অধ্যায়ঃ13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

(MAGNETIC EFFECTS OF ELECTRIC CURRENT)

প্রশ্নাৱলীঃ

Page No. 224

1. দণ্ড চুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয় ?

উত্তৰঃ দিগদর্শন যন্ত্র নিচেই চুম্বক হোৱাৰ বাবে যেতিয়া দণ্ড চুম্বকৰ কাষলৈ অনা হয় তেতিয়া দিগদর্শন যন্ত্ৰৰ চুম্বক ক্ষেত্র আৰু দণ্ড চুম্বক ক্ষেত্র দুটাৰ মাজত পৰস্পৰ ক্রিয়া কৰে । সেই কাৰণে দণ্ড চুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্রৰ কাটা ডাল বিক্ষেপিত হয়।

2. এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকন কৰা।

উত্তৰঃ

 

3. চৌম্বক বলৰেখাৰ ধর্মসমূহ তালিকাভুক্ত কৰা ।

উত্তৰঃ চৌম্বক বলৰেখাৰ ধর্মসমূহ তলত দিয়া হল –

(i) চৌম্বক বলৰেখা বিলাক উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়।

(ii)  যিকোনো দুডাল চৌম্বকবল ৰেখাই কেতিয়াও কটাকটি নকৰে।

(iii) চুম্বকৰ অন্তঃভাগত চৌম্বক বল ৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায়।

(iii) চৌম্বক বল ৰেখাবোৰৰ ঘনত্ব মেৰুত বেছি  অৰ্থাৎ মেৰুত চৌম্বক ক্ষেত্রৰ প্রাৱল্য বেছি।

3. দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে ?

উত্তৰঃ চৌম্বক বলৰেখাই বিলাক সদায় উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ যায়। যদি দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটাকৰি কৰে তেন্তে কটাকটি কৰা বিন্দুত চৌম্বক ক্ষেত্রটোৰ দিশ পৰিবর্তন হ’ব। অর্থাৎ একেটা বিন্দুত এটা চুম্বকৰ দুটা বেলেগ বেলেগ দিশ সূচাব,যিটো অসম্ভৱ। সেইকাৰণে দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটাকটি কৰিব নোৱাৰে।

প্রশ্নাৱলীঃ

Page No. 229

1. এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক, ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্রয়োগ কৰা।

উত্তৰঃ

2. এটা প্ৰদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকন কৰা।

উত্তৰঃ

3. শুদ্ধ উত্তৰ বাছি উলিওৱা ।
প্রবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র 
(a) শূন্য
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায় ৷
(c) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়।
(d) সকলো বিন্দুতে একে থাকে।

উত্তৰঃ (d) সকলো বিন্দুতে একে থাকে।

প্রশ্নাৱলীঃ

Page No. 231

1. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)
(a) ভৰ                      (b) দ্রুতি
(c) বেগ                     (d) ভৰবেগ

উত্তৰঃ

2. কার্যকলাপ 13.7 ত AB দণ্ডৰ সৰন কেনেদৰে প্রভাবিত হ’ব যদি (i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয় ?

উত্তৰঃ

3. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চুম্বক ক্ষেত্ৰৰ দিশ হ’ব – 
(a) দক্ষিণমুৱা                      (b) পূৱমুৱা
(c) নিম্নমুখী                         (d) উর্দ্ধমুখী

উত্তৰঃ

প্রশ্নাৱলীঃ

Page No. 233

1. ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো কি ?

উত্তৰঃ ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো হ’ল – যদি বাওঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া হয় যাতে তর্জনী আঙুলিয়ে চৌম্বক ক্ষেত্রৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্রবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্রিয়াশীল বলৰ দিশ সুচাব।

2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি ?

উত্তৰঃ বৈদ্যুতিক মটৰ হৈছে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আবৰ্ত সঁজুলি। ইয়াৰ মূলনীতিটো হ’ল বৈদ্যুতিক মটৰ ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটোৰ ওপৰত ভিত্তি কৰি কাৰ্য কৰে । যেতিয়া এটা আয়তীয় কুণ্ডলী চৌম্বক ক্ষেত্র এটাত স্থাপন কৰা হয় আৰু কুণ্ডলীটোৰ মাজেৰে প্রবাহ চালিত কৰা হয় তেন্তে ইয়াৰ বিক্ষেপন ঘটে আৰু বিক্ষেপনটো মটৰটোৰ ফলা আঙুঠিটোৱে দিক পৰিবর্তক হিচাপে কাম কৰে কাৰণে এটা সম্পূর্ণ ঘূর্ণনত পৰিৱর্তিত হয়।

3. বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি ?

উত্তৰঃ বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে দিক পৰিৱর্তক হিচাপে কাম কৰে। কুন্তলীটোৱে প্রতি আধাপাক ঘূৰ্ণনৰ পিছত ফলা আঙুলিটোৱে কুণ্ডলীটোৰ মাজেৰে চালিত হৈ থকা প্রবাহৰ দিশ বিপৰীত মুখী কৰে । তাৰ ফলশ্ৰুতিত কুণ্ডলীটো একে দিশত অবিৰতভাৱে ঘূৰি থাকে ।

প্রশ্নাৱলীঃ

Page No. 233

1. কুণ্ডলীত প্রবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা।

উত্তৰঃ কুণ্ডলীত প্রবাহ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ তলত ব্যাখা কৰা হ’ল –

(i) যদি এটা কুণ্ডলীৰ ফালে চৌম্বক ক্ষেত্ৰৰ পৰিবর্তন ঘটোৱা হয় তেন্তে কুণ্ডলীটোত আৱিষ্ট প্রবাহৰ সৃষ্টি হয়।

এডাল দণ্ড চুম্বক  লৈ কুণ্ডলীৰ ওচৰলৈ নিয়া হয় বা কুণ্ডলীটোৰ পৰা আতঁৰত লৈ যোৱা হয় তেন্তে কুণ্ডলীটোত আৱিষ্ট প্ৰবাহৰ হয়।

(ii) দুটা পৃথক কুণ্ডলীক এডাল অপৰিবাহী চুঙা আকৃতিৰ দণ্ডৰ ওপৰেদি সোমোৱাই লৈ যদি এটা কুণ্ডলীত প্রবাহৰ পৰিবর্তন কৰা হয় তেন্তে আনটো কুণ্ডলীত আৱিষ্ট প্রবাহৰ সৃষ্টি হয়।

(iii) যদি এটা কুণ্ডলী চুম্বক ক্ষেত্র এটাত অগাপিছা কৰা হয় তেন্তে কুণ্ডলীটোত আৱিষ্ট প্রবাহ চালিত হব।

প্রশ্নাৱলীঃ

Page No. 233

1. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা ।

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ হৈছে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আবৰ্ত সঁজুলি। ইয়াৰ মূল নীতি হ’ল – বৈদ্যুতিক জেনেৰেটৰ বিদ্যুত চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাম সম্পাদন কৰে যিয়ে ফ্লেমিঙৰ সোঁহতীয়া নীতি মানি চলে । যেতিয়া চুম্বক ক্ষেএৰ ভিতৰত এটা কুণ্ডলী গতিশীল কৰি দিয়া হয়।তেতিয়া কুণ্ডলীটোত আৱিষ্ট বৈদ্যুতিক প্রবাহ চালিত হয় আৰু এইদৰে বৈদ্যুতিক জেনেৰেটৰে বৈদ্যুতিক প্রবাহ সৃষ্টি কৰে ।

2. প্রত্যক্ষ প্রবাহৰ উৎস কেইটামানৰ নাম লিখা ।

উত্তৰঃ প্রত্যক্ষ প্রবাহৰ উৎস কেইটামানৰ নাম হ’ল – (i) বেটাৰী আৰু (ii) DC জেনেৰেটৰ ।

3. পৰিৱর্তী প্রবাহ কোনবিলাক উৎসই উৎপাদন কৰে ।

উত্তৰঃ  AC জেনেৰেটৰ ।

4. শুদ্ধটো বাছি উলিওৱা ।
তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্র এখনত ঘূৰোৱা হৈছে । আবিষ্ট প্রবাহৰ দিশ প্রতি –

(a) দুপাকত সলনি হ’ব           (b) এপাকত সলনি হ’ব । 

(c) আধা পাকত সলনি হ’ব  (d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হব।

উত্তৰঃ (c) আধা পাকত সলনি হ’ব । 

প্রশ্নাৱলীঃ

Page No. 238

1. বৈদ্যুতিক বর্তনী আৰু সজুঁলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক বর্তনী আৰু সজুঁলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম হল –

(i) বৈদ্যুতিক ফিউজ আৰু (ii) ভূমি তাঁৰ ।

2. এটা বৈদ্যুতিক ওভেনৰ ক্ষমতা 2 KW আৰু ইয়াক 5 A প্রবাহ ক্ষমতাৰ ঘৰুৱা বর্তনী এটাৰ (220V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা ? আলোচনা কৰা।

উত্তৰঃ Given,
P = 2KW

= 2×103 W

V = 220 V
I = 5 A
We know that,

P = VI

=˃ I = P/V

=˃ I =2×103 /220

=˃ I = 100/11

=˃ I = = 9.1 A (প্রায়)

ওভেনটোৰ মাজেৰে 9.1 A প্রবাহ চালিত হৈছে কিন্তু ঘৰুৱা বৰ্তনীটোৰ প্রবাহ ক্ষমতা 5 A ।গতিকে বর্তনীটো অগ্নিসংযোগ হব পাৰে ।

3. ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা ?

উত্তৰঃ ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া সাৱধানতা অৱলম্বন কৰিব লাগিব –

(i) একোটা সজ্জাত অত্যাধিক বৈদ্যুতিক সঁজুলি সংযোগৰ পৰা বিৰত থাকিব লাগিব।

(ii) ফিউজ তাঁৰ ব্যৱহাৰ কৰি সঁজুলিবোৰ আৰু বৰ্তনীটোক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰে।

অনুশীলনীঃ

Page No.240

1. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে ?
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত ।
(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।
(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত ।

উত্তৰঃ (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত ।

2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে
(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া।
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া।

উত্তৰঃ (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া।

3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক
(a) জেনেৰেটৰ বোলা হয় ।
(b) গেলভেন’মিটাৰ বোলা হয় ।
(c) এমিটাৰ বোলা হয়
(d) মটৰ বোলা হয় ৷

উত্তৰঃ (a) জেনেৰেটৰ বোলা হয় ।

4. পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে
(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে ।
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।
(c) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।
(d) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্ৰত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবৰ্ত্তক
থাকে।

উত্তৰঃ (d) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্ৰত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবৰ্ত্তক
থাকে।

5. হ্রস্ববর্তনী (Short Circuit) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্ৰবাহ
(a) বুজন পৰিমানে কমি যায়
(b) সলনি নহয় ।
(c) বুজন পৰিমাণে বৃদ্ধি পায় ৷
(d) অবিৰতভাৱে সলনি হয়।

উত্তৰঃ (c) বুজন পৰিমাণে বৃদ্ধি পায় ৷

6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা
(a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে ৷

উত্তৰঃ ভুল

(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে ।

উত্তৰঃ শুদ্ধ

(c)এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব ।

উত্তৰঃ শুদ্ধ

(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে ৷

উত্তৰঃ ভুল

7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা ।

উত্তৰঃ চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি হ’ল –

(i) এটা স্থায়ী চুম্বক (দণ্ড চুম্বক, অশ্বখুৰা চুম্বক) ৰ দ্বাৰা চৌম্বক ক্ষেত্র উৎপন্ন কৰিব পাৰি।

(ii) কোনো পৰিবাহীত প্রবাহ চালিত কৰি চৌম্বক ক্ষেত্র উৎপন্ন কৰিব পাৰি।

(iii) যদি চলেনইডৰ মাজেৰে প্ৰবাহ চালিত কৰে তেন্তে চৌম্বক ক্ষেত্র উৎপন্ন কৰিব পাৰি।

৪. চলেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে ? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পাৰিবানে ? ব্যাখ্যা কৰা।

উত্তৰঃ যেতিয়া চলেনইডৰ মাজেৰে প্রবাহ চালিত কৰা হয় তেতিয়া চলেনইডে চুম্বকৰ দৰে আচৰণ কৰে।

এডাল দণ্ড চুম্বকৰ সহায়ত আমি প্রবাহযুক্ত চলেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰি । দত্ত চুম্বক ডালৰ উত্তৰ মেৰু প্রবাহযুক্ত চলেনইডৰ এটা মূৰত আনিলে যদি বিকর্ষণ ঘটে তেন্তে চলেনইডৰ মূৰটো উত্তৰ মেৰু হব আৰু আনটো মূৰ দক্ষিণ মেৰু হব ।

9. চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্ব্বোচ্চ হয় ?

উত্তৰঃ যেতিয়া চৌম্বক ক্ষেত্র আৰু প্ৰবাহৰ দিশ পৰস্পৰ লম্ব হয় তেতিয়া চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল সর্ব্বোচ্চ হয়।

10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা। ইলেকট্ৰনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে ৷ চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব ?

উত্তৰঃ চৌম্বক ক্ষেত্রৰ দিশ তলফালে হব ।

11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি ?

উত্তৰঃ 

 

গঠনঃ বৈদ্যুতিক মটৰ ABCD তাঁমৰ অন্তৰিত তাঁমৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী ABCD ৰে গঠিত । চৌম্বক ক্ষেত্ৰৰ দুটা মেৰুৰ মাজত কুণ্ডলীটো এনেদৰে ৰখা হয় যাতে ইয়াৰ AB আৰু CD বাহু চৌম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হয়। এটা ফলা আঙঠিৰ দুটা অৰ্ধাংশ P আৰু Q ৰ লগত কুণ্ডলীটোৰ প্রান্ত দুটা সংযোগ কৰা হয়। এই অৰ্ধাংশ দুটাৰ ভিতৰভাগ অন্তৰিত কৰি ৰখা হয় আৰু অক্ষদণ্ডৰ (axle) লগত সংলগ্ন কৰা হয় । P আৰু Q বৰ্হিভাগৰ পৰিবাহী ফাল দুটাই লৰচৰ কৰিব নোৱাৰা ব্ৰাচ X আৰু Y ৰ লগত চিত্ৰত দেখুৱাৰ দৰে স্পৰ্শ কৰি থাকে।

কাৰ্য নীতিঃ  যদি ABCD কুণ্ডলীৰ প্রবাহ উৎস বেটাৰীৰ পৰা X পৰিবাহী ব্রাচেৰে সোমায় আৰু Y ব্ৰাচেৰে বেটাৰীলৈ উভতি যায়। কুণ্ডলীটোৰ AB বাহুত প্রবাহ A ৰ পৰা B লৈ আৰু CD বাহুত C ৰ পৰা D লৈ চালিত হয় । যেতিয়া AB বাহুত প্রবাহ চালিত কৰা হয় তেতিয়া AB বাহুত ক্রিয়া কৰা বলে ইয়াক তললৈ ঠেলিব আৰু CD বাহুত ক্রিয়া কৰা বলে ইয়াক ওপৰলৈ ঠেলিব।গতিকে কুণ্ডলীটো আৰু অক্ষৰ সাপেক্ষে মুকলিকৈ ঘূৰিব পৰা O অক্ষদণ্ডডাল ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিব । আধা পাক ঘূৰাৰ পিছত Q য়ে X ব্রাচক স্পৰ্শ কৰিব আৰু P য়ে Y ব্রাচক স্পর্শ কৰিব । ফলত কুণ্ডলীটোত প্রবাহ বিপৰীত মুখী হৈ DCBA পথেৰে প্রবাহিত হব। বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে দিগ পৰিবৰ্তক হিচাপে কাম কৰে। প্রবাহ বিপৰীতমুখী হোৱাৰ লগে লগে AB আৰু CD বাহু দুটাত প্রয়োগ হোৱা বলৰ দিশো বিপৰীত মুখী হয়। গতিকে আগতে তললৈ ঠেলা খোৱা AB বাহুৱে এইবাৰ ওপৰলৈ ঠেলা খাব আৰু আগতে ওপৰলৈ ঠেলা খোৱা CD বাহুয়ে এইবাৰ তললৈ ঠেলা খাব। এতেকে কুওলী আৰু অক্ষদণ্ডই আৰু আধা পাক একে দিশতে ঘূৰিব। প্রতি আধা পাক ঘূর্ণনত প্রবাহৰ দিশ বাৰে বাৰে বিপৰীত মুখী হৈ থাকিব আৰু তাৰ ফলশ্রুতিত কুণ্ডলী অক্ষদণ্ড একে দিশত অবিৰতভাবে ঘূৰি থাকিব ।

বৈদ্যুতিক মটৰত ফলা আঙুটিটোৱে দিক পৰিবর্তক হিচাপে কাম কৰে । কুণ্ডলাটোৱে প্রতি আধাপাক ঘূৰ্ণনৰ পিছত ফলা আঙুলিটোৱে কুণ্ডলীৰ মাজৰে চালিত হৈ থকা প্রবাহৰ দিশ বিপৰীত মুখী কৰে। তাৰ ফলশ্ৰুতিত কুণ্ডলীটা একে দিশত অবিৰতভাৱে ঘূৰি থাকে ।

12. বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলীৰ নাম লিখা।

উত্তৰঃ কাপোৰ ধোৱাযন্ত্র, বৈদ্যুতিক ফেন ।

13. অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন’মিটাৰৰ এটাৰ লগত সংযোগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক (i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে (ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে (iii) কুণ্ডলীৰ অন্তভাগতস্থিতিশীত অৱস্থাত ৰাখিলে কি হ’ব ?

উত্তৰঃ (i) যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰত ঠেলি দিওঁ তেন্তে তেন্তে গেলভেনমিটাৰৰ কাটাডাল ক্ষন্তেক সময়ৰ বাবে এটা দিশত বিক্ষেপন হব ।

(ii) যদি কুণ্ডলীক ভিতৰৰ পৰা আঁতৰাই আনো তেন্তে গেলভেনমিটাৰৰ কাটাডাল ওলোটা দিশত বিক্ষেপন ঘটিব।

(iii) যদি কুণ্ডলীৰ অন্তভাত স্থিতিশীল অৱস্থাত ৰখা হয় তেন্তে গেলভেনমিটাৰৰ কাটা ডাল বিক্ষেপন নঘটিব ।

14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবৰ্তন হ’লে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ’বনে ? কাৰণ দৰ্শোৱা।

উত্তৰঃ A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত আৱিষ্ট প্রবাহ চালিত হ’ব।

কাৰণঃ যেতিয়া দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰাখি A কুণ্ডলীত প্রবাহ পৰিবর্তন কৰা হয় তেতিয়া ইয়াৰ চাৰিওফালৰ চুম্বক ক্ষেত্রৰ পৰিবর্তন ঘটিব। ইয়াৰ ফলত B কুণ্ডলীৰ চাৰিওফালৰ চুম্বকীয় ক্ষেত্রৰ পৰিবর্তন ঘটিব। এই কাৰণে A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আবিষ্ট হ’ব।

15. (i) প্রবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ, (ii) চৌম্বক ক্ষেত্ৰ এখনৰ লম্বভাবে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু (iii) চৌম্বক ক্ষেত্ৰ এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা ।

উত্তৰঃ (i) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি ।

(ii) ফ্লেমিঙৰ বাওঁহতীয়া নীতি।

(iii) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক মটৰৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা। ইয়াত ব্ৰাচদুডালৰ কাম কি ?

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ এটা ঘূর্ণীয়মান আয়তাকাৰ কুণ্ডলী ABCD যাক এডাল স্থায়ী চুম্বকৰ মেৰু দুটাৰ মাজত ৰখা হয়। এই কুণ্ডলীৰ দুয়োটা মূৰ R1 আৰু  R2 আঙুঠি দুটাৰ লগত সংযোগ কৰা হয়৷ আঙুঠি দুটাৰ ভিতৰভাগ অন্তৰিত কৰি ৰখা হয়। দুডাল স্থিতিশীল পৰিবাহী ব্রাচ B1 আৰু B2 ক যথাক্রমে R1 আৰু  R2 ৰ লগত পৃথকে হেঁচা দি ধৰা হয় । R1 আৰু  R2 আঙুটি দুটা ভিতৰেৰে অক্ষদণ্ডৰ লগত সংলগ্ন কৰা থাকে । চৌম্বক ক্ষেত্রত কুণ্ডলী ঘূৰাবলৈ অক্ষদণ্ডডাল বাহিৰৰ পৰা যান্ত্রিকভাৱে ঘূৰোৱা হয় । ব্ৰাচ দুডালৰ বাহিৰৰ মূৰ দুটা গেলভেনমিটাৰৰ লগত সংযোগ কৰা হয় ।

 

 

কার্য প্রণালীঃ বৈদ্যুতিক জেনেৰেটৰৰ যদি ABCD কুণ্ডলীক যান্ত্রিকভাৱে ঘড়ীৰ কটাৰ দিশত ঘূৰোৱা হয় তেন্তে স্থায়ী চুম্বকৰ চৌম্বক ক্ষেত্রত AB বাহুতো উপৰলৈ আৰু CD বাহু তললৈ যাব। ফ্লেমিঙৰ সোহঁতীয়া নিয়ম অনুসৰি বাহুবোৰত AB আৰু CD ৰ দিশত প্রবাহ আৱিষ্ট হব। গতিকে ABCD ৰ দিশত চালিত হ’ব আৰু বহিঃবর্তনীৰ প্রবাহ B2 ৰ পৰা ABCD ৰ দিশত চালিত হ’ব আৰু বহিঃবর্তনীৰ
প্রবাহ B2 ৰ পৰা B1 লৈ যাব ।

আধা পাক ঘূৰাৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাবলৈ আৰম্ভ কৰিব। ফলত বাহু দুটাত আৱিষ্ট প্রবাহৰ দিশ সলনি হৈ মুঠ আৱিষ্ট প্রবাহ DCBA ৰ দিশত চালিত হ’ব আৰু বহিঃবর্তনীত প্রবাহ B1 ৰ পৰা B2 লৈ যাব। গতিকে প্রতি আধা পাক ঘূৰ্ণনত বাহুৰ প্রবাহৰ ধ্ৰুৱতা সলনি হব। এনেকুৱাকৈ পৰিৱর্তীপ্রবাহৰ (AC) সৃষ্টি হ’ব । এটা ফলা আঙুঠিৰ দৰে দিক পৰিবর্তক ব্যৱহাৰ কৰি পৰিৱর্তী প্রবাহক (AC) প্রত্যক্ষ প্রবাহ (DC)লৈ ৰূপান্তৰ কৰিব পাৰি।

7. এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয় ?

উত্তৰঃ কোনো এটা বৰ্তনীত যেতিয়া ধনাত্মক আৰু ঋনাত্মক তাঁৰৰ অবাঞ্চিত সংযোগ ঘটে তেতিয়া বর্তনীটোত
এটা বৈদ্যুতিক হ্রস্ববর্তনী সংঘটিত হয় ।

18. ভূমি সংলগ্ন তাঁৰৰ কাম কি ? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কিয় ?

উত্তৰঃ ভূমি সংলগ্ন তাঁৰে বৈদ্যুতিক প্রবাহৰ যিকোনো নিঃসৰণ ভূমিলৈ প্ৰেৰণ কৰি আমাক বা ব্যৱহাৰকাৰী এজনক ডাঙৰ বৈদ্যুতিক আঘাতৰ পৰা ৰক্ষা কৰে

ধাতুৰ সজুঁলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কাৰণ যিকোনো এটা বৈদ্যুতিক সঁজুলিৰ ধাতুৰ শৰীৰলৈ প্রবাহ নিঃসৰণ ঘটিলে ভূমি সংলগ্ন তাঁৰে নিঃসৰিত প্রবাহ ভূমিলৈ প্রেৰণ কৰি বৈদ্যুতিক আঘাটৰ পৰা আমাক বা ব্যৱহাৰকাৰী এজনক সুৰক্ষা প্রদান কৰে।

অতিৰিক্ত প্রশ্নোত্তৰঃ

1. চুম্বক ক্ষেত্র কি ?

উত্তৰঃ চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকডালৰ বল অনুভৱ কৰিব পাৰি সেই অঞ্চলটোক চুম্বকক্ষেত্র বুলি কোৱা হয়।

2. চুম্বক বল ৰেখা কি ?

উত্তৰঃ যি বিলাক ৰেখাৰে এডাল চুম্বকৰ ক্ষেত্র নির্দেশ কৰা হয় তেনে ৰেখাবিলাকক চুম্বক বল ৰেখা বুলি কোৱা হয় ।

3. চৌম্বক ক্ষেত্রত সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিটো কি ?

উত্তৰঃ চৌম্বক ক্ষেত্রত সোঁহাতৰ বুঢ়া আঙুলিৰ পৰা নীতিটো হ’ল – যদি প্রবাহ যুক্ত পোন পৰিবাহী এডাল সোঁহাতেৰে ধৰো তেন্তে যদি বুঢ়া আঙুলিটোৱে প্রবাহটোৰ দিশ সূচায় তেনে অৱস্থাত বাকী আঙুলি কেইটাই চৌম্বক ক্ষেত্রৰ বল ৰেখাৰ দিশত পৰিবাহীডাল মেৰিয়াই ৰাখিব।

4. চলেনইড কি ?   

উত্তৰঃ চুঙা এটা আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক চলেনইড বোলে।

এটা প্রবাহযুক্ত চলেনইডৰ এটা মূৰে চৌম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে আৰু ইয়াৰ ভিতৰত সকলো বিন্দুত চৌম্বক ক্ষেত্র একেই অর্থাৎ সুষম ।

5. বিদ্যুৎ চুম্বকীয় আৱেশ কি ?

উত্তৰঃ এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্রৰ পৰিবর্তনে আন এডাল পৰিবাহীত প্রবাহ আবিষ্ট কৰা প্রক্রিয়াটোক বিদ্যুৎ চুম্বকীয় আৱেশ বুলি কোৱা হয়।

6. ফ্লেমিঙৰ সোঁহতীয়া নিয়মটো কি ?

উত্তৰঃ যদি সোঁহাতৰ বুঢ়া আঙুলি, তর্জনি আঙুলি আৰু মধ্যমা আঙুলি কেইটা পৰস্পৰ লম্বভাৱে মেলি দিয়া হয় যাতে তৰ্জনি আঙুলিটোৱে চৌম্বক ক্ষেত্রৰ দিশ আৰু বুঢ়া আঙুলিটাৱে পৰিবাহী ডালৰ গতিৰ দিশ সূচায় তেন্তে মধ্যমা আঙুলিটোৱে আৱিষ্ট বিদ্যুৎ প্রবাহৰ দিশ সূচাব।

7. AC আৰু DC জেনেৰেটৰ কি ?

উত্তৰঃ AC জেনেৰেটৰঃ যি সঁজুলিয়ে এক নির্দিষ্ট সময়ৰ ব্যৱধানত প্রবাহৰ দিশ সলনি কৰে অর্থাৎ পৰিৱর্তী প্রবাহৰ (AC) সৃষ্টি কৰে তাকে AC জেনেৰেটৰ বুলি কোৱা হয়।

DC জেনেৰেটৰঃ যি সঁজুলিয়ে সময়ৰ লগত নিজৰ দিশ সলনি নোহোৱাকৈ প্রবাহ অর্থাৎ এক মুখী প্রবাহৰ (DC) সৃষ্টি কৰে। এই সঁজুলিটোকে D জেনেৰেটৰ বুলি কোৱা হয়।

8. বৈদ্যুতিক জেনেৰেটৰৰ ব্ৰাচ দুডালৰ কাম কি ?

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰৰ আয়তীয় কুণ্ডলীৰ চালীত আৱিষ্ট প্রবাহ ইয়াৰ ব্ৰাচ দুডালৰ জৰিয়তে বহিঃবর্তনীত পঢ়িয়াই দিয়ে।

9. সজীৱ বা ধনাত্মক তাঁৰ, উদাসীন বা ঋনাত্মক তাঁৰ আৰু ভূমি তাঁৰ কাক বোলে ?

উত্তৰঃ সজীৱ বা ধনাত্মক তাঁৰঃ বিদ্যুৎ যোগানৰ যি ডাল তাঁৰৰ অন্তৰকৰ ৰং ৰঙা তাকে সজীৱ বা ধনাত্মক  তাঁৰ  বুলি কোৱা হয়।

উদাসীন বা ঋনাত্মক তাঁৰঃ বিদ্যুৎ যোগানৰ যি ডাল তাঁৰৰ অন্তৰকৰ ৰং কলা তাকে উদাসীন বা ঋনাত্মক তাঁৰ বুলি কোৱা হয় ।

ভূমি তাঁৰঃ বিদ্যুৎ যোগানৰ যি ডাল তাঁৰৰ অন্তৰকৰ ৰং সেউজীয়া তাকে ভূমি তাঁৰ বোলে । ইয়াক ধাতুৰ পাত এখনৰ লগত সংযোগ কৰি মাটিৰ বহু তলত পুতি দিয়া হয়।

10. হ্ৰস্ববর্তনী কি ?

উত্তৰঃ কোনো এটা বৈদ্যুতিক বর্তনীৰ যেতিয়া ধনাত্মক (সজীৱ) আৰু ঋণাত্মক (উদাসিন) তাঁৰৰ অবাঞ্চিত সংযোগ ঘটে, তেতিয়া ৰোধ হঠাতে কমি যায় আৰু বর্তনীৰ প্রবাহ বহু পৰিমাণে বাঢ়ি যায়। ফলত বর্তনীটোৰ তাঁৰডাল অত্যাধিক তাপ উৎপন্ন হয়’ যিটো অগ্নিকলাৰ ৰূপত উৎপন্ন হয়। ইয়াকে হ্ৰস্ববর্তনী বুলি কোৱা হয়।

11. ফিউজ তাঁৰ কি আৰু ইয়াৰ কাম কি ?

উত্তৰঃ ফিউজ তাঁৰ হৈছে এবিধ অতি প্রয়োজনীয় সুৰক্ষা সঁজুলি ।

ইয়াৰ কাম হ’ল – ই বর্তনীক হ্ৰস্ববর্তনী হোৱাৰ পৰা বা অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰে।

12. যদি কোনো এটা পৰিবাহীৰ মাজেৰে প্রবাহ চালিত কৰা হয় আৰু এটা দিগদর্শন যন্ত্র পৰিবাহীডালৰ ওপৰত সমান্তৰালকৈ স্থাপন কৰা হয় তেন্তে (a) যদি প্রবাহ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ চালিত হয় (b) যদি প্রবাহ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ চালিত কৰা হয় তেন্তে দিগৰ্শন যন্ত্রৰ কাটাডাল কোনফালে বিক্ষেপন হব ?

উত্তৰঃ (a) যদি প্রবাহ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ চালিত হয় তেন্তে দিগৰ্শন যন্ত্ৰৰ কাটাডাল পূবলৈ ঘূৰিব ।

(b) যদি প্রবাহ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ চালিত কৰা হয় তেন্তে দিগদর্শন যন্ত্ৰৰ কাটাডাল পশ্চিমলৈ ঘূৰিব।


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *