নিয়ন্ত্ৰণ আৰু সমন্বয়
(CONTROL AND COORDINATION)
প্ৰশ্নাৱলীঃ
Page No.1199
প্রশ্ন 1. প্রতীপ ক্রিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ প্রতীপ ক্রিয়া হ’ল কোনো উদ্দীপকৰ বিপৰীতে শৰীৰৰ স্বতঃস্ফূর্ত আৰু খৰতকীয়া অনৈচ্ছিক প্রতিক্রিয়া। এই ক্রিয়া মস্তিষ্কৰ নিৰ্দেশ অথবা নিয়ন্ত্রণ অবিহনে সম্পন্ন হয় আৰু ই স্নায়য়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্রণ হয়।
যেনে – (i) গৰম প্লেটত হাত পৰিলে হাতখন আঁতৰাই নিয়া কাৰ্যটো হ’ল প্রতীক ক্রিয়া।
(ii) খাদ্যৰ গোন্ধত মুখত লালটি সৰণ হোৱাটো প্ৰতীপ ক্ৰিয়া।
আনহাতে খোজকঢ়া হ’ল ঐচ্ছিক ক্ৰিয়া আৰু ই মস্তিষ্কৰ নিৰ্দেশ অথবা নিয়ন্ত্ৰণৰ দ্বাৰা সম্পন্ন হয় ইয়াক পশ্চাৎ মস্তিষ্কৰ এটা অংশ চেৰিবেলামে নিয়ন্ত্ৰণ কৰে।
প্রশ্ন 2. দুটা চৰনৰ মাজৰ সংযোগী পথ অথবা চাইনেপছত কি ঘটে ?
উত্তৰঃ এটা স্নায়ুকোষৰ এক্সনৰ শেষ প্রান্তীয় শাখা আৰু ইয়াৰ নিকটৱৰ্তী আন এটা স্নায়ুকোষৰ ডেনড্ৰাইটৰ মাজৰ অতি ক্ষুদ্ৰ সংযোগী পথ অথবা ফাকটোক চাইনেপছ বুলি কোৱা হয়। ইয়াৰ মাজেৰে স্নায়ুপ্ৰেৰণা নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে প্রবাহিত হয়। এই ৰাসায়নিক পদাৰ্থসমূহ এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা মুক্ত হয় আৰু এক্সনৰ পৰা স্নায়ুপ্ৰেৰণা চাইনেপছৰ মাজেদি পাৰ হৈ আন এটা স্নায়ুকোষৰ ডেনড্রাইটলৈ প্ৰেৰণ হয়।
প্রশ্ন 3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?
উত্তৰঃ পশ্চাৎ মস্তিষ্কৰ এটা অংশ চেৰিবেলামে দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে।
প্রশ্ন 4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?
উত্তৰঃ মানুহৰ মস্তিষ্কৰ মূখ্য চিন্তা-ভাবনাৰ অংশ হ’ল প্রমস্তিষ্ক। ইয়াৰ বিভিন্ন অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা সংবেদী স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে। ইয়াৰ উপৰিও ইয়াত বিভিন্ন স্থান যেনে- শ্রৱণ, ঘ্রাণ, দৃষ্টি আদি এলেকা থাকে। যেতিয়া ধূপকাঠিৰ গোন্ধ আমালৈ আহে তেতিয়া আমাৰ প্রমস্তিষ্কই ইয়াক ধৰা পেলায়, তেতিয়া ইয়াক শৰীৰৰ বিভিন্ন ইন্দ্ৰিয়ৰ পৰা অহা স্নায়ুপ্ৰেৰণা আৰু মস্তিষ্কত ইতিমধ্যে সঞ্চিত হৈ থকা বার্তাসমূহৰ লগত লগ লগাই একেলগে প্রমস্তিষ্কই বিশ্লেষণ কৰে। এনেকৈ আমি ধূপকাঠিৰ গোন্ধ লওঁ।
প্রশ্ন 5. প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি ?
উত্তৰঃ প্রতীপ ক্রিয়া হ’ল কোনো উদ্দীপকৰ বিপৰীতে শৰীৰ স্বতঃস্ফূর্ত আৰু খৰতকীয়া অনৈচ্ছিক প্রতীপ ক্রিয়া, যি মস্তিষ্কৰ নিৰ্দেশ অথবা নিয়ন্ত্রণ অবিহনে সম্পন্ন হয়।
আমাৰ শৰীৰৰ তাপ সংবেদী স্নায়ুবোৰ পেশীসঞ্চালন কৰা স্নায়ুৰ লগত সংযোগ হৈ থাকে। এনেধৰণৰ সংযোজক য’ত সংকেত স্নায়ুৰ পৰা গম পোৱা আৰু সোনকালে সহাৰি দিয়া কাৰ্য সমাধান হয়। ইয়াকে প্রতীপ ধনু বুলি কোৱা হয়। এই প্রতীপ ধনু সংযোজকবোৰ বহিঃস্নায়ু আৰু অন্তঃস্নায়ুৰ মাজত থাকে আৰু স্নায়ুৰজ্জুৰ এটা মুঠিত লগ লাগে। গতিকে প্রতীপ ধনুবোৰ স্নায়ৰজ্জুত গঠন হয়। মগজুৰ কেৱল সংকেত আৰু ঘটি যোৱা প্ৰতীপ ক্ৰিয়াহে সাৱধান কৰে।কিন্তু প্রতীপ ক্ৰিয়াত মগজুৰে কোনো ভূমিকা নাই অর্থাৎ স্নায়ুৰজ্জুয়েহে প্রতীপ ক্ৰিয়াৰ নিয়ন্ত্ৰণ কৰে।
প্ৰশ্নাৱলীঃ
Page No.122
প্রশ্ন 1. উদ্ভিদৰ সঞ্জীৱনী পদার্থবিলাক কি কি ?
উত্তৰঃ উদ্ভিদক বাহ্যিক উদ্দীপনাৰ প্ৰতি সহাৰি জনাবলৈ কিছুমান বাৰ্তাবাহক ৰাসায়নিক পদাৰ্থই নিয়ন্ত্ৰণ কৰে। এই পদার্থবিলাকে বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ লগত সমন্বয় ৰক্ষাত সহায় কৰে। উদ্ভিদৰ এই বার্তাবাহক ৰাসায়নিক পদার্থখিনিয়েই সঞ্জীৱনী পদার্থ বা উদ্ভিদ হৰম’ন বোলে।
অথবা
উদ্ভিদক বাহ্যিক উদ্দীপনাৰ প্ৰতি সহাৰি জনাবলৈ কিছুমান বার্তাবাহক ৰাসায়নিক পদাৰ্থই নিয়ন্ত্ৰণ কৰে। উদ্ভিদৰ এই বার্তাবাহক ৰাসায়নিক পদার্থখিনিয়েই সঞ্জীৱনী পদার্থ অথবা উদ্ভিদ হৰম’ন বোলে।
উদ্ভিদৰ দেহত এই পদার্থবিলাক প্রাকৃতিকভাৱে সংশ্লেষিত হয় ই প্ৰধানকৈ পাঁচবিধ –
(i) অক্সিন (ii) জিবাৰেলিন (iii) চাইট’কাইনিন (iv) এবচাইচিচ এছিড (v) ইথিলিন।
সিহঁতৰ কাৰ্যসমূহ –
(i) অক্সিন – ই কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে।
(ii) জিবাৰেলিন – ই কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে।
(iii) চাইট’কাইনিন – ই কোষ বিভাজনত সহায় কৰে।
(iv) এবচাইচিচ এছিড – ই কোষৰ বৃদ্ধি আৰু বিভাজনত বাধা দিয়ে অর্থাৎ উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে।
(v) ইথিলিন – ই ফল পকাত সক্ৰিয় অংশ গ্ৰহণ কৰে আৰু পাত সৰা কাৰ্য দ্ৰুততৰ কৰে।
প্রশ্ন 2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে ?
উত্তৰঃ নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো স্পর্শ অথবা উত্তেজনাৰ বাবেহে সহাৰি জনায়। এইবিধ চলন বৃদ্ধি অথবা বিকাশৰ লগত জড়িত নহয়।
আনহাতে কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা ঘটনাটো বৃদ্ধিৰ লগত জড়িত।
প্রশ্ন 3. উদ্ভিদৰ বৃদ্ধিত অহিৰণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।
উত্তৰঃ অক্সিন।
প্রশ্ন 4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে ?
উত্তৰঃ অক্সিন উদ্ভিদৰ কাণ্ড আৰু মূলৰ অগ্ৰস্থ ভাজক কলাৰ কোষত সংশ্লেষণ হয়, যিয়ে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে ।
যেতিয়া কোনো এটা আকর্ষ কোনো এটা আধাৰত স্পৰ্শ কৰে, তেতিয়া আকৰ্ষৰ অগ্রঅংশত সংশ্লেষিত হোৱা অক্সিন পোহৰ নপৰা কাণ্ডৰ অংশলৈ ব্যাপন ঘটে আৰু পোহৰ নপৰা কাণ্ডৰ অংশত কোষৰ খৰতকীয়া বৃদ্ধিৰ বাবে উত্তেজনা কৰি তুলে। ফলত আধাৰত লাগি নথকা অংশটো খৰকৈ বৃদ্ধি হয় আৰু আকৰ্ষডালে আধাৰত পাক খাই ওপৰলৈ বগাই যাব পাৰে।
প্রশ্ন 5. জলানুবেগীৰ (Hydrotropism) পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা।
উত্তৰঃ
পোনপ্ৰথমে দুটা সৰু বিকাৰ লৈ A আৰু B লেবেল লগোৱা হ’ল আৰু বিকাৰ Aত পানী ভৰোৱা হ’ল। এতিয়া ফ্লিটাৰ কাগজ মেৰিয়াই এটা নলী সজাই বিকাৰ A আৰু B ৰ মাজত চিত্ৰত দেখুওৱাৰ দৰে ৰখা হ’ল। যাতে বিকাৰ A ৰ পানীত নলীডাল সংস্পর্শ ঘটে। দুই তিনিটা সদ্য অংকুৰিত উৰহীৰ বীজ নলীৰ মাজত ৰখা হ’ল । এতিয়া এই গোটেই ব্যৱস্থাকে এটা স্বচ্ছ প্লাষ্টিক পাত্রৰে ঢাকি থোৱা হ’ল যাতে নলীডালৰ সেমেকা অটুট হৈ থাকে।
পর্যবেক্ষণ – দুই-তিনিদিনৰ পাছত দেখা পালো যে অংকুৰিত বীজৰ শিপা বিকাৰ A ৰ ফালে বৃদ্ধি হৈছে। এই পৰীক্ষাই জলানুবেগী চলনৰ প্ৰমাণ দিয়ে।
প্ৰশ্নাৱলীঃ
Page No.122
প্রশ্ন 1. প্রাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয় ?
উত্তৰঃ প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় হৰম’নৰ দ্বাৰা সংঘটিত হয়। প্রাণীদেহত থকা বিভিন্ন অন্তঃস্ৰাৱী গ্রন্থিবোৰে বিভিন্ন ধৰণৰ হৰম’ন নিঃসৰণ কৰে। এই গ্রন্থিবোৰে ক্ষৰণ কৰা হৰম’নসমূহ পোনপটিয়াকৈ তেজৰ লগত মিহলি হৈ যায় আৰু দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায় আৰু নিৰ্দিষ্ট কার্যকৰী লক্ষ্য অংগ বা নির্দিষ্ট কোষ কলাত ক্ৰিয়া কৰে।
প্রশ্ন 2. আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক ?
উত্তৰঃ থাইৰয়েড গ্রন্থিয়ে থাইৰক্সিন হৰম’ন প্ৰস্তুত কৰিবৰ বাবে আয়ডিনৰ প্ৰয়োজন হয়। দেহৰ কাৰ্বহাইড্রেট, প্ৰটিন আৰু চৰ্বীৰ বিপাকীয় ক্রিয়া থাইৰক্সিন হৰমনে নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ ফলত দেহৰ বৃদ্ধি সমতা ৰক্ষাত সহায় কৰে। আমাৰ শৰীৰত আয়ডিনৰ পৰিমাণ হ্ৰাস হ’লে থাইৰক্সিন হৰম’নৰ সংশ্লেষণ কমকৈ হ’ব। যদি আমাৰ শৰীৰত এই হৰম’নৰ অভাৱ হয় তেন্তে থাইৰয়েড গ্রন্থি ডাঙৰ হ’ব ধৰে। ফলত গৰল ৰোগত ভূগে আৰু ডিঙিটো ওফন্দি ফুলি যায়। সেইকাৰণে আয়ডিনৰ পুষ্ট লৱণ খোৱাটো আৱশ্যক।
প্রশ্ন 3. আমাৰ দেহৰ তেজত এড্রিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্রতিক্রিয়া হয় ?
উত্তৰঃ আমাৰ দেহৰ অধিবৃক্ক গ্রন্থিয়ে পোনপটীয়াকৈ তেজত এড্রিনেলিন নিঃসৰণ কৰে আৰু দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়। এই হৰম’নবিধে নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগ বা নির্দিষ্ট কোষকলাত ক্ৰিয়া কৰে। ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায়। ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। ধমনীবোৰক আগুৰি থকা পেশীবোৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰ আৰু চালত তেজৰ প্ৰবাহ কমি যায়। ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্রবাহিত হয়। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলোবিলাক সহাৰি একেলগ হৈ কোনো এটা কাৰ্য সম্পাদন হয়।
প্রশ্ন 4. কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?
উত্তৰঃ ডায়বেটিচ হ’ল এবিধ ৰোগ য’ত তেজত গ্লক’জৰ পৰিমাণ যথেষ্ট বাঢ়ি যায়। অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম’ন ইনচুলিনে তেজত গ্লুক’’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেইকাৰণে কিছুমান ডায়বেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়ে।
অনুশীলনী:
Page No.125
প্রশ্ন 1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ ?
(a) ইনচুলিন
(b) থাইৰ ক্সিন
(c) অ’ৱেষ্টজেন
(d) চাইট’কাইনিন
উত্তৰঃ (d) চাইট’কাইনিন
প্রশ্ন 2. দুটা নিউৰণৰ মাজৰ ফাঁকটোক কি বুলি কয় ?
(a) ডেনড্রাইট
(b) চাইনেপচ্
(c) এক্সন
(d) প্ৰেৰণা
উত্তৰঃ (b) চাইনেপচ্
প্রশ্ন 3. মগজুৱে কি কাম কৰে ?
(a) ভাৱ আৰু চিন্তা কৰা
(b) হৃদপিণ্ড স্পন্দন নিয়ন্ত্রণ
(c) দেহৰ সমতা ৰক্ষা
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
প্রশ্ন 4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি ? গ্রাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন।ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে ?
উত্তৰঃ আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম তলত দিয়া হ’ল –
(i) সিহঁতে বাহ্যিক উত্তেজনা অথবা পৰিৱেশৰ যেনে- উত্তাপ, বেদনা অথবা বিষৰ অনুভূতি দিয়ে বা অনুভৱ কৰায়।
(ii) সিহঁতে সংজ্ঞাবাহী স্নায়ুকোষত স্নায়ুপ্ৰেৰণা যোগাই তুলে যিয়ে বার্তাসমূহ স্নায়ুৰজ্জুহৈ মগজুলৈ প্ৰেৰণ কৰে।
যেতিয়া আমাৰ দেহত গ্রাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে মগজুলৈ যোৱা বাহ্যিক উত্তেজনাৰ বাৰ্তা অথবা সংকেতৰ অনুভূতি নহব। ফলত প্রাণীদেহত বিপাকীয় কার্যসমূহ নিয়ন্ত্ৰণ আৰু সমন্বয়ত ব্যাঘাত জন্মিব। যেনে – আমাৰ দেহৰ গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰাৰ ক্ষেত্ৰত যদি আমি এটা গৰম বস্তু স্পৰ্শ কৰো তেন্তে আমাৰ হাতখন জ্বলিব পাৰে কিয়নো যথোপযুক্তভাৱে কাম নকৰা গ্ৰাহক অংগই বাহ্যিক উত্তাপ অথবা গৰম ধৰা পেলাব নোৱাৰে।
প্রশ্ন 5. নিউৰণ গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কাৰ্য বৰ্ণনা কৰা।
উত্তৰঃ নিউৰণ হ’ল স্নায়ুতন্ত্ৰৰ গঠন আৰু কাৰ্যৰ একক। নিউৰণবোৰ কোষদেহ, এক্সন আৰু ডেনড্রাইটেৰে গঠিত ।
নিউৰণৰ কাৰ্য – নিউৰণৰ তিনিটা অংশৰ কাৰ্যসমূহ হ’ল –
(i) এক্সন – এক্সনৰ মাজেদি বৈদ্যুতিক প্ৰেৰণা ইয়াৰ শেষ প্রান্তত আন এটা নিউৰণলৈ প্ৰেৰণ কৰে ৷
(ii) ডেনড্রাইট – ডেনড্রাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ুবার্তা অথবা উদ্দীপনা সংগ্ৰহ কৰি বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত দেহকোষলৈ প্ৰেৰণ কৰে ।
(iii) কোষদেহ – কোষদেহ প্ৰধানকৈ নিউৰণৰ বৃদ্ধি আৰু ব্যৱস্থাপনাৰ লগত জড়িত।
এনেকৈ নিউৰণবোৰৰ মাজেদি বৈদ্যুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ প্ৰেৰণ হয়।
প্রশ্ন 6. উদ্ভিদৰ পোহৰানুবেগী প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় ?
উত্তৰঃ উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত গতি কৰে আৰু শিপা পোহৰৰ বিপৰীত দিশত গতি কৰে। উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত গতি হোৱাটো অক্সিনৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। অক্সিন কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষণ হয়। ই কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। যেতিয়া উদ্ভিদজোপালৈ এটা ফালৰ পৰাহে পোহৰ উপলব্ধ হয় তেতিয়া অক্সিনৰ পোহৰ নপৰা কাণ্ডৰ অংশলৈ ব্যাপন ঘটে আৰু অক্সিনৰ গাঢ়তাই তাত থকা কোষবিলাক দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায়। ইয়াৰ ফলত উদ্ভিদৰ কাণ্ড পোহৰ ফালে গতি কৰিবলৈ ভাঁজ লয়।
প্রশ্ন 7. স্নায়ুৰজ্জুত আঘাট হ’লে কেনে বাৰ্তাত ব্যাঘাট ঘটে ?
উত্তৰঃ আমাৰ দেহৰ বহিঃস্নায়ু আৰু অন্তঃস্নায়ুৰ মাজত থকা প্ৰতীপ ধনুৰ সংযোজকবোৰ স্নায়ুৰজ্জুৰ এটা মুঠিত লগ লাগে। প্ৰকৃততে আমাৰ দেহৰ বিভিন্ন অংগৰ পৰা অহা স্নায়ুবোৰ লগ লাগি স্নায়ুৰজ্জু গঠন হৈ মগজুলৈ যায়। গতিকে স্নায়ুৰজ্জুত আঘাট হ’লে স্নায়ুবোৰৰ পৰা অহা সংকেতৰ লগত সংগ্রহী অথবা সংবেদীবোৰলৈ অহা সংকেতবোৰৰ ব্যাঘাত জন্মিব।
প্রশ্ন ৪. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ?
উত্তৰঃ প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় স্নায়ুতন্ত্ৰ আৰু পেশীৰ কলাৰ সহায়ত সংঘটিত হয়। কিন্তু উদ্ভিদৰ কোনো স্নায়ুতন্ত্র অথবা পেশীয় কলা নাই। উদ্ভিদে চলন বা গতি দেখুৱাই উদ্দীপনাৰ অথবা স্পৰ্শৰ প্ৰতি সহাৰি দিয়ে। উদ্ভিদৰ বৃদ্ধি, বিকাশ, চলন আৰু পৰিৱেশৰ প্ৰতি অথবা বাহ্যিক উদ্দীপনাৰ সহাৰি নিয়ন্ত্ৰণ আৰু সমন্বয় উদ্ভিদৰ দেহতে সংশ্লেষিত হোৱা কিছুমান বার্তাবাহক ৰাসায়নিক পদাৰ্থ হৰম’নৰ দ্বাৰা সংঘটিত হয়। এই হৰম’নবিলাক উদ্ভিদৰ এটা অংশত (অংগত) সংশ্লেষিত হয়। ই ফ্লৱেম কলাৰ দ্বাৰা ব্যাপন প্ৰক্ৰিয়াৰে আন প্ৰয়োজনীয় অংশবিলাকলৈ পৰিবাহিত হয়। উদ্ভিদৰ প্ৰধান পাঁচবিধ হৰম’নবিলাক হ’ল – (i) অক্সিন (ii) জিবাৰেলিন (iii) চাইটকাইনিন (iv) এবচাইচিচ এছিড (v) ইথিলিন।
এই হৰম’ন বিলাকৰ ভিতৰত কিছুমানে যেনে- অক্সিন, জিবাৰেলিন, চাইট’কাইনিন আৰু ইথিলিনে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায় আন আন কিছুমান যেনে – এবচাইচিচ এছিডে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে।
প্রশ্ন 9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্রয়োজন ?
উত্তৰঃ জীৱৰ বিভিন্ন তন্ত্ৰসমূহৰ সমন্বয়ত ইহঁতৰ জীৱন প্ৰক্ৰিয়া চলি থাকে। বিভিন্ন তন্ত্ৰসমূহৰ কাম কাজ নিয়ন্ত্ৰণ কৰিবলৈ জীৱদেহত আন এক তন্ত্র সমন্বিত হৈ থাকে। প্রাণীদেহত স্নায়ুতন্ত্র অথবা স্নায়ুকলা আৰু পেশীকলাৰ দ্বাৰা নিয়ন্ত্ৰণ আৰু সমন্বয় কার্য সমাধান কৰে। এই স্নায়ুতন্ত্ৰৰ দ্বাৰা বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশৰ সকলো বাৰ্তা অথবা উত্তেজনাসমূহ অনুভৱ কৰি নিৰ্দিষ্ট অংগৰ দ্বাৰা সহাৰি দিয়ে। এই কাৰণে জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ প্ৰয়োজন।
প্রশ্ন 10. ঐচ্ছিক ক্রিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা ?
উত্তৰঃ ঐচ্ছিক ক্রিয়া মস্তিষ্কৰ নিৰ্দেশ অথবা নিয়ন্ত্ৰণৰ দ্বাৰা সম্পন্ন হোৱা প্ৰতিক্ৰিয়া আৰু ইয়াক পশ্চাৎ মস্তিস্কৰ এটা অংশ, চেৰিবেলামে নিয়ন্ত্ৰণ কৰে ।
যেনে – খোজকঢ়া হ’ল ঐচ্ছিক ক্রিয়া।
প্রতীপ ক্রিয়া হ’ল কোনো উদ্দীপকৰ বিপৰীতে শৰীৰৰ স্বতঃস্ফূর্ত আৰু খৰতকীয়া অনৈচ্ছিক প্ৰতিক্ৰিয়া। ই মস্তিস্কৰ নিৰ্দেশ অথবা নিয়ন্ত্রণ অবিহনে সম্পন্ন হয়। ই স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। যেনে – খাদ্যৰ গোন্ধত মুখত লালটি সৰণ হোৱাটো প্রতীপ ক্রিয়া।
প্রশ্ন 11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা।
উত্তৰঃ প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজত তুলনা তলত দিয়া হ’ল –
স্নায়ুতন্ত্ৰৰ নিয়ন্ত্ৰণ আৰু সমন্বয় –
(i) ইয়াৰ বাৰ্তাসমূহ অথবা সংকেত সমূহ বিদ্যুৎ প্ৰেৰণাৰ ৰূপত প্ৰেৰণ কৰে।
(ii) ইয়াৰ বাৰ্তাৰ প্ৰেৰণ আৰু প্ৰতিক্ৰিয়া বা সহাৰি জনোৱা কাৰ্য অতি খৰতকীয়া।
(iii) ইয়াৰ প্ৰভাৱবোৰ ক্ষন্তেকীয়া।
(iv) ইয়াৰ বাৰ্তাৰ প্ৰেৰণ এক্সন আৰু ডেনড্রাইটৰ মাজেৰে সংঘটিত হয়।
হৰম’নৰ নিয়ন্ত্ৰণ আৰু সমন্বয় –
(i) ইয়াৰ বাৰ্তাসমূহ ৰাসায়নিক বাহকৰ ৰূপত প্ৰেৰণ কৰে।
(ii) ইয়াৰ বাৰ্তাৰ প্ৰেৰণ আৰু প্ৰতিক্ৰিয়া বা সহাৰি জনোৱা কাৰ্য ক্ষীপ্ৰতাৰে অথবা অতি মন্থৰ গতিত হয়।
(iii) ইয়াৰ প্ৰভাৱবোৰ দীৰ্ঘস্থায়ী।
(iv) ইয়াৰ বাৰ্তাৰ প্ৰেৰণ তেজৰ মাজেৰে সংঘটিত হয় ।
প্রশ্ন 12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পার্থক্য কি ?
উত্তৰঃ নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পার্থক্য তলত দিয়া হ’ল –
নিলাজী বনৰ পাতৰ চলন –
(i) এই চলন উত্তেজনা অথবা স্পৰ্শৰ বাবেহে সহাৰি দিয়ে।
(ii) এইবিধ চলনৰ বাবে বার্তাসমূহ বা সংকেত সমূহ এটা কোষৰ পৰা আন এটা কোষলৈ বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি সংযোগ স্থাপন কৰে।
(iii) এইবিধ চলনৰ বাবে উদ্ভিদ কোষত থকা পানীৰ তাৰতম্যৰ যোগেদি কোষৰ আকাৰ সলনি কৰে ।
আমাৰ ভৰিৰ চলন –
(i) আমাৰ ভৰিৰ চলন হ’ল ঐচ্ছিক ক্রিয়া।
(ii) এইবিধ চলনৰ বাবে বার্তাসমূহ মস্তিষ্কলৈ আৰু মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰণ
কৰে।
(iii) এইবিধ চলনৰ বাবে প্ৰাণীয়ে অথবা আমাৰ পেশীয় কলাত থকা এটা বিশেষ প্রটিনৰ সহায়ত কোষৰ আকাৰ সলনি কৰে।
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন 1. স্নায়ুকোষ অথবা নিউৰন কি ?
উত্তৰঃ নিউৰন হ’ল স্নায়ুতন্ত্ৰৰ গঠন আৰু কাৰ্যৰ একক। নিউৰনবোৰ কোষদেহ, এক্সন আৰু ডেনড্রাইটেৰে গঠিত।
প্রশ্ন 2. সংবেদী স্নায়ুকোষ কি ?
উত্তৰঃ বাহ্যিক পৰিৱেশৰ সকলো বার্তা অথবা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত এবিধ বিশেষ কোষ থাকে। ইয়াক সংবেদী স্নায়ুকোষ বোলে।
প্রশ্ন 3. আমাৰ মস্তিস্কৰ বিভিন্ন অংশসমূহ কি কি ? ইয়াৰ কাৰ্য্যসমূহ আলোচনা কৰা।
উত্তৰঃ আমাৰ মস্তিস্কৰ বিভিন্ন অংশসমূহ হ’ল –
(i) প্রমস্তিষ্ক (ii) মধ্যমস্তিষ্ক আৰু (iii) পশ্চাৎ মস্তিষ্ক।
কার্যঃ প্রমস্তিষ্ক হ’ল মস্তিষ্কৰ মূখ্য চিন্তা-ভাৱনাৰ অংগ। ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে। ইয়াৰ উপৰিও বিভিন্ন স্থান যেনে – শ্ৰৱণ, ঘ্রাণ, দৃষ্টি আদি এলেকা থাকে। অনৈচ্ছিক কার্য মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও পশ্চাৎ মস্তিষ্কৰ চেৰিবেলাম অংশই দেহৰ লৰচৰ আৰু সমতা ৰক্ষাত অংশ লয়।
প্রশ্ন 4. পোহৰানুবেগী, জলানুবেগী, ভূ-কেন্দ্ৰাবেগী আৰু কেম’ট্ৰপিজিম চলন কি ?
উত্তৰঃ পোহৰানুবেগী – যদি উদ্ভিদৰ চলন অথবা বৃদ্ধি পোহৰৰ উৎসৰ বাবে অথবা পোহৰৰ ফালে ঘটে, তেন্তে এইধৰণৰ চলনক পোহৰানুবেগী চলন বোলে।
জলানুবেগী – যদি উদ্ভিদৰ চলন অথবা বৃদ্ধি পানীৰ উৎসৰ বাবে পানীৰ ফালে ঘটে, তেন্তে এই ধৰণৰ চলনক জলানুবেগী বোলে।
ভূ-কেন্দ্রাবেগী – যদি উদ্ভিদৰ চলন অথবা বৃদ্ধি মধ্যাকৰ্ষণিক বলৰ প্ৰভাৱত ঘটে, তেন্তে এই ধৰণৰ চলনক ভূ-কেন্দ্ৰাবেগী চলন বোলে।
শিপাৰ অধোমুখী চলনক ধনাত্মক ভূ-কেন্দ্রাবেগী চলন বোলে আনহাতে কাণ্ডৰ ঊৰ্ধমুখী চলনক ঋনাত্মক ভূ-কেন্দ্রাবেগী চলন বুলি কোৱা হয়।
কেমট্ৰপিজিম বা ৰাসানুবেগী – যদি উদ্ভিদৰ চলন অথবা বৃদ্ধি ৰাসায়নিক উদ্দীপকৰ দিশত ঘটে তাকে কেম’ট্রপিজিম চলন বোলে।
যেনে – ডিম্বকৰ দিশে পৰাগ নলীকাৰ গতি।
প্রশ্ন 5. আমাৰ অন্তঃস্রাবী গ্রন্থিয়ে নিঃসৰণ কৰা কেইটামান হৰম’নৰ নাম লিখা।
উত্তৰঃ (i) অধিবৃক্ক গ্রন্থিয়ে এড্রিনেলিন নামৰ হৰম’ন নিঃসৰণ কৰে।
(ii) থাইৰয়েড গ্রন্থিয়ে থাইৰক্সিন নামৰ হৰম’ন নিঃসৰণ কৰে।
(iii) পিটুইটাৰী গ্ৰন্থিয়ে দেহবৰ্ধনকাৰী হৰম’ন নিঃসৰণ কৰে।
(iv) অগ্নাশয় গ্রন্থিয়ে ইনচুলিন নামৰ হৰম’ন নিঃসৰণ কৰে।
প্রশ্ন 6. ফিড-বেক পদ্ধতি কি ?
উত্তৰঃ যি পদ্ধতিৰ দ্বাৰা দেহৰ হৰম’ন নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ হয় তাকে ফিড-বেক পদ্ধতি বোলে।
যেনে – তেজত গ্লু’কজৰ মাত্ৰা বাঢ়ি গ’লে অগ্নাশয় কোষে বেছিকৈ ইনচুলিন নিঃসৰণ কৰে। যদি তেজত গ্লুক’জৰ মাত্ৰা কমে তেতিয়া ইনচুলিনৰ নিঃসৰণ কমি যায় ।
0 Comments