Class 9 Science NCERT Solutions

অধ্যায়ঃ1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ

(MATTER IN OUR SURROUNDINGS)

প্রশ্নাৱলীঃ

Page No. 03

1.তলৰ কোনবোৰ পদার্থ ?

চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্রব্যৰ সুবাস।

উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয় আৰু সুগন্ধি দ্রব্যব সুবাস।

2. তলৰ পর্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা।

উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

উত্তৰঃ যিকোনো বস্তু বা পদাৰ্থৰ উষ্ণতা বাঢ়িলে বা বঢ়াই দি থাকিলে এটা সময়ত কণিকাবোৰ সেই পদাৰ্থৰ পৃষ্ঠৰ পৰা আঁতৰি যায় আৰু বতাহৰ লগত মিলি যায়। সেইবাবে কঢ়াকৈ ভজা গৰম বস্তুৰ  গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়।কিন্তু ঠাণ্ডা বস্তুৰ ক্ষেত্রত কনিকাবোৰ উষ্ণতা নোপোৱাৰ বাবে বস্তুটোৰ ভিতৰতে গতিশীল অৱস্থাত থাকে। সেই কাৰনে ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

3. এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে।পদার্থৰ কি ধর্মৰ ভিত্তিত এইটো সম্ভৱ ?

উত্তৰঃ পানীৰ ক্ষেত্ৰত ইয়াৰ আন্ত: আনৱিক ব্যৱধান গোটা বস্তুৰ তুলনাত বেছি আৰু আন্ত: আনৱিক আকর্ষণ বল গোটা বস্তুৰ তুলনাত কম।সেইকাৰণে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে

4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট বিলাক কি কি ?

উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক হল-

(i)পদার্থৰ কনিকাবোৰৰ মাজত ব্যৱধান থাকে। এই ব্যৱধানটোকে আন্ত: আনরিক ব্যৱধান বুলি কোৱা হয়।

(ii) পদাৰ্থৰ কনিকাবোৰ অনবৰতে গতি কৰি থাকে অর্থাৎ পদার্থৰ কণিকাবোৰ গতিশীল।

(iii) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকর্ষণ আছে। এই আর্কষণকে আন্ত: আনরিক আকর্ষণ বোলে।

Class 9 Science NCERT Solutions

প্রশ্নাবলীঃ

Page No. 06

1. পদাৰ্থৰ প্রতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে । (ঘনত্ব =ভৰ/ আয়তন )। তলৰ পদার্থবোৰ ঘনত্বৰ উৰ্দ্ধক্রমত সজোৱা –  বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।

উত্তৰঃ উর্দ্ধক্রমত,

বায়ু < চিমনিৰ পৰা ওলোরা ধোঁৱা < কপাহ <পানী < মৌ < চকমাটি < লো ।

2.(a) পদাৰ্থৰ বিভিন্ন অবস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা।

উত্তৰঃ পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পার্থক্য তলত দিয়া হল –

কঠিন পদার্থ  –

(i) ইয়াৰ নির্দিষ্ট আকৃতি আৰু আয়তন আছে।

(ii) ইয়াৰ সংকোচনশীলতা অতি নগন্য।

(iii) ইয়াৰ ঘনত্ব যথেষ্ট বেছি।

(iv) ইয়াৰ আন্তঃআনৱিক ব্যৱধান যথেষ্ট কম।

(v) ইয়াৰ প্রৱাহিতা নাই।

(vi) ইয়াৰ দৃঢ়তা যথেষ্ট বেছি।

(vii) ইয়াৰ কনিকাবোৰৰ গতিশক্তি যথেষ্ট কম।

জুলীয়া পদার্থ –

(i) ইয়াৰ নির্দিষ্ট আকৃতি নাই কিন্তু নির্দিষ্ট আয়তন আছে।

(ii) ইয়াৰ সংকোচনশীলতা গোটা বস্তুৰ তুলনাত বেছি।

(iii)  ঘনত্ব গোটা বস্তুৰ তুলনাত কম।

(iv) ইয়াৰ আন্তঃআনৱিক ব্যৱধান গোটা বস্তুৰ তুলনাত বেছি।

(v) ই ওপৰৰ পৰা তললৈ বৈ যায়।

(vi) ইয়াৰ দৃঢ়তা যথেষ্ট কম।

(vii) ইয়াৰ কনিকাবোৰৰ গতিশক্তি গোটা বস্তুৰ তুলনাত বেছি।

গেছীয় পদার্থ –

(i) ইয়াৰ নির্দিষ্ট আকৃতি আৰু আয়তন নাই।

(ii) ইয়াৰ সংকোচনশীলতা গোটা আৰু জুলীয়া পদাৰ্থৰ তুলনাত যথেষ্ট বেছি।

(iii) ইয়াৰ ঘনত্ব গোটা আৰু জুলীয়া পদাৰ্থৰ তুলনাত যথেষ্ট কম।

(iv) ইয়াৰ আন্তঃআনৱিক ব্যবধান গোটা আৰু জুলীয়া পদাৰ্থৰ তুলনাত যথেষ্ট বেছি।

(v) ই চাৰিওদিশে বিয়পি পৰে।

(vi) ইয়াৰ দৃঢ়তা নাই।

(vii) ইয়াৰ কনিকাবোৰৰ গতিশক্তি যথেষ্ট বেছি।

(b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া –

দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্রবাহিতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)।

উত্তৰঃ দৃঢ়তা (rigidity) – যি ধর্মৰ বাবে বাহ্যিক বল প্রয়াগ কৰিলেও কোনো পদার্থই তাৰ নিজৰ আকৃতি অপৰিবর্তিত ৰাখে তাকে দৃঢ়তা বোলে।

গোটা পদার্থৰ দৃঢ়তা আটাইতকৈ বেছি।সেইকাৰণে অত্যাধিক বল প্রয়োগ কৰিলে গোটা পদার্থ ভাঙি যাব পাবে; কিন্তু সিহঁতক আকৃতিৰ পৰিবর্তন কৰা টান। জুলীয়া পদার্থৰ দৃঢ়তা যথেষ্ট কম। আনহাতে গেছীয় পদার্থক দৃঢ়তা নাই।

সংকোচনশীলতা (compressibility) – যি ধৰ্মৰ বাবে বল বা চাপ প্রয়োগ কৰাৰ ফলত পদার্থৰ আয়তন কমি যায় তাকে সংকোচনশীলতা বোলে।

কঠিন পদাৰ্থৰ সংকোচনশীলতা অতি নগন্য। জুলীয়া পদাৰ্থৰ সংকোচনশীলতা গোটা বস্তুৰ তুলনাত বেছি। আনহাতে গেছীয় পদার্থৰ সংকোচনশীলতা গোটা আৰু জুলীয়া বস্তুৰ তুলনাত যথেষ্ট বেছি।

প্রবাহিতা (fluidity) – পদার্থৰ কনিকাবোৰ প্রবাহিত হৈ বৈ যাব পৰা বা বিয়পি যাব পৰা ধর্মক প্রবাহিতা বোলে।

কঠিন পদার্থৰ প্রবাহিতা নাই কিন্তু জুলীয়া পদার্থ ওপৰৰ পৰা তললৈ বৈ যায়। আনহাতে গেছীয় পদার্থ চাৰিওদিশে বিয়পি পৰে।

আকাৰ (shape) – আকাৰ বা আকৃতি হল কোনো পদার্থৰ নির্দিষ্ট পৰিসীমা আৰু আয়তন।

কঠিন পদাৰ্থৰ নির্দিষ্ট আকাৰ আছে। আনহাতে জুলীয়া আৰু গেছীয় পদার্থৰ নির্দিষ্ট আকৃতি নাই।

গতিশক্তি (kinetic energy) – পদাৰ্থৰ কণিকাবোৰৰ গতিৰ বাবে কোনো পদার্থৰ অন্তর্ভাগত নিহিত হৈ থকা শক্তিক কনিকাবোৰৰ গতিশক্তি বোলা হয়।

কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি আটাইতকৈ কম।জুলীয়া পদার্থৰ কণিকাবোৰৰ গতিশক্তি কঠিন পদার্থৰ তুলনাত বেছি। আনহাতে গেছীয় কণিকাবোৰৰ গতিশক্তি আটাইতকৈ বেছি।

ঘনত্ব (density) – পদাৰ্থৰ প্রতি একক আয়তনৰ ভৰৰ পৰিমানকে ঘনত্ব বোলে।

কঠিন পদাৰ্থৰ ঘনত্ব আটাইতকৈ বেছি। পদার্থৰ কঠিন, জুলীয়া আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত ঘনত্ব কঠিনৰ পৰা গেছীয়লৈ ক্রমে কমি যায়।

3.  কাৰণ দৰ্শোৱা –

(a) কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্রটোৰ সকলো অংশ অধিকাৰ কৰে।

উত্তৰঃ গেছীয় পদার্থৰ কনিকাবোৰৰ মাজৰ ব্যৱধান বেছি হোৱাৰ বাবে কনিকাবোৰৰ মাজৰ আকৰ্ষণ শক্তি যথেষ্ট কম হৈ যায়। তাৰ বাবে গেছীয় কণিকাবোৰ তীব্র বেগত যাদৃচ্ছিক ভাবে ঘূৰি ফুৰিব পাৰে। সেইকাৰণে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্রটোৰ সকলো অংশ অধিকাৰ কৰে।

(b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ চাপ দিয়ে।

উত্তৰঃ যিহেতু গেছৰ কনিকাবোৰ যাদৃচ্ছিক ভাবে তীব্র বেগত ঘূৰি ফুৰিব পাৰে। তাৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে ।ধাৰক পাত্ৰৰ বেৰৰ প্রতি একক ক্ষেত্ৰত এই কনিকাবোৰে দিয়া চাপেই হল গেছীয় চাপ।

(c) কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি।

উত্তৰঃ যিহেতু কাঠৰ টুকুৰা এখনৰ কণিকাবোৰৰ ব্যৱধান যথেষ্ট কম হোৱাৰ বাবে আকর্ষণ শক্তি যথেষ্ট বেছি। তাব বাবে কাঠৰ টুকুৰাটোৰ ঘনত্ব যথেষ্ট বেছি।সেইকাৰণে কাঠৰ টুকুৰাৰ নিদ্দিষ্ট আকাৰ আৰু আকৃতি আছে।তাৰ বাবে কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি।

(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়োজন।

উত্তৰঃ যিহেতু বায়ুৰ কনিকাবোৰৰ মাজত ব্যবধান বেছি।সেই কাৰণে বায়ুত সহজে হাত ঘূৰাব পাৰি।কিন্তু কাঠ এডোখৰৰ কনিকাবোৰৰ মাজত ব্যৱধান যথেষ্ট কম।তাৰ বাবে কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়োজন।

4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদার্থৰ ঘনত্ব কম।কিন্তু দেখিছানে – বৰফ পানীত  ওপঙে;কিয় বাৰু ?

উত্তৰঃ যেতিয়া পানীৰ পৰা বৰফ হয় তেতিয়া ই সংকোচন হোৱাৰ পৰিবৰ্তে প্রসাৰতা লাভ কৰে।গতিকে বৰফৰ আয়তন পানীৰ তুলনাত বাঢ়ি যায় অর্থাৎ বৰফৰ ঘনত্ব পানীৰ তুলনাত কম হৈ যায়।গতিকে বৰফ পানীৰ তুলনাত পাতল হয়।তাৰ বাবে কঠিন পদার্থ হোৱা স্বত্ত্বেও বৰফ পানীত ওপঙে।

Class 9 Science NCERT Solutions

প্রশ্নাবলীঃ

Page No. 09

1. তলত দিয়া উষ্ণতাবোৰ চেলছিয়াছ স্কেলত প্রকাশ কৰা –

(a) 300 K

উত্তৰঃ 300 K = (300-273)°C = 27°C

(b) 573 K

উত্তৰঃ 573 K = (573-273)°C = 300°C

2.  তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হব ?

(a) 250°C

উত্তৰঃ এই অৱস্থাত পানী গেছীয় অৱস্থাত থকিব।

(b) 100°C

উত্তৰঃ এই অৱস্থাত পানী জুলীয়া আৰু গেছীয় দুয়ো অৱস্থাত থাকিব।

3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?

উত্তৰঃ যদি কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবর্তন ঘটাব লাগে তেন্তে তাপ প্রয়োগ কৰাৰ প্রয়োজন হয়।কিন্তু এই প্রয়োগ কৰা তাপ পদার্থটোৰ কনিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্রম কৰি অৱস্থাৰ পৰিবর্তন ঘটাবলৈ প্রয়োগ হয়।কিন্তু কণিকাবোৰৰ গতিশক্তি বৃদ্ধি নকৰে।এই তাপকে লীন তাপ বোলে।ইয়াৰ বাবে কোনো পদার্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে।

4. বায়ুমণ্ডীয় গেছ জুলীয়া কৰিব পৰা  পদ্ধতি এটা কোৱা।

উত্তৰঃ যদি কোনো এটা গেছ এটা জুলীয়া পদার্থলৈ আনিব লাগে তেন্তে গেছীয় পদার্থটোৰ কনিকাবোবৰ ব্যৱধান কম কৰিব লাগিব।গতিকে উচ্চচাপ প্রয়োগ কৰি আৰু উষ্ণতা কমাই গেছীয় পদার্থৰ কণিকাবোৰ পৰস্পৰ উচৰ চপাই বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পাৰি।

Class 9 Science NCERT Solutions

প্রশ্নাবলীঃ

Page No. 10

1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ?

উত্তৰঃ এটা Desert cooler ত তাৰ ভিতৰত থকা পানী বাষ্পীভৱন হ’বলৈ দিয়া হয়।ফলত তাৰ ওচৰ পাজৰৰ পৰিৱেশৰ পৰা বা বায়ুমণ্ডলৰ পৰা তাপ শোষন কৰি লয়। ফলত পৰিৱেশটো ঠাণ্ডা হয়।

আমি জানো যে বায়ুৰ আদ্রর্তা কম হলে বাষ্পীভৱনৰ হাৰ বাঢ়ি যায়।শুষ্ক গৰম দিনত বায়ুত জলীয় বাষ্পৰ পৰিমাণ কম ।গতিকে Desert cooler ৰ ভিতৰত পানীৰ বাষ্পীভৱনৰ হাৰ বাঢ়ি যায়।ফলত পৰিবেশটো আৰু বেছি ঠাণ্ডা কৰে।গতিকে এটা Desert cooler ৰে শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰিব পাৰে।

2. গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ?

উত্তৰঃ যিহেতু মাটিৰ কলহত সৰু সৰু ছিদ্র থাকে গতিকে সেই ছিদ্র বিলাকৰ মাজেদি পানীৰ কণিকাবোৰ বাহিৰলৈ ওলাই আহিব পাৰে। গ্রীষ্মকালৰ বাবে পানীত উৎপন্ন হোৱা তাপ সেই ছিদ্রৰ মাজেদি ওলাই পৰা পানীৰ কণিকাবোৰে শুাই লয় আৰু পানীৰ কণিকাবোৰ বাষ্পলৈ পৰিবৰ্তন হয়।ফলত গ্রীষ্মকালত কালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে।

3. হাতৰ তলুৱাত এচিট’ন, পেট্র’ল বা সুগন্ধি আতৰ ঢালি ল’লে ললে ঠাণ্ডা অনুভৱ হয় কিয় ?

উত্তৰঃ হাতৰ তলুৱাত এচিট’ন, পেট্র’ল বা সুগন্ধি দ্রব্য ঢালি দিলে হাতৰ তলুৱাৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত হয়। ফলত আমি ঠাণ্ডা অনুভৱ কৰো ।

4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ?

উত্তৰঃ যিহেতু গৰম চাহ বা গাখীৰ কাপত আৰু প্লেটত ঢালিলে প্লেটত গৰম চাহ বা গাখীৰটোৱে উৎপন্ন কৰা পৃষ্ঠকালি কাপত উৎপন্ন কৰা পৃষ্ঠকালি কাপত উৎপন্ন কৰা পৃষ্ঠকালিতকৈ বেছি।গতিকে গৰম চাহ বা গাখীৰৰ কণিকাবোৰ কাপৰ তুলনাত প্লেটৰ পৰা বেছি বাষ্পীভূত হব।ফলত প্লেটৰ চাহ বা প্লেটৰ গাখীৰ কাপৰ চাহ বা গাখীৰৰ তুলনাত সোনকালে ঠাণ্ডা হব।গতিকে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ হয়।

5. গ্রীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ?

উত্তৰঃ গ্রীষ্মকালত আমাৰ শৰীৰত যেতিয়া ঘাম উৎপন্ন হয় তেতিয়া বাষ্পীভবনৰ লীন তাপৰ সমান পৰিমানৰ তাপ শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় আৰু তাৰ বাবে আমাৰ শৰীৰটো শীতল পৰি যায়।কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে।সেইকাৰণে গৰম দিনত আমি কপাহী কাপোৰ পিন্ধিব লাগে।

Class 9 Science NCERT Solutions

অনুশীলনী:

Page No. 12

1.তলৰ উষ্ণতাবিলাক ছেন্টিগ্রেডত প্রকাশ কৰা – 

(a) 293 K

উত্তৰঃ 293 K = (293-273)°C= 20°C

(b) 470 K

উত্তৰঃ 470 K = (470-273)°C = 197°C

2. তলৰ উষ্ণতাবিলাক কেলভিনত প্রকাশ কৰা – 

(a) 25°C

উত্তৰঃ 25°C = 298 K = (25+273) K

(b) 373°C

উত্তৰঃ 373°C = (373+273) K = 646 K

3. কাৰণ দর্শোৱা – 

(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।

উত্তৰঃ নেফথেলিন হ’ল এটা উদ্বায়ী বস্তু।সেই কাৰনে উৰ্ধপাতন প্রক্রিয়াৰ দ্বাৰা নেফথেলিন বলৰ কণিকাবোৰ গেছীয় অৱস্থালৈ পৰিবর্তন হয়।সেই কাৰনে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।

(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

উত্তৰঃ আতৰত মনোহৰ গোন্ধক দ্ৰব্যৰ উদ্বায়ী বাষ্প মিহলোৱা থাকে যি বতাহত মিহলি হৈ যায়।তাৰ বাবে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উর্দ্ধক্রমত সজোৱা – পানী, চেনি আৰু অক্সিজেন

উত্তৰঃ উর্দ্ধক্রমত,

অক্সিজেন < পানী < চেনি

5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?

(a) 25°C

উত্তৰঃ এই উষ্ণতাত পানী জুলীয়া হৈ থাকিব।

(b) 0°C

উত্তৰঃ এই উষ্ণতাত পানী বৰফ হৈ থাকিব।

(c) 100°C

উত্তৰঃএই উষ্ণতাত পানী জুলীয়া আৰু গেছীয় দুয়ো অৱস্থাত থাকিব।

6. যুক্তি দর্শাই ব্যাখ্যা কৰা – 

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।

উত্তৰঃ সাধাৰণ উষ্ণতাত পানীৰ কনিকাবোৰৰ আকর্ষণ শক্তি গোটা বস্তুৰ তুলনাত কম আৰু গেছীয় পদার্থৰ তুলনাত বেছি।ইয়াৰ উপৰিও পানীৰ নির্দিষ্ট আকাৰ বা আকৃতি নাই কিন্তু আয়তন আছে।সেই কাৰনে সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।

উত্তৰঃ সাধাৰণ উষ্ণতাত লোৰ কণিকাবোৰৰ ব্যৱধান যথেষ্ট কম হোৱাৰ বাবে কণিকাবোৰৰ আকর্ষণ শক্তি জুলীয়া আৰু গেছীয় পদার্থৰ তুলনাত যথেষ্ট বেছি।তাৰ বাবে লোৰ নির্দিষ্ট আকৃতি বা আকাৰ আৰু আয়তন আছে।ইয়াৰ উপৰিও সংকোচনশীলতা ঘথেষ্ট কম। সেই কাৰণে সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।

7. 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে কিয় ?

উত্তৰঃ 273 K উষ্ণতাত বৰফৰ টুকুৰা এটাই তাৰ উষ্ণতা বৃদ্ধি নোহোৱাকৈ বিগলনৰ লীন তাপৰ সমান পৰিমানৰ তাপ তাৰ ওচৰে পাজৰে থকা পৰিৱেশৰ পৰা শুহি লৈ সম্পূর্ণৰূপে 273 K উষ্ণতাত থকা বৰফ পানীলৈ ৰূপান্তৰিত হয়।সেই কাৰণে 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে।

8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ?

উত্তৰঃ উতলা পানীৰ উষ্ণতা হ’ল 100°C আৰু পানীৰ ভাপৰ উষ্ণতা হ’ল (100°C + বাষ্পীভৱনৰ লীনতাপ )। গতিকে উতলা পানীৰ উষ্ণতাতকৈ পানীৰ ভাপৰ উষ্ণতা বেছি। সেইকাৰণে পানীৰ ভাপটোরে বেছিকৈ পুৰিব।

9. অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া।

উত্তৰঃ

অৱস্থাৰ পৰিবৰ্তন           প্রক্রিয়া

(A) গোটা → জুলীয়া → বিগলন

(B) জুলীয়া → গেছ →  বাষ্পীভৱন

(C) গেছ → জুলীয়া → ঘনীভৱন

(D) জুলীয়া → গোটা → স্ফটিকীকৰণ

(E) গোটা → গেছ → উর্দ্ধপাতন

(F) গেছ → গোটা → উর্দ্ধপাতন

Class 9 Science NCERT Solutions

অতিৰিক্ত প্রশ্নঃ

1. পদার্থ কি ?

উত্তৰঃ যিবোৰৰ ভৰ আছে আৰু এটুকুৰা ঠাই দখল কৰি থাকে সেইবোৰক পদার্থ বোলে।পদার্থবোৰ ক্ষুদ্র ক্ষুদ্র কণিকাৰে গঠিত।

2. পঞ্চ-তত্ব কি ?

উত্তৰঃ ভাৰতবর্ষৰ প্রাচীন দার্শনিক সকলে পদার্থবিলাকক পাঁচটা মৌলিক কণিকা যেনে – বায়ু, পৃথিৱী, জুঁই, আকাশ আৰু পানীৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল।এই পাঁচটা মৌলিক কণিকাবোৰক পঞ্চ-তত্ব বুলি কোৱা হয়।

3. ভৰৰ SI একক কি ?

উত্তৰঃ ভৰৰ SI একক হ’ল কিলোগ্রাম (kg)।

4. আয়তনৰ SI একক কি ?

উত্তৰঃ  আয়তনৰ SI একক হ’ল কিউবিক মিটাৰ (m3)। আয়তনৰ সচৰাচৰ ব্যৱহৃত একক হ’ল লিটাৰ (L)।

5. ব্যাপন কি ?

উত্তৰঃ দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে ব্যাপন বোলে।

6. পদার্থ কি কি অৱস্থাত পোরা যায় ?

উত্তৰঃ পদার্থ তিনিটা অৱস্থাত পোৱা যায় –

(ⅰ) গোটা বা কঠিন (i) তৰল বা জুলীয়া আৰু (iii) গেছীয়।

7. LPG ৰ সম্পূর্ণ নাম কি ?

উত্তৰঃ তৰলীকৃত পেট্রোলিয়াম গেছ বা Liquified Petroleum Gas।

8. CNG ৰ সম্পূর্ণ নাম কি ?

উত্তৰঃ সংকুচিত প্রাকৃতিক গেছ বা Compressed Natural Gas।

9. বিগলন কি ?

উত্তৰঃ যি প্রক্রিয়াত কঠিনৰ পৰা জুলীয়া অৱস্থালৈ পৰিবৰ্তন হয় অর্থাৎ গলি যোৱা প্রক্রিয়াকে বিগলন বুলি কোৱা হয়।

10. গলনাংক কি ?

উত্তৰঃ এক বায়ুমণ্ডলীয় চাপত, যি উষ্ণতাত কঠিন পদার্থ গলি গৈ জুলীয়া অৱস্থাপ্রাপ্ত হয় সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে।

11. বৰফৰ গলনাংক কিমান ?

উত্তৰঃ 273 K বা 0°C ।

12. উষ্ণতাৰ SI একক কি ?

উত্তৰঃ উষ্ণতাৰ SI একক্ হ’ল কেলভিন (K)।

13. ছেলছিয়াছ আৰু কেলভিনৰ মাজৰ সম্পর্ক কি ?

উত্তৰঃ 0°C = 273 K ।

14. লীনতাপ বোলে ?

উত্তৰঃ লীনতাপ হ’ল উষ্ণতাৰ পৰিবর্তন নোহোৱাকৈ যিকোনো পদাৰ্থৰ একক ভৰৰ অৱস্থা পৰিবর্তন কৰিবলৈ প্রয়োজনীয় তাপৰ পৰিমান অর্থাৎ পদাৰ্থৰ উষ্ণতাৰ পৰিবর্তন নোহোৱাকৈ ইয়াৰ অৱস্থা পৰিবর্তন কৰোতে যি পৰিমানৰ তাপৰ প্ৰয়োজন হয় তাকে লীনতাপ বুলি হয়।

15. বিগলনৰ লীনতাপ কাক বোলে ?

উত্তৰঃ এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত এক কিলোগ্রাম কঠিন পদার্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্রয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লীনতাপ কোলে।

16. উতলাংক মানে কি ?

উত্তৰঃ বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদার্থ গেছীয় অৱস্থালৈ পৰিবর্তন হোৱা আৰম্ভ কৰে অর্থাৎ জুলীয়া পদার্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে পদাৰ্থটোৰ উতলাংক বোলে।

17. পানীৰ উতলাাংক কিমান ?

উত্তৰঃ 100°C বা 373 K

18. বাষ্পীভৱন কাক বোলে ?

উত্তৰঃ যি প্রক্রিয়াত উতলাাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদার্থ ভাপলৈ পৰিবর্তিত হয় সেই প্রক্রিয়াক বাষ্পীভৱন বুলি কোৱা হয়।

19. বাষ্পীভৱনৰ লীনতাপ কাক বোলে ?

উত্তৰঃ এক বায়ুমণ্ডলীয় চাপ আৰু উতলাাংক উষ্ণতাত এক কিলোগ্রাম জুলীয়া পদার্থ বাষ্পীভূত কৰিবলৈ প্রয়োজন হোৱা তাপৰ পৰিমানক বাষ্পীভৱনৰ লীনতাপ বোলে।

20. উর্ধপাতন কাক বোলে ?

উত্তৰঃ তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্রাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্রক্রিয়াক উৰ্ধপাতন বোলে।

21. শুকান বৰফ কি ?

উত্তৰঃ গোটা কার্বন ডাইঅক্সাইডক (Solid CO₂) শুকান বৰফ বোলে।

22. স্ফটিকীকৰণ কাক কোলে ?

উত্তৰঃ যি প্রক্রিয়াত জুলীয়া অৱস্থাৰ পৰা গোটা অৱস্থালৈ ৰূপান্তৰ হয় তাকে স্ফটিকীকৰণ বোলে।

23. ঘনীভৱন কাক বোলে ?

উত্তৰঃ যি প্রক্রিয়াত গেছীয় অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ ৰূপান্তৰ হয় তাকে ঘনীভৱন বোলে।

24. আর্দ্রতা কি ?

উত্তৰঃ বায়ুত থকা জলীয় বাষ্পৰ পৰিমানকে আর্দ্রতা বা বায়ুৰ আর্দ্রতা বোলে।

25. বাষ্পীভৱনত প্রভাৱ পেলোৱা চাৰিটা কাৰকবোৰৰ নাম লিখা।

উত্তৰঃ বাষ্পীভৱনত প্রভাৱ পেলোৱা চাৰিটা কাৰকবোৰৰ নাম তলত দিয়া হ’ল –

(i) তৰলৰ পৃষ্ঠকালি – তৰলৰ পৃষ্ঠকালি বৃদ্ধি হ’লে বাষ্পীভৱনৰ বেগ বৃদ্ধি হয়।

(ii) উষ্ণতা –  উষ্ণতা বৃদ্ধি হ’লে বাষ্পীভৱন বৃদ্ধি হয়।

(iii) বায়ুৰ আর্দ্রতা – বায়ুৰ আর্দ্রতা কম হ’লে বাষ্পীভৱন বাঢ়ে।

(iv) বতাহৰ বেগ – বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱনৰ বেগ বৃদ্ধি হয়।

26. চাপৰ একক কি ?

উত্তৰঃ চাপৰ একক হ’ল পাস্কাল ( Pascal)। ইয়াক Pa আখৰেৰে সূচোৱা হয়।

27. বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে কিয় ?

উত্তৰঃ বায়ুত থকা জলীয় বাষ্প ঠাণ্ডা গিলাচ পৃষ্ঠৰ সংস্পৰ্শলৈ আহি শক্তি বিকিৰণ কৰে আৰু তাৰ ফলত জুলীয়া অৱস্থাপ্ৰাপ্ত হৈ পানীৰ কণিকা বিৰিঙে।


      0 Comments

      Leave a Reply

      Avatar placeholder

      Your email address will not be published. Required fields are marked *