জীৱন প্ৰক্ৰিয়া

( LIFE PROCESS)

প্রশ্নাৱলীঃ

Page No.95

প্রশ্ন 1. মানুহকে ধৰি অন্যান্য বহুকোষী জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পর্যাপ্ত নহয় ?

উত্তৰঃ বহুকোষী জীৱৰ ক্ষেত্ৰত সকলোবিলাক কোষ প্রত্যক্ষভাৱে চাৰিওকাষৰ পৰিৱেশৰ লগত সংস্পৰ্শত নাথাকে। সেইকাৰণে শৰীৰত প্ৰত্যেক কোষে অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰাটো পৰ্যাপ্ত নহয়। সেইকাৰণে মানুহকে ধৰি অন্যান্য বহুকোষী জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো পর্যাপ্ত নহয়।

প্রশ্ন 2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম ?

উত্তৰঃ যদি কোনো এটা জীৱৰ জীৱন প্ৰক্রিয়া চলি থাকে যেনে – উশাহ-নিশাহ চলি থাকে, তেন্তে জীৱটো জীৱিত বুলি ঠাৱৰ কৰিম। আনহাতে, কোনো এটা জীৱৰ জীৱন প্রক্রিয়া চলি নাথাকে যেনে – উশাহ-নিশাহ চলি নাথাকে, তেন্তে জীৱটো মৃত বুলি ঠাৱৰ কৰিম।

প্রশ্ন 3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয় ?

উত্তৰঃ খাদ্য, অক্সিজেন, পানী আদি জীৱই বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়।

প্রশ্ন 4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্রক্রিয়াক অতি প্রয়োজনীয় বুলি গণ্য কৰিবা ?

উত্তৰঃ জীৱৰ জীৱন বৰ্তি থাকিবলৈ পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন আদি প্রক্রিয়াবিলাক অতি প্রয়োজনীয় বুলি গণ্য কৰা হয়।

প্রশ্নাৱলীঃ

Page No.101

প্রশ্ন 1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি ?

উত্তৰঃ স্বপোষিত পুষ্টি – যি ধৰণৰ পুষ্টিত জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল’ব পাৰে তাকে স্বপোষিত পুষ্টি বোলে।

যেনে – সেউজীয়া উদ্ভিদৰ ক্ষেত্ৰত স্বপোষিত পুষ্টি সংঘটিত হয়।

পৰপোষিত পুষ্টি – যি পুষ্টিত জীৱই উদ্ভিদ জগত অথবা প্রাণীজগতৰ পৰা পোনে পোনে জৈৱিক আহাৰ আহৰণ কৰি পুষ্টি লাভ কৰে তাকে পৰপোষিত পুষ্টি বোলে।

যেনে – প্ৰাণীৰ ক্ষেত্ৰত পৰিপোষিত পুষ্টি সংঘটিত হয়।

অথবা

স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পার্থক্য তলত দিয়া হ’ল –

স্বপোষিত পুষ্টি –

(i) যি ধৰণৰ পুষ্টিত জীৱই নিজৰ আহাৰ নিজে প্রস্তুত কৰি লব পাৰে তাক স্বপোষিত পুষ্টি বোলে।

(ii) সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ প্রয়োজন হয়।

(iii) সেউজীয়া উদ্ভিদৰ ক্ষেত্ৰত ঘটে।

(iv) পত্ৰহৰিৎ (ক্লৰ’ফিল) আৰু সূৰ্য ৰশ্মিৰ প্ৰয়োজন হয় ।

পৰপোষিত পুষ্টি –

(i) যি পুষ্টিত জীৱই উদ্ভিদ জগত বা প্রাণীজগতৰ বাবে পোনে পোনে জৈৱিক আহাৰ আহৰণ কৰি পুষ্টি লাভ কৰে তাক পৰপোষিত পুষ্টি বোলে।

(ii) সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ প্রয়োজন নহয়।

(iii) প্ৰাণীৰ ক্ষেত্ৰত ঘটে।

(iv) পত্ৰহৰিৎ আৰু সূৰ্য ৰশ্মিৰ প্রয়োজন নহয়।

প্রশ্ন 2. সালোক সংশ্লেষণত প্রয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায় ?

উত্তৰঃ সালোক সংশ্লেষণৰ প্ৰয়োজনীয় প্ৰতিটো উপাদান কেইটা হ’ল – পানী, কার্বন- ডাই-অক্সাইড, সূৰ্যৰ ৰশ্মি আৰু পত্ৰহৰিৎ।

পানী – উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী শোষণ কৰি পাতত আনে।

কার্বন-ডাই-অক্সাইড – উদ্ভিদৰ পাতৰ পত্ৰৰন্ধৰ সহায়ত বায়ুমণ্ডলৰ পৰা শোষণ কৰি পাতত আনে।

সূৰ্যৰ ৰশ্মি – উদ্ভিদৰ পাতৰ পত্ৰহৰিৎৰ সহায়ত সূৰ্যৰ তাপ শোষণ কৰি লয়।

পত্ৰহৰিৎ – ই উদ্ভিদৰ পাতত পোৱা যায়।

প্রশ্ন 3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি ?

উত্তৰঃ আমাৰ পাকস্থলীত পাকস্থলী গ্রন্থিয়ে নিসৰণ কৰা পাচক ৰসত হাইড্ৰ’ক্লৰিক এছিড (HCI), পেপচিন আৰু শ্লেষ্মা নামৰ প্ৰটিন উৎসেচক থাকে। এই হাইড্ৰ’ক্লৰিক এছিডৰ কাম হ’ল –

(i) এই হাইড্ৰ’ক্লৰিক এছিড থকাৰ বাবেই পাকস্থলীৰ ৰস তীব্র অম্লিক ধর্মীয় হয়।

(ii) হাইড্ৰ’ক্লৰিক এছিডে পেপচিনৰ কাৰ্যত সহায় কৰে।

(iii) হাইড্ৰ’ক্লৰিক এছিডে খাদ্যত মিহলি হৈ থকা বীজাণু ধ্বংস কৰে।

প্রশ্ন 4. পাচক উৎসেচকৰ কাৰ্য কি ?

উত্তৰঃ পাচক উৎসেচক যেনে – এমাইলেজ, লাইপেজ, পেপচিন, ত্ৰিপচিন ইত্যাদিৰ সহায়ত খাদ্যৰ জটিল অংশ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে। খাদ্যৰ এই সৰল ৰূপ তেজে সহজে শোষণ কৰিব পাৰে আৰু শৰীৰৰ সকলো কোষত পৰিবহন কৰে।

এমাইলেজ – আমাৰ লালটিত থকা পাচক উৎসেচকবিধৰ নাম হ’ল এমাইলেজ। ইয়াৰ সহায়ত মুখগহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তিত হয়।

পেপচিন – ই পাকস্থলীৰ পাচক ৰসত থাকে আৰু খাদ্যৰ প্ৰটিন অংশ পাচন কৰে।

লাইপেজ আৰু ত্ৰিপচন – অগ্নাশয় ৰসত লাইপেজ আৰু ত্ৰিপচিন থাকে। লাইপেজে চৰ্বিৰ অংশ পাচন কৰে আৰু ত্ৰিপচিনে প্রটিন অংশ পাচন কৰে।

প্রশ্ন 5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় ?

উত্তৰঃ ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক থাকে। এই প্রবর্ধবোৰক ভিলাই বুলি কোৱা হয়। ভিলাইবোৰ ক্ষুদ্ৰান্তৰ অন্তঃ আৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ভিলাইবোৰ ৰক্তবাহী জালিকাৰে আৱেষ্টিত থাকে। এই ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে।

প্রশ্নাৱলীঃ

Page No.105

প্রশ্ন 1. শ্বাস-প্রশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি ?

উত্তৰঃ স্থলচৰ প্ৰাণীবোৰ বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্রহণ কৰিব পাৰে কিন্তু জলচৰ প্ৰাণীবোৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনহে শোষণ কৰিব পাৰে । যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামুলকভাৱে কম। সেইকাৰণে জলচৰ প্ৰাণী স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয়।

প্রশ্ন 2. কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ জাতি হৈ শক্তি উৎপন্ন হয় ?

উত্তৰঃ জীৱৰ দেহত পোনপ্ৰথমে গ্লুক’জ অণু কোষপ্রৰসত সম্পূৰ্ণৰূপে ভাঙি তিনিটা কাৰ্বনযুক্ত পাইৰুভেত অণুৰ সৃষ্টি হয়। পাছত পাইৰুভেত অণু বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি শক্তি উৎপন্ন হয় ।

ইষ্টৰ ক্ষেত্ৰত পাইৰুভেত অণু অক্সিজেনৰ অনুপস্থিতিত গ্লুক’জ অণু সম্পূৰ্ণৰূপে ভাঙি ইথাইন, এলকহল (ইথানল), কার্বন-ডাই-অক্সাইড আৰু শক্তি উৎপন্ন হয়।

মানুহৰ দেহৰ কোষত পাইৰুভেত অণু কম পৰিমাণৰ অক্সিজেনৰ উপস্থিতিত অথবা অক্সিজেনৰ অনুপস্থিতিত সম্পূৰ্ণৰূপে ভাঙি লেক্টিক এছিড আৰু শক্তি হয়।

মাইটকেন্দ্ৰীয়াত পাইৰুভেত অণু সম্পূৰ্ণৰূপে ভাঙি কার্বন-ডাই-অক্সাইড পানী আৰু শক্তি উৎপন্ন হয়।

 

প্রশ্ন 3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয় ?

উত্তৰঃ মানুহৰ দেহত হিম’গ্লবিনে কোষীয় শ্বসনৰ বাবে দেহৰ সকলো কোষলৈ অক্সিজেন পৰিবহন কৰে। শ্বাস-প্ৰশ্বাসৰ সহায়ত প্ৰাপ্ত হোৱা অক্সিজেন ব্যাপন প্ৰক্ৰিয়াৰে হাঁওফাওৰ বায়ুকোষৰ পৰা ৰক্ত কেশিকাত প্ৰৱেশ কৰে। পিছত অক্সিজেনৰ প্ৰতি হিম’গ্লবিনৰ সৃষ্টি কৰে। ফলত তেজ অক্সিজেনযুক্ত হৈ শৰীৰৰ বিভিন্ন কোষীয় শ্বসনত ব্যৱহাৰ হয় আৰু উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড শৰীৰৰ বিভিন্ন কোষৰ পৰা ব্যাপন প্ৰক্ৰিয়াৰে তেজলৈ ওলাই আহে। এইদৰে শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা কার্বন ডাই অক্সাইড হাঁওফাওৰ বায়ুকোষত এৰি দিয়ে আৰু নিশাহৰ সহায়ত কার্বন ডাই অক্সাইড হাঁওফাওৰ পৰা ওলাই দিয়ে।

প্রশ্ন 4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাঁওফাও কিদৰে গঠিত হৈছে ?

উত্তৰঃ মানুহৰ হাঁওফাওৰ বায়ুকোষ আৰু তেজৰ মাজত গেছৰ বিনিময় ঘটে।এই বায়ুকোষবিলাক ক্ষুদ্র ক্ষুদ্ৰ বেলুন সদৃশ অংগ আৰু অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে।আমি উশাহ লোৱাৰ সময়ত আমাৰ কামিহাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছদখন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ইয়াৰ ফলত হাঁওফাওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে। এই বায়ুকোষবিলাকে গেছৰ বিনিময়ৰ কাৰণে পৃষ্ঠকালি বঢ়াই দিয়ে। ফলত শ্বাস-প্রশ্বাস প্ৰক্ৰিয়াটো আৰু অধিক দক্ষতা প্রদান কৰে।

প্রশ্নাৱলীঃ

Page No.110

প্রশ্ন 1. মানুহৰ পৰিবহন তন্ত্ৰৰ মূখ্য ভাগ কেইটা কি কি ? ইয়াৰ কাৰ্যসমূহ কি কি ?

উত্তৰঃ মানুহৰ পৰিবহন তন্ত্ৰৰ মূখ্য ভাগ কেইটা হ’ল –

(i) হৃদযন্ত্র

(ii) তেজ

(iii) ৰক্ত নলীকা

ইয়াৰ কাৰ্যসমূহ হ’ল –

(i) হৃদযন্ত্র – হৃদযন্ত্রই শৰীৰৰ বিভিন্ন অংশলৈ তেজ পাম্প কৰে। অৰ্থাৎ গোটেই শৰীৰৰ বিভিন্ন অংশত তেজৰ চলাচল নিয়ন্ত্ৰণ কৰে। ই অক্সিজেনযুক্ত তেজ শৰীৰৰ বিভিন্ন অংশত পঠিয়াই দিয়ে। আনহাতে অক্সিজেন মুক্ত তেজ শৰীৰৰ বিভিন্ন অংশৰ পৰা গ্ৰহণ কৰি হাঁওফাওলৈ পঠিয়াই দিয়ে।

(ii) তেজ – তেজে অক্সিজেন, পুষ্টিকাৰক দ্ৰব্য আদি শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰে।

(iii) ৰক্ত নলীকা – ইয়াৰ সহায়ত তেজ হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰে অথবা শৰীৰৰ বিভিন্ন অংগৰ পৰা হৃদযন্ত্ৰলৈ তেজ পৰিবহন কৰে।

প্রশ্ন 2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?

উত্তৰঃ উষ্ণ ৰক্তি প্ৰাণীৰ ক্ষেত্ৰত যেনে স্তন্যপায়ী প্রাণীয়ে দেহৰ স্থিৰ উষ্ণতা বজায় ৰাখে। যেতিয়া সিহঁতে গৰম পৰিৱেশত থাকে, তেতিয়া নিজকে ঠাণ্ডা কৰে আৰু যেতিয়া সিহঁতে ঠাণ্ডা পৰিৱেশত থাকে তেতিয়া সিহঁতে নিজকে গৰম কৰি স্থিৰ উষ্ণতা বজায় ৰাখে। সেইকাৰণে সিহঁতে কোষীয় শ্বসনৰ বাবে অধিক অক্সিজেনৰ প্ৰয়োজন, যাতে স্থিৰ উষ্ণতাৰ বাবে অধিক শক্তি উৎপন্ন কৰিব পাৰে। তেতিয়া পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিব পাৰে।

প্রশ্ন 3. উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰত অংশসমূহ কি কি ?

উত্তৰঃ উচ্চখাপৰ উদ্ভিদৰ ক্ষেত্ৰত দুই ধৰণৰ পৰিবহন কলা থাকে। যেনে -জাইলেম আৰু ফ্ল’ৱেম।

জাইলেম কলাৰ যোগেদি শিপাৰ দ্বাৰা শোষিত পানী আৰু খনিজ লৱণ দেহৰ সকলো অংশলৈ কঢ়িয়াই নিয়ে। আনহাতে, ফ্লারেম কলাৰ যোগেদি সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা পদার্থ (খাদ্য) এমিন’ এছিড আৰু অন্যান্য পদার্থসমূহ উদ্ভিদৰ অন্যান্য অংশলৈ পৰিবহন কৰে।

প্রশ্ন 4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় ?

উত্তৰঃ জাইলেম কলাৰ নলীকা, উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হব পৰাকৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে। বাষ্পমোচনৰ ফলত পাতত উৎপন্ন হোৱা শোষণ বলে শিপাত থকা জাইলেমত পানী আৰু ইয়াত দ্রবীভূত হৈ থকা খনিজ লৱণ শোষণ কৰাত সহায় কৰে আৰু উর্ধমূখী গতিৰে উদ্ভিদৰ অন্যান্য অংশলৈ পানী আৰু ইয়াত দ্ৰৱীভূত হৈ থকা খনিজ লৱণ পৰিবাহিত হয়।

প্রশ্ন 5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে ?

উত্তৰঃ উদ্ভিদৰ দেহত খাদ্য সংক্ৰমণ ফ্ল’ৱেম কলাৰ যোগেদি সংঘটিত হয়। সালোক সংশ্লেষণ প্রক্রিয়াত পাতত প্ৰস্তুত হোৱা খাদ্য ফ্ল’ৱেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে ATP ৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা ফ্ল’ৱেমৰ আকৃতি চাপৰ ফলত বৃদ্ধি ঘটে। যাৰ ফলত পানী তাৰ ভিতৰলৈ গতি কৰি এই চাপৰ সহায়ত পদার্থবিলাক কম চাপযুক্ত ফ্ল’ৱেম কলালৈ গতি কৰে। ফলত উদ্ভিদৰ দেহত প্ৰয়োজনীয় অঞ্চললৈ ফ্ল’ৱেম কলাই পদার্থ বা খাদ্যৰ সংক্ৰমণ ঘটায়।
ফ্ল’ৱেম কলাৰ মাজদি খাদ্য সংক্রমণ উর্ধমুখী, অর্ধমুখী আৰু পার্শ্বীয় দিশেৰে সকলো অংগলৈ সংবহন ঘটায়।

প্রশ্নাৱলীঃ

Page No.112

প্রশ্ন 1. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।

উত্তৰঃ নেফ্ৰনৰ গঠন – নেফ্রন হ’ল বৃক্কৰ গঠন আৰু কাৰ্যৰ একক। প্ৰতিটো বৃক্কত অসংখ্য নেফ্রন থাকে। ইয়াৰ প্ৰধান অংশ বিলাক হ’ল –

(i) গ্ল’মেৰুলাছ (ii) ব’মানচ কেপচুল (iii) বৃক্ক নলীকা।

আকৌ বৃক্ক নলীকাবোৰক প্ৰধান চাৰিটা ভাগত ভাগ কৰিব পাৰি –

(i) নিকটৱৰ্তী কুণ্ডলীকৃত নলীকা (ii) হেনলীৰ লুপ বা কুণ্ডলী (iii) দূৰবৰ্তী কুণ্ডলীকৃত নলীকা (iv) সংগ্রাহক নলীকা।

নেফ্ৰনৰ কাৰ্য –

(i) শৰীৰত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থসমূহ তেজৰ লগত মিহলি হৈ বৃক্ক ধমনীৰ মাজেৰে গ্লমেৰুলাছত প্ৰৱেশ কৰে।

(ii) গ্লমেৰুলাছে এইবোৰ পৰিশ্ৰাৱণ কৰি নেফ্ৰনৰ ব’মানচ কেপচুলত পঠিয়াই দিয়ে। এই পৰিশ্রোত অংশত যথেষ্ট পৰিমাণৰ পানী আৰু তাত শৰীৰৰ বিভিন্ন প্রয়োজনীয় আৰু অপ্ৰয়োজনীয় দ্ৰৱ্য দ্রৱীভূত হৈ থাকে।

(iii) এই পদার্থসমূহ বৃক্ক নলীকাৰ মাজেৰে প্ৰৱাহিত হওঁতে শৰীৰৰ প্ৰয়োজনীয় দ্ৰৱ্যসমূহ ইয়াৰ বিভিন্ন অংশৰ দ্বাৰা শুহি লৈ অথবা পূৰ্ণ শোহিত হয় আৰু তেজলৈ পঠিয়াই দিয়ে। কিন্তু শৰীৰৰ অনাৱশ্যকীয় বৰ্জিত পদার্থসমূহ বৃক্কনলীকা কোষবোৰে তেজৰ পৰা আহৰণ কৰি পৰিশ্ৰোত দ্ৰৱলৈ ক্ষৰণ কৰে।

(iv) তেতিয়া পৰিশ্ৰোত দ্ৰৱ তললৈ গৈ হেলনীৰ লুপত প্ৰৱেশ কৰে য’ত আৰু অধিক পানী শোষিত কৰে আৰু ইয়াৰ পৰা দূৰৱৰ্তী কুণ্ডলীকৃত নলীকা হৈ অৱশেষত সংগ্রাহক নলীকাত প্ৰৱেশ কৰে। এই সংগ্ৰাহক নলীকাৰে অসংখ্য নেফ্ৰনৰ পৰা মূত্ৰ সংগ্ৰহ কৰে আৰু এনেকৈ প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্র নেফ্ৰনৰ দীঘল নলীকা মূত্রবাহী নলীলৈ প্ৰৱেশ কৰি মুত্রথলীত জমা হৈ থাকে আৰু মূত্রথলীৰ চাপৰ ফলত মূত্ৰনলীৰ মূত্ৰ বাহিৰলৈ ওলাই আহে।

অথবা

নেফ্ৰনৰ কাৰ্য – শৰীৰত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থসমূহ তেজৰ লগত মিহলি হৈ বৃক্ক ধমনীৰ মাজেৰে গ্ল’মেৰুলাছ প্ৰৱেশ কৰে। তেতিয়া নেফ্ৰনবোৰে প্রাথমিক অৱস্থাত গ্লুকজত এমিন এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণে পানী চেকী লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। দেহত থকা অতিৰিক্ত পানী আৰু তেজত থকা দ্রবীভূত বৰ্জিত পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি পানীভাগ শোষণ হয়। এনেকৈ প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ নলীকা মূত্রবাহী নলীলৈ প্ৰৱেশ কৰি মূত্রথলীত জমা হৈ থাকে আৰু মূত্রথলীৰ চাপৰ ফলত মূত্ৰ বাহিৰলৈ ওলাই আহে।

 2. উদ্ভিদে কি কি উপায়ে বর্জিত পদার্থ ত্যাগ কৰে।

উত্তৰঃ উদ্ভিদে বৰ্জিত পদার্থ ত্যাগ কৰা উপায়সমূহ হ’ল –

(i) ব্যাপন – উদ্ভিদে সালোক সংশ্লেষণ প্রক্রিয়াত উৎপাদিত অক্সিজেন ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰ মাজেদি বায়ুমণ্ডললৈ এৰি দিয়ে ।

(ii) বাষ্পমোচন – উদ্ভিদে বাষ্পমোচনৰ সহায়ত অত্যধিক পানী পত্ৰৰন্ধৰ মাজেদি এৰি দিয়ে।

(iii) উদ্ভিদে দেহৰ মৃত কোষৰ কলাবিলাকৰ যোগেদি আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ যোগেদি কিছুমান বৰ্জিত পদাৰ্থ ত্যাগ কৰে।

(iv) উদ্ভিদে সৰি পৰা পাততো কিছুমান বৰ্জিত পদার্থ ত্যাগ কৰে।

(v) কিছুমান বর্জিত পদার্থ পুৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে আৰু প্ৰায়খিনি বৰ্জিত পদাৰ্থ কোষৰ ৰসধনীত সঞ্চিত হৈ থাকে।

(vi) উদ্ভিদে কিছুমান বৰ্জিত পদাৰ্থ সিহঁতৰ চাৰিওপাশে থকা মাটিত উলিয়াই দিয়ে।

প্রশ্ন 3. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি ?

উত্তৰঃ  আমাৰ শৰীৰত মূত্ৰ উৎপন্নৰ পৰিমাণ তেজত থকা অতিৰিক্ত পানী আৰু দ্রৱীভূত বৰ্জিত পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ যদি আমাৰ শৰীৰত অতিৰিক্ত পানীৰ পৰিমাণ অধিক থাকে তেন্তে উৎপন্ন হোৱা মূত্ৰৰ পৰিমাণ অধিক হ’ব।আনহাতে যদি বৰ্জিত পদাৰ্থৰ পৰিমাণ অধিক থাকে তেন্তে বৰ্জিত পদার্থসমূহ দ্রৱীভূত কৰিবলৈ আৰু অধিক পানী লাগে। ফলত মূত্ৰ পৰিমাণ অধিক হয়।
ইয়াৰ উপৰি মূত্ৰ উৎপন্নৰ পৰিমাণ তাত থকা অণুজীৱৰ ওপৰত আৰু  ADH হ’ৰমনৰ ওপৰতো নিৰ্ভৰ কৰে।

অনুশীলনী:

Page No.113

প্রশ্ন 1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ – 

(a) পৰিপুষ্ট

(b) শ্বসন

(c) ৰেচন

(d) পৰিবহন

উত্তৰঃ  (ii) ৰেচন

প্রশ্ন 2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল – 

(a) পানীৰ পৰিবহন

(b) খাদ্যৰ পৰিবহন

(c) এমিন’ এছিডৰ পৰিবহন

(d) অক্সিজেনৰ পৰিবহন

উত্তৰঃ (a) পানীৰ পৰিবহন

প্রশ্ন 3. স্বপোষীয় পৰিপুষ্টিত প্রয়োজন হয় –

(a) কার্বন ডাই অক্সাইড আৰু পানী

(b) পত্ৰহৰিৎ

(c) সূৰ্যৰ পোহৰ

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা

প্রশ্ন 4. পাইৰুভেট অণু ভাঙি কার্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় –

(a) চাইট’প্লাজমত

(b) মাইট’কণ্ড্ৰিয়াত

(c) ক্ল’ৰপ্লাষ্টত

উত্তৰঃ (b) মাইট’কন্ড্রিয়াত

প্রশ্ন 5. আমাৰ শৰীৰত চর্বীজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয় ? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয় ?

উত্তৰঃ চর্বীজাতীয় খাদ্যসমূহ বা স্নেহপদাৰ্থ আমাৰ দেহৰ ক্ষুদ্ৰান্তত বৃহৎ আৰু খণ্ডযুক্তৰ ৰূপত থাকে। ইয়াৰ উৎসেচকে সহজে ক্ৰিয়া কৰিব নোৱাৰে আৰু ক্ষুদ্ৰান্তত যকৃত আৰু অগ্নাশয়ে নিঃসৰণ কৰা পাচক ৰস সমূহত পৰে আৰু খাদ্যৰ লগত মিহলি হৈ যায়। যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে খাদ্যৰ অংশত ক্ৰিয়া কৰে আৰু পিত্ত লৱণৰ উপস্থিতিত চর্বী অণুসমূহ সৰল অণুলৈ ৰূপান্তৰ কৰে আৰু এই চর্বী অণুসমূহৰ ওপৰত অগ্নাশয় ৰসৰ উৎসেচক লাইপেজে সহজে ক্ৰিয়া কৰিব পাৰে। এই অৱস্থাত ক্ষুদ্ৰান্তৰ পাচক ৰসত থকা উৎসেচকে অৱশিষ্ট চর্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰিত কৰে। ফলত সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়।

প্রশ্ন 6. পাচনত লালটিৰ ভূমিকা কি ?

উত্তৰঃ আমাৰ মুখগহ্বৰৰ বেৰত থকা লালটি গ্রন্থিয়ে লালটি নিঃসৰণ কৰে। এই লালটিত লালটি এমাইলেজ নামৰ উৎসেচক থাকে। যেতিয়া খাদ্যৰ লগত লালটি মিহলি হয়। তেতিয়া এই উৎসেচকে মুখগহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তত হয় ।

প্রশ্ন 7. স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি ?

উত্তৰঃ স্বপোষিত পুষ্টিৰ (অথবা সলোকে সংশ্লেষণ প্রক্রিয়া) ঘটিবৰ বাবে পানী, কার্বন-ডাই-অক্সাইড, সূৰ্যৰ ৰশ্মি আৰু পত্ৰহৰিত্ৰ দৰকাৰী।

ইয়াৰ উপজাত পদাৰ্থবোৰ হ’ল –

কার্বহাইড্রেট, (গ্লুক’জ), অক্সিজেন আৰু কম পৰিমাণে পানীৰ উৎপন্ন হয়।

প্রশ্ন ৪. সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।

উত্তৰঃ সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য তলত দিয়া হ’ল –

সবাত শ্বসন –

(i) সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত ঘটে।

(ii) এইবিধ শ্বসন মুক্ত অক্সিজেন সেৱন কৰা জীৱৰ ক্ষেত্ৰত পোৱা যায়।

(iii) ই মাইট’কণ্ড্ৰিয়াৰ ভিতৰত হয়।

(iv) সবাত শ্বসন উৎপাদন হোৱা শক্তিৰ পৰিমাণ বেছি।

(v) গ্লুক’জ অণু সম্পূর্ণভাৱে জাৰিত হৈ শক্তিৰ লগতে কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ অণু উৎপন্ন হয়।

অবাত শ্বসন –

(i) অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত ঘটে।

(ii) এইবিধ শ্বসনমুক্ত অক্সিজেন সেৱন নকৰা জীৱৰ কোষত হয়।

(iii) ই মাইট’কণ্ড্ৰিয়াৰ বাহিৰত হয়।

(iv) অবাত শ্বসনত উৎপাদন হোৱা শক্তিৰ পৰিমাণ অতি সামান্য ।

(v) গ্লুক’জ অণু অসম্পূর্ণভাৱে জাৰিত হৈ শক্তিৰ লগতে  ইথাইন এলকহল, কার্বন-ডাই-অক্সাইড গেছ বা লেক্টিক এছিড উৎপন্ন হয়।

সবাত শ্বসন আৰু অবাত শ্বসনৰ সম্পাদন কৰা প্ৰাণীৰ নাম হ’ল – ফিটা কৃমিৰ বাহিৰে আটাইবোৰ প্ৰাণী আৰু উদ্ভিদ জীৱই খাদ্যত নিহিত শক্তি সবাত শ্বসনৰ দ্বাৰা আহৰণ কৰে।

কিছুমান বেক্টেৰীয়া, ইষ্ট আৰু কিছুমান অন্য অন্তঃপৰজীৱীৰ কোষীয় শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয়।

প্রশ্ন 9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে ?

উত্তৰঃ বায়ুকোষবিলাক হ’ল হাঁওফাওৰ ভিতৰত থকা ক্ষুদ্র ক্ষুদ্র বেলুন সদৃশ অংগ। ইয়াৰ বেৰ অত্যন্ত পাতল আৱৰণী কলাৰে গঠিত। ইয়াৰ মাজেদি গেছৰ আদান-প্রদান অথবা অনায়াসে চলাচল কৰিব পাৰে আৰু বায়ুকোষবিলাক অসংখ্য ক্ষুদ্র ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে আৰু এই কেশিকাবোৰৰ বেৰবিলাকো অতি পাতল আৰু এইবোৰৰ মাজেদি গেছৰ অণু সহজে অহা-যোৱা কৰিব পাৰে। সেইকাৰণে আমাৰ উশাহ লোৱা সময়ত যেতিয়া বায়ু হাওফাওৰ ভিতৰলৈ যায় তেতিয়া বায়ুকোষবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে আৰু এই বায়ুকোষবিলাকে প্ৰচুৰ পৰিমাণৰ গেছৰ বিনিময় কৰিব পৰাকৈ পৃষ্ঠকালি বঢ়াই দিয়ে। ফলত শ্বাস-প্রশ্বাস প্রক্রিয়াটোক অধিক দক্ষতা প্রদান কৰে।

প্রশ্ন 10.আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব ?

উত্তৰঃ মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হ’ল হিম’গ্লবিন। তেজৰ লোহিত ৰঞ্জক কণিকাত এই হিম’গ্লবিনবোৰ পোৱা যায়, যিয়ে দেহৰ সকলো কোষলৈ কোষীয় শ্বসনৰ বাবে অক্সিজেনৰ পৰিবহন কৰে। গতিকে দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে হিমগ্লবিনে দেহৰ কোষবিলাকক অক্সিজেন যোগান ধৰাৰ সামর্থ্যক প্ৰভাৱিত কৰিব পাৰে। যাৰ ফলত কোষ বিলাকত অক্সিজেনৰ অভাৱ হয় আৰু কোষবিলাকত কম পৰিমাণৰ শক্তি উৎপন্ন হয় আৰু ইয়াৰ দ্বাৰা দুৰ্বলতা, বেছি ভাগৰ লগা আৰু কেতিয়াবা ৰক্তহীনতাৰ দৰে ভুগিব লাগিব।

প্রশ্ন 11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি ?

উত্তৰঃ মানুহৰ হৃদযন্ত্ৰটো হাতৰ মুঠি সদৃশ এটা পেশীযুক্ত অংগ – যি সোঁ নিলয়, সোঁ অলিন্দ, বাঁও অলিন্দ আৰু বাঁও নিলয় হিচাপে চাৰিটা কোঠালিত বিভক্ত।

হৃদযন্ত্ৰৰ মাজেৰে তেজৰ চলাচল –

হাঁওফাওৰ পৰা অক্সিজেনযুক্ত তেজ আহি বাঁও অলিন্দত প্ৰৱেশ কৰে আৰু তেতিয়া বাঁও অলিন্দটো সংকোচন হৈ অক্সিজেনযুক্ত তেজ বাঁও নিলয়ত পঠিয়াই দিয়ে আৰু এই তেজ মহাধমনীলৈ পঠিয়াই দিয়ে আৰু মহাধমনীয়ে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেনযুক্ত তেজৰ যোগান ধৰে। দেহৰ বিভিন্ন অংশৰ পৰা কঢ়িয়াই অনা অক্সিজেনমুক্ত তেজ হৃদযন্ত্ৰৰ সোঁ অলিন্দত প্ৰৱেশ কৰে আৰু তেতিয়া সোঁ অলিন্দৰ সংকোচন ঘটি অক্সিজেনমুক্ত তেজ সোঁ নিলয়ত সোমায়। তেতিয়া সোঁ নিলয়ৰ সংকোচন ঘটি এই তেজ দুটা ক্লোমধমনীৰ সহায়ত হাঁওফাওলৈ প্ৰেৰণ কৰে। এনেকৈ হাঁওফাওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ বাঁও অলিন্দ আৰু বাঁও নিলয়ৰ সহায়ত শৰীৰৰ বিভিন্ন অংশলৈ আৰু শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেনবিহীন তেজ সোঁ অলিন্দ আৰু বাঁও নিলয়ৰ সহায়ত পুনৰ হাঁওফাওলৈ প্ৰেৰণ কৰে। এনেকৈ চক্ৰকাৰে চলি থাকে।গতিকে তেজ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ চলাচল হয়। তাকে দ্বৈত ৰক্ত পৰিবহন বুলি কোৱা হয় ।

দ্বৈত ৰক্ত সংবহন তন্ত্ৰটোৰ প্ৰয়োজন –

হৃদযন্ত্ৰৰ অক্সিজেনযুক্ত তেজ আৰু অক্সিজেন মুক্ত তেজৰ এনে পৃথকীকৰণৰ বাবে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰিব পাৰে। এনে পৃথকীকৰণ উষ্ণ ৰক্তি প্ৰাণীৰ বাবে অতি প্ৰয়োজনীয় কিয়নো উষ্ণ ৰক্তি প্রাণীয়ে দেহৰ স্থিৰ উষ্ণতা বজায় ৰাখে। যেতিয়া সিহঁত গৰম পৰিৱেশত থাকে তেতিয়া নিজকে ঠাণ্ডা কৰি ৰাখে আৰু যেতিয়া সিহঁত ঠাণ্ডা পৰিৱেশত থাকে তেতিয়া সিহঁতে নিজকে গৰম কৰি দেহৰ স্থিৰ উষ্ণতা বজাই ৰাখে। সেইকাৰণে সিহঁতে কোষীয় শ্বসনৰ বাবে অধিক অক্সিজেনৰ প্ৰয়োজন যাতে স্থিৰ দেহৰ উষ্ণতাৰ বাবে অধিক শক্তি উৎপন্ন কৰিব পাৰে। গতিকে মানুহৰ পৰিবহন তন্ত্ৰটো দৈত্ব ৰক্ত সংবহন তন্ত্ৰটোৰ বাবেহে বা দ্বৈত পৰিবহনটোৰ বাবেহে আৰু অধিক দক্ষতা প্ৰদান কৰে। সেইকাৰণে দ্বৈত ৰক্ত সংবহন তন্ত্রটো প্রয়োজন।

Note – হৃদযন্ত্ৰত উৰ্দ্ধমহাসিৰা (উগ্ৰ) আৰু পশ্চাৎ মহাসিৰা থাকে, যিয়ে ক্ৰমে অক্সিজেনযুক্ত তেজ শৰীৰ উৰ্দ্ধ অংশৰ পৰা আৰু পশ্চাৎ আশৰ পৰা কঢ়িয়াই আনে আৰু সোঁ অলিন্দত পঠিয়াই দিয়ে।

প্রশ্ন 12.জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি ?

উত্তৰঃ জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ তলত দিয়া হ’ল –

জাইলেম দ্ৰব্যৰ পৰিবহন –

(i) জাইলেম কলাই পানী আৰু খনিজ লৱণ পৰিবহন কৰে।

(ii) এই কলাৰ যোগেদি পানী শিপাৰ পৰা উর্ধমুখী দিশত দেহৰ আন সকলো অংশলৈ পৰিবহন কৰে।

(iii) বাষ্পীমোচনৰ ফলত উৎপন্ন হোৱা শোষণ বলে জাইলেমত দ্ৰৱৰ পৰিবহন ঘটে।

ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহন –

(i) ফ্ল’ৱেম কলাই খাদ্য পৰিবহন কৰে।

(ii) এই কলাৰ যোগেদি খাদ্যৰ পৰিবহন উর্ধমুখী অথবা পার্শ্বীয় সকলো দিশত পৰিবহন ঘটে।

(iii) ফ্লৱেমত খাদ্যৰ পৰিবহন ATP ৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে।

প্রশ্ন 3. হাঁওফাওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।

উত্তৰঃ হাঁওফাওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা তলত দিয়া হ’ল –

হাঁওফাওৰ বায়ুকোষ –

(i) হাঁওফাওৰ বায়ুকোষ হ’ল ইয়াৰ ভিতৰত থকা ক্ষুদ্র ক্ষুদ্র বেলুন সদৃশ অংগ।

(ii) বায়ুকোষ হ’ল হাঁওফাঁওৰ গঠনৰ একক।

(iii) বায়ুকোষ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে।

(iv) বায়ুকোষ আমাৰ শৰীৰৰ পৰা কার্বন-ডাই-অক্সাইড বাহিৰ কৰি দিয়ে।

(v) বায়ুকোষৰ মাজেৰে দ্ৰব্যৰ বিনিময় ব্যাপন প্ৰক্ৰিয়াৰ ফলত ঘটে।

বৃক্কৰ নেফ্রন –

(i) বৃক্কৰ নেফ্রন হ’ল প্ৰতিটো বৃক্কৰ নলিকাৰ একক।

(ii) নেফ্রন হ’ল বৃক্ক গঠনৰ একক।

(iii) নেফ্ৰনবোৰ গ্ল’মেৰুলাছ, ব’মানচ কেপচুল আৰু বৃক্ক নলীকাৰে গঠিত।

(iv) নেফ্রনে নাইট্ৰজেন জাতীয় বর্জিত পদাৰ্থ বাহিৰ কৰি দিয়ে।

(v) নেফ্ৰনৰ মাজেৰে দ্ৰব্যৰ বিনিময় উচ্চ চাপৰ ফলত ঘটে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন 1. জীৱন প্ৰক্ৰিয়া কি ?

উত্তৰঃ যি প্ৰক্ৰিয়া সকলো জীৱৰ দেহত জীয়াই থকাৰ বাবে অনবৰতে চলি থাকে তাকে জীৱন প্ৰক্ৰিয়া বোলে।

জীৱৰ দেহত চলি থকা সাধাৰণ জীৱন প্ৰক্ৰিয়াসমূহ হ’ল – পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন, শৰীৰৰ বিভিন্ন কাৰ্যৰ পৰিচালনা তথা নিয়ন্ত্রণ, বৃদ্ধি, চলন আৰু প্ৰজনন।

প্রশ্ন 2. পৰিপুষ্টি কি ?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই খাদ্যৰ পাচন আৰু শোষণৰ দ্বাৰা দেহৰ বৃদ্ধি আৰু বিকাশৰ লগতে নানান জৈৱিক বিক্ৰিয়াত লগা শক্তি আহৰণ কৰে তাকে পৰিপুষ্টি বুলি কোৱা হয় ।

প্রশ্ন 3. পৰিপোষক বা পুষ্টিকাৰক দ্রব্য কি ?

উত্তৰঃ খাদ্যৰ পৰা আহৰণ কৰা শৰীৰৰ প্ৰয়োজনীয় দ্রব্যবোৰক পুষ্টিকাৰক দ্ৰব্য বোলে। যেনে – কার্বহাইড্রেট, প্রটিন, ভিটামিন, স্নেহপদাৰ্থ আৰু খনিজ লবণ।

প্রশ্ন 4. শ্বসন প্রক্রিয়া মানে কি ?

উত্তৰঃ যি জীৱন প্ৰক্ৰিয়াত জীৱই দেহৰ বহিঃ পৰিৱেশৰ পৰা লাগতিয়াল অক্সিজেন আহৰণ কৰি আহাৰ বিলাকৰ পৰিবৰ্তন ঘটাই কোষৰ ব্যৱহাৰ উপযোগী কৰি তোলে। তাকে শ্বসন প্রক্রিয়া বোলে।

প্রশ্ন 5. পাচন ক্রিয়া মানে কি ?

উত্তৰঃ খাদ্যৰ জটিল উপাদানবোৰক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা জৈৱিক প্ৰক্ৰিয়াটোকে পাচন প্রক্রিয়া বুলি কোৱা হয়।

প্রশ্ন 6. ৰেচন ক্ৰিয়া কি ?

উত্তৰঃ যি জৈৱিক প্ৰক্ৰিয়াত জীৱ দেহৰ বৰ্জিত পদাৰ্থসমূহ জীৱ দেহৰ পৰা নিষ্কাশন কৰা হয় তাকে৷ ৰেচন ক্রিয়া বোলে।

প্রশ্ন 7. স্ব-পোষী আৰু পৰপোষী জীব কি ? প্ৰত্যেকৰ উদাহৰণ দিয়া।

উত্তৰঃ স্ব-পোষী জীৱ – যি বিলাক জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লব পাৰে সিহঁতক স্ব-পোষী জীৱ বোলে। যেনে – সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া।

পৰপোষী জীব – যিবিলাক জীৱই নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি ল’ব নোৱাৰে আৰু উদ্ভিদ জগত বা প্রাণী জগতৰ পৰা পোনে পোনে আহাৰ আহৰণ কৰি পুষ্টি লাভ কৰে সিহঁতক পৰপোষী জীৱ বোলে। যেনে – ভেঁকুৰ আৰু প্ৰাণীসমূহ হ’ল পৰপোষী জীৱ।

প্রশ্ন ৪. আমাৰ দেহত আহাৰবিলাকৰ পৰা আহৰণ কৰা শক্তি কি হিচাপে সঞ্চিত হয় ?

উত্তৰঃ গ্লাইক’জেন।

প্রশ্ন 9. উদ্ভিদৰ ক্ষেত্ৰত উৎপন্ন হোৱা কাৰ্বহাইড্রেট কি হিচাপে সঞ্চিত হয় ?

উত্তৰঃ শ্বেতসাৰ ৷

প্রশ্ন 10. সালোক সংশ্লেষণ প্রক্রিয়াত কি কি প্রক্রিয়া সংঘটিত হয় ?

উত্তৰঃ সালোক সংশ্লেষণ প্রক্রিয়াত সংঘটিত প্রক্রিয়াসমূহ তলত দিয়া হ’ল –

(i) পোহৰ শক্তিক পত্ৰহৰত্‍দ্বিাৰা শোষণ।

(ii) পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্রজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ ।

(iii) কার্বন-ডাই-অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্রেট উৎপন্ন।

প্রশ্ন 11. হৰিৎকণা কি ?

উত্তৰঃ  পাতত থকা সেউজীয়া বৰণৰ বিন্দুবিলাকেই হ’ল হৰিকণা।

প্রশ্ন 12. পত্ৰৰন্ধ্ৰ কি ?

উত্তৰঃ উদ্ভিদৰ পাতৰ উপৰিভাগত থকা সৰু সৰু ৰন্ধ্ৰবিলাকক পত্ৰৰন্ধ্ৰ বোলে।

প্রশ্ন 13. পৰজীৱীয় পুষ্টি কৌশল অৱলম্বন কৰা জীৱৰ উদাহৰণ দিয়া।

উত্তৰঃ  আকাশীলতা, চিকৰা, শুকনি, জোক আৰু ফিটাপেলু।

প্রশ্ন 14.এমিবাই কেনেকৈ পুষ্টি আহৰণ কৰে ?

উত্তৰঃ এমিবাই নিজৰ আকাৰ, আকৃতি সলনি কৰিব পাৰে। যেতিয়া খাদ্যৰ সংস্পৰ্শত আহে তেতিয়া এমিবাই দেহৰ কোষাবৰণৰ দ্বাৰা সৃষ্টি হোৱা আঙুলি সদৃশ কেইটামান কূটপদ ওলাই দিয়ে। এই কূটপদবোৰৰ সহায়ত সংগ্রহ খাদ্য ৰিক্তিকা সৃষ্টি কৰে। খাদ্য ৰিক্তিকাৰ ভিতৰত জটিল খাদ্যবস্তু সৰল অৱস্থালৈ পৰিৱৰ্তন হয়। পাছত সৰল খাদ্য ভাগ কোষ প্রৰসত বিলীন হৈ পৰে। অপাচিত খাদ্য বস্তু কোষৰ প্ৰান্তীয় অণুলৈ গতি কৰে আৰু শেষত কোষৰ পৰা নিৰ্গত হৈ যায়।

প্রশ্ন 15. উৎসেচক কি ? যিকোনো এটা উদাহৰণ দিয়া ।

উত্তৰঃ যি জৈৱ অনুঘটকৰ সহায়ত জটিল আহাৰক সৰলীকৰণ কৰা হয়। এনে জৈৱ অনুঘটক বিলাকক উৎসেচক বোলে।
যেনে – লালটিত থকা উৎসেচকবিধৰ নাম হ’ল লালটি এমাইলেজ।

প্রশ্ন 16.কাক কোষীয় মুদ্ৰা বুলি আখ্যা দিয়া হয় ?

উত্তৰঃ ATP অণুক কোষীয় মুদ্ৰা বুলি আখ্যা দিয়া হয়।

প্রশ্ন 17.শ্বসন কেইপ্ৰকাৰৰ আৰু কি কি ? প্রত্যেকৰে সংজ্ঞা দি উদাহৰণ দিয়া।

উত্তৰঃ শ্বসন দুই প্রকাৰৰ – (i) সবাত শ্বসন (ii) অবাত শ্বসন

(i) সবাত শ্বসন -যি শ্বসনত অক্সিজেনৰ উপস্থিতিত খাদ্যৰ অণু জাৰিত হৈ তাৰ পৰা শক্তি আহৰণ কৰা হয় তাক সবাত শ্বসন বোলে।

যেনে – ফিটা কৃমিৰ বাহিৰে আটাইবোৰ প্ৰাণী আৰু উদ্ভিদ জীৱই খাদ্যত নিহিত শক্তি সবাত শ্বসনৰ দ্বাৰা আহৰণ কৰে।

(ii) অবাত শ্বসন – যি শ্বসন অক্সিজেনৰ অনুপস্থিতিত ঘটে তাকে অবাত শ্বসন বোলে।

যেনে – কিছুমান বেক্টেৰিয়া, ইষ্ট আৰু কিছুমান অন্তঃপৰজীৱীৰ কোষীয় শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয়।

প্রশ্ন 18. হিম’গ্লবিন কি ? ইয়াৰ কাম কি ?

উত্তৰঃ মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হ’ল – হিম’গ্লবিন। ই তেজৰ লোহিত ৰক্ত কণিকাত পোৱা যায়।

হিম’গ্লবিনে হাঁওফাওৰ পৰা অক্সিজেন লৈ দেহৰ বিভিন্ন অংশত অক্সিজেন কমি থকা কলাবোৰত বিতৰণ কৰে।

প্রশ্ন 19. প্লাজমা কি ? ইয়াৰ কাম কি ?

উত্তৰঃ তেজৰ এবিধ সৰল মাধ্যম আছে ইয়াক প্লাজমা বোলে। প্লাজমাত ৰক্ত কোষবোৰ ওপঙি থাকে।

ইয়াৰ কাম হ’ল- দ্রৱীভূত অৱস্থাত খাদ্যবস্তু, কার্বন-ডাই-অক্সাইড আৰু নাইট্রজেন জাতীয় বর্জিত পদাৰ্থবোৰ তেজৰ প্লাজমা অংশই পৰিবহন কৰে।

প্রশ্ন 20. দ্বৈত ৰক্ত পৰিবহন কি ?

উত্তৰঃ মেৰুদণ্ডী প্রাণীৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ’বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হয়। তেজৰ এনে পৰিবহনক দ্বৈত ৰক্ত পৰিবহন বোলে।

প্রশ্ন 21. ৰক্তজালিকা কি ?

উত্তৰঃ কোনো এটা অংগত নতুবা কলাত সোমাই পৰাৰ পাছত ধমনীসমূহ ভাগ হৈ সৰু সৰু নলীকা সৃষ্টি কৰি প্ৰতিটো কোষক স্পৰ্শ কৰে। সৰু ৰক্ত নলীকাবোৰ এককোষী আৰু আৱৰণযুক্ত হয় আৰু ইয়াক ৰক্তজালিকা বোলে।

প্রশ্ন 22. লসিকা কি ?

উত্তৰঃ তেজৰ দৰে অন্য এবিধ তৰল পদাৰ্থ হ’ল লসিকা। তেজৰ সংবহন তন্ত্ৰৰ দৰে লসিকাও আন এক প্ৰকাৰৰ সংবহন তন্ত্র। ৰক্ত কেশিকাৰ বেৰত থকা ছিদ্ৰৰ মাজেদি কিছুমান প্লাজমা প্রটিন আৰু ৰক্ত কোষ ওলাই আহি কলাৰ আন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে। এই তৰল পদাৰ্থবোৰক লসিকা বোলে।

প্রশ্ন 23. বাষ্পমোচন কি ?

উত্তৰঃ উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়া প্ৰক্ৰিয়াটোকে পত্রমোচন বা বাষ্পমোচন বোলে।

প্রশ্ন 24. মানুহৰ ৰেচন তন্ত্ৰটো কিহেৰে গঠিত ?

উত্তৰঃ মানুহৰ ৰেচন তন্ত্ৰটো হ’ল – (i) এযোৰ বৃক্ক (ii) এযোৰ মুত্ৰ নলী (iii) এটা মূত্ৰ থলী এটা মুত্র নিষ্কাশন নলী

প্রশ্ন 25. খাদ্য স্থানান্তৰণ বা খাদ্য সংবহন কি ?

উত্তৰঃ উদ্ভিদৰ পাতত সালোক সংশ্লেষণ প্ৰক্ৰিয়াত প্ৰস্তুত হোৱা খাদ্যবস্তু উদ্ভিদৰ দেহৰ বিভিন্ন অংগলৈ স্থানান্তৰ কৰাকে খাদ্যৰ সংবহন বা খাদ্য স্থানান্তৰন বোলে।

প্রশ্ন 26.লসিকাৰ কাম কি ?

উত্তৰঃ লসিকাবোৰে তন্ত্ৰৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বী অংশ কঢ়িয়াই নিয়ে আৰু অতিৰিক্ত তৰল পদার্থভাগ অন্তঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে।


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *