৰ ধাতু কি ? উদাহৰণ দিয়া।

    উত্তৰঃ সংকৰ ধাতু হ’ল দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্রণ।

        উদাহৰণঃ পিতল এবিধ সংকৰ ধাতু ; ইয়াত প্রায় 30% জিংক আৰু  70% কপাৰ থাকে।

        6. সংপৃক্ত আৰু অসংপৃক্ত দ্রৱ কাক বোলে ?

        উত্তৰঃ সংপৃক্ত দ্ৰৱঃ এটা নির্দিষ্ট উষ্ণতাত, এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সর্বোচ্চ পৰিমাণৰ দ্রাব‍্য দ্রৱীভূত হৈ থাকিলে তাকে সংপৃক্ত দ্ৰৱ বোলে।

        অসংপৃক্ত দ্রৱঃ সংপৃক্ত দ্রৱণত থকা পৰিমাণতকৈ কম দ্ৰাৱ্য‍ থকা দ্ৰৱক অসংপৃক্ত দ্রৱ বোলে।

        7. দ্রৱণীয়তা কাক বোলে ?

        উত্তৰঃ যি কোনো সংপৃক্ত দ্রৱত দ্ৰৱীভূত হৈ থকা দ্ৰাৱ্য‍ৰ পৰিমাণক তাৰ দ্ৰৱণীয়তা বোলে।

        8. দ্ৰৱণৰ চোক বা গাঢ়তা কাক বোলে ?

        উত্তৰঃ কোনো নির্দিষ্ট আয়তন বা ভৰৰ দ্ৰৱণত বা দ্ৰাৱকত দ্ৰৱীভূত হৈ থকা দ্ৰাৱ্য‍ৰ পৰিমাণক দ্রৱনটোৰ চোক বা গাঢ়তা বোলে।

        এতেকে, দ্রৱণৰ গাঢ়তা = দ্ৰাৱ্য‍ৰ পৰিমান /দ্ৰৱৰ পৰিমান

        বা

        = দ্ৰাৱ্য‍ৰ পৰিমান/ দ্ৰাৱকৰ পৰিমান

        9. টিংছাৰ আয়’দিন কি ?

        উত্তৰঃ টিংছাৰ আয়’দিন হল গোটা আয়’দিন তৰল এলকহলত দৱীভূত কৰি তৈয়াৰ কৰা দ্ৰৱণ।

        10. টিণ্ডেল ক্রিয়া বা প্রভাৱ কাক কোলে ? উদাহৰণ দিয়া।

        উত্তৰঃ কলয়ডীয় কনিকাবোৰ আকাৰত সৰু হোৱা কাৰণে সিহঁতক খালি চকুৰে দেখিব নোৱাৰি।কিন্তু সিহঁতে পোহৰ ৰশ্মি বিচ্ছুৰিত পাৰে।পোহৰ ৰশ্মিৰ এনেধৰণৰ হোৱা বিচ্ছুৰণক ঢিণ্ডেল ক্রিয়া বা প্রভাৱ বুলি কোৱা হয়।

        উদাহৰণঃ

        (i) গাখীৰে টিণ্ডেল প্রভাৱ দেখুৱায়।

        (ii) বন্ধ কোঠা এটাত সৰু ফুটা এটাইদি পোহৰ সোমালে টিণ্ডেল প্রভাৱ দেখিবলৈ পোৱা যায়।

        (iii) ডাঠ হাবিৰ মাজত এটা সুৰুঙাৰে সূৰ্য্যৰ কিৰণ পৰিলে টিণ্ডেল প্রভাৱ দেখিবলৈ পোৱা যায় ।

        11. কলয়ডীয় দ্ৰৱৰ উপাদানবোৰ কি কি ? প্রতিটোৰে সংজ্ঞা দিয়া।

        উত্তৰঃ কলয়ডীয় দ্ৰৱৰ উপাদানবোৰ হ’ল –

        (ⅰ) বিস্তাৰণ মাধ্যম আৰু (iⅱ) বিস্তাৰিত প্ৰাৱস্থা ।

        বিস্তাৰণ মাধ্যম আৰু বিস্তাৰিত প্ৰাৱস্থাৰ সংজ্ঞাঃ যি কোনো কলয়ডীয় দ্ৰৱৰ কণিকাবোৰক বিস্তাৰিত প্রাৱস্থা বুলি কোৱা হয় আৰু য’ত কনিকাবোৰ বিস্তাৰিত কৰা হয় তাকে বিস্তাৰণ মাধ্যম বুলি কোৱা হয়।

        12. অপকেন্দ্রিক পদ্ধতিৰ ব্যৱহাৰ কেইটামান লিখা।

        উত্তৰঃ অপকেন্দ্রিক পদ্ধতিৰ ব্যৱহাৰ কেইটামান হ’ল –

        (i) ৰোগ নির্ণায়ক পৰীক্ষাগাৰত তেজ আৰু মূত্ৰ পৰীক্ষাত এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

        (ii) দুগ্ধ-পাম আৰু ঘৰত ক্রীমৰ পৰা মাখন পৃথক কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

        (iii) কাপোৰ ধোৱা সঁজুলিত তিতা কাপেৰৰ পৰা পানী আঁতৰাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

        13. অপকেন্দ্রিক পদ্ধতিৰ মূলসূত্র কি ?

        উত্তৰঃ অপকেন্দ্রিক পদ্ধতিৰ মূলসুত্র হ’ল – জোৰেৰে ঘুৰালে গধূৰ কণিকাবোৰ পাত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবোৰ ওপঙি থাকে।

        14. দুটা পৰস্পৰ মিহলি নোহোৱা তৰল কেনেকৈ পৃথক কৰিব পাৰি ?

        উত্তৰঃ দুটা পৰস্পৰ মিহলি নোহোৱা তৰল পৃথকীকৰণ চুপিৰ সহায়ত পৃথক কৰিব পাৰি।

        15. পৃথকীকৰণ চুপিৰ মূলসূত্র কি ? ইয়াৰ কেইটামান ব্যৱহাৰ লিখা।

        উত্তৰঃ পৃথকীকৰণ চুপিৰ মূলসূত্র হ’ল – পৰস্পৰ মিহলি নোহোৱা তৰল বিলাক সিহঁতৰ ঘনত্ব অনুসৰি বিভিন্ন তৰপত পৃথক হয়।

        ইয়াৰ কেইটামান ব্যৱহাৰ হ’ল –

        (i) তেল আৰু পানী পৃথকীকৰণত এই চুপি ব্যৱহাৰ কৰা হয়।

        (ii) আকৰিকৰ পৰা লো নিষ্কাশনত এই চুপি ব্যৱহাৰ কৰা হয় ।

        16. উর্ধপাতন পদ্ধতিৰে কি ধৰণৰ মিশ্রণ পৃথক কৰা হয় ?

        উত্তৰঃ উর্ধ্পাতন পদ্ধতিৰে উদ্বায়ী আৰু অনুদ্বায়ী উর্ধপাতিত কৰিব নোৱাৰা পদাৰ্থৰ মিশ্রণ পৃথক কৰা হয়।

        17. উদ্বায়ী গোটা পদার্থ কেইটামানৰ উদাহৰণ দিয়া।

        উত্তৰঃ উদ্বায়ী গোটা পদার্থ কেইটামানৰ উদাহৰণ হ’ল – এম’নিয়াম ক্ল’ৰাইড, কর্পূৰ, নেফথেলিন আৰু এনথ্ৰাচিন।

        18. বর্ণলেখন পদ্ধতি কাক বোলে ? ইয়াৰ কেইটামান ব্যৱহাৰ লিখা।

        উত্তৰঃ যি পদ্ধতিৰ সহায়ত একে দ্রাৱকত দ্ৰৱীভূত হোৱা বিভিন্ন দ্ৰাৱ্য‍ৰ মিশ্ৰণৰ পৃথকীকৰণ কৰা হয় তাকে বর্ণলেখন পদ্ধতি বোলে।

        ইয়াৰ কেইটামান ব্যৱহাৰ হ’ল –

        (i) ৰঙৰ ৰঞ্জক পদার্থ পৃথকীকৰণত এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

        (ii) প্রাকৃতিক পদাৰ্থৰ পৰা পোৱা ৰঞ্জক পদার্থবিলাক পৃথকীকৰণত এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

        (iii) তেজত থকা ঔষধ পৃথকীকৰণত এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

        19. দুটা পৰস্পৰ মিহলি হোৱা তৰলৰ পৃথকীকৰণ কেনেকৈ কৰিব পাৰি ?

        উত্তৰঃ দুটা পৰস্পৰ মিহলি হোৱা তৰলৰ পৃথকীকৰণ পাতন পদ্ধতিৰে কৰিব পাৰি।

        20. পাতন পদ্ধতি কাক বোলে ? ইয়াৰ কেইটামান ব্যৱহাৰ লিখা।

        উত্তৰঃ যি পদ্ধতিৰ সহায়ত দুটা বা ততোধিক মিশ্রণীয় তৰলৰ উপাদানবোৰ বাষ্পীভৱন আৰু ঘনীভৱন প্রক্রিয়াৰে পৃথক কৰা হয় তাকে পাতন পদ্ধতি বোলে।

        এই প্রক্রিয়াত তৰলবিলাকৰ উতলাংকৰ পাৰ্থক্য 25°C তকৈ বেছি হোৱা মিশ্রণক পৃথক কৰা হয়।

        ইয়াৰ কেইটামান ব্যৱহাৰ হ’ল –

        (i) কেৰাছিন আৰু পেট্র’লৰ মিশ্ৰণৰ পৰা সিহঁতক এই পদ্ধতিৰে পৃথক কৰা হয়।

                (ii) এচিট’ন আৰু পানীৰ মিশ্ৰণৰ পৰা সিহঁতক এই পদ্ধতিৰে পৃথক কৰা হয়।

                21. আংশিক পাতন কাক বোলে ? ইয়াৰ কেইটামান ব্যৱহাৰ লিখা।

                উত্তৰঃ যি পদ্ধতিৰ সহায়ত দুই বা ততোধিক পৰস্পৰ মিহলি হোৱা তৰলৰ উতলাংকৰ পাৰ্থক্য 25°C তকৈ কম হোৱা মিশ্রণক পৃথক কৰা হয় তাকে আংশিক পাতন বোলে।

                ইয়াৰ কেইটামান ব্যৱহাৰ হ’ল –

                (i) বায়ুৰ পৰা বিভিন্ন গেছবোৰ পৃথক কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

                (ii) খাৰুৱা তেলৰ পৰা পেট্রোলিয়ামজাত পদার্থবোৰ শোধনৰ দ্বাৰা পৃথক কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

                22. অশুদ্ধিযুক্ত কপাৰ ছালফেটৰ পৰা বিশুদ্ধ কপাৰ ছালফেট কেনেকৈ পৃথক কৰিব পাৰি ?

                উত্তৰঃ অশুদ্ধিযুক্ত কাৰ ছালফেটৰ পৰা বিশুদ্ধ কপাৰ ছালফেট স্ফটিকীকৰণ পদ্ধতিৰে পৃথক কৰিব পাৰি।

                23. দ্রৱণ এটাৰ পৰা দ্ৰাৱ্য‍ পদার্থটো পৃথক কৰিবলৈ বাষ্পীভবন প্রনালীতকৈ স্ফটিকীৰণ পদ্ধতি বেছি ভাল কিয় ?

                উত্তৰঃ দ্ৰৱণ এটাৰ পৰা দ্ৰাৱ্য‍ পদার্থটো পৃথক কৰিবলৈ বাষ্পীভৱন প্রনালীতকৈ স্ফটিকীকৰন পদ্ধতি বেছি ভাল কিয়নো –

                (i) শুষ্ক হোৱাকৈ তপতালে কিছুমান গোটা পদার্থ বিয়োজিত হয় আৰু কিছুমান, যেনে- চেনি, ক’লা পৰে।

                (ii) দ্রৱণটোত কিছুমান অশুদ্ধি থাকি যাব পাৰে আৰু বাষ্পীভূত কৰিলে এইবোৰে গোটা পদার্থক দুষিত কৰিব পাৰে।

                24. স্ফটিকীকৰণ পদ্ধতিৰ কেইটামান ব্যৱহাৰ লিখা।

                উত্তৰঃ স্ফটিকীকৰণ পদ্ধতিৰ কেইটামান ব্যৱহাৰ হল –

                (i) সাগৰৰ পানীৰ পৰা পোৱা নিমখ বিশুদ্ধিকৰণত এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

                (ii)  অশুদ্ধিযুক্ত ফিটকিৰিৰ পৰা বিশুদ্ধ স্ফটিক আহৰণত এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

                25. ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন বোলে ? প্রতিটোৰে উদাহৰণ দিয়া।

                উত্তৰঃ ভৌতিক পৰিবৰ্তনঃ যি পৰিবৰ্তনত পদার্থ এটাৰ আভ্যন্তৰীণ বা ৰাসায়নিক গুণৰ পৰিবৰ্তন নহৈ, পদাৰ্থটোৰ ভৌতিক ধৰ্মৰ পৰিবৰ্তন ঘটে অৰ্থাৎ পদাৰ্থটোৰ অৱস্থাৰ পৰিবৰ্তন ঘটে।তাকে ভৌতিক পৰিবৰ্তন বোলে।

                পদার্থ এটাৰ ভৌতিক ধর্মসমূহ হ’ল – ৰং, কঠিনত্ব, দৃঢ়তা, প্রবাহীতা, ঘনত্ব, গলনাংক, উতলাংক আদি।

                উদাহৰণঃ পানীত নিমখ দ্রৱীভূত কৰা, গছ কটা, পানী উতলাই জলীয় ভাপ কৰা ইত্যাদি।

                ৰাসায়নিক পৰিবৰ্তনঃ যি পৰিবৰ্তনত পদার্থ এটাৰ আভ্যন্তৰীণ বা ৰাসায়নিক গুণৰ পৰিবৰ্তন ঘটে তাকে ৰাসায়নিক পৰিবৰ্তন বোলে।

                উদাহৰণঃ আলমাৰিত মামৰ ধৰা, খাদ্য ৰন্ধন, মমবাটি জ্বলোৱা ইত্যাদি।

                26. মৌল কাক কোলে ? ইয়াক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ? প্রতিটোৰে সংজ্ঞা দি উদাহৰণ দিয়া।

                উত্তৰঃ মৌল হল পদাৰ্থৰ মূল বা আধাৰ যাক কোনো ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা পুনঃ সৰলতৰ পদাৰ্থলৈ বিভাজিত কৰিব পৰা নাযায়।

                মৌলবিলাকক সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হ’ল –

                (i) ধাতু (ii) অধাতু আৰু (iii) ধাতুকল্প ।

                ধাতু ,অধাতু আৰু ধাতুকল্পৰ সংজ্ঞাঃ

                (i) ধাতুঃ যিবোৰ পদার্থ সাধাৰণতে কঠিন, চিকমিকিয়া, নমনীয়, সাত সহনশীল, সনাদ বা নিনাদীগুণ আৰু তাপ তথা বিদ্যুতৰ সুপৰিবাহী সেইবোৰ পদার্থক ধাতু বোলে।

                উদাহৰণঃ সোণ, ৰূপ, তাম, লো, ছ’ডিয়াম পটাছিয়াম ইত্যাদি।

                (ii) অধাতুঃ যিবোৰ পদার্থ সধাৰণতে কোমল, অনুজ্জ্বল, তাপ আৰু বিদ্যুতৰ কুপৰিবাহী, সনাদ নহয় আৰু নমনীয় তথা সাতসহনশীল নহয় সেইবোৰ পদাৰ্থক অধাতু বোলে।

                উদাহৰণঃ হাইড্র’জেন, অক্সিজেন, আয়’দিন, কার্বন, ব্রমিন, ক্ল’ৰিণ ইত্যাদি।

                (iii) ধাতুকল্পঃ যিবোৰ পদার্থ ধাতু আৰু অধাতু উভয়ৰে কিছুমান ধর্ম প্রদর্শন কৰে সেইবোৰ পদার্থক ধাতুকল্প বোলে।

                উদাহৰণঃ ব’ৰণ, চিলিকন, জার্মেনিয়াম ইত্যাদি।

                27. ধাতুবোৰৰ কিছুমান ধর্ম লিখা।

                উত্তৰঃ ধাতুবোৰৰ কিছুমান ধর্ম হ’ল –

                (i) ধাতুবোৰৰ দ্যুতি বা চিকমিকনি আছে।

                (ii) ধাতুবোৰৰ ৰং ৰূপালী, বগা, ধূসৰ বা সোনালী-হালধীয়া।

                (iii) ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী।

                (iv) ধাতুবোৰৰ নমনীয়তা গুণ আছে।

                (v) ধাতুবোৰ সাত সহনশীল।

                (vi) ধাতুবোৰক কোবালে সুনাদী শব্দ কৰে।

                28. অধাতুবোৰৰ কিছুমান ধর্ম লিখা।

                উত্তৰঃ অধাতুবোৰৰ কিছুমান ধর্ম হ’ল –

                (i) অধাতুবোৰ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী বা দুর্বল পৰিবাহী।

                (ii) অধাতুবোৰে বিভিন্ন ৰং দেখুৱায়।

                (iii) অধাতুবোৰৰ দ্যুতি, সুনাদী বা সাত-সহনশীলতা গুণ নাই।

                29.  যৌগ কাক বোলে? উদাহৰণ দিয়া।

                উত্তৰঃ দুটা বা ততোধিক মৌলই ৰাসায়নিকভাবে এক নির্দিষ্ট অনুপাতত মিলিত হৈ যি নতুন পদার্থ উৎপন্ন কৰে তাকে যৌগ বোলে।

                উদাহৰণঃ পানী, চেনি, নিমখ, মিথেন ইত্যাদি।

                30. সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটোৰ নাম কি ?

                উত্তৰঃ পাৰা বা মাৰকিউৰি।

                31. সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা অধাতুটোৰ নাম কি ?

                উত্তৰঃ ব্র’মিন ।

                32. মিশ্ৰণ আৰু ঘৌগৰ মাজৰ পাৰ্থক্যবোৰ লিখা।

                উত্তৰঃ মিশ্রন আৰু যৌগৰ মাজৰ পাৰ্থক্যবোৰ হ’ল –

                মিশ্রণঃ

                (i) মৌল বা যৌগবোৰ মাত্র মিহলিহে হয়; কোনো নতুন পদার্থ বা যৌগ উৎপন্ন নহয়।

                (ii) উপাদানবোৰৰ সংযুতি ভিন ভিন হব পাৰে।

                (iii) মিশ্রণে উপাদানৰ ধর্মকে দেখুৱায়।

                (iv) উপাদানবোৰ ভৌতিক পদ্ধতিৰে এটাক আনটোৰ পৰা সহজে পৃথক কৰিব পাৰি।

                যৌগঃ

                (i) মৌলবোৰে বিক্রিয়া কৰি নতুন পদার্থ উৎপন্ন কৰে।

                (ii) প্রতিটো নতুন পদার্থৰ উপাদানবোৰৰ সংযুতি সদায় নির্দিষ্ট।

                (iii) নতুন পদাৰ্থৰ ধর্ম সম্পূর্ণ বেলেগ।

                (iv) উপাদানবোৰ ৰাসায়নিক বা বিদ্যুত ৰাসায়নিক পদ্ধতিৰ দ্বাৰাহে পৃথক কৰিব পাৰি।

                33. মৌল আৰু যৌগৰ মাজৰ পাৰ্থক্যবোৰ লিখা।

                উত্তৰঃ মৌল আৰু যৌগৰ মাজৰ পাৰ্থক্যবোৰ হ’ল –

                মৌলঃ

                (i) মৌলবোৰ একেবিধ পৰমানুৰ দ্বাৰা গঠিত।যেনে – তাম, অক্সিজেন, লো, হাইড্র’জেন, পাৰা আদি।

                (ii) মৌলবোৰ ৰাসায়নিক বিক্রিয়াৰ দ্বাৰা সৰল পদার্থলৈ ভাঙিব নোৱাৰি।

                যৌগঃ

                (i) যৌগবোৰ দুটা বা ততোধিক বেলেগ বেলেগ পৰমাণু বা মৌলৰ দ্বাৰা ৰাসায়নিক ভাবে এক নির্দিষ্ট অনুপাতত মিলিত হৈ গঠিত।

                যেনে – পানী, চেনি, নিমখ, মিথেন আদি।

                (ii) যৌগবোৰ ৰাসায়নিক বা বিদ্যুত ৰাসায়নিক পদ্ধতিৰে সৰল পদাৰ্থ বা মৌললৈ ভাঙিব পাৰি।

                34. বিশুদ্ধ পদার্থ আৰু মিশ্ৰণৰ মাজৰ পাৰ্থক্যবোৰ লিখা।

                উত্তৰঃ বিশুদ্ধপদাৰ্থ আৰু মিশ্ৰণৰ মাজৰ পাৰ্থক্যবোৰ হ’ল –

                বিশুদ্ধ পদার্থঃ

                (i) একেবিধ মৌল বা যৌগৰ দ্বাৰা গঠিত।যেনে – তাম, লো, অক্সিজেন, পানী, চেনি, নিমখ ইত্যাদি।

                (ii) নির্দিষ্ট সংযুতি আছে।

                (iii) উপদানবোৰ ভৌতিক পদ্ধতিৰে পৃথক কৰিব নোৱাৰি কিন্তু ৰাসায়নিক বা বিদ্যুত ৰাসায়নিক পদ্ধতিৰে পৃথক কৰিব পাৰি।

                (iv) উপাদানবোৰৰ ৰাসায়নিক গুণ একে।

                মিশ্রণঃ

                (i) দুটা বা ততোধিক মৌল বা যৌগৰ দ্বাৰা গঠিত।যেনে – নিমখৰ পানী, চেনিৰ দ্রৱ, নেমু পানী হত্যাদি।

                (ii) নির্দিষ্ট সংযুতি নাই।

                (iii) উপাদানবোৰ ভৌতিক পদ্ধতিৰে এটাক আনটোৰ পৰা সহজে পৃথক কৰিব পাৰি।

                (iv) মিশ্রণে উপাদানৰ ধর্মকে দেখুৱায়।

                 

                 

                 

                   

                   


                  0 Comments

                  Leave a Reply

                  Avatar placeholder

                  Your email address will not be published. Required fields are marked *