অধ্যায়ঃ11 কাৰ্য আৰু শক্তি
(WORK AND ENERGY)
প্রশ্নাৱলীঃ
Page No.148
1. বস্তু এটাৰ ওপৰত 7N বল প্রয়োগ হৈছে। ধৰা, বলৰ দিশত বস্তুটোৰ সৰণ 8 m । (চিত্র 11.3) সৰণৰ সমুদায় কালছোৱাত বলটো বস্তুৰ ওপৰত ক্রিয়াশীল হৈ আছিল বুলি ধৰি লওঁ। ইয়াত সম্পন্ন হোৱা কাৰ্য কিমান ?
উত্তৰঃ দিয়া আছে,
বল (F) = 7 N
সৰণ (s) = 8 m
এতেকে, বস্তুটোৰ ওপৰত সম্পন্ন হোৱা কার্য (W) = F x s
= 7×8
= 56 J বা Nm.
প্রশ্নাৱলীঃ
Page No. 149
1. কেতিয়া আমি কাৰ্য সম্পাদন হোৱা বুলি কওঁ ?
উত্তৰঃ যদি কোনো এটা বস্তুৰ ওপৰত বল প্রয়োগ কৰি সৰণ ঘটাব পাৰিলে তেতিয়া আমি কার্য সম্পাদন হোৱা বুলি কওঁ।
2. বস্তু এটাৰ সৰণৰ দিশত প্ৰয়োগ হোৱা বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশ-ৰাশি লিখা।
উত্তৰঃ সম্পাদিত কার্য (W) = বল X সৰণ
⇒ W = F x s
3. 1 J কাৰ্যৰ সংজ্ঞা দিয়া।
উত্তৰঃ আমি জানো যে,
W = F x s
যদি F= 1N আৰু s = 1m তেন্তে
W = 1N x1M
=1 Nm
= 1 Joule
অর্থাৎ, 1J হল কোনো এটা বস্তুক 1N বলে ক্ৰিয়া কৰিলে ক্ৰিয়া কৰা দিশত 1m সৰণ ঘটালে বস্তুটোৰ ওপৰত সম্পন্ন হোৱা কার্যৰ পৰিমাণ ।
4. এহাল বলদে নাঙলত 1 N বল প্রয়োগ কৰে। হাল বোৱা পথাৰখন 15 m দীঘল। পথাৰত হাল বাওঁতে কিমান কাৰ্য কৰা
হ’ল উলিওৱা।
উত্তৰঃ দিয়া আছে,
বল (F) = 1N
সৰণ (s) = 15 m
এতেকে, পথাৰত হাল বাওঁতে সম্পাদিত কার্যৰ পৰিমান (W) = F x s
=1NX 15 m
= 15 J
প্রশ্নাৱলীঃ
Page No. 152
1. বস্তু এটাৰ গতিশক্তি বুলিলে কি বুজা ?
উত্তৰঃ কোনো এটা বস্তুৱে তাৰ গতিশীল অৱস্থাৰ বাবে লাভ কৰা শক্তিক বস্তুটোৰ গতিশক্তি বুলি কোৱা হয়।
2. বস্তু এটাৰ গতিশক্তিৰ প্ৰকাশ-ৰাশি লিখা।
উত্তৰঃ যদি ‘m’ ভৰৰ বস্তু এটা ‘v’ সুষম বেগেৰে গতি কৰি থাকে তেন্তে বস্তুটোৰ গতিশক্তি হ’ল Ek = ½ mv2
3. 5 ms-1 বেগেৰে গতিশীল m ভৰৰ বস্তুৰ এটাৰ গতিশক্তি 25 J। ইয়াৰ বেগ দুগুণ কৰিলে গতিশক্তি কিমান হ’ব ? বেগ তিনিগুণলৈ বৃদ্ধি কৰিলে গতিশক্তি কিমান হ’ব ?
উত্তৰঃ দিয়া আছে,
বস্তুটোৰ,
v = 5 ms-1
Ek= 25 J
আমি জানো যে,
Ek = ½ mv2
⇒ 25 = 1/2 m x 52
⇒ 25 = 1/2 x 25 m
⇒ m = 2 x 25 /25
⇒ m = 2 kg
Again,
নতুন বেগ( v1) = 2 v
= 2 x 5
= 10 ms-1
নতুন গতিশক্তি (Ek1) = ½ mv12
= 1/2 x 2 x 102
= 100 J
দ্বিতীয় ভাগঃ
নতুন বেগ( v2) = 3 v
= 3 x 5
= 15 ms-1
নতুন গতিশক্তি (Ek2) = ½ mv22
= 1/2 x 2 x 152
= 225 J
প্রশ্নাৱলীঃ
Page No. 156
1. ক্ষমতা কাক বোলে ?
উত্তৰঃ কাৰ্য সম্পাদনৰ হাৰ বা শক্তিৰ ৰূপান্তৰৰ হাৰকে ক্ষমতা বুলি কোৱা হয়।
যদি এজন মানুহে বা এটা ঘটকে সমযত t সময়ত W কার্য সম্পাদন কৰে তেন্তে
ক্ষমতা = কার্য(W)/সময়(t)
⇒ P = W/t
ক্ষমতাৰ SI একক হল ৱাট (W)।
2. 1 ৱাট ক্ষমতাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ আমি জানো যে,
P = W/t
যদি W = 1 J আৰু t = 1s তেন্তে
P = W/t
⇒ P = 1J/1s
⇒ P = 1J/s
⇒ P = 1 W
অর্থাৎ
যদি এজন মানুহে বা এটা যন্ত্রই 1 s ত 1J কার্য সম্পাদন কৰিব পাৰে তেন্তে এই কাৰ্যৰ পৰিমানকে 1 ৱাট ক্ষমতা বুলি কোৱা হয়।
3. বাল্ব এটাই 10 s ত 100 J বৈদ্যুতিক শক্তি ব্যয় কৰে। ইয়াৰ ক্ষমতা কিমান ?
উত্তৰঃ দিয়া আছে,
সময় (t) = 10 s
বৈদ্যুতিক শক্তি (E) = 100 J
আমি জানো যে,
P = E/t
⇒ P = 100/10
⇒ P = 10 W
এতেকে, নির্ণেয় বাল্বটোৰ ক্ষমতা হ’ল 100 J
4. গড় ক্ষমতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিকোনো ঘটক এটাই কাৰ্য কৰোতে ব্যয় হোৱা মুঠ শক্তিক অতিবাহিত সময়েৰে ভাগ কৰিলে পোৱা ক্ষমতাক গড় ক্ষমতা বুলি কোৱা হয়।
অনুশীলনীঃ
Page No. 158
1. তলত দিয়া তালিকাৰ কাৰ্যকলাপ বোৰলৈ মন কৰা। কাৰ্য ৰাশিটোৰ ওপৰত তোমাৰ ব্যুৎপত্তিৰ আধাৰত কাৰ্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰা।
• সোমাই পুখুৰীত সাঁতুৰি আছে।
উত্তৰঃ
• গাধ এটাই বোজা কঢ়িয়াই আছে।
উত্তৰঃ
• বায়ুকল এটাই কুঁৱাৰ পৰা পানী তুলি আছে।
উত্তৰঃ
• সেউজীয়া গছ এডালে সালোকসংশ্লেষণ প্রক্রিয়া চলাই আছে।
উত্তৰঃ
• ইঞ্জিন এটাই ট্রেইন এখন টানি আছে।
উত্তৰঃ
• সূৰ্য্যৰ তাপত শস্য শুকাই আছে।
উত্তৰঃ
• বায়ু শক্তিৰে পালনাও এখন গৈ আছে।
উত্তৰঃ
2. ভূমিৰ লগত কোনো কোণত প্ৰক্ষেপ কৰা বস্তু এটাই বক্ৰ পথেৰে গতি কৰি পুনৰায় ভূমিলৈ উভতি আহিল। বস্তুটোৰ যাত্ৰাপথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূমিক ৰেখাত অৱস্থিত। মাধ্যাকর্ষণ বলে বস্তুটোৰ ওপৰত কিমান কাৰ্য কৰিলে?
উত্তৰঃ মাধ্যাকর্ষণ বলে বস্তুটোৰ ওপৰত কৰা মুঠ কার্যৰ পৰিমাণ শূন্য হব।
3. বেটেৰী এটাই বাল্ব এটা জ্বলালে। প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰৰ বর্ণনা দিয়া।
উত্তৰঃ বেটেৰী এটাই বাল্ব এটা জ্বলালে প্রক্রিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰ হ’ল – প্রথমে বেটেৰীৰ ৰাসায়নিক শক্তিৰ পৰা বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ হোৱাৰ পাছত বিদ্যুৎ শক্তিৰ পৰা বাল্বটো জ্বলোৱা শক্তিলৈ অর্থাৎ পোহৰ শক্তিলৈ ৰূপান্তৰ হয়। তাৰ পাছত বাল্বটো জ্বলাৰ পৰা তাপ শক্তিলৈ ৰূপান্তৰ হয়।
4. 20 kg ভৰৰ ওপৰত প্ৰযুক্ত কোনো বলে তাৰ বেগ 5 ms-1 ৰ পৰা 2 ms-1 লৈ পৰিবৰ্তন কৰিলে। বলটোৱে সম্পাদন কৰা কাৰ্য নিৰ্ণয় কৰা।
উত্তৰঃ দিয়া আছে
ভৰ (m) = 20 kg
প্রাৰম্ভিক বেগ (v1) = 5 ms-1
অন্তিম বেগ (v2) = 2 ms-1
এতেকে, প্রাৰম্ভিক গতিশক্তি (Ek1) = ½ mv12
= 1/2 x 20 x 52
= 250 J
অন্তিম গতি শক্তি (Ek2) = ½ mv22
= 1/2 x 20 x 22
= 40 J
এতেকে, বলটোৱে সম্পাদন কৰা কাৰ্যৰ পৰিমাণ = Ek1 – Ek2
= (250 – 40) J
= 210 J
5. 10 kg ভৰৰ বস্তু এটা টেবুল এখনৰ A বিন্দুত অৱস্থিত আছিল। ইয়াক B বিন্দুলৈ স্থানান্তৰিত কৰা হ’ল। যদি A আৰু B ক সংযোগ কৰা ৰেখাডাল অনুভূমিক হয় তেন্তে মাধ্যাকর্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য কিমান হ’ব? তোমাৰ উত্তৰ ব্যাখ্যা কৰা।
উত্তৰঃ মাধ্যাকৰ্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কার্যৰ পৰিমাণ শূণ্য হ’ব। কিয়নো যদি A আৰু Bক সংযোগ কৰা ৰেখাডাল অনুভূমিক হয় তেন্তে ইয়াৰ উচ্চতা নথকাৰ বাবে মাধ্যাকর্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্যৰ পৰিমান শূণ্য হ’ব।
6. মুক্তভাৱে অধোগামী বস্তুৰ স্থিতিশক্তি ক্রমান্বয়ে হ্রাস পায়। ই শক্তিৰ সংৰক্ষণ সূত্র ভঙ্গ কৰেনে? কিয়?
উত্তৰঃ
7. তুমি চাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ কি কি?
উত্তৰঃ চাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ হ’ল – আমাৰ শৰীৰৰ পেশীয় শক্তিৰ পৰা যান্ত্রিক শক্তি অর্থাৎ চকা ঘূৰোৱা শক্তি। এই যান্ত্রিক শক্তিৰ পৰা ৰাস্তা আৰু চকাৰ মাজত হোৱা ঘর্ষণ শক্তি আকৌ এই ঘর্ষন শক্তিৰ ফলত তাপ শক্তিৰ উৎপন্ন হয়।
৪. তুমি প্ৰকাণ্ড শিল এটা সৰ্বশক্তিৰে ঠেলাৰ প্ৰচেষ্টা চলাই বিফল হ’লে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে? তুমি ব্যয় কৰা শক্তিখিনি ক’লৈ গ’ল।
উত্তৰঃ
9. কোনো এটা ঘৰত এমাহত মুঠ 250 ইউনিট’ শক্তি ব্যয় হয়। এই শক্তি জুল এককত কিমান হ’ব?
উত্তৰঃ ঘৰটোত এমাহত ব্যয় হোৱা শক্তিৰ পৰিমাণ = 250 ইউনিট
= 250 Kwh
= 250 x 3.6 x 106 J
= 900 x 106 J
= 900 x 102 x 106J
= 9 x 108 J
10. 40 kg ভৰৰ বস্তু এটা ভূমিৰ পৰা 5 m ওপৰলৈ উঠোৱা হ’ল। ইয়াৰ স্থিতিশক্তি কিমান হ’ব? যদি বস্তুটো পৰিবলৈ দিয়া হয় তেন্তে আধা দূৰত্ব অতিক্ৰম কৰাৰ মূহুৰ্তত তাৰ গতিশক্তি উলিওৱা।
উত্তৰঃ দিয়া আছে,
বস্তুটোৰ ভৰ (m) = 40 kg
উচ্চতা (h) = 5 m
মাধ্যাকৰ্ষণিক ত্বৰণ (g) = 9.8 ms-2
এতেকে, স্থিতিশক্তি (Ep) = mgh
= 40 × 10 × 5
= 2000 J
দ্বিতীয় ভাগঃ
নতুন উচ্চতা (h1) = 5/2 m
এতেকে, আধা দুৰত্ব অতিক্রম কৰা মূহুৰ্তত ইয়াৰ গতিশক্তি (Ek) = 1/2 Ep
= 1/2 × 2000 J
11. পৃথিবীৰ চাৰিওফালে ঘূৰি থকা উপগ্রহ এটাত মাধ্যাকর্ষণিক বলে কিমান কাৰ্য সম্পন্ন কৰে? তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা।
উত্তৰঃ
12. বস্তুৰ ওপৰত বল প্রয়োগ নোহোৱাকৈ তাৰ সৰণ হ’ব পাৰেনে? চিন্তা কৰা। তদুপৰি প্ৰশ্নটোৰ বিষয়ে বন্ধু-বান্ধব আৰু শিক্ষকৰ সৈতে আলোচনা কৰা।
উত্তৰঃ
13. মানুহ এজনে মূৰত এমুঠা খেৰ লৈ আধাঘণ্টা সময় ৰৈ থাকি ভাগৰ অনুভৱ কৰিলে। তেওঁ কিবা কাৰ্য কৰিলেনে? তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা।
উত্তৰঃ
14. এটা বৈদ্যুতিক ইস্ত্ৰিৰ ক্ষমতা 1500 ৱাট । 10 ঘন্টাত ই কিমান শক্তি ব্যয় কৰিব?
উত্তৰঃ দিয়া আছে
ইস্ত্রিটোৰ ক্ষমতা (P) = 1500 ৱাট
সময় (t) = 10 ঘণ্টা
= 10 x 60 x 60 ছেকেণ্ড
= 36000 ছেকেণ্ড
এতেকে, 10 ঘন্টাত ব্যয় হোৱা শক্তিৰ পৰিমাণ = P x t
= 1500 x 36000
= 5400000
= 5.4 x 106 J
অথবা
10 ঘন্টাত বা ব্যয় হোৱা শক্তিৰ পৰিমাণ = P x t
= 1500 x 10
= 15 x 103 Wh
= 15 kWh
15. দোলক এটাৰ পিণ্ডটো এফাললৈ টানি তাক দুলিবলৈ এৰি দিলে সংঘটিত হোৱা শক্তিৰ ৰূপান্তৰবোৰ আলোচনাৰ যোগেদি শক্তিৰ সংৰক্ষণৰ সূত্ৰৰ ব্যাখ্যা কৰা। পিণ্ডটো অৱশেষত স্থিতিশীল অৱস্থাপ্রাপ্ত কিয় হয়। অৱশেষত ইয়াৰ শক্তিখিনিৰ কি হয়? ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভঙ্গ কৰে নেকি?
উত্তৰঃ
16. m ভৰৰ বস্তু এটাই স্থিৰ বেগ v ৰে গতি কৰি আছে। বস্তুটোক স্থিতিশীল অবস্থালৈ আনিবলৈ কিমান কাৰ্য কৰিব লাগিব ?
উত্তৰঃ বস্তুটোৰ গতিশক্তি = ½ mv2
এতেকে, বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ কৰিবলগীয়া কাৰ্যৰ পৰিমাণ ½ mv2 J
17. 60 km h-1 বেগেৰে গৈ থকা 1500 kg ভৰৰ গাড়ী এখন ৰখাবলৈ কিমান কাৰ্য কৰিব লাগিব উলিওৱা।
উত্তৰঃ দিয়া আছে,
গাড়ীখনৰ ভৰ (m) = 1500 kg
গাড়ীখনৰ বেগ (v) = 60 km h-1
= 60 x 1000/60 x 60 m/s
= 100/6
= 50/3 m/s
এতেকে, বস্তুটোৰ গতিশক্তি (Ek) = ½ mv22
= 1/2 x 1500 x (50/3)2
= 750 x 2500/9
= 250 x 2500/3
= 625000/3
= 208333.33 J
এতেকে, গাড়ীখন ৰখাবলৈ প্রয়োগ হোৱা মুঠ শক্তিৰ পৰিমাণ = 208333.33 J
18. তলত প্ৰতিটোতে m ভৰৰ বস্তু এটাত F বল প্রয়োগ কৰা হৈছে। দীঘল কাঁড়েৰে ইয়াৰ সৰণৰ দিশ পশ্চিমৰ পৰা পুৱলৈ বুলি দেখুওৱা হৈছে। চিত্ৰবোৰ ভালদৰে মন কৰা আৰু বলে সম্পাদন কৰা কাৰ্য ঋণাত্মক, ধনাত্মক নে শূন্য ঠাৱৰ কৰা।
উত্তৰঃ
19. চনীয়ে কৈছে যে বস্তু এটাত কেইবাটাও বল ক্রিয়াশীল হৈ থকা অৱস্থাতো তাৰ ত্বৰণ শূন্য হ’ব পাৰে। তাইৰ সৈতে তুমি সহমতনে? কিয়?
উত্তৰঃ
20. চাৰিটা সঁজুলিৰ প্ৰতিটোৰ ক্ষমতা 500 W হ’লে আৰু সঁজুলি কেইটা 10 ঘন্টা সময়ৰ বাবে চলি থাকিলে ব্যয় হোৱা শক্তি kWh এককত উলিওৱা।
উত্তৰঃ দিয়া আছে,
প্রতিটো সঁজুলিৰ ক্ষমতা = 500 W
এতেকে, চাৰিটা সঁজুলিৰ মুঠ ক্ষমতা (P) = 4 x 500 W = 2000W
সময় (t) = 10 ঘন্টা
এতেকে, প্রতিটো সঁজুলিয়ে 10 ঘন্টাত ব্যয় হোৱা শক্তিৰ পৰিমাণ = 500 x 10 Wh
= 5000 Wh
এতেকে, চাৰিটা সঁজুলিয়ে 10 ঘন্টাত ব্যয় কৰা শক্তিৰ পৰিমাণ = 4 x 5000 Wh
= 20000 Wh
= 20 x 103 Wh
= 20 KWh
21. মুক্তভাবে অধোগামী বস্তুবোৰ অৱশেষত ভূমিত উপনীত হৈ ৰৈ যায়। ইহঁতৰ গতি শক্তিৰ কি দশা হ’ব?
উত্তৰঃ
অতিৰিক্ত প্রশ্নোত্তৰঃ
1. কার্য কাক বোলে ? ইয়াৰ SI একক কি ?
উত্তৰঃ কোনো এটা বস্তুৰ ওপৰত বল প্রয়োগ কৰিলে যদি বস্তুটোৰ সৰণ ঘটে তাকে কার্য হোৱা বুলি কোৱা হয়।
যদি কোনো স্থিৰ বলে (F) এটা বস্তুৰ ওপৰত প্ৰয়োগ কৰিলে বস্তুটোৰ সৰণ s ঘটে তেন্তে
বস্তুটোৰ ওপৰত হোৱা কাৰ্য(W) = বল xসৰণ
⇒ W = F x s
3. কার্য সম্পাদনৰ বাবে কি কি চৰ্ত পূৰণ হব লাগে ?
উত্তৰঃ কাৰ্য সম্পাদনৰ বাবে দুটা চর্ত পূৰণ হ’ব লাগে। চৰ্ত কেইটা হ’ল-
(i) বস্তু এটাত বল প্রয়োগ হ’ব লাগিব আৰু
(ii) বস্তুটোৰ সৰণ হ’ব লাগিব ।
3. শক্তি কাক বোলে? ইয়াৰ SI একক কি?
উত্তৰঃ কোনো এটা বস্তুৰ ওপৰত কার্য কৰাৰ সামর্থ্যকে শক্তি বুলি কোৱা হয়। ইয়াৰ SI একক হ’ল জুল (J) ।
4. 1 জুল শক্তি মানে কি?
উত্তৰঃ 1 জুল (J) কাৰ্য কৰিবলৈ প্রয়োজন হোৱা শক্তিকেই 1 জুল শক্তি বোলা হয়।
5. গতিশক্তি কাক বোলে ?
উত্তৰঃ কোনো এটা বস্তুৱে তাৰ গতিশীল অৱস্থাৰ বাবে লাভ কৰা শক্তিক বস্তুটোৰ গতিশক্তি বুলি কোৱা হয়।
যদি ‘m’ ভৰ বস্তু এটা ‘v’ সূষম বেগেৰে গতি কৰি থাকে তেন্তে বস্তুটোৰ গতিশক্তি (Ek) =½ mv2
6. স্থিতিশক্তি কাক বোলে ?
উত্তৰঃ কোনো এটা বস্তুৰ অৱস্থান আৰু আকৃতিৰ পৰিবৰ্তনৰ বাবে আহৰণ কৰা শক্তিক স্থিতিশক্তি বোলে।
যদি ‘m’ ভৰৰ কোনো এটা বস্তু ভূমিৰ পৰা ‘h’ উচ্চতালৈ উঠোৱা হয় তেন্তে
বস্তুটোৰ স্থিতিশক্তি (Ep) = mgh, য’ত g = মাধ্যাকর্ষণিক ত্বৰণ।
7. যান্ত্রিক শক্তি কাক বোলে?
উত্তৰঃ কোনো এটা বস্তুৰ স্থিতি শক্তি (Ep) আৰু গতিশক্তিৰ (Ek) যোগফলকে বস্তুটোৰ যান্ত্রিক শক্তি বুলি কোৱা হয় ।
অর্থাৎ, যান্ত্রিক শক্তি = স্থিতিশক্তি + গতিশক্তি
⇒ যান্ত্রিক শক্তি = mgh + ½ mv2
8. শক্তিৰ সংৰক্ষণ সুত্রটো লিখা।
উত্তৰঃ শক্তিৰ সংৰক্ষণ সূত্ৰটো হ’ল- শক্তিক কেৱল এটা প্ৰকাৰৰ পৰা আন এটালৈ ৰূপান্তৰহে কৰিব পাৰি; ইয়াৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। ৰূপান্তৰৰ আগত আৰু পিছত মুঠশক্তি একে থাকে।
9. শক্তিৰ বাণিজ্যিক একক কি?
উত্তৰঃ কিল’ৱাট ঘন্টা (KWh) |
10. 1KWh কাক বোলে ?
উত্তৰঃ কোনো এটা যন্ত্রই 1 ঘন্টাত ব্যয় কৰা শক্তিক 1KWh বুলি কোৱা হয়।
12. 1KWh ক জুলত প্রকাশ কৰা ।
উত্তৰঃ 1KWh = 1 KW x 1 h
= 1000 W x 60 x 60 s
= 3600000 Ws
= 36 x 105 J
= 36/10 x 105 x10 J
= 3.6 x 106 J
13. 1 ইউনিট মানে কি?
উত্তৰঃ 1 ইউনিট মানে 1 কিল’ৱাট ঘন্টা।
0 Comments