অধ্যায়ঃ6 কলা
(TISSUES)
প্রশ্নাৱলীঃ
Page No. 69
1. কলা কি ?
উত্তৰঃ কলা হ’ল একে গঠন আৰু কার্য কৰা কোষৰ সমষ্টি।
2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি ?
উত্তৰঃ এককোষী জীৱৰ ক্ষেত্রত একেটা কোষেৰেই সকলোবিলাক জৈৱিক কার্য যেনে- চলন, খাদ্য গ্রহণ, শ্বসীয়
গেছ গ্রহণ, ৰেচন আদি সম্পন্ন কৰে।কিন্তু বহুকোষী জীৱৰ ক্ষেত্ৰত, এটা নিৰ্দিষ্ট কাম সমাধা কৰিবলৈ জীৱ দেহৰ নিৰ্দিষ্ট স্থানত নির্দিষ্ট শৈলীৰে সজ্জিত হৈ কলাৰ সৃষ্টি কৰি বিভিন্ন কাৰ্য অতি উৎকৃষ্টতাৰে সমপন্ন কৰে।যেনেঃ মানৱ শৰীৰৰ ক্ষেত্ৰত, চলন কার্যৰ বাবে পেশী কলাই সংকোচন আৰু প্রসাৰণ কার্য সমাধান কৰে।স্নায়ু কোষে স্নায়ু প্রেৰণা বহন কৰে, ৰক্ত কলাই অক্সিজেন, আহাৰ, হৰমন আৰু বর্জিত
পদার্থ সৰবৰাহৰ কাম সম্পন্ন কৰে।অর্থাৎ বহুকোষী জীৱই শ্রমবিভাজন দেখুৱায়।সেই কাৰণে বহুকোষী
জীৱই বিভিন্ন কার্য অতি উৎকৃষ্টতাৰে আৰু দক্ষতাৰে সম্পন্ন কৰিব পাৰে।
প্রশ্নাৱলীঃ
Page No. 74
1. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।
উত্তৰঃ বিভিন্ন প্ৰকাৰৰ সৰল কলা সমূহৰ নাম হ’ল – (i) পেৰেণকাইমা (ii) কলেইনকাইমা আৰু (iii) স্কেৰেণকাইমা।
2. অগ্রস্থ ভাজক ক’লা ক’ত পোৱা যায় ?
উত্তৰঃ অগ্রস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্র অংশত থাকে।
3. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে ?
উত্তৰঃ স্কেৰেণকাইমা কলাই নাৰিকলৰ বাকলি খন গঠন কৰে।
4. ফ্লোৱেম কলা কিহেৰে গঠিত ?
উত্তৰঃ ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত। যেনে- (i) চালনী নলীকা (ii) সংগী কোষ (ii) ফ্লোৱেম তন্তু আৰু (v) ফ্লোৱেম পেৰেণকাইমা।
প্রশ্নাৱলীঃ
Page No. 78
1. প্রাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি ?
উত্তৰঃ স্নায়ুকলা আৰু পেশীকলা।
2. নিউৰন (Neuron) দেখাত কেনেকুৱা হয় ?
উত্তৰঃ স্নায়ুকোষ কোষদেহ আৰু স্নায়ু প্রবৰ্ধৰ দ্বাৰা গঠিত । কোষদেহত এটা ডাঙৰ কোষকেন্দ্র থাকে। কোষদেহৰ পৰা এডাল দীঘল, নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্রবৰ্ধ ওলায়।ইয়াক এক্সন বোলে । ইয়াৰ উপৰি কোষদেহৰ পৰা কিছুমান চুটি আৰু শাখা-প্রশাখাযুক্ত স্নায়ুপ্রবৰ্দ্ধ ওলায়।এইবোৰক ডেনড্রাইড বোলে । এটা নিউৰণ প্রায় 1 মিটাৰ পর্যন্ত দীঘল হয় ।
3. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল-
(i) হৃদপেশীৰ তন্তুবোৰ শাখাবিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত।
(ii) হৃদপেশীবোৰ এক প্ৰকাৰ অনৈচ্ছিক পেশীকলা ।
(iii) হৃদপেশীবোৰ বা হৃদযন্ত্রটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ।
4. এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি ?
উত্তৰঃ এৰিওলাৰ কলাৰ কাৰ্যসমূহ হ’ল-
(i) এই কলাই আভ্যন্তৰীন অংগবোৰক সুৰক্ষা প্ৰদান কৰে ।
(ii) ইহঁতে কলাৰ ক্ষত অংশ মেৰামতি কৰে।
অনুশীলনীঃ
Page No. 79
1. “কলা’ ৰ সংজ্ঞা দিয়া।
উত্তৰঃ কলা হ’ল একে গঠন আৰু কার্য কৰা কোষৰ সমষ্টি।
2. কি কি উপাদানেৰে জাইলেম কলা গঠিত ? সেইবোৰৰ নাম উল্লেখ কৰা ।
উত্তৰঃ জাইলেমবিলাক ট্রেকাইড, নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্তুৰ দ্বাৰা গঠিত।
3. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক ?
উত্তৰঃ সৰল স্থায়ী কলা –
(i) এই কলাবিলাকৰ প্রতিবিধেই একেবিধ কোষেৰে গঠিত অর্থাৎ প্ৰতিটো কোষেই ইটোৰ লগত সিটো দেখাত আৰু সিহঁতে
সমন্বয় ৰক্ষা কৰি এটা উমেহতীয়া কাৰ্য সম্পন্ন কৰে।
(ii) এই কলা বিধ তিনি প্ৰকাৰৰ । যেনে – পেৰেণকাইমা, কলেইণকাইমা আৰু স্কেৰেণকাইমা ।
জটিল স্থায়ী কলা –
(i) এই কলাবিধ কেইবা প্ৰকাৰৰ কোষেৰে গঠিত আৰু সিহঁতে সমন্বয় ৰক্ষা কৰি এটা উমৈহতীয়া কাৰ্য সম্পন্ন কৰে।
(ii) এই কলাবিধ দুই প্রকাৰৰ । যেনে – জাইলেম আৰু ফ্লোৱেম ।
4. কোষ বেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, ক’লেইনকাইমা, স্কেৰেণকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা ।
উত্তৰঃ পেৰেণকাইমা –
(i) এই কলাৰ কোষবেৰখন পাতল ।
(ii) কোষবেৰখন ছেলুলজৰে গঠিত।
ক’লেইণকাইমা –
(i) এই কলাৰ কোষবেৰখন অনিয়মিত ভাৱে চুকবিলাক ডাঠ ।
(ii) কোষবেৰখন পেক্টিনৰে গঠিত।
স্কেৰেণকাইমা –
(i) এই কলাৰ কোষবেৰখন দীঘল আৰু ঠেক ।
(ii) কোষবেৰখনত লিগনিন জমা থাকে।
5. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি ?
উত্তৰঃ পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক হ’ল –
(i) পত্ৰৰন্ধ্ৰৰ মাজেদি বায়ুমণ্ডলীয় গেছৰ আদান প্রদান কৰে।
(ii) বাষ্পমোচন অর্থাৎ উদ্ভিদে আভ্যন্তৰৰ পৰা বাষ্পকাৰে পানী এৰি দিয়া প্রক্রিয়াটো পত্ৰৰন্ধ্ৰৰ মাজেৰেই সংঘটিত হয় ।
6. প্রাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি ?
উত্তৰঃ স্নায়ুকলা আৰু পেশীকলা।
7. স্নায়ুকোষ (Neuron) দেখাত কেনেকুৱা হয় ?
উত্তৰঃ স্নায়ুকোষ কোষদেহ আৰু স্নায়ু প্রবৰ্ধৰ দ্বাৰা গঠিত । কোষদেহত এটা ডাঙৰ কোষকেন্দ্র থাকে। কোষদেহৰ পৰা এডাল দীঘল, নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্রবৰ্ধ ওলায়।ইয়াক এক্সন বোলে । ইয়াৰ উপৰি কোষদেহৰ পৰা কিছুমান চুটি আৰু শাখা-প্রশাখাযুক্ত স্নায়ুপ্রবৰ্দ্ধ ওলায়।এইবোৰক ডেনড্রাইড বোলে । এটা নিউৰণ প্রায় 1 মিটাৰ পর্যন্ত দীঘল হয় ।
৪. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল-
(i) হৃদপেশীৰ তন্তুবোৰ শাখাবিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত।
(ii) হৃদপেশীবোৰ এক প্ৰকাৰ অনৈচ্ছিক পেশীকলা ।
(iii) হৃদপেশীবোৰ বা হৃদযন্ত্রটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ।
9. এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি ?
উত্তৰঃ এৰিওলাৰ কলাৰ কাৰ্যসমূহ হ’ল-
(i) এই কলাই আভ্যন্তৰীন অংগবোৰক সুৰক্ষা প্ৰদান কৰে ।
(ii) ইহঁতে কলাৰ ক্ষত অংশ মেৰামতি কৰে।
10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্তুসমূহৰ মাজৰ পাৰ্থক্য দেখুওৱা ।
উত্তৰঃ তিনি প্ৰকাৰৰ পেশীতন্তুসমুহ হ’ল –
(i) ৰেশীত পেশী (ii) অৰেশিত পেশী অথবা মসৃণ পেশী আৰু (iii) হৃদপেশী।
(i) ৰেশীত পেশী –
(a) এই পেশীসমূহ অন্তঃকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ থাকে।
(b) এই পেশীসমুহ ঐচ্ছিক পেশী।
(c) এই পেশীৰ কোষবিলাক দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন আৰু বহুকোষকেন্দ্রযুক্ত।
(ii) অৰেশিত পেশী অথবা মসৃণ পেশী –
(a) এই পেশীসমুহ চকুৰ আইৰিছ, পাচন নলী, জৰায়ু, হাঁওফাওঁৰ ব্রংকাই আদিত পোৱা যায়।
(b) এই পেশীসমুহ অনৈচ্ছিক পেশী।
(c) ইহঁতৰ কোষবিলাক দীঘল মাকো সদৃশ। একোটা কোষত এটা মাত্র কোষকেন্দ্র পোৱা যায় ।
(iii) হৃদপেশী –
(a) এই পেশী সমুহ হৃদযন্ত্ৰত পোৱা যায় ।
(b) হৃদপেশীবোৰ অনৈচ্ছিক পেশী।
(c) ইয়াৰ তন্তুবোৰ শাখাবিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্রযুক্ত।
11. হৃদপেশীসমূহৰ বিশেষ কাম কি ?
উত্তৰঃ প্ৰানীৰ হৃদযন্ত্রটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থকাটো হৃদপেশীয়ে নিয়ন্ত্রণ কৰে।
12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পার্থক্য নির্ণয় কৰা।
উত্তৰঃ ৰেশীত পেশী –
গঠনঃ এই পেশীৰ কোষবিলাক দীঘলীয়া, চুঙাকৃতি, শাখাহীন আৰু বহুকোষকেন্দ্রযুক্ত।
অৱস্থানঃ এই পেশীসমূহ অন্তঃকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ থাকে।
অৰেশিত পেশী –
গঠনঃ ইহঁতৰ কোষবিলাক দীঘল মাকো সদৃশ আৰু একোটা কোষত এটা মাত্র কোষকেন্দ্র পোৱা যায় ।
অৱস্থানঃ এই পেশীসমুহ চকুৰ আইৰিছ, পাচন নলী, জৰায়ু, হাঁওফাওঁৰ ব্রংকাই আদিত পোৱা যায়।
হৃদপেশী –
গঠনঃ ইয়াৰ তন্তুবোৰ শাখাবিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্রযুক্ত।
অৱস্থানঃ এই পেশী সমুহ হৃদযন্ত্ৰত পোৱা যায় ।
13. এটা আদর্শ স্নায়ুকোষৰ চিহ্নিত চিত্র আঁকা।
উত্তৰঃ
14. তলত দিয়া কলাসমূহৰ নাম লিখাঃ
(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?
উত্তৰঃ সৰল আচ্ছাদক কলা।
(b) পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে ?
উত্তৰঃ টেণ্ডন ।
(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে ?
উত্তৰঃ ফ্লোৱেম ।
(d) আমাৰ দেহৰ চৰ্বী থকা সংযোজক কলাবিধৰ নাম কি ?
উত্তৰঃ মেদকলা ।
(e) জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি ?
উত্তৰঃ তেজ ।
(f) মস্তিষ্কত কি কলা থাকে ?
উত্তৰঃ স্নায়ুকলা।
15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?
উত্তৰঃ সৰল আচ্ছাদক কলা।
16. তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখাঃ
ছাল, অস্থি, বৃক্কৰ আৱৰণ।
উত্তৰঃ
ছাল → স্তৰীভূত চটীয়া আচ্ছাদক কলা ।
অস্থি → সংযোজক কলা ।
বৃক্কৰ আৱৰণ → ঘনকাকৃতিৰ আচ্ছাদক কলা।
15. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰা :
উত্তৰঃ
অতিৰিক্ত প্রশ্নোত্তৰঃ
1. ভাজক কলা কাক বোলে ? ভাজক কলাৰ ভাগ কেইটা কি কি ?
উত্তৰঃ উদ্ভিদৰ বৃদ্ধি কেৱল মাত্র কিছুমান নির্দিষ্ট অঞ্চলহে সংঘটিত হয়। এই অঞ্চলটো বিভাজন শীল কলাৰে গঠিত, সেইবাবেই এই বিলাকক ভাজক কলা বোলে ।
স্থান অনুসৰি ভাজক কলাক তলত দিয়া ধৰনে ভাগ কৰা যে হৈছে। যেনে –
(i) অগ্রস্থ ভাজক কলা – এই কলাবিলাক উদ্ভিদৰ কাণ্ডৰ আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকে ।
(ii) পার্শ্বীয় ভাজক কলা – ই কাণ্ডত থাকে।
(ii) নিবেশিত ভাজক কলা – ই উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা-গছৰ গাঁঠিৰ কাষত থাকে ।
2. বিভেদন কি ?
উত্তৰঃ ভাজক কলাৰে গঠিত কোষবিলাক পিছলৈ বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী আকাৰ আকৃতি ধাৰণ কৰি নির্দিষ্টভাৱে
কোনো কার্য কৰিবৰ বাবে সাজু হৈ উঠে । ইয়াকে বিভেদন বুলি কোৱা হয়।
3. স্থায়ী কলা কেই প্ৰকাৰ আৰু কি কি ?
উত্তৰঃ স্থায়ী কলা দুই প্ৰকাৰৰ । যেনে –
(i) সৰল স্থায়ী কলা আৰু (ii) জটিল স্থায়ী কলা ।
4. সৰল স্থায়ী কলা কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ সৰল স্থায়ী কলা তিনি প্রকাৰৰ ।
যেনে – (i) পেৰেণকাইমা (ii) কলেইনকাইমা আৰু (iii) স্কেৰেণকাইমা ।
5. জটিল স্থায়ী কলা কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ জটিল স্থায়ী কলা দুই প্ৰকাৰৰ ।
যেনে – (i) জাইলেম আৰু (ii) ফ্লোৱেম ।
6. কোনবিধ কলাৰ বাবে জলজ উদ্ভিদ পানীত ওপঙি থাকে ?
উত্তৰঃ পেৰেণকাইমা।
7. কোনবিধ কলাৰ বাবে উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো আহে ?
উত্তৰঃ ক’লেনকাইমা ।
৪. পত্ৰৰন্ধ্ৰ কি ?
উত্তৰঃ পাতত থকা সৰু সৰু ৰন্ধ্ৰবিলাকক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়।
9. ৰক্ষীকোষ কি ?
উত্তৰঃ পত্ৰৰন্ধ্ৰ বিলাকক বৃক্ক আকৃতিৰ দুটা কোষেৰে আগুৰি থাকে। ইহঁতক ৰক্ষীকোষ বুলি কোৱা হয় ।
10. বাষ্পমোচন কাক বোলে ?
উত্তৰঃ উদ্ভিদে আভ্যন্তৰৰ পৰা বাষ্পকাৰে পানী এৰি দিয়া প্রক্রিয়াটোকে বাষ্পমোচন বুলি কোৱা হয় ।
11. কিছুমান মৰুজ উদ্ভিদৰ বহিস্ত্বকখন কিহেৰে ঢাকি ৰাখে ?
উত্তৰঃ কিউটিন নামৰ মম জাতীয় পদার্থই ঢাকি ৰাখে।
12. সৰল স্থায়ী কলা কাক বোলে ?
উত্তৰঃ যিবিলিক উদ্ভিদ কলাৰ প্ৰতিবিধেই একেবিধ কোষেৰে গঠিত অর্থাৎ প্রতিটো কোষেই ইটোৰ লগত সিটো দেখাত একেই ।
সেই বিলাকক সৰল স্থায়ী কোৱা হয়।
13. জটিল স্থায়ী কলা কাক বোলে ?
উত্তৰঃ যিবিলাক উদ্ভিদ কলা কেইবা প্ৰকাৰৰ কোষেৰে গঠিত আৰু আটাইবিধ কোষে সমন্বয় ৰক্ষা কৰি এটা উমৈহতীয়া কার্য সমাধান কৰে । সেই বিলাকক জটিল স্থায়ী কলা বোলে।
14. জাইলেম কলা কিহেৰে গঠিত ?
উত্তৰঃ জাইলেম বিলাক ট্রেকাইড, নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্তুৰ দ্বাৰা গঠিত ।
15. জাইলেমৰ কাম কি ?
উত্তৰঃ জাইলেমৰ সহায়ত উদ্ভিদ দেহত পানী আৰু খনিজ আৰু খনিজ লৱণ পৰিবহন হয়।
16. ফ্লোৱেমৰ কাম কি ?
উত্তৰঃ ফ্লোৱেমৰ খাদ্য বস্তু উদ্ভিদৰ পাতৰ পৰা অন্যান্য অংগলৈ সৰবৰাহ কৰে |
17. কাষ্ঠ তন্তুবিলাকৰ প্ৰধান কাম কি ?
উত্তৰঃ কাষ্ঠ তন্তুবিলাকৰ প্রধান কাম হ’ল উদ্ভিদ দেহক শক্তিশালী কৰি দৃঢ়তা প্রদান কৰা।
18. প্রানীকলাৰ ভাগকেইটা কি কি ?
উত্তৰঃ কাৰ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীকলাক চাৰিটা ভাগত ভাগ কৰা হৈছে।যেনে – (i) আচ্ছাদক কলা (i) সংযোজক কলা (iii) পেশী কলা আৰু (iv) স্নায়ু কলা ।
19. আচ্ছাদক কলা কি ?
উত্তৰঃ প্ৰানীৰ দেহক সুৰক্ষা দিয়াৰ বাবে থকা বাহ্যিক আৱৰনি খনেই হ’ল আচ্ছাদক কলা ।
আচ্ছাদক কলাই দেহৰ বিভিন্ন অংগ আৰু দেহ গুহাৰ আৱৰণ গঠন কৰে।যেনে – ছাল, মুখৰ অন্তঃ আৱৰণী, ৰক্তবাহকৰ অন্তঃ আৱৰণী আৰু হাঁওফাওৰ বায়ুথলী আৰু বৃক্ক নলীকাৰ আভ্যন্তৰীণবেৰ এইবিধ কলাৰে গঠিত ।
20. তেজ কি ?
উত্তৰঃ তেজ বা ৰক্ত হৈছে এবিধ বিশেষ ধৰণৰৰ জুলীয়া সংযোজক কলা।
21. প্লাজমা কি ? প্লাজমাত কি কি ৰক্তকোষ থাকে ?
উত্তৰঃ তেজৰ অৰ্দ্ধজুলীয়া আধাৰ দ্রব্যক প্লাজমা বোলে ।
প্লাজমাত বিভিন্ন ৰক্ত কোষ, যেনে – লোহিত ৰক্তকণিকা (RBC), শ্বেত ৰক্তকণিকা (WBC) আৰু অনুচক্রিকাবোৰ ওপঙি থাকে ।
22. তেজৰ কাম কি ?
উত্তৰঃ তেজে অক্সিজেন, কার্বনডাই অক্সাইড, পাচিত খাদ্য, হৰমন আৰু ৰেচন দ্রব্য আদি দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰে।
23. অস্থি কি ? ইয়াৰ কাম কি ?
উত্তৰঃ অস্থি হল এক প্ৰকাৰৰ সংযোজক কলা।
অস্থিসমূহে প্রাণীদেহৰ ভাৰ বহন কৰে তথা দেহৰ আকৃতি প্ৰদান কৰে ।
24. লিগামেণ্ট কি ?
উত্তৰঃ এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা সংযোজক কলাক লিগামেন্ট বুলি কোৱা হয় ।
25. টেণ্ডন কি ?
উত্তৰঃ স্থিতিস্থাপক পেশীবোৰক অস্থিৰ লগত বান্ধি ৰখা সংযোজক কলাক টেণ্ডন বুলি কোৱা হয় ।
26. উপাস্থি কি ? ই কত অৱস্থিত ?
উত্তৰঃ উপাস্থি হ’ল এক প্ৰকাৰৰ সংযোজক কলা যাৰ আধাৰ দ্রব্য প্র’টিন আৰু শৰ্কৰাৰে গঠিত কঠিন দ্রব্য।
উপাস্থি হাত ভৰিৰ অস্থিৰ মুৰ অংশত নাক, কান, ট্রেকিয়া আৰু লেৰিংচত পোৱা যায়।
27. এৰিওলাৰ কলা কি ? ই ক’ত অৱস্থিত ?
উত্তৰঃ এৰিওলাৰ কলা হ’ল এক প্ৰকাৰৰ সংযোজক কলা।
এই বোৰ কলা ছাল, উপাস্থি আৰু পেশীৰ মাজত ৰক্তনলী আৰু স্নায়ুৰ চাৰিওফালে আৰু অস্থিমজ্জাত পোৱা যায়।
28. মেদকলা কি ?
উত্তৰঃ আমাৰ ছালৰ তলত, আভ্যন্তৰীণ অংগৰ চাৰিওফালে মেদ জমা হৈ থকা কলাক মেদকলা বুলি কোৱা হয়।
29. আচ্ছাদক কলাৰ ভাগকেইটা কিকি ?
উত্তৰঃ আকাৰ আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি আচ্ছাদক কলাক তলত দিয়া ধৰণে ভাগ কৰা হৈছে। যেনে – (i) ছটীয়া আচ্ছাদক কলা।
(ii) ঘনকাকৃতিৰ আচ্ছাদক কলা।
(iii) স্তম্ভাকৃতিৰ আচ্ছাদক কলা।
30. পেশীতন্তু কি ? বিভিন্ন প্ৰকাৰৰ পেশীতন্তু সমূহ কিকি ?
উত্তৰঃ পেশীকলাসমূহ কিছুমান দীঘলীয়া কোষেৰে গঠিত । ইয়াকে পেশীতন্তু বুলি কোৱা হয়।
বিভিন্ন একাৰৰ পেশীতন্তুসমুহ হ’ল – (i) ৰেখিত পেশী (ii) অৰেশিত বা মসৃণ পেশী আৰু (iii) হৃদপেশী।
31. ঐচ্ছিক আৰু অনৈচ্ছিক পেশী কাক বোলে ?
উত্তৰঃ যি পেশী প্রাণীৰ ইচ্ছামতে সংকুচিত বা অ প্ৰসাৰিত কৰিব পাৰি। এই ধৰণৰ পেশীক ঐচ্ছিক পেশী বুলি কোৱা হয়।
যেনে – খোঁজ কৰা হ’ল ঐচ্ছিক ক্রিয়া।
যি পেশী প্রাণীৰ ইচ্ছামতে সংকুচিত বা প্রসাৰিত কৰিব নোৱাৰি । এই ধৰণৰ পেশীক অনৈচ্ছিক পেশী বুলি কোৱা হয়।
যেনে – পাচন নলীত খাদ্যৰ গতি, ৰক্তনলীকাৰ সংকোচন আৰু প্রসাৰণ আদি প্ৰাণীৰ অনৈচ্ছিক চলন ।
31. স্নায়ুকোষ বা নিউৰন কি ?
উত্তৰঃ স্নায়ুকোষ বা নিউৰণ হ’ল স্নায়ুতন্ত্ৰৰ গঠন আৰু কাৰ্যৰ একক। নিউৰণবোৰ কোষদেহ, এক্সন আৰু ডেনড্রাইটেৰে গঠিত ।
প্ৰাণীৰ মস্তিষ্ক, স্নায়ুৰজ্জু আদি এইবোৰ কোষেৰে গঠিত।
32. এক্সন আৰু ডেনড্রাইট কাক বোলে ?
উত্তৰঃ স্নায়ুকোষৰ কোষদেহৰ পৰা এডাল দীঘল, নলী সদৃশ চাইট’প্লাজমৰ স্নায়ু প্রবৰ্ধ ওলায়৷ ইয়াক এক্সন বোলে।
কোষদেহৰ পৰা কিছুমান চুটি আৰু শাখা-প্রশাখাযুক্ত স্নায়ুপ্রবৰ্দ্ধ ওলায়। এই বোৰক ডেনড্রাইট বোলে।
0 Comments