শক্তিৰ উৎসসমূহ
(SOURCES OF ENERGY)
প্ৰশ্নাৱলীঃ
Page No. 243
প্রশ্ন 1. শক্তিৰ ভাল উৎস কি ?
উত্তৰঃ শক্তিৰ ভাল উৎস সেইটোৱেই হ’ব –
(i) যিটোৱে প্রতি একক আয়তন অথবা ভৰৰ বিনিময়ত সৰহ পৰিমাণ কাৰ্য কৰে।
(ii) যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য।
(iii) যিটো সহজে উপলব্ধ।
(iv) যিটো মিতব্যয়ী।
প্রশ্ন 2. ভাল ইন্ধন কি ?
উত্তৰঃ এটা ইন্ধনক ভাল বুলি কোৱা হয় যেতিয়া –
(i) ই জ্বলাওতে প্ৰচুৰ পৰিমাণ তাপ উৎপন্ন কৰিব লাগে।
(ii) ই জ্বলাওতে বেছিকৈ ধোঁৱা উৎপন্ন কৰিব নালাগিব।
(iii) ই সহজে উপলব্ধ হ’ব লাগিব।
(iv) ই জ্বলোৱাৰ পিছত কোনো অবাঞ্চিত দ্রব্য এৰিব নালাগিব।
প্রশ্ন 3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয় ?
উত্তৰঃ যদি আমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম তেন্তে আমি LPG ব্যৱহাৰ কৰিম কিয়নো –
(i) ইয়াৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয়।
(ii) ইয়াৰ দহনৰ ফলত কোনো ধোঁৱা উৎপন্ন নহয়।
(iii) ই সহজে পোৱা যায়।
(iv) ই সস্তিয়া আৰু দহনৰ ফলত কোনো অৱশিষ্ট নেৰে।
প্ৰশ্নাৱলীঃ
Page No. 248
প্রশ্ন 1. জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ?
উত্তৰঃ জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ তলত দিয়া হ’ল –
(i) জীৱাশ্মজাত ইন্ধনবোৰ অনৱীকৰণযোগ্য।
(ii) এই ইন্ধনবোৰ দহনৰ ফলত উৎপন্ন হোৱা কার্বন, নাইট্ৰজেন আৰু ছালফাৰৰ আম্লিক অক্সাইডবোৰে আম্লিক বৃষ্টিৰ সৃষ্টি কৰি জল আৰু স্থল সম্পদ সমূহৰ ক্ষতি হয়।
(ii) এই ইন্ধনবোৰৰ দহনৰ ফলত বাৰু প্ৰদূষিত হয়।
(iv) ইয়াৰ উপৰিও এই ইন্ধনবোৰৰ দহনৰ ফলত উৎপন্ন হোৱা কার্বন-ডাই-অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধি কৰে।
প্রশ্ন 2. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয় ?
উত্তৰঃ জনসংখ্যা বৃদ্ধি আৰু উদ্যোগীকৰণ সম্প্ৰসাৰণে সমগ্ৰ বিশ্বতে শক্তিৰ চাহিদা তীব্ৰ হাৰত বৃদ্ধি পাব ধৰিছে। শক্তিৰ এই বৃদ্ধিৰ চাহিদাৰ অধিক অংশ জীৱাশ্মজাত ইন্ধনে পূৰোৱা হৈছে। কিন্তু এই ইন্ধনবোৰ অনৱীকৰণযোগ্য হোৱাৰ বাবে ইয়াৰ ভাঙাৰো অতি শীঘ্ৰে শেষ হ’ব ধৰিছে। ইয়াৰ উপৰিও এই ইন্ধনবোৰৰ দহনৰ ফলত বায়ু প্ৰদূষণ আৰু গোলকীয় উষ্ণতাৰ বৃদ্ধি আদিৰ দৰে নানান সমস্যা সৃষ্টি কৰিছে। সেইকাৰণে আমি শক্তিৰ বিকল্প উৎস বিচাৰো যিটো নবীকৰণযোগ্য আৰু প্ৰদূষণ মুক্ত।
প্রশ্ন 3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে ?
উত্তৰঃ পূৰ্বতে বায়ুকলৰ যোগেদি বায়ু শক্তি আহৰণ কৰি পৰম্পৰাগতভাৱে যান্ত্রিক কাৰ্য সম্পাদন কৰাত ব্যৱহাৰ কৰা হৈছিল। উদাহৰণস্বৰূপে পানী তোলা পাম্পত থকা বায়ুকলৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰি কুঁৱাৰ পৰা পানী তোলা হৈছিল। কিন্তু বর্তমান যুগত বায়ুকলত বায়ুশক্তিক বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। বিদ্যুৎ উৎপাদনৰ বাবে বায়ুকলৰ ঘূর্ণন গতি ব্যৱহাৰ কৰি বৈদ্যুতিক জেনেৰেটৰৰ টাৰবাইন ঘূৰোৱা হয়। ফলত বিদ্যুৎ শক্তি উৎপন্ন হয়।
পৰম্পৰাগত জলপ্ৰপাতবোৰক স্থিতিশক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছিল যত অধোগামী পানীৰ স্থিতিশক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হৈছিল। জলপ্ৰপাতৰ সংখ্যা অতি কম হোৱাৰ বাবে নদী বান্ধবোৰক নিৰ্মাণ কৰা হৈছে।বৰ্তমান জলবিদ্যুৎ প্রকল্পত জলবিদ্যুৎ উৎপন্ন কৰিবলৈ নদীত যথেষ্ট উচ্চতাৰ বান্ধ নিৰ্মাণ কৰি পানীৰ প্ৰবাহত বাধা প্ৰদান কৰি জলাশয়ত পানী জমা কৰা হয়। জলস্তৰৰ উচ্চতা বৃদ্ধি হৈ প্রবাহমান পানীৰ গতিশক্তিক স্থিতিশক্তিলৈ ৰূপান্তৰ কৰা হয় আৰু বান্ধৰ ওপৰৰ স্তৰৰ পানী পাইপৰ যোগেদি বান্ধৰ তলত স্থাপন কৰা টাৰবাইনটো চলাই বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়।
প্ৰশ্নাৱলীঃ
Page No. 253
প্রশ্ন 1. কোন ধৰণৰ দাপোণ – অবতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ? কিয় ?
উত্তৰঃ অৱতল দাপোণ সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট।কাৰণ আন দাপোণৰ তুলনাত অৱতল দাপোণ সৌৰ ৰশ্মিক অধিক পৰিমাণে অভিসাৰী কৰি সৌৰ কুকাৰত উচ্চ উষ্ণতালৈ বৃদ্ধি কৰে।
প্রশ্ন 2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি ?
উত্তৰঃ মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিসমূহ হ’ল –
(i) জোৱাৰ ভাতাৰ শক্তি ।
(ii) তৰংগ শক্তি।`
(iii) মহাসামুদ্রিক তাপীয় শক্তি।
এই শক্তিসমূহৰ সীমাৱদ্ধতা সমূহ তলত দিয়া হ’ল –
(i) এই ধৰণৰ শক্তিক কেৱল উপকূলীয় অঞ্চলতহে ব্যৱহাৰ কৰিব পাৰে। ফলত জনবসতিৰ সৰহ ভাগ অংশ এই শক্তিৰ ব্যৱহাৰৰ পৰা বঞ্চিত হ’ব।
(ii) মহাসমূদ্ৰৰ জোৱাৰ ভাতাৰ শক্তিৰ পৰা বিদ্যুৎ শক্তি আহৰণ কৰিবলৈ বান্ধ নিৰ্মাণৰ প্ৰয়োজন হয় কিন্তু এনে বান্ধ নির্মাণ কৰিব পৰা উপযুক্ত স্থান সীমিত।
(iii) সমুদ্ৰৰ তৰংগ শক্তিৰ পৰা বিদ্যুৎ শক্তি আহৰণ কৰিবলৈ প্ৰকাণ্ড তৰংগৰ গতি শক্তি প্রয়োজন যিটো সকলো স্থানত অথবা সকলো সময়ত সম্ভৱপৰ নহয়।
(iv) মহাসামুদ্রিক তাপীয় শক্তিৰ পৰা বিদ্যুৎ শক্তি আহৰণ কৰিবলৈ সমুদ্র পৃষ্ঠ আৰু গভীৰ অঞ্চল সমূহৰ পানীৰ উষ্ণতাৰ পাৰ্থক্য 293K (20°C) বা ততোধিক হ’ব লাগিব।
প্রশ্ন 3. তাপীয় শক্তি কি ?
উত্তৰঃ যি তাপ শক্তি পৃথিৱীৰ আভ্যন্তৰত (ভূ-গৰ্ভত) থকা উষ্ণ অঞ্চলৰ পৰা আহৰণ কৰা হয়। তাকেই তাপীয় শক্তি অথবা ভূ-তাপীয় শক্তি বোলে।
প্রশ্ন 4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি ?
উত্তৰঃ নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ’ল –
(i) অলপ পৰিমাণৰ নিউক্লীয় ইন্ধন ব্যৱহাৰ কৰি বৃহৎপৰিমাণৰ শক্তি উৎপন্ন কৰিব পাৰি।
(ii) নিউক্লীয় ইন্ধন ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ নহয়।
প্ৰশ্নাৱলীঃ
Page No. 253
প্রশ্ন 1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ?
উত্তৰঃ কোনো শক্তিৰ উৎস প্ৰদূষণমুক্ত হ’ব নোৱাৰে। সৌৰ কোষৰ দৰে সঁজুলিৰ কার্য পদ্ধতি প্রদূষণমুক্ত বুলি ধৰা হয় কিন্তু সঁজুলি তৈয়াৰ কৰোঁতে পৰিৱেশৰ কিছু ক্ষতি হয়। ঠিক সেইদৰে নিউক্লীয় শক্তি ব্যৱহাৰৰ ফলত প্ৰদূষণমুক্ত বুলি ধৰা হয়।কিন্তু এই শক্তিৰ উৎপাদনত উৎপন্ন হোৱা নিউক্লীয় আবৰ্জনাৰ ত্রুটিপূর্ণ সংৰক্ষণ আৰু নিষ্কাশনে পৰিৱেশ প্ৰদূষিত কৰে। ইয়াৰ উপৰিও নিউক্লীয় বিকিৰণ নিঃসৰণৰ সম্ভাৱনা থাকে। ফলত পৰিৱেশ প্ৰদূষণৰ তীব্ৰ সংশয় থাকে। সেইকাৰণে শক্তিৰ কোনো এটা উৎস প্ৰদূষণমুক্ত হ’ব নোৱাৰে।
প্রশ্ন 2. ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰ কৰা হয়। তোমালোকে ইয়াক চি.এন.জি. (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰা ?
উত্তৰঃ হাইড্ৰ’জেন চিএনজি তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিব পাৰি। কিয়নো চিএনজিত হাইড্রকার্বন থাকে যত কার্বন প্ৰদূষকৰ ৰূপত থাকে। সেইকাৰণে চিএনজিক জ্বলালে বায়ু প্রদূষণ হয়। আনহাতে, হাইড্ৰ’জেনক জ্বলালে বায়ু প্ৰদূষণ নহয়।
প্ৰশ্নাৱলীঃ
Page No. 254
প্রশ্ন 1. তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা । তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
উত্তৰঃ নবীকৰণযোগ্য শক্তিৰ দুটা উৎসৰ নাম হ’ল – (i) সৌৰ শক্তি (ii) বায়ু শক্তি
পছন্দৰ কাৰণ – এই দুয়োটা শক্তিৰ উৎস নবীকৰণযোগ্য কিয়নো অনুমান অনুসৰি সূৰ্য আজিৰ পৰা পৰবৰ্তী পাঁচশ নিযুত বছৰ বৰ্ত্তি থাকিব আৰু যেতিয়ালৈকে সূর্য থাকিব তেতিয়ালৈবে পৃথিৱীত বায়ু থাকিব। গতিকে সৌৰ শক্তি আৰু বায়ুশক্তি শেষ হৈ যাব বুলি আমি চিন্তিত হোৱাৰ কাৰণ নাই।
প্রশ্ন 2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা।তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
উত্তৰঃ ক্ষয়িষ্ণু শক্তিৰ দুটা উৎসৰ নাম হ’ল –
(i) কয়লা (ii) পেট্রলিয়াম
পছন্দৰ কাৰণ – এই দুয়োটা শক্তিৰ উৎস অনবীকৰণযোগ্য। কিয়নো কয়লা, পেট্ৰলিয়াম আদিৰ দৰে জীৱাশ্মজাত ইন্ধনসমূহ উৎপন্ন হ’বলৈ নিযুত নিযুত বছৰৰ প্রয়োজন আৰু এই ইন্ধনসমূহ বহু নিযুত বছৰৰ আগেয়ে সৃষ্টি হৈছিল আৰু ইহঁতৰ ভাণ্ডাৰো সীমিত। অনুমান অনুসৰি আমি 200 বছৰ মান কয়লা আৰু 40 বছৰ মান পেট্ৰলিয়াম আহৰণ কৰিব পাৰিম। ইয়াৰ উপৰিও শক্তিৰ চাহিদাৰ অধিক অংশ জীৱাশ্মজাত ইন্ধনে পূৰোৱাৰ ফলত ইহঁতৰ ভাণ্ডাৰসমূহ অতি শীঘ্ৰে শেষ হ’ব ধৰিছে।
অনুশীলনী:
Page No.254
প্রশ্ন 1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা –
(a) ৰৌদ্রোজ্বল দিন (b) ডাৱৰীয়া দিন
(c) গৰম দিন (d) বতাহে কোবোৱা দিন।
উত্তৰঃ (b) ডাৱৰীয়া দিন
প্রশ্ন 2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(a) খৰি (b) গোবৰ গেছ
(c) নিউক্লীয় শক্তি (d) কয়লা
উত্তৰঃ (c) নিউক্লীয় শক্তি
প্রশ্ন 3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি (b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি (d) জৈৱ উপাদান
উত্তৰঃ (c) নিউক্লীয় শক্তি
প্রশ্ন 4. শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা।
উত্তৰঃ শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা আৰু সিহঁতৰ পাৰ্থক্য তলত দিয়া হ’ল –
সৌৰশক্তি –
(i) সৌৰশক্তি নবীকৰণযোগ্য শক্তিৰ উৎস।
(ii) ইয়াৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ নহয় ।
(iii) সকলো সময়তে পাব নোৱাৰি।
জীৱাশ্মজাত ইন্ধন –
(i) জীৱাশ্মাজতা ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস।
(ii) ইয়াৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ হয়।
(iii) সকলো সময়তে পাব পাৰি।
প্রশ্ন 5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুৎ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা ।
উত্তৰঃ শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুৎ তুলনা আৰু পাৰ্থক্য তলত দিয়া হ’ল –
জৈৱ উপাদান –
(i) জীৱ ভৰ মৃত গছ-গছনি আৰু প্ৰাণী অৱশিষ্টৰ পৰা আহৰণ কৰা হয় ।
(ii) ইয়াৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ হয়।
(iii) অতি মিতব্যয়ী।
জলবিদ্যুৎ –
(i) জলবিদ্যুৎ এক নির্দিষ্ট উচ্চতাত থকা পানীৰ স্থিতি শক্তিৰ পৰা আহৰণ কৰা হয় ।
(ii) ইয়াৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ নহয় ।
(iii) আপেক্ষিকভাৱে ব্যয়বহুল।
প্রশ্ন 6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাৱদ্ধতা কি কি ?
(a) বতাহ ( b) তৰংগ (c) জোৱাৰ ভাটা
উত্তৰঃ (a) বতাহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাৱদ্ধতা সমূহ হ’ল –
(i) বতাহৰ পৰা বিদ্যুৎ শক্তি আহৰণ কৰিবলৈ বতাহৰ দ্ৰুতি প্রতি ঘণ্টাত 15 কিমি.তকৈ বেছি হ’ব লাগিব যিটো সকলো সময়তে সম্ভৱপৰ নহয় ।
(ii) বতাহৰ পৰা বিদ্যুৎ শক্তি আহৰণ কৰিবলৈ বছৰৰ সৰহ ভাগ সময় বতাহ বলি থকা স্থানতেহে সম্ভৱ।
(b) তৰংগৰ পৰা শক্তি আহৰণ কৰাৰ সীমাৱদ্ধতা সমূহ হ’ল –
(i) এই ধৰণৰ শক্তিক কেৱল উপকূলীয় অঞ্চলতহে ব্যৱহাৰ কৰিব পাৰি। ফলত জনবসতিৰ সৰহভাগ অংশ এই শক্তিৰ ব্যৱহাৰৰ পৰা বঞ্চিত হ’ব।
(ii) সমূদ্ৰৰ তৰংগ শক্তিৰ পৰা বিদ্যুৎ শক্তিৰ আহৰণ কৰিবলৈ প্ৰকাণ্ড তৰংগৰ গতি শক্তি প্রয়োজন। যিটো সকলো স্থানত অথবা সকলো সময়তে সম্ভৱপৰ নহয় ।
(c) জোৱাৰ-ভাতাৰ পৰা শক্তি আহৰণ কৰাৰ সীমাৱদ্ধতা সমূহ হ’ল-
(i) এই ধৰণৰ শক্তিক কেৱল উপকূলীয় অঞ্চলতহে ব্যৱহাৰ কৰিব পাৰি।ফলত জনবসতিৰ সৰহভাগ অংশ এই শক্তিৰ ব্যৱহাৰৰ পৰা বঞ্চিত হব।
(ii) মহাসমূদ্ৰৰ জোৱাৰ ভাতা শক্তিৰ পৰা বিদ্যুৎ শক্তি আহৰণ কৰিবলৈ বান্ধ নিৰ্মাণৰ প্ৰয়োজন হয় কিন্তু এনে বান্ধ নিৰ্মাণ কৰিব পৰা উপযুক্ত স্থান সীমিত।
প্রশ্ন 7. কি আধাৰত শক্তিৰ উৎসসমূহ
(a) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য
(b) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু বুলি শ্ৰেণীভূক্ত কৰিবা ? (a) আৰু (b)ত উল্লেখ কৰা বাছনি (option) একেই নে ?
উত্তৰঃ (a) নবীকৰণযোগ্য শক্তিৰ উৎস – যিবোৰ শক্তিৰ উৎস কেতিয়াও শেষ হৈ নাযাব আৰু পুনৰুদ্ভাৱন সম্ভৱ তেনেবোৰ শক্তিৰ উৎসক নবীকৰণযোগ্য শক্তিৰ উৎস বোলে।
অনবীকৰণযোগ্য শক্তিৰ উৎস – যিবোৰ শক্তিৰ উৎস এটা সময়ত শেষ হৈ যাব আৰু পুনৰুদ্ভাৱন সম্ভৱ নহয় তেনেবোৰ শক্তিক উৎসক অনবীকৰণযোগ্য শক্তিৰ উৎস বোলে।
(b) ক্ষয়িষ্ণু যোৱা শক্তিৰ উৎস – যিবোৰ শক্তিৰ উৎস কেতিয়াও এটা সময়ত শেষ হৈ যাব আৰু পুনৰুদ্ভাৱন সম্ভৱ নহয় তেনেবোৰ শক্তিৰ উৎসক ক্ষয়িষ্ণু যোৱা শক্তিৰ উৎস বোলে।
অক্ষয়িষ্ণু শক্তিৰ উৎস – যিবোৰ শক্তিৰ উৎস কেতিয়াও শেষ হৈ নাযাব আৰু পুনৰুদ্ভাৱন সম্ভৱ তেনেবোৰ শক্তিৰ উৎসক অক্ষয়িষ্ণু শক্তিৰ উৎস বোলে।
(a) আৰু (b)ত উল্লেখ কৰা বাছন একেই কিয়নো নবীকৰণযোগ্য শক্তিৰ উৎসসমূহ নিঃশেষ হৈ নাযায় অৰ্থাৎ অক্ষয়িষ্ণু। আনহাতে অনবীকৰণযোগ্য শক্তিৰ উৎসসমূহ এটা সময়ত নিঃশেষ হৈ যাব অৰ্থাৎ ক্ষয়িষ্ণু।
প্রশ্ন ৪. এটা আদর্শশক্তি উৎসৰ গুণসমূহ কি কি ?
উত্তৰঃ এটা আদর্শশক্তি উৎসৰ গুণসমূহ হ’ল –
(i) ই প্রতি একক আয়তন অথবা ভৰৰ বিনিময়ত সৰহ পৰিমাণ কাৰ্য কৰিব লাগিব ।
(ii) ই সহজে উপলব্ধ হ’ব লাগিব।
(iii) ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য হ’ব লাগিব আৰু
(iv) ই মিতব্যয়ী হ’ব লাগিব।
প্রশ্ন 9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত ?
উত্তৰঃ সৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ তলত দিয়া হ’ল –
(i) সৌৰ চুলা ব্যৱহাৰ কৰোতে কোনো ইন্ধনৰ প্ৰয়োজন নহয়।
(ii) ইয়াৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ নহয়।
(iii) ইয়াৰ কোনো গতিশলী উপাংক্ষ নাথাকে আৰু তত্বাৱধানৰ খৰচ নিচেই কম।
সৌৰ চুলা ব্যৱহাৰৰ অসুবিধাসমূহ তলত দিয়া হ’ল –
(i) সৌৰ চুলা অতি লেহেম।
(ii) সৌৰ চুলা দিনটোৰ এটা নিৰ্দিষ্ট সময়তে উপযোগী আৰু ডাৱৰীয়া বতৰত উপযোগী নহয়।
যিটো স্থানত সূৰ্যৰ ৰশ্মি সীমিত এনে স্থানত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত।
প্রশ্ন 10. পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি ? শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা ?
উত্তৰঃ সমগ্ৰ বিশ্বতে উদ্যোগীকৰণৰ ফলত শক্তিৰ চাহিদা তীব্ৰ হাৰত বৃদ্ধি হৈছে কিন্তু এই বৰ্দ্ধিত চাহিদা কেৱল জীৱাশ্মজাত ইন্ধনেৰেহে পূৰোৱা হৈছে। এই ইন্ধনৰ দহনৰ ফলত বায়ু প্ৰদূষণ হয় আৰু প্ৰচুৰ পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইডৰ উৎপন্ন হয়, যিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰাৰ উপৰিও আম্লিক পৰিও আম্ভিক বৃষ্টিৰ সৃষ্টি কৰে।ফলত পৰিৱেশৰ জল আৰু স্থল সম্পদ সমূহৰ ক্ষতি হয়।
শক্তিৰ ব্যয় হ্ৰাস কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ কেইটামান তলত দিয়া হ’ল –
(i) আমি সৌৰ শক্তিৰ নিচিনা বিকল্প শক্তিৰ উৎস ব্যৱহাৰ কৰিব লাগিব।
(ii) আমি শক্তিৰ অপব্যয় কৰিব নালাগিব।
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন 1. জীৱাশ্মাজাত ইন্ধন কি ?
উত্তৰঃ যিবোৰ ইন্ধন মৃত জীৱৰ অৱশেষৰ পৰা অৰ্থাৎ জীৱাশ্মৰ পৰা আহৰণ কৰা হয়। তেনে ইন্ধনক জীৱাশ্মজাত ইন্ধন বোলে। যেনে – কয়লা, পেট্রলিয়াম আদি।
প্রশ্ন 2. আম্লিক বৃষ্টি কি ?
উত্তৰঃ জীৱাশ্মজাত ইন্ধন যেনে – কয়লা, পেট্ৰলিয়াম আদিৰ দহনৰ ফলত উৎপন্ন হোৱা ছালফাৰ, কাৰ্বন আৰু নাইট্ৰ’জেনৰ অক্সাইডসমূহ বৰষুণৰ পানীৰ লগত মিহলি হৈ এছিডৰ সৃষ্টি হয়। ইয়াকে এছিড বৰষুণ বা আম্লিক বৃষ্টি বুলি কোৱা হয়।
প্রশ্ন 3. সেউজ গৃহ ক্রিয়া কি ?
উত্তৰঃ বায়ুমণ্ডলৰ কিছুমান গেছ যেনে – কার্বন-ডাই-অক্সাইড, মিথেন আদিয়ে পৃথিৱীৰ তাপ ধৰি ৰখাত সহায় কৰে। এই গেছৰ শতকৰা পৰিমাণ দিনক দিনে বাঢ়ি যোৱাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে। এই পৰিঘটনাটোক সেউজগৃহ প্ৰভাৱ বা সেউজগৃহ ক্ৰিয়া বুলি কোৱা হয়।
প্রশ্ন 4. তাপ ভিত্তিক প্রকল্প কি ?
উত্তৰঃ যি শক্তিৰ প্ৰকল্পত ইন্ধন পুৰি পোনতে তাপ শক্তি উৎপন্ন কৰি পিছত ইয়াক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়। এই শক্তি প্ৰকল্পটোক তাপ ভিত্তিক শক্তি প্রকল্প বোলে।
প্রশ্ন 5. জলশক্তি প্রকল্প কি ?
উত্তৰঃ যি শক্তিৰ প্ৰকল্পত অধোগামী পানীৰ স্থিতিশক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। এই শক্তি প্রকল্পটোকে জল শক্তি প্রকল্প বুলি কোৱা হয়।
প্রশ্ন 6. জীৱ ভৰ কি ?
উত্তৰঃ যিবোৰ ইন্ধন উদ্ভিদ আৰু প্ৰাণীৰ পৰা আহৰণ কৰা হয়। এইবোৰক জীৱ ভৰ বোলে।
প্রশ্ন 7. সৌৰশক্তি কি ?
উত্তৰঃ সূৰ্যৰ পৰা তাপ, পোহৰ আদিৰ ৰূপত পোৱা শক্তিক সৌৰ শক্তি বুলি কোৱা হয়।
প্রশ্ন ৪. জোৱাৰ ভাতাৰ শক্তি কি ?
উত্তৰঃ ঘূর্ণীয় মান পৃথিৱীৰ ওপৰত চন্দ্ৰৰ মহাকৰ্ষণিক টানৰ বাবে সাগৰৰ জলস্তৰ উঠা নমা কৰে অৰ্থাৎ সমুদ্র পৃষ্ঠৰ পৰিৱৰ্তন হয়। সমুদ্র পৃষ্ঠৰ এই পার্থক্যই যি শক্তিৰ অৰিহণা যোগায় তেনে শক্তিক জোৱাৰ ভাতাৰ শক্তি বোলে।
প্রশ্ন 9. তৰংগ শক্তি কি ?
উত্তৰঃ সমুদ্ৰত বোৱা প্রবল বতাহে সমুদ্র উপকূলত প্ৰকাণ্ড প্রকাণ্ড তৰংগ সৃষ্টি কৰে ৷ এনে তৰংগৰ গতিয়ে যি শক্তিৰ অৰিহণা যোগায় তেনে শক্তিক তৰংগ শক্তি বুলি কোৱা হয়।
প্রশ্ন 10.মহাসমুদ্রীয় তাপীয় শক্তি কি ?
উত্তৰঃ সাগৰ আৰু মহাসাগৰৰ পৃষ্ঠৰ পানী ভাগ সূৰ্যৰ তাপত গৰম হয় কিন্তু গভীৰ অঞ্চলৰ পানী তুলনামূলকভাৱে শীতল অৱস্থাত থাকে। সমুদ্র পৃষ্ঠৰ আৰু গভীৰ অঞ্চলৰ উষ্ণতাৰ এই পার্থক্যই যি শক্তিৰ অৰিহণা যোগায় তাকে মহাসামুদ্রিক তাপীয় শক্তি বোলে।
প্রশ্ন 11.ভূ-তাপীয় শক্তি কি ?
উত্তৰঃ যি তাপ শক্তি পৃথিৱীৰ আভ্যন্তৰত (ভূ-গৰ্ভত) থকা উষ্ণ অঞ্চলৰ পৰা আহৰণ কৰা হয়। তাকেই তাপীয় শক্তি অথবা ভূ-তাপীয় শক্তি বোলে।
প্রশ্ন 12. নিউক্লীয় শক্তি কি ?
উত্তৰঃ যি প্ৰক্ৰিয়াত গধূৰ পৰমাণুৰ যেনে – ইউৰেনিয়াম, প্লুট’নিয়াম অথবা থ’ৰিয়াম নিউক্লীয়াচক কম শক্তিৰ নিউট্ৰনেৰে খুন্দা মাৰিলে সিহঁত তুলনামূলকভাৱে পাতল নিউক্লীয়াচলৈ ভাঙি যায়। এই প্রক্রিয়াক নিউক্লীয় বিয়োজন বুলি কোৱা হয়। এই প্ৰক্ৰিয়াটোত বৃহৎ পৰিমানৰ শক্তি নির্গত হয় আৰু এই শক্তিক নিউক্লীয় শক্তি বুলি কোৱা হয়।
প্রশ্ন 3. সৌৰ কোষ কি ?
উত্তৰঃ যি সঁজুলিৰ সহায়ত সৌৰশক্তিক বিদ্যুৎলৈ ৰূপান্তৰ কৰা হয় তাকে সৌৰ কোষ বোলা হয়।
প্রশ্ন 4. সৌৰ কোষ ফলক কি ?
উত্তৰঃ বহুসংখ্যক সৌৰ কোষ একত্ৰ কৰি নিৰ্মাণ কৰা ব্যৱস্থাক সৌৰ কোষ ফলক বোলে।
প্রশ্ন 5. সৌৰকোষ প্ৰস্তুতকৰণত কি ধাতু ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ চিলিকন।
0 Comments