অধ্যায়ঃ9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ
(Force and Laws of Motion)
প্রশ্নাৱলীঃ
Page No.118
1. তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি
(ক) এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল ?
উত্তৰঃ শিলৰ বল ।
(খ) এখন চাই কেল আৰু এখন ৰে’লগাড়ী ?
উত্তৰঃ এখন ৰেলগাড়ী ।
(গ) এটা পাঁচটকীয়া মুদ্ৰা আৰু এটা এটকীয়া মুদ্রা ?
উত্তৰঃ এটা পাঁচটকীয়া মুদ্রা ।
2. তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিবৰ্তন কিমানবাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা –
এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে, যিজনে বলটো গ’ললৈ মাৰিছে। বিপৰীত দলৰ গ’লৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। প্রত্যেক ক্ষেত্ৰতে বলৰ যোগান ধৰা অভিকৰ্তাজনক
চিনাক্ত কৰা ।
উত্তৰঃ
3. গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে ব্যাখ্যা কৰা।
উত্তৰঃ গছৰ ডাল এডালত পাতকেইটা আগৰ পৰাই স্থিতি জড়তাত থাকে কিন্তু যেতিয়া আমি গছৰ ডালটো জোৰকৈ জোকাৰি দিওঁ,
তেতিয়া পাতকেইটা গতি জড়তা প্রাপ্ত হয়।এই গতি জড়তাৰ বাবে পাতকেইটা সৰি পৰে।
4. চলন্ত বাছ এখন হঠাৎ ৰৈ গ’লে আমি আগলৈ আৰু ৰৈ থকা বাছ এখন হঠাৎ ত্বৰিত হ’লে আমি পিছলৈ যাওঁ কিয় ?
উত্তৰঃ যেতিয়া বাছ এখন গৈ থাকে, তেতিয়া বাছ আৰু যাত্রীবিলাক গতিশীল অৱস্থাত থাকে অর্থাৎ গতি জড়তা প্রাপ্ত হয় কিন্তু বাছখন হঠাৎ ৰৈ গলে বাছখনে স্থিতি জড়তা প্রাপ্ত হয় কিন্তু বাছৰ লগত লাগি নথকা অংশকেইটা আগৰ গতি জড়তাৰ বাবে গৈ থাকিব বিচাৰে।সেই কাৰণে চলন্ত বাছ এখন হঠাৎ ৰৈ গলে আমি আগলৈ যাঁও।
আনহাতে যেতিয়া বাছ এখন ৰৈ থাকে, তেতিয়া বাছ আৰু যাত্রীবিলাক স্থিতি জড়তা প্রাপ্ত হয় কিন্তু বাছখন হঠাৎ চলাই দিলে বাছখন গতিজড়তা প্রাপ্ত হয়। কিন্তু বাছৰ লগত লাগি নথকা অংশকেইটা আগৰ স্থিতি জড়তাৰ বাবে ৰৈ থাকিব বিচাৰে । সেই কাৰণে বাছ এখন হঠাৎ ত্বৰিত হ’লে আমি পিছলৈ যাঁও।
প্রশ্নাৱলীঃ
Page No. 126
1. যদি ক্রিয়া সদায় প্রতিক্ৰিয়াৰ সমান, তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে ব্যাখ্যা কৰা।
উত্তৰঃ যেতিয়া ঘোঁৰা এটাই গাড়ীখন টানে, তেতিয়া ঘোঁৰাটোৱে যিটো বলেৰে গাড়ীটো টানে সেইটো বলেৰে গাড়ীটোৱে বিপৰীত দিশত টানিব। কিন্তু ঘোঁৰা আৰু মাটিৰ মাজত আন এটা বল ক্রিয়া কৰি আছে অর্থাৎ ঘোঁৰাটোৱে যিমান বলেৰে মাটিৰ লগত ক্রিয়া কৰে, সিমান বলেৰে মাটিটোৱে ঘোঁৰাটোক বিপৰীত প্রতিক্রিয়া কৰে। এই প্রতিক্রিয়া বলটোৰ বাবেহে ঘোৰাটোৱে গাড়ীটো টানিব পাৰে ।
2. অগ্নিনির্বাপক বাহিনীৰ কৰ্মী এজনে তীব্র বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে কিয় অসুবিধা পায় ব্যাখ্যা কৰা ।
উত্তৰঃ
3. 4 kg ভৰৰ বন্দুক এটাৰ পৰা 50 g ভৰৰ গুলী এটা 35 m s-1 প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে। বন্দুকটোৰ প্ৰাৰম্ভিক প্রতিক্ষেপ (recoil) বেগ কিমান ?
উত্তৰঃ
4. 100 g আৰু 200 g ভৰৰ দুটা বস্তু একে দিশত আৰু একে সৰল ৰেখাৰে ক্ৰমে 2 m s-1 আৰু 1 m s-1 বেগেৰে গতি কৰি আছে। সিহঁত সংঘাতত লিপ্ত হ’ল আৰু তাৰ পিছত প্ৰথমটোৰে বেগ 1.67 m s-1 হ’ল। দ্বিতীয়টোৰ বেগ নির্ণয় কৰা।
উত্তৰঃ
অনুশীলনীঃ
1. বস্তু এটাই কোনো বাহ্যিক অসন্তুলিত বল অনুভৱ কৰা নাই। বস্তুটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱনে ? যদি সম্ভৱ, তেন্তে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা। যদি নহয়, কাৰণ দশোৱা ।
উত্তৰঃ বস্তুটোৱে কিবা বেগেৰে গতি কৰাটো অসম্ভৱ । কিয়নো বস্তুটোৰ ওপৰত কোনো বাহ্যিক অসন্তুলিত বল প্রয়োগ হোৱা নাই আৰু স্থিতি জড়তাৰ বাবে বস্তুটোৱে স্থিতিশীল অৱস্থাত থাকিব বিচাৰিব ।
2. দলিচা এখন মাৰিৰে কোবালে, ধূলিবোৰ ওলাই আহে। ব্যাখ্যা কৰা ।
উত্তৰঃ দলিচাটো মাৰিৰে কোবোৱাৰ আগত দলিচা আৰু তাত থকা ধুলি বালিবোৰ স্থিতি জড়তাত আছিল । কিন্তু মাৰিৰে কোবালে দলিচা আৰু ধুলি বালিবোৰ গতি জড়তা প্রাপ্ত হয়। এই গতি জড়তাৰ বাবে ধূলি বালিবোৰ ওলাই আহে ।
3 . বাছৰ মুধছত ৰখা বস্তুবোৰ ৰচিৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয় ?
উত্তৰঃ যেতিয়া বাছ এখন ৰৈ থাকে তাত থকা বস্তুবোৰ বিশেষকৈ বাছৰ মুধচত থকা বস্তুবোৰ স্থিতি জড়তা প্রাপ্ত হৈ থাকে। বাছখন যেতিয়া গতি কৰিবলৈ লয় তেতিয়া বাছৰ স্থিতি জড়তাৰ পৰা গতি জড়তালৈ ৰূপান্তৰিত হয়। বাছখনে গতি কৰাৰ ফলত বাছটোত লাগি নথকা বস্তুবোৰো গতিশীল প্রাপ্ত হয় কিন্তু আগৰ স্থিতি জড়তাৰ বাবে বস্তুটো ৰৈ যাব বিচাৰে । ইয়াৰ ফলত বাছৰ মুধচত থকা বস্তুবোৰ ইফাল সিফাল কৰি পৰি যোৱাৰ সম্ভাৱনা থাকে। বস্তুটো পৰি নাযাবৰ বাবে বাছৰ মুধচত ৰখা বস্তুবোৰ ৰচিৰে বান্ধি ৰাখিবলৈ কোৱা হয় ।
4. ক্রিকেট খেলৰ বেট ধৰোঁতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায় ৷ বলটো ৰৈ যোৱাৰ কাৰণ হ’ল –
(ক) বেট ধৰোঁতাজনে বলটো পৰ্যাপ্ত জোৰেৰে নামাৰিলে।
(খ) বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক ।
(গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্রিয়াশীল হৈ আছে।
(ঘ) বলটোৰ ওপৰত কোনো অসন্তুলিত বলে ক্ৰিয়া কৰা নাই আৰু সেইবাবেই বলটো ৰৈ যাব খোজে।
উত্তৰঃ (গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্রিয়াশীল হৈ আছে।
5. ৰৈ থকা অৱস্থাৰ পৰা ট্রাক এখন পাহাৰৰ পৰা স্থিৰ ত্বৰণেৰে নামি আহিছে। ই 20 s ত 400 m দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা। যদি ট্ৰাকখনৰ ভৰ 7 মেট্রিক টন হয় তেন্তে ট্রাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা। (ইংগিত 1 টন = 1000 kg)
উত্তৰঃ
6. 1 kg ভৰৰ শিল এটা হিমীভূত (frozen) হ্রদ এটাৰ পৃষ্ঠৰ ওপৰেদি 20 m s-1 বেগেৰে দলিয়াই দিয়াত সি 250 m দূৰত্ব অতিক্ৰম কৰি ৰৈ গ’ল । শিলটো আৰু বৰফৰ মাজত ঘর্ষণ বল কিমান ?
উত্তৰঃ
7. 8000 kg ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 kg ভৰৰ 5 টা ডবা অনুভূমিক ৰে’ল লাইনৰ ওপৰেদি টানি নিছে। যদি ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল 40000 N আৰু ৰে’ল লাইনে জন্ম দিয়া ঘর্ষণ বল 5000 N হয়, তেন্তে তলত দিয়া ৰাশি কেইটা উলিওৱা –
(ক) ত্বৰণ উৎপন্নকাৰী মুঠ বল
(খ) ৰে’লগাড়ীখনৰ ত্বৰণ আৰু
(গ) 1 নং ডবাই 2 নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বল ৷
উত্তৰঃ
৪. মটৰগাড়ী এখনৰ ভৰ 1500 kg । গাড়ীখন 20 m s-2 ঋণাত্মক ত্বৰণেৰে ৰখাবলৈ গাড়ী আৰু ৰাস্তাৰ মাজৰ বল কিমান হ’ব লাগিব ?
উত্তৰঃ
9. m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ’ব –
(ক) (mv)2 (খ) mv2 (গ)1/2mv2 (ঘ) mv
উত্তৰঃ (ঘ) mv
10. 200 N অনুভূমিক বল প্রয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে। মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান কিমান ?
উত্তৰঃ
11. 1.5 kg ভৰৰ দুটা বস্তুৱে একে সৰল ৰেখাৰে কিন্তু বিপৰীত দিশত গতি কৰি আছিল । সংঘাতৰ পূৰ্বে দুয়োৰে বেগ আছিল 2.5 m s-1 । সংঘাতৰ পিছত বস্তু দুটা লগ লাগি যায়। সংঘাতৰ পিছত লগ লগা বস্তুটোৰ বেগ কিমান ?
উত্তৰঃ
12. গতি বিষয়ক তৃতীয় সূত্ৰৰ মতে আমি যদি বস্তু এটা ঠেলোঁ তেন্তে বস্তুটোৱে আমাক সমান আৰু বিপৰীত বলেৰে পিছলৈ ঠেলিব। যদি বস্তুটো ৰাস্তাৰ কাষত ৰখাই থোৱা এখন গধূৰ ট্ৰাক হয়, তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি। সমান আৰু বিপৰীত বলে পৰস্পৰক সন্তুলিত কৰে বুলি ছাত্ৰ এজনে যুক্তি আগবঢ়াই দি ইয়াৰ নায্যতা প্রতিপাদন কৰিছে। এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্ৰাকখন কিয় লৰচৰ নকৰে তাৰ ব্যাখ্যা দিয়া ।
উত্তৰঃ
13. 200 g ভৰৰ হকী বল এটা 10 m s-1 বেগেৰে গৈ থকা অৱস্থাত এডাল হকী মাৰিৰে (Hockey Stick) কোবোৱাত সি অহা পথেৰে – 5 m s-1 বেগেৰে উভটি গ’ল। হকী মাৰিয়ে প্ৰয়োগ কৰা বলৰ প্ৰভাৱত হকী বলটোৰ গতিৰ ভৰবেগ পৰিবৰ্তন নিৰ্ণয় কৰা।
উত্তৰঃ
14. 10 গ্রাম ভৰৰ গুলী এটা অনুভূমিক দিশত 150 m s-1 বেগেৰে গৈ থকা অৱস্থাত ৰৈ থকা কাঠৰ টুকুৰা এটাত খুন্দা খাই 0.03 s ত স্থিতিশীল অৱস্থাপ্রাপ্ত হ’ল। কাঠৰ টুকুৰাটোত গুলীটোৰ অন্তৰ্ভেদৰ দূৰত্ব নিৰ্ণয় কৰা। তদুপৰি কাঠৰ টুকুৰাটোৱে গুলীটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান নিৰ্ণয় কৰা।
উত্তৰঃ
15. 1 kg ভৰৰ বস্তু এটা সৰল ৰেখা এডালেদি 10 m s-1 বেগেৰে গৈ থকা অৱস্থাত 5 kg ভৰৰ স্থিতিশীল কাঠৰ টুকুৰা এটাত খুন্দা মাৰি তাত লাগি ধৰিল । তাৰ পিছত দুয়োটাই একেডাল সৰল ৰেখাৰে গতি আৰম্ভ কৰিলে। সংঘাতৰ ঠিক আগত আৰু ঠিক পিছত মুঠ ভৰবেগ নিৰ্ণয় কৰা। লগতে সংলগ্ন বস্তুটোৰ বেগ নিৰ্ণয় কৰা ।
উত্তৰঃ
16. 6 s ত 100 kg ভৰৰ বস্তু এটাৰ বেগ 5 m s-1 ৰ পৰা 8 m s-1 লৈ সুষমভাৱে ত্বৰিত কৰা হ’ল।বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ নিৰ্ণয় কৰা । তদুপৰি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান নিৰ্ণয় কৰা ।
উত্তৰঃ
17. আখটাৰ, কিৰণ আৰু ৰাহুল দ্ৰুতবেগী পথত মটৰগাড়ীৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত পোক এটাই গাড়ীৰ বায়ুৰোধী ঢালখনত (windshield) খুন্দা মাৰি চালখনত লাগি ধৰিল। আখটাৰ আৰু কিৰণে বিষয়টোৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ ধৰিলে। কিৰণে যুক্তি দিলে যে গাড়ীখনৰ ভৰবেগৰ পৰিবৰ্তনতকৈ পোকটোৰ ভৰবেগৰ পৰিবৰ্তন অধিক (কাৰণ গাড়ীখনতকৈ পোকটোৰ বেগৰ পৰিবৰ্তন অধিক)। আখটাৰে ক’লে যে যিহেতু গাড়ীখন অধিক বেগেৰে গৈ আছিল, ই পোকটোৰ ওপৰত অধিক বল প্রয়োগ কৰিলে আৰু তাৰ ফলত পোকটো মৰিল । ৰাহুলে সম্পূৰ্ণ নতুন এটা ব্যাখ্যা দি ক’লে যে মটৰগাড়ী আৰু পোক দুয়োটাই একেই বল আৰু ভৰবেগৰ একেই পৰিবৰ্তন অনুভৱ কৰিছিল। এই যুক্তিসমূহৰ ওপৰত মতামত দিয়া ৷
উত্তৰঃ
18. 10 kg ভৰৰ ডামবেল (dumb-bell) এটা 80 m উচ্চতাৰ পৰা মাটিত পৰিলে মাটিলৈ স্থানান্তৰ হোৱা ভৰবেগৰ মান কিমান হ’ব ? নিম্নাভিমুখী ত্বৰণ 10 m s-1 ধৰিবা ।
উত্তৰঃ
অতিৰিক্ত অনুশীলনীঃ
A1. বস্তু এটাৰ গতিৰ দূৰত্ব-সময় তালিকা এখন তলত দিয়া হ’ল –
চেকেণ্ড হিচাপত সময় মিটাৰ হিচাপত দূৰত্ব
0 0
1 1
2 8
3 27
4 64
5 125
6 216
7 343
(a) ত্বৰণ সম্পৰ্কে কি সিদ্ধান্ত ল’বা ? স্থিৰ, ক্ৰমবৰ্দ্ধমান, ক্রমহ্রাসমান নে শূন্য ?
উত্তৰঃ
(b) বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ সম্পৰ্কে কি মন্তব্য কৰিবা ?
উত্তৰঃ
A2. সমতল ৰাস্তা এটাত 1200 Kg ভৰৰ মটৰগাড়ী এখন দুজন মানুহে সুষম বেগেৰে ঠেলিবলৈ সক্ষম হৈছে। একেখন গাড়ী তিনিজন মানুহে ঠেলিলে 0.2 m s-2 ত্বৰণ উৎপন্ন হয়। প্ৰতিজন মানুহে কিমান বলেৰে গাড়ীখন ঠেলিছে ? (প্ৰতিজন মানুহে সমান পেশীয় প্রয়াসেৰে (masular effort) ৰে গাড়ীখন ঠেলে বুলি ধৰিবা।)
উত্তৰঃ
A3 . 500 গ্রাম ভৰৰ হাতুৰী এটাই 50 m s-1 বেগেৰে গজাল এটাত খুন্দা মাৰিলে ৷ গজালটোৱে অতি কম সময় 0.01 চেকেণ্ডত হাতুৰীটো ৰখাই দিলে । গজালটোৱে হাতুৰীৰ ওপৰত প্ৰয়োগ কৰা বল কিমান ?
উত্তৰঃ
A4. 1200 kg ভৰৰ মটৰগাড়ী এখন 90 km/h সুষম বেগেৰে সৰল ৰৈখিকভাৱে গতি কৰি আছে। অসন্তুলিত বাহ্যিক বল এটাই ক্ৰিয়া কৰি ইয়াৰ বেগ 4 s ত 81 km/h লৈ হ্ৰাস কৰিলে । ত্বৰণ আৰু ভৰবেগৰ পৰিবৰ্তন নিৰ্ণয় কৰা। লগতে প্রয়োজন হোৱা বলৰ মান উলিওৱা ।
উত্তৰঃ
A5. একে বেগ v ৰে গতি কৰি থকা অৱস্থাত এখন প্ৰকাণ্ড ট্ৰাক আৰু এখন সৰু মটৰগাড়ী মুখামুখি সংঘৰ্ষত লিপ্ত হৈ ৰৈ গ’ল। যদি সংঘাতৰ সময় 1 s হয় তেন্তে
(ক) কোনখন গাড়ীয়ে অধিক প্রতিঘাত বল অনুভৱ কৰিব ?
উত্তৰঃ
(খ) কোনখন গাড়ীৰ ভৰবেগৰ পৰিবৰ্তন অধিক হব ?
উত্তৰঃ
(গ) কোনখন গাড়ীয়ে অধিক ত্বৰণ অনুভৱ কৰিব ?
উত্তৰঃ
(ঘ) ট্ৰাকখনতকৈ সৰু গাড়ীখনৰ ক্ষতিৰ পৰিমাণ অধিক হোৱাৰ সম্ভাৱনাৰ কাৰণ কি ?
উত্তৰঃ
অতিৰিক্ত প্ৰশ্নোত্তৰঃ
1. বল কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? প্রতিটোৱে সংজ্ঞা দিয়া।
উত্তৰঃ যাৰ প্রভাৱত স্থিতিশীল বস্তু এটা গতিশীল বা গতিশীল বস্তু এটাক স্থিতিশীল অৱস্থালৈ আনিব পাৰি তাকে বল বোলে।
বল দুই প্ৰকাৰৰ । যেনে –
(i) সন্তুলিত বল
(ii) অসন্তুলিত বল
(i) সন্তুলিত বল – যি দুটা বিপৰীতমুখী সমান বলৰ প্রভাৱত কোনো এটা বস্তুৰ স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিবর্তন ঘটাব নোৱাৰে, সেইবোৰক সন্তুলিত বল বোলে।
(ii) অসন্তুলিত বল – যি দুটা বিপৰীতমুখী অসম বলে কোনো এটা স্থিতিশীল বস্তুক গতিশীল বা গতিশীল বস্তুক স্থিতিশীল অৱস্থাত আনিব পাৰে, সেইবোৰক অসন্তুলিত বল বুলি কোৱা হয় ।
2. গতিৰ প্রথম সুত্রটো লিখা।
উত্তৰঃ গতিৰ প্ৰথম সূত্রটো হ’ল – কোনো অসন্তুলিত বলে ক্রিয়া নকৰা পর্যন্ত স্থিতিশীল বস্তু স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তু গতিশীল অৱস্থাত সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব ।
3. গতিৰ প্রথম সূত্রই কিহৰ সম্পর্কে আভাস দিয়ে।
উত্তৰঃ জড়তা ।
4. জড়তা কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? প্রত্যেকৰে সংজ্ঞা দিয়া ।
উত্তৰঃ ৰৈ থকা বস্তু এটাই ৰৈ থাকিব বিচাৰে আৰু গতিশীল বস্তু এটাই গতি কৰি থাকিব বিচাৰে। বস্তুৰএই ধর্মক জড়তা বুলি কোৱা হয়।
জড়তা দুই প্ৰকাৰৰ। যেনে –
(i) স্থিতি জড়তা আৰু (ii) গতি জড়তা ।
(i) স্থিতি জড়তা – কোনোএটা স্থিতিশীল বস্তু স্থিতিশীল অৱস্থাত থকা প্ৰৱনতা বা ধৰ্মকে স্থিতিজড়তা বোলে।
(ii) গতি জড়তা – কোনো এটা গতিশীল বস্তু গতিশীল অৱস্থাত থকা প্ৰৱনতা বা ধৰ্মকে গতি জড়তা বোলে।
5.ভৰ কি ? ইয়াৰ S.I. একক কি ?
উত্তৰঃ ভৰ হৈছে কোনো এটা বস্তুৰ জড়তাৰ মাপ।
ইয়াৰ S.I. একক হল কিলোগ্রাম (Kg) ।
6. গতিৰ দ্বিতীয় সুত্রটো লিখা।
উত্তৰঃ গতিৰ দ্বিতীয় প্ৰথম সূত্রটো হ’ল – বস্তু এটাৰ ভৰবেগৰ পৰিবৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ দিশত তাৰ সমানুপাতিক।
7. গতিৰ দ্বিতীয় সুত্ৰই আমাক কিহৰ আভাস দিয়ে ?
উত্তৰঃ গতিৰ দ্বিতীয় সুত্রই আমাক কোনো এটা বস্তুৰ ওপৰত ক্রিয়া কৰা বলটোৰ জোখ দিয়ে অর্থাৎ বলৰ সংজ্ঞাৰ আভাস দিয়ে।
৪. ভৰবেগ কাক বোলে ? ইয়াৰ S.I. একক কি ?
উত্তৰঃ কোনো এটা বস্তুৰ ভৰ আৰু বেগৰ পূৰণফলকে ভৰ বেগ বুলি কোৱা হয়।
যদি কোনো এটা বস্তুৰ ভৰ ‘m’ আৰু বেগ ‘v’ হয় তেন্তে বস্তুটোৰ
ভৰবেগ (p) = ভৰ × বেগ
=> p = m v
ইয়াৰ S.I.একক হ’ল কিলোগ্রাম মিটাৰ প্রতি ছেকেণ্ড (kg m s–1)
9. প্রমান কৰা যে F = ma, য’ত m=ভৰ, a = ত্বৰণ, F = প্রয়োগ কৰা বল।
উত্তৰঃ
10. 1 নিউটন বল কাক বোলে ?
উত্তৰঃ যি বলে 1 kg বস্তুৰ ওপৰত ক্ৰিয়া কৰি 1 m s-2 ও ত্বৰণ সৃষ্টি কৰে তাকে বলৰ একক বা 1 নিউটন বুলি কোৱা হয়।
11. বলৰ S.I. একক কি ?
উত্তৰঃ kg m s–1 বা নিউটন (N) I
12. গতিৰ বিষয়ক তৃতীয় সূত্রটো লিখা ।
উত্তৰঃ গতিৰ বিষয়ক তৃতীয় সূত্রটো হ’ল – প্রতিটো ক্রিয়াৰে এটা সমান আৰু বিপৰীত প্রতিক্রিয়া থাকে। এই দুটাই দুটা ভিন্ন বস্তুৰ ওপৰত ক্রিয়া কৰে।
13. প্রতিক্ষেপ বেগ কাক বোলে ?
উত্তৰঃ আমি জানো যে প্রতিটো ক্রিয়াৰে এটা সমান আৰু বিপৰীত প্রতিক্রিয়া থাকে অর্থাৎ কোনো এটা বস্তু এটা দিশত ক্রিয়া কৰিলে যি বেগেৰে বিপৰীত দিশত প্রতিক্রিয়া কৰে। সেই বেগকে প্রতিক্ষেপ বেগ বোলে।
14. ভৰবেগৰ সংৰক্ষণ সুত্রটো লিখা।
উত্তৰঃ ভৰবেগৰ সংৰক্ষণ সুত্রটো হ’ল – কোনো এটা বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ, সংঘাতৰ পিছৰ মুঠ ভৰবেগৰ সমান ।
0 Comments