অধ্যায়ঃ3 অণু আৰু পৰমাণু

(ATOMS AND MOLECULES)

প্রশ্নাৱলীঃ

Page No. 32

1. বিক্ৰিয়া এটাত 5.3 g ছ’ডিয়াম কার্বনেটে 6 g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্রব্যবোৰ আছিল 2.2 g কার্বন ডাই অক্সাইড, 0.9 g পানী আৰু 8.2 g ছ’ডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।
ছ’ডিয়াম কার্বনেট + ইথানয়িক এছিড → ছ’ড়িয়াম ইথানয়েট + কার্বন ডাই অক্সাইড + পানী

উত্তৰঃ দিয়া আছে,

ছ’ডিয়াম কার্বনেট = 5.3 g

ইথানয়িক এছিড = 6 g

কার্বন ডাই অক্সাইড = 2.2 g

পানী = 0.9 g

ছ’ডিয়াম ইথানয়েট = 8.2 g

ৰাসায়নিক বিক্রিয়াটো হ’ল –
ছ’ডিয়াম কার্বনেট + ইথানয়িক এছিড → ছ’ড়িয়াম ইথানয়েট + কার্বন ডাই অক্সাইড + পানী
বিক্রিয়ক পদার্থৰ ভৰঃ
ছ’ডিয়াম কার্বনেট + ইথানয়িক এছিড = 5.3 + 6 = 11.3 g

উৎপাদিত পদার্থৰ ভৰঃ
ছ’ড়িয়াম ইথানয়েট + কার্বন ডাই অক্সাইড + পানী = 8.2 + 2.2 + 0.9 =11.3 g

যিহেতু, বিক্রিয়াটোত বিক্রিয়ক পদাৰ্থৰ আৰু উৎপাদিত বস্তুবোৰৰ ভৰ একে । গতিকে, বিক্রিয়াটোৰ ফলাফলবোৰ ভৰৰ
নিত্যতা সূত্র অনুযায়ী হৈছে।

2. হাইড্ৰ’জেন আৰু অক্সিজেন 1 : 8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে।3 g হাইড্ৰ’জেনৰ সৈতে সম্পূর্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ’ব ?

উত্তৰঃ যিহেতু, হাইড্রজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত=1: 8
এতেকে, 3 g হাইড্ৰজেনৰ সৈতে সম্পূর্ণকৈ বিক্রিয়া কৰিবলৈ প্ৰয়োজনীয় অক্রিজেনৰ পৰিমান = 8 x 3 g =24 g

3. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ?

উত্তৰঃ ডেল্টনৰ পৰমাণুবাদৰ 2 নং স্বীকার্য্য অর্থাৎ পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্রিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি।এই স্বীকাৰ্য্যটো ভৰৰ নিত্যতা সূত্ৰৰ ফল।

4. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকার্য্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে ?

উত্তৰঃ ডেল্টনৰ পৰমাণুবাদৰ পঞ্চম স্বীকার্য্য অর্থাৎ নির্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে। এই স্বীকার্য্যই স্থিৰানুপাত সূত্রটো ব্যাখ্যা কৰিব পাৰে।

প্রশ্নাৱলীঃ

Page No. 35

1.পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া।

উত্তৰঃ পাৰমাণৱিক ভৰ একক হ’ল  C-12 সমস্থানিকৰ এটা পৰমাণুৰৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰ অর্থাৎ
এক পাৰমাণৱিক ভৰ (1 amu) = 1/12 x C-12 সমস্থানিকৰ পাৰমানৱিক ভৰ ।

2. খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয় ?

উত্তৰ : খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কাৰণ পৰমাণুবোৰ নিচেই সৰু আৰু ইয়াৰ ব্যাসার্দ্ধ প্রায় 10-10 m ৰ পৰা 10-8 m লৈকে সীমিত থাকে।

প্রশ্নাৱলীঃ

Page No. 39

1. সংকেত লিখা
(i) ছ’ডিয়াম অক্সাইড

উত্তৰঃ Na2O

(ii) এলুমিনিয়াম ক্ল’ৰাইড

উত্তৰঃ Al2Cl3

(iii) ছ’ডিয়াম ছালফাইড

উত্তৰঃ Na2S

(iv) মেগনেছিয়াম হাইড্রক্সাইড

উত্তৰঃ Mg(OH)2
2. তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা :
(i) Al2(SO4)3

উত্তৰঃ এলুমিনিয়াম ছালফেট

(ii) CaCl2

উত্তৰঃ কেলছিয়াম ক্লৰাইড

(iii) K2SO4

উত্তৰঃ পটাছিয়াম ছালফেট

(iv) KNO3

উত্তৰঃ পটাছিয়াম নাইট্রেট
(v) CaCO3

উত্তৰঃ কেলছিয়াম কার্বনেট

3. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে ?

উত্তৰঃ এটা যৌগৰ ৰাসায়নিক সংকেতে তাৰ উপাদান মৌলবোৰ আৰু প্ৰতিটো মৌলৰে পৰমাণুৰ সংখ্যাক দেখুৱায়।

4. (i) H2S অণু আৰু
(ii) PO43- আয়নত কেইটাকৈ পৰমাণু আছে ?

উত্তৰঃ (i) H2S অনুত তিনিটা পৰমাণু আছে।
(ii) PO43- আয়নত পাঁচটা পৰমাণু আছে।

প্রশ্নাৱলীঃ

Page No. 40

1. H2, O2, Cl2, CO2, CH4, C2H5, C2H4, NH3 আৰু  CH3OH ৰ আণৱিক ভৰ গণনা কৰা ।

উত্তৰঃ H2  আনৱিক ভৰ = 2 x 1 u = 2 u

O2  আনৱিক ভৰ = 2 x 16 u = 32 u

Cl2  আনৱিক ভৰ = 2 x 35.5 u = 71 u

CO2  আনৱিক ভৰ = (1×12 + 2 x 16) u = (12 + 32) u = 44 u

CH4  আনৱিক ভৰ = (1×12 + 1×4) u = (12 + 4) u = 16 u

C2H5  আনৱিক ভৰ = (2 x12 + 1 x 5) u = (24 + 5) u = 29 u

C2H4  আনৱিক ভৰ = (2 x12 + 1 x 4) u = (24 + 4) u = 28 u

NH3  আনৱিক ভৰ = (1 x14 + 1 x 3) u = (14 + 3) u = 17 u

CH3OH ৰ আণৱিক ভৰ = (1 x12 + 1 x 3 + 1 x 16 + 1 ) u = (12 + 3 + 16 + 1) u = 32 u

2. ZnO, Na2O আৰু K2CO3 ৰ সংকেত গোট ভৰ গণনা কৰা। প্রদত্ত পাৰমাণৱিক ভৰবোৰ হ’ল
Zn = 65u, Na = 23u, K= 39u, C=12u আৰু O = 16u.

উত্তৰঃ ZnO ৰ আনৱিক ভৰ = ( 1x 65 + 1×16) u = (65 + 16) u = 81u

Na2O ৰ আনৱিক ভৰ = ( 2x 23 + 1×16) u = (46 + 16) u = 62u

K2CO3 ৰ আনৱিক ভৰ = ( 2x 39 + 1×12 + 3×16) u = (78 + 12  +48) u = 138 u

প্রশ্নাৱলীঃ

Page No. 42

1. এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্রাম হ’ল 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব ?

উত্তৰঃ দিয়া আছে,
1 ম’ল কার্বন পৰমাণুৰ ভৰ = 12 গ্রাম
1 টা কার্বন পৰমাণুৰ ভৰ = ?

যিহেতু,
1 ম’ল = 6.022×1023 টা

এতেকে,
6.022×1023 টা কার্বন পৰমাণুৰ ভৰ = 12 gm

1টা কার্বন পৰমাণুৰ ভৰ = 12/6.022×1023 gm

= 2×10-23 gm

2. 100 গ্রাম ছডিয়াম বা 100 গ্রাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব ।
(দিয়া আছে, Na ৰ পাৰমাণৱিক ভৰ = 23u, Fe = 56u)

উত্তৰঃ সমাধানঃ
ছড়িয়ামৰ ক্ষেত্রত,
পাৰমাণৱিক ভৰ = 23 u
এতেকে,
23 gm ছড়িয়ামত থকা পৰমাণুৰ সংখ্যা = 6.022×1023 টা

1 gm ছড়িয়ামত থকা পৰমাণুৰ সংখ্যা = 6.022 × 1023 /23 টা

100 gm ছড়িয়ামত থকা পৰমাণুৰ সংখ্যা = 6.022 × 1023 × 100/23  টা

= 0.26 ×1025 টা

আইৰণৰ ক্ষেত্ৰত,
পাৰমাণৱিক ভৰ = 56 u
এতেকে,
= 0.26 × 1025 টা

56 gm আইৰণত থকা পৰমাণুৰ সংখ্যা = 6.022×1023 টা

1 gm আইৰণত থকা পৰমাণুৰ সংখ্যা = 6.022 × 1023 /56 টা

100 gm আইৰণত থকা পৰমাণুৰ সংখ্যা = 6.022 × 1023 × 100/56  টা

= 0.11 ×1025 টা

যিহেতু, 0.26 ×1025  > 0.11 ×1025
এতেকে, 100 গ্রাম ছড়িয়ামত পৰমাণুৰ সংখ্যা বেছি থাকিব।

অনুশীলনীঃ

Page No. 43

1. অক্সিজেন আৰু ব’ৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24 g বিশ্লেষণ কৰাত 0.096 g ব’ৰণ আৰু
0.144 g অক্সিজেন পোৱা গৈছিল । ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা ৷

উত্তৰঃ সমাধানঃ
যৌগটোৰ ভৰ = 0.24 g
ব’ৰণৰ ভৰ = 0.096 g
অক্সিজেনৰ ভৰ = 0.144 g
এতেকে,
ব’ৰণৰ শতকৰা সংযুতি = 0.096/0.24 ×100%
= 96/1000 /24/100 ×100%

=  96/1000 × 100/24 ×100%

= 40 %

অক্সিজেনৰ শতকৰা সংযুতি = 0.144/0.24 ×100%

= 144/1000 /24/100 ×100%

=  144/1000 × 100/24 ×100%

= 60 %

2. 3.0 g কার্বন 8.00 g অক্সিজেনৰে সৈতে দহন কৰাত 11.00 g কার্বন ডাইঅক্সাইড উৎপন্ন হ’ল। 3.00 g কাৰ্বন 50.00 g অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ’ব ? ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ?

উত্তৰঃ সমাধানঃ

যিহেতু,
3.0 g কার্বন 8.00 g অক্সিজেনৰে সৈতে দহন কৰাত 11 g কার্বন ডাই অক্সাইড উৎপন্ন হ’ল অর্থাৎ, 11 g কার্বন ডাই অক্সাইডত কার্বন
আৰু অক্সিজেনৰ অনুপাত হল 3:8 ।

গতিকে,
3 g কার্বনে 50 g আক্সিজেনৰ পৰা ৪ g অক্সিজেনৰ লগতহে ক্ৰিয়া কৰি 11 g কার্বন ডাই অক্সাইডহে উৎপন্ন কৰিব ।

ৰাসায়নিক সংযোগৰ স্থিৰানুপাত বিধি এই উত্তৰৰ ক্ষেত্রত প্রযোজ্য হ’ব।

3. বহুপাৰমাণৱিক আয়নবোৰ কি ? উদাহৰণ দিয়া।

উত্তৰঃ একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক বহু পাৰমাণৱিক আয়ন বোলা হয়।
যেনেঃ এম’নিয়াম(NH4+), হাইড্র’ক্সাইড (OH), নাইট্রেট (NO3), কার্বনেট (CO3-2), ছালফেট (SO4-2) ইত্যাদি।

4. তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা ।
(a) মেগনেছিয়াম ক্ল’ৰাইড

উত্তৰঃ MgCl2

(b) কেলছিয়াম অক্সাইড

উত্তৰঃ CaO
(c) কপাৰ নাইট্রেট

উত্তৰঃ Cu(NO3)2

(d) এলুমিনিয়াম ক্ল’ৰাইড

উত্তৰঃ AlCl3

(e) কেলছিয়াম কার্বনেট

উত্তৰঃ CaCO3

5. তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়া :

(a) পোৰা চূণ (Quick Lime)

উত্তৰঃ কেলছিয়াম আৰু অক্সিজেন ।

(b) হাইড্ৰ’জেন ব্র’মাইড

উত্তৰঃ হাইড্রজেন আৰু ব্রমিন ।

(c) বেকিং পাউডাৰ

উত্তৰঃ ছডিয়াম, হাইড্রজেন, কার্বন আৰু অক্সিজেন।

(d) পটেছিয়াম ছালফেট

উত্তৰঃ পটেছিয়াম ছালফাৰ আৰু অক্সিজেন।

6. তলৰ পদাৰ্থবোৰৰ ম’লাৰ ভৰ গণনা কৰা । 

(a) ইথাইন, C2H2

উত্তৰঃ ইথাইনৰ মলাৰ ভৰ = (2×12+1×2) g = (24+2) g = 26 g

(b) ছালফাৰ অণু, S8

উত্তৰঃ ছালফাৰ অনুৰ মলাৰ ভৰ = 8 x 32 g = 256 g

(c) ফছফৰাছ অণু, P4 (ফছফৰাছৰ পাৰমাণৱিক ভৰ = 31)

উত্তৰঃ ফছফৰাছ অণুৰ মলাৰ ভৰ = 4X31 g = 124 g

(d) হাইড্ৰক্ল’ৰিক এছিড, HCl

উত্তৰঃ হাইড্ৰক্ল’ৰিক এছিডৰ মলাৰ ভৰ = (1 + 35.5) g = 36.5 g

(e) নাইট্রিক এছিড, HNO3

উত্তৰঃ নাইট্রিক এছিডৰ মলাৰ ভৰ = (14 + 1 + 16 x 3) g =(15 + 48) g= 63 g

7. ভৰ কিমান ?
(a) 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ ?

উত্তৰঃ 1 ম’ল নাইট্ৰজেন পৰমাণুৰ ভৰ = গ্রাম হিচাপত নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ = 14 g

(b) 4 ম’ল এলুমিনিয়াম পৰমাণু (এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ = 27) ৰ ?

উত্তৰঃ 1 ম’ল এলুমিনিয়াম পৰমাণুৰ ভৰ = 27 g

এতেকে, 4 ম’ল এলুমিনিয়াম পৰমাণুৰ ভৰ = 4 x 27 g = 108 g

(c) 10 ম’ল ছ’ডিয়াম ছালফাইট (Na2SO3) ৰ ?

উত্তৰঃ 1 মল ছ’ডিয়াম ছালফাইটৰ আনৱিক ভৰ = (2×23 + 32+48) g = (46 +32 +48) g = 126 g

এতেকে, 10 ম’ল ছ’ড়িয়াম ছালফাইডৰ ভৰ = 10 x 126 g = 1260 g

8. ম’ললৈ পৰিবৰ্তন কৰা :
(a) 12 g অক্সিজেন গেছ।

উত্তৰঃ সমাধানঃ

অক্সিজেনৰ আনৱিক ভৰ = 2×16 g = 32 g
এতেকে,
32 g  অক্সিজেন গেছত থাকে = 1 ম’ল

1 g  অক্সিজেন গেছত থাকে = 1/32 ম’ল

12 g  অক্সিজেন গেছত থাকে = 1/32 x 12 ম’ল

= 3/8 ম’ল

= 0.375 ম’ল
(b) 20 g পানী।

উত্তৰঃ সমাধানঃ

পানীৰ আনৱিক ভৰ = (2×1 + 16) g = 18 g
এতেকে,
18 g পানীত থাকে = 1ম’ল

1 g পানীত থাকে = 1/18ম’ল

20 g পানীত থাকে = 1/18 x 20 ম’ল

= 10/ 9 ম’ল

= 1.11 ম’ল

(c) 22 g কার্বন ডাইঅক্সাইড।

উত্তৰঃ সমাধানঃ

কার্বন ডাই অক্সাইডৰ আনৱিক ভৰ = (12 + 2 x 16) g = 44 g
এতেকে,
44 g কার্বন ডাই অক্সাইডত থাকে = 1 ম’ল

1 g কার্বন ডাই অক্সাইডত থাকে = 1/44 ম’ল

22 g কার্বন ডাই অক্সাইডত থাকে = 1/44 x 22 ম’ল

= 1/2 ম’ল

= 0.5 ম’ল

9. ভৰ কিমান ?
(a) 0.2 ম’ল অক্সিজেন পৰমাণুৰ ?

উত্তৰঃ সমাধানঃ

যিহেতু, 1 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 16 g

এতেকে, 0.2 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 0.2 x16 g

= 3.2 g

(b) 0.5 ম’ল পানী অণুৰ ?

উত্তৰঃ সমাধানঃ

যিহেতু, 1 ম’ল পানীৰ অনুৰ ভৰ = 18 g

এতেকে, 0.5 ম’ল পানীৰ অনুৰ ভৰ = 0.5 x18 g

= 9 g

10. 16 g গোটা ছালফাৰত থকা ছালফাৰ অণু (S8) ৰ সংখ্যা গণনা কৰা।

উত্তৰঃ সমাধানঃ

ছালফাৰ অনুৰ আনৱিক ভৰ = 8×32 g = 256 g
এতেকে,
256 g ত থকা ছালফাৰ অনুৰ সংখ্যা = 6.022×1023 টা

1 g ত থকা ছালফাৰ অনুৰ সংখ্যা = 6.022×1023 /256 টা

16 g ত থকা ছালফাৰ অনুৰ সংখ্যা = 6.022×1023 × 16/256 টা

= 3.011 ×1023/ 8টা

= 0.376 ×1023 টা

11. 0.051 g এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা।
(ইংগিত : আয়ন এটাৰ ভৰ একে মৌলৰ পৰমাণু এটাৰ ভৰৰ সৈতে একে। Al ৰ পাৰমাণৱিক ভৰ = 27u)

উত্তৰঃ সমাধানঃ

এলুমিনিয়াম অক্সাইডৰ আনৱিক ভৰ = (2×27+3×16) u =  (54+48) u = 102 u

এতেকে,

102 g এলুমিনিয়াম অক্সাইডত এলুমিনিয়াম আয়নৰ সংখ্যা = 2 × 6.022×1023 টা

1 g এলুমিনিয়াম অক্সাইডত এলুমিনিয়াম আয়নৰ সংখ্যা = 2 × 6.022×1023 /102টা

0.051 g এলুমিনিয়াম অক্সাইডত এলুমিনিয়াম আয়নৰ সংখ্যা = 2 × 6.022×1023 /0.051টা

= 6.022×1023 /51 × 51/1000টা

= 6.022×1023 × 1/ 103টা

= 6.022×1020 টা

 

অতিৰিক্ত প্রশ্নোত্তৰঃ

1. ৰাসায়নিক সংযোগৰ বিধিসমূহ লিখা।

উত্তৰঃ ৰাসায়নিক সংযোগৰ বিধিসমূহ হ’ল –

(i) ভৰৰ নিত্যতা বিধি (ii) স্থিৰানুপাত বিধি।

(i) ভৰৰ নিত্ৰতা বিধিঃ এই বিধিমতে ৰাসায়নিক বিক্রিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হব নোৱাৰে।

(ii) স্থিৰানুপাত বিধিঃ এই বিধি মতে এটা ৰাসায়নিক যৌগত মৌলসমুহ সদায়েই নির্দিষ্ট ভৰৰ অনুপাতত থাকে।

2. ডেল্টনৰ পৰমানুবাদ বা এট’মিক তত্ত্বৰ স্বীকার্য্যসমূহ লিখা ।

উত্তৰঃ ডেল্টনৰ পৰমানুবাদৰ স্বীকাৰ্য্যসমূহ হ’ল –

(i) সকলো পদার্থ পৰমাণু নামৰ অতি ক্ষুদ্র কণাৰে গঠিত।

(ii) পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্রিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি।নির্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধর্মসমুহ একেই।

(iii) বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধর্মসমূহ বেলেগ বেলেগ ।

(iv) যৌগ গঠনৰ বাবে পৰমানুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয় ।

(v) নির্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যাৰ প্রকাৰ স্থিৰ থাকে।

3. পৰমাণু কি ?

উত্তৰঃ পৰমাণু হ’ল যিকোনো পদার্থ এটাৰ ক্ষুদ্রতম কণিকা যি পদার্থ গঠনৰ প্ৰাথমিক গোট আৰু অবিভাজ্য।

4. পাৰমাণৱিক ভৰ কি ?

উত্তৰঃ যিকোনো এটা মৌলৰ পাৰমাণৱিক ভৰ C-12 সমস্থানিকৰ এটা পৰমাণুৰ ভৰৰ 1/12  অংশৰ সৈতে তুলনা কৰিলে যিমান বেছি বা গধুৰ হয় তাকে মৌলটোৰ  পাৰমাণৱিক ভৰ বুলি কোৱা হয়।

5.  আপেক্ষিক পাৰমাণৱিক ভৰ কাক বোলে ?

উত্তৰঃ কোনো এটা মৌলৰ পৰমাণু এটাৰ গড় ভৰকে মৌলটোৰ আপেক্ষিক পাৰমাণৱিক ভৰ বোলে।

6. অণু কি ? উদাহৰণ দিয়া।

উত্তৰঃ কোনো মৌল বা যৌগ এটাৰ স্বাধীন সত্ব থকা যি ক্ষুদ্রতম কণাই মৌল বা যৌগটোৰ সকলোবোৰ ধৰ্ম প্রদর্শন কৰে তাকে অণু বোলা হয়।
যেনেঃ অক্সিজেন (O2), নাইট্ৰজেন (N2), পানী (H2O), কার্বন ডাই অক্সাইড (CO2) আদি।

7. দ্বি-পাৰমাণৱিক আৰু ত্ৰি- পাৰমাণৱিক অনুৰ উদাহৰণ দিয়া ।

উত্তৰঃ  দ্বি-পাৰমাণৱিক  অণু – O2 ,N2, H2 আদি ।
ত্ৰি- পাৰমাণৱিক অণু – O3

৪. পাৰমাণৱিকতা কাক বোলে ?

উত্তৰঃ  অনু এটা যিমান সংখ্যক পুৰমানুৰে গঠিত হয় তাকে অনুটোৰ পাৰমাণৱিকতা বোলা হয় ।

9. আয়ন কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত আধানযুক্ত কণা থাকে। এইবোৰক আয়ন বোলা হয়।

সাধাৰণতে ধাতুবোৰ ধনাত্মক আধানযুক্ত বা কেটায়ন আৰু অধাতুবোৰ ঋণাত্মক আধানযুক্ত বা এনায়ন ।

যেনেঃ ছডিয়াম ক্লৰাইড (NaCl) ত ধনাত্মক আধানযুক্ত ছডিয়াম আয়ন (Na+) আৰু ঋণাত্মক আধানযুক্ত ক্লৰাইড (Cl) আয়ন থাকে।

10. যোজ্যতা কাক বোলে ?

উত্তৰঃ মৌল এটাৰ যোজন শক্তি বা ক্ষমতাক তাৰ যোজ্যতা বোলা হয়।

11. দ্বি-মৌলিক যৌগ কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ দুটা ভিন্ন মৌলৰে গঠিত সৰল যৌগবোৰক দ্বি-মৌলিক যৌগ বোলা হয়।

যেনেঃ হাইড্ৰজেন ক্ল’ৰাইড (HCl), কেলছিয়াম অক্সাইড (CaO) আদি।

12. আনৱিক ভৰ কাক বোলে ?

উত্তৰঃ এটা পদার্থৰ আনৱিক ভৰ পদাৰ্থটোৰ এটা অনুত থকা সকলোবোৰ পৰমাণুৰ পাৰমাণৱিক ভৰৰ যোগফলৰ সমান ।

13. মল কি ?

উত্তৰঃ কাৰ্বন -12 ৰ সঠিক 12g ত যিমান সংখ্যক পৰমাণু থাকে , সিমান সংখ্যক কণিকা থকা পদাৰ্থৰ পৰিমানকে ম’ল বোলা হয়।

14. এক ম’ল কাক বোলে ?

উত্তৰঃ যিকোনো এটা পদাৰ্থৰ গ্রাম হিচাপত পাৰমাণৱিক বা আনৱিক ভৰত থকা কণিকাৰ সংখ্যাকে এক ম’ল বোলে।

15. এভ’গ্রেড্র’ ধ্রুৱক কি ?

উত্তৰঃ যিকোনো এটা পদাৰ্থৰ 1 ম’লত থকা কণাৰ সংখ্যা হ’ল 6.022×1023 টা । এই সংখ্যাকে এভ’গ্রেড্র’ ধ্রুৱক বুলি কোৱা হয় ।

ইয়াক N0  সংকেতেৰে বুজোৱা হয় ।

অর্থাৎ, N0 = 6.022×1023 টা ।

16. ম’লাৰ ভৰ কাক বোলে ?

উত্তৰঃ1ম’ল পদাৰ্থৰ ভৰক তাৰ ম’লাৰ ভৰ বুলি কোৱা হয়।

17. ম’ল, এভ’গ্রেড্র’ সংখ্যা আৰু ভৰৰ মাজৰ সম্বন্ধটো লিখা ।

উত্তৰঃ 6.022×1023  টা কণিকা = 1 ম’ল কণিকা = গ্রাম হিচাপত ভৰ

 

 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *