অধ্যায়ঃ5 জীৱৰ মৌলিক একক

(THE FUNDAMENTAL UNIT OF LIFE)

প্ৰশ্নাৱলীঃ

Page No.59

1. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল ?

উত্তৰঃ ৰবাৰ্ট হুকে 1665 খ্ৰীষ্টাব্দত নিজে সাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰি কোষ আবিষ্কাৰ কৰিছিল। এই কোষবিলাক মৌ কোঁহৰ নিচিনা কিছুমান খোঁটালি দেখা পাইছিল।

2. কোষক কিয়  গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয় ?

উত্তৰঃ কোষক গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয় কিয়নো সকলো জীৱই কোষৰ দ্বাৰা গঠিত আৰু এই কোষবোৰে জীৱৰ জীয়াই থকাৰ বাবে প্ৰয়েজনীয় প্ৰক্ৰিয়া বা কাৰ্যবিলাক সমাধান কৰে।

এককোষী  জীৱৰ ক্ষেত্ৰত এই কাৰ্যবিলাক মাত্ৰ এটা কোষেৰে সমাধান কৰে আৰু বহুকোষী  জীৱৰ ক্ষেত্ৰত বিভিন্ন কোষৰ গোট বা সমষ্টিয়ে শৰীৰৰ বিভিন্ন অংগৰ প্রয়োজন সাপেক্ষে বিভিন্ন কার্য সমাধান কৰে।

প্ৰশ্নাৱলীঃ

Page No.61

1. CO2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনে দৰে চলাচল কৰে আলোচনা কৰা ।

উত্তৰঃ CO2 ৰ দৰে পদার্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন প্রক্রিয়াৰে আৰু পানীৰ দৰে পদার্থবিলাক আসৃতি প্রক্রিয়াৰে কোষাবৰণৰ মাজেদি কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ চলাচল কৰে ।

কাৰ্বন ডাই অক্সাইডৰ দৰে পদাৰ্থবিলাকৰ ক্ষেত্রত, কোষৰ বাহিৰৰ পৰিবেশত CO2 ৰ গাঢ়তা কোষটোৰ ভিতৰৰ CO2 ৰ গাঢ়তাতকৈ কম । গতিকে যেতিয়াই কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ CO2 ৰ গাঢ়তাৰ তাৰতম্য ঘটে তেতিয়াই কোষটোৰ ভিতৰৰ CO2 ৰ গাঢ়তা উচ্চ গাঢ়তা অঞ্চলৰ পৰা কোষৰ বাহিৰৰ নিম্ন গাঢ়তা অঞ্চললৈ ব্যাপন  প্রক্রিয়াৰে ওলাই আহে।

পানীৰ দৰে পদার্থবিলাকৰ ক্ষেত্রত কোষাবৰণৰ  মাজেদি পানীৰ চলাচল হোৱাটো পানীত দ্রৱীভূত হৈ থকা পদাৰ্থৰ পৰিমাণে প্ৰভাৱিত কৰে অর্থাৎ পানীৰ দৰে পদাৰ্থবোৰ কোষাবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ আসৃতি প্রক্রিয়াৰে প্রবাহিত হৈ চলাচল কৰে।

2. কোষাবৰণখনক কিয় অর্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয় ?

উত্তৰঃ কোষাবৰণে কিছুমান দ্রব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা-যোৱা কৰাত সহায় কৰে কিন্তু কিছুমান দ্রব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধা দিয়ে। সেই কাৰণে কোষাবৰণখনক অর্ধভেদ্য আৱৰণ বুলি কোৱা হয়।

প্ৰশ্নাৱলীঃ

Page No.63

1. প্রকোষকেন্দ্রীয় কোষ আৰু সংকোষকেন্দ্রীয় কোষৰ মাজত ব্যাখ্যামূলক পার্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা।

উত্তৰঃ

প্রকোষকেন্দ্রীয় কোষঃ

(i) আকাৰঃ সাধাৰণতে সৰু ।

(ii) কোষৰ কেন্দ্ৰাঞ্চলঃ অনির্দিষ্ট আৰু ইয়াক কেন্দ্রাবৰণে আবৃত কৰি নাৰাখে আৰু  ইয়াক নিউক্লিয়ইড বুলি জনা যায়।

(iii) ক্রম’জ’মঃ এডাল।

(iv) আৱৰণী বিশিষ্ট কোষ অংগানু নাথাকে।

সংকোষকেন্দ্রীয় কোষঃ

(i) আকাৰঃ সাধাৰণতে ডাঙৰ।

(ii) কোষৰ কেন্দ্রাঞ্চলঃ সু-নির্দিষ্ট আৰু ইয়াক কেন্দ্রাবৰণে আবৃত কৰি ৰাখে ।

(iii) ক্রম’জ’মঃ এডালতকৈ বেছি থাকে।

(iv) আৱৰণী বিশিষ্ট কোষ অংগানু থাকে।

প্ৰশ্নাৱলীঃ

Page No.65

1. তুমি অধ্যয়ন কৰি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদার্থ (Genetic material) থাকে।

উত্তৰঃ মাইট’কন্ড্রিয়া আৰু প্লাষ্টিড ।

2. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হব ?

উত্তৰঃ জীৱৰ জীবন নির্বাহৰ বাবে প্রয়োজনীয় বিভিন্ন জৈৱিক প্রক্রিয়া সমূহ শৰীৰৰ বিভিন্ন অংগ বিশেষে প্রয়োজন সাপেক্ষে কিছুমান কোষৰ গোট বা সমষ্টিয়ে সমাধান কৰে। যদি ভৌতিক আৰু ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া জীৱন নির্বাহৰ বাবে প্রয়োজনীয় জেৱিক প্রক্রিয়া সমূহ  বন্ধ হৈ যাব।

3. লাইছ’জ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় ?

উত্তৰঃ কোষৰ বিপাকীয় কার্যত বা জৈৱিক প্রক্রিয়া সমূহত কিবা বিসংগতি হ’লে অর্থাৎ যেতিয়া কোষ এটা মৰি যায় তেতিয়া লাইছ’জ’মে সিহঁতৰ ভিতৰত থকা পৰিপাকীয় উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে।সেয়ে লাইছ’জ’মক আত্মঘাতী মোনা বুলি কোৱা হয় ।

4. কোষৰ অভ্যন্তৰৰ ক’ত প্র’টিন সংশ্লেষণ সংঘটিত হয় ?

উত্তৰঃ কোষৰ অভ্যন্তৰৰ ৰাইব’জ’মত  প্র’টিন সংশ্লেষণ সংঘটিত হয়।

অনুশীলনীঃ

Page No.66

1. উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা  প্রাণী কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ উদ্ভিদ কোষ আৰু প্রাণী কোষৰ মাজৰ পার্থক্য তলত দিয়া হ’ল –

উদ্ভিদ কোষঃ

(i) সাধাৰণতে প্রানীকোষৰ তুলনাত ডাঙৰ।

(ii) প্লাষ্টিড থাকে।

(iii) ৰসধানী যথেষ্ট ডাঙৰ।

(iv) লাইছ’জ’ম নাথাকে।

(v) কোষবেৰ থাকে।

প্রাণী কোষঃ

(i) সাধাৰণতে উদ্ভিদকোষৰ তুলনাত সৰু।

(ii) প্লাষ্টিড নাথাকে।

(iii) ৰসধানী সৰু।

(iv) লাইছ’জ’ম থাকে।

(v) কোষবেৰ নাথাকে।

2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয়  কোষবিলাক সংকোষকেন্দ্রীয় কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ প্ৰকোষকেন্দ্ৰীয়  কোষ আৰু সংকোষকেন্দ্রীয় কোষৰ মাজৰ পার্থক্য তলত দিয়া হ’ল –

প্রকোষকেন্দ্রীয় কোষঃ

(i) আকাৰঃ সাধাৰণতে সৰু ।

(ii) কোষৰ কেন্দ্ৰাঞ্চলঃ অনির্দিষ্ট আৰু ইয়াক কেন্দ্রাবৰণে আবৃত কৰি নাৰাখে আৰু  ইয়াক নিউক্লিয়ইড বুলি জনা যায়।

(iii) ক্রম’জ’মঃ এডাল।

(iv) আৱৰণী বিশিষ্ট কোষ অংগানু নাথাকে।

সংকোষকেন্দ্রীয় কোষঃ

(i) আকাৰঃ সাধাৰণতে ডাঙৰ।

(ii) কোষৰ কেন্দ্রাঞ্চলঃ সু-নির্দিষ্ট আৰু ইয়াক কেন্দ্রাবৰণে আবৃত কৰি ৰাখে ।

(iii) ক্রম’জ’মঃ এডালতকৈ বেছি থাকে।

(iv) আৱৰণী বিশিষ্ট কোষ অংগানু থাকে।

3. কোষৰ কোষাবৰণখন ফাটি গলে কি হ’ব ?

উত্তৰঃ কোষৰ কোষাবৰণ হল কোষস্থ দ্রব্যক আগুৰি থকা এটা বহিঃ আবৰণ যিয়ে কোষত থকা বিভিন্ন কোষ অংগাণু আৰু কোষপ্রৰসৰ আৱৰণৰ যোগান ধৰি বহিঃ পৰিবেশৰ পৰা পৃথক কৰি ৰাখে।যদি কোষৰ কোষাবৰণখন ফাটি যায় তেতিয়া কোষস্থ দ্রব্য বহিঃপৰিবেশৰ সংস্পৰ্শত আহিব।ফলত কোষটোৰ মৃত্যু হ’ব আৰু ইয়াৰ অস্তিত্ব নাইকিয়া হ’ব।

4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্রভাৱ পৰিব ?

উত্তৰঃ গলজি সংঘবিলাকৰ প্ৰধান কাম হল – সঞ্চয়, উৎপাদিত পদার্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰণ।সিহঁতে লাইছ’জ’ম গঠন কৰাতো সহায় কৰে।ইয়াৰ উপৰিও গলজি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিবৰ্তন কৰিব পাৰে।যদি কোষ একোটাত গলজি সংঘ নাথাকে তেতিয়া এই কার্যবিলাক বন্ধ হ’ব আৰু কোষটো জীয়াই থকাৰ বাবে জৈৱিক প্রক্রিয়া সমুহত বাধা জন্মাব।ইয়াৰ উপৰিও বিভিন্ন দ্রব্য যেনে প্র’টিন আৰু লিপিড কোষাবৰণৰ গঠনৰ বাবে গুৰুত্বপূর্ণ।যদি গলজি সংঘ নাথাকে তেতিয়া প্ৰ’টিন আৰু লিপিডৰ ৰূপান্তৰণ আৰু বন্ধনত বাধা দিব।গতিকে গলজি সংঘৰ অনুপস্থিতিয়ে কোষ বিভাজনৰ সময়ত নতুন কোষ গঠন হোৱাত বাধা প্ৰদান কৰিব।

5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় ?

উত্তৰঃ মাইট’কন্ড্রিয়াক শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় কাৰণ কোষৰ শ্বাস-প্রশ্বাস অর্থাৎ কোষৰ শ্বসন প্রক্রিয়া মাইট’কন্ড্রিয়াত সংঘটিত হয় আৰু ইয়াৰ ফলত যিটো শক্তি উৎপন্ন হয় ATP ৰ ৰূপত মাইট’কন্দ্রিয়াত জমা হয়। প্রয়োজন সাপেক্ষে এই ATP অণুৰ পৰা কোষে শক্তি ব্যৱহাৰ কৰে ।

6. কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্র’টিনবিলাক ক’ত সংশোধিত হয় ?

উত্তৰঃ কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড মিহি অন্তঃপ্রৰসীয় জালিকাত আৰু প্ৰ’টিন ৰাইব’জ’মত সংশোধিত হয়।

7. এমিবাই কি দৰে আহাৰ গ্ৰহণ কৰে ?

উত্তৰঃ এমিবাই অন্তঃকোষীয় ভক্ষণ প্রক্রিয়াৰে খাদ্য গ্রহণ কৰে।এমিবাই প্রয়োজন সাপেক্ষে ইয়াৰ আকাৰ আৰু আকৃতি সলনি কৰিব পাৰে।গতিকে যেতিয়া এমিবাই খাদ্যৰ সংস্পৰ্শত আহে তেতিয়া খাদ্যৰ দিশত আঙুলিৰ দৰে কিছুমান অংশ বা কুটপদ কোষাবৰণটো আগবঢ়াই দিয়ে আৰু খাদ্য কণিকাটো কুটপদেৰে আৱৰি লৈ গিলি দিয়ে।পিছত খাদ্যকণিকাটো ৰসধানীত জমা হয় আৰু ৰসধানীত থকা পাচক ৰসে খাদ্য কণিকাটো হজম বা পাচন ঘটায়।

8. আসৃতি কি ?

উত্তৰঃ যি প্রক্রিয়াৰ সহায়ত অর্ধভেদ্য আৱৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা কম গাঢ়তা অঞ্চললৈ পানীৰ অণুৰ ব্যাপন ঘটে তাকে আকৃতি বোলে।

9. আকৃতিৰ বাবে তলৰ পৰীক্ষাটো কৰি চোৱা।

বাকলি গুচোৱা আলুগুটি চাৰিফাল লোৱা আৰু প্রত্যেক টুকুৰাৰ মাজৰ অংশটো এৰুৱাই একোটা পিয়লাৰ নিচিনা কৰি লোৱা৷ইয়াৰে এটুকুৰা সিজাই লোৱা আলুৰ পৰা ল’বা।(ক, খ, গ, ঘ নামাংকিত কৰি লবা )৷

(ক) “ক” পিয়লাটো খালী কৰি ৰাখিবা।

(খ) “খ” পিয়লাটোত এচামুচ শর্কৰা বা চেনি দিয়া।

(গ) “গ” পিয়লাটোত এচামুচ নিমখ দিয়া।

(ঘ) “ঘ” পিয়লাটো যিটো সিজোৱা আলুৰ পৰা তৈয়াৰ কৰিছিলো সেইটোতও চেনি এচামুচ দিয়া।

আটাইকেইটা প্রায় দুই ঘন্টা মান ৰাখি পিচত নিৰীক্ষণ কৰি তলৰ প্রশ্নকেইটাৰ সমাধান দিয়া।

(i) “খ” আৰু “গ” পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি পৰিল ?

উত্তৰঃ “খ” আৰু “গ” পিয়লাটোৰ খালী হৈ থকা অংশটো আসৃতিৰ বাবে পানীৰে ভৰি পৰিল।

(ii) “এই” পৰীক্ষাটোৰ বাবে “ক” পিয়লাটো কিয় প্রয়োজন ?

উত্তৰঃ যিহেতু “ক” পিয়লাটো খালী গতিকে ইয়াৰ পৰা যে পানী নিৰ্গত হোৱা নাই তাক চাবলৈ “ক” পিয়লাটোৰ প্রয়োজন।

(iii) “ক” আৰু “ঘ” পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি নপৰিল কাৰণ দৰ্শাই বর্ণনা দিয়া।

উত্তৰঃ “ক” পিয়লাটোত অল্পসাৰী দ্ৰৱ নাই।সেইকাৰণে পিয়লাটো খালী হৈ থাকে।যিহেতু “ঘ” সিজোৱা আলুৰ পৰা তৈয়াৰী গতিকে কোষবোৰ মৃত।সেই কাৰণে আসৃতি প্ৰক্ৰিয়া সংঘটিত হোৱা নাই।

অতিৰিক্ত প্রশ্নঃ

1. কোষ কি ?

উত্তৰঃ কোষ হ’ল জীৱৰ দেহ গঠনৰ আৰু কাৰ্যৰ মৌলিক একক।

2. কিছুমান এককোষী জীৱৰ উদাহৰণ দিয়া।

উত্তৰঃ কিছুমান এককোষী জীৱৰ উদাহৰণ হ’ল ক্লেমাইড’ ম’নাচ, পেৰামেচিয়াম, বেক্টেৰিয়া, এমিবা আদি।

3. কোষ অংগাণু কি ?

উত্তৰঃ কোষ একোটাৰ ভিতৰত  কিছুমান অংগ থাকে যিয়ে কিছুমান নির্দিষ্ট কাম সম্পন্ন কৰে, এইবিলাকক কোষ অংগাণু বুলি কোৱা হয়।

যেনে –  অন্তঃপ্রৰসীয় জালিকা, গলজি সংঘ, লাইছ’জ’ম, মাইট’কন্দ্রিয়া, প্লাষ্টিড, ৰসধানী আদি।

4. কোষ প্রধানকৈ কিহেৰে গঠিত ?

উত্তৰঃ কোষ প্রধানকৈ কোষাবৰণ, কোষকেন্দ্র আৰু কোষপ্ৰৰসেৰে গঠিত।

5. কোষাবৰণ কি ?

উত্তৰঃ কোষাবৰণ হ’ল এটা জৈৱ অণু বা কোষ অংগাণু যি লিপিড আক প্ৰ’টিনৰ দ্বাৰাগঠিত

আৰু ই কোষস্থ দ্রব্যক আগুৰি থকা এটা বহিঃআৱৰণ।

6. কোষবেৰ কি ?

উত্তৰঃ উদ্ভিদ কোষত কোষাবৰণখনৰ ওপৰিও বহিঃআৱৰণ হিচাপে এখন ভাঠ, মোটা আৱৰণ থাকে ইয়াকে কোষবেৰ বুলি কোৱা হয়।

7. উদ্ভিদৰ কোষবেৰখন কিহেৰে গঠিত ?

উত্তৰঃ উদ্ভিদৰ কোষবেৰখন ছেলুলজৰে গঠিত।

8. ছেলুলজ কি ?

উত্তৰঃ ছেলুলজ হ’ল এবিধ জটিল ৰাসায়নিক পদার্থ যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি প্রদান কৰে।

9. কোষকেন্দ্র কি ?

উত্তৰঃ প্ৰতিটো কোষৰ কেন্দ্ৰাঞ্চলত গাঢ় ৰং লোৱা ঘূৰণীয়া বা ডিম্বাকৃতিৰ যিটো সুক্ষ্ম গঠন থাকে তাকে কোষকেন্দ্র বোলে।

10. কোষকেন্দ্রাৱৰণ কি ?

উত্তৰঃ কোষকেন্দ্ৰক আগুৰি ৰখা দুই তৰপীয়া আৱৰণখনক কোষকেন্দ্রাৱৰণ বোলে।

11. ক্রম’জ’ম কি ?

উত্তৰঃ ক্রম’জ’ম কোষকেন্দ্রত থাকে আৰু ই বংশগত বৈশিষ্টসমূহ পৈতৃক  জনুৰ পৰা পৰবর্ত্তী জনুলৈ কঢ়িয়াই নিয়ে।

12. ক্রম’জ’ম বিলাক কিহেৰে গঠিত ?

উত্তৰঃ ক্রম জমবিলাক ডি.এন.এ আৰু প্ৰ’টিনেৰে গঠিত।

13. DNA ৰ সম্পূর্ণ নাম কি ?

উত্তৰঃ DNA ৰ সম্পূর্ণ নাম হ’ল Deoxyribo Nucleic Acid।

14. আমাৰ বংশগত বৈশিষ্টসমূহ ক’ত নিহিত হৈ থাকে ?

উত্তৰঃ আমাৰ বংশগত বৈশিষ্টসমূহ DNA ত নিহিত হৈ থাকে।

15. DNA ক’ত অৱস্থিত ?

উত্তৰঃ DNA ক্রম’জ’মত অৱস্থিত।

16. জিন কি ?

উত্তৰঃ জিন হ’ল DNA ৰ কার্যকৰী একক।

17. নিউক্লিয়ইড কি ?

উত্তৰঃ যিবোৰ জীৱৰ কেন্দ্রাৱৰণ নাথাকে তেনে বিলাক জীৱৰ কোষৰ কেন্দ্ৰাঞ্চলত কেৱল নিউক্লিক এছিডহে থাকে।ইয়াকে নিউক্লিয়ইড বুলি কোৱা হয়।

18. প্রকোষকেন্দ্রীয় কোষ আৰু সংকোষকেন্দ্রীয় কোষ কাক বোলে ?

উত্তৰঃ প্রকোষকেন্দ্রীয় কোষঃ যিবিলাক জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্রাৱৰণ নাথাকে তেনেবিলাক জীৱক প্রকোষকেন্দ্রীয় জীৱ বোলে আৰু কোষটোক প্রকোষকেন্দ্রীয় কোষ বুলি কোৱা হয়।

সংকোষকেন্দ্রীয় কোষঃ যিবিলাক জীৱৰ কোষৰ কোষকেন্দ্রৰ কেন্দ্রাৱৰণ থাকে তেনেবিলাক জীৱক সংকোষকেন্দ্রীয় জীৱ বোলে আৰু কোষটোক সংকোষ কেন্দ্রীয় কোষ বুলি কোৱা হয়।19. কোষপ্রৰষ কি ?

উত্তৰঃ কোষপ্রৰষ হ’ল কোষাৱৰণে আগুৰি ৰখা এক অৰ্ধ জুলীয়া পদাৰ্থ য’ত বিশেষ ধৰণৰ কোষ অংগাণু বিলাক থাকে।

20. অন্তঃপ্রৰসীয় জালিকাৰ প্রধান কাম কি কি ?

উত্তৰঃ অন্তঃপ্রৰসীয় জালিকাৰ প্রধান কাম হ’ল –

(i) কোষপ্রৰসৰ বিভিন্ন অঞ্চলৰ মাজত বা কোষপ্ৰৰস আৰু কোষকেন্দ্রৰ মাজত পদার্থৰ বিশেষকৈ প্ৰ’টিনৰ সৰবৰাহ কার্যত লিপ্ত হোৱা।

(ii) কোষৰ বিভিন্ন যাৱতীয় জৈৱ ৰাসায়নিক প্রক্রিয়াবিলাক সংঘটিত হ’ব পৰাকৈ যথেষ্ট ঠাইৰ সৃষ্টি কৰা।

21. ATP অণুক কোষীয় শক্তিৰ মুদ্রা বুলি কিয় কোৱা হয় ?

উত্তৰঃ জীৱৰ জীৱন নির্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্রয়োজনীয় শক্তি কোষে ATP অণুৰ পৰা ব্যৱহাৰ কৰে। সেই কাৰণে ATP অণুক কোষীয় শক্তিৰ মুদ্রা বুলি কোৱা হয়।

22. লাইছ’জ’ম কি ?

উত্তৰঃ লাইছ’জ’ম কোষস্থ বৰ্জিত পদাৰ্থৰ নিষ্কাসনৰ লগত জড়িত এক কোষ অংগাণু।

23. ৰসধানী বা ৰিক্তিকা কি ?

উত্তৰঃ ৰসধানী বা ৰিক্তিকাবিলাক হ’ল গোটা বা তৰল পদার্থ সঞ্চয় কৰি ৰখা মোনা সদৃশ কোষ অংগাণু।

24. গলজি সংঘ কি ?

উত্তৰঃ গলজি সংঘবিলাক কিছুমান আৱৰণযুক্ত  মোনাকাৰ গঠন থকা কোষ অংগাণু যিয়ে কোষৰ সঞ্চয়, উৎপাদিত পদার্থ বিলাকৰ বন্ধন আৰু ৰূপান্তৰণ আদি কাৰ্যত সহায় কৰে।

25. হৰিৎকণা কি ?

উত্তৰঃ যিবিলাক প্লাষ্টিডত পত্রহৰিৎ নামৰ ৰঞ্জক পদার্থ থাকে সেই বিলাকক হৰিৎকণা বুলি কোৱা হয়।

হৰিৎকণাবিলাক উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূর্ণ কোষ অংগাণু।


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *