অধ্যায়ঃ3 ধাতু আৰু অধাতু

(METALS AND NON-METALS)

প্ৰশ্নাৱলীঃ

Page No.40

1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

(i) সাধাৰণ উঞ্চতাত (room temperature) জুলীয়া।

উত্তৰঃ  পাৰা।

(ii) কটাৰিৰে সহজে কাটিব পাৰি।

উত্তৰঃ ছডিয়াম আৰু পটেছিয়াম।

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

উত্তৰঃ ৰূপ আৰু তাম।

(iv) তাপৰ কম পৰিবাহী।

উত্তৰঃ সীহ আৰু পাৰা।

2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।

উত্তৰঃ ধাতুক কোৱাই পাতল পাতৰ আকাৰত গঢ় দিব পৰা ধর্মক ধাতুৰ ঘাত সহনীয়তা বোলে।
সোণ আৰু ৰূপ আটাইতকৈ ঘাতসহনীয় ধাতু।

নমনীয়তা – সাধাৰণতে ধাতুবোৰ দীঘল কৰি তাৰলৈ পৰিবর্তন কৰিব পাৰি।ধাতুৰ এই

ধর্মক ধাতুৰ নমনীয়তা বোলে।

সোণ আটাইতকৈ নমনীয় ধাতু।

প্ৰশ্নাৱলীঃ

Page No.46

1. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?

উত্তৰঃ ছ’ডিয়াম অধিক সক্রিয় ধাতু।সাধাৰণ উষ্ণতাত ই অক্সিজেন আৰু পানী বা জলীয় বাষ্পৰ লগত প্রবল ভাবে বিক্রিয়া কৰে।বিক্রিয়াটো তাপবৰ্জী অৰ্থাৎ প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয় আৰু জুই জ্বলি উঠে। সেই কাৰণে এই দূর্ঘটনাটো ৰোধ কৰিবলৈ ছ’ডিয়াম ধাতু কেৰাচিন তেলত ডুৱাই ৰখা হয়।

2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা – 

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইনৰ বিক্ৰিয়া।

উত্তৰঃ 3Fe (s) + 4H2O(g) Fe3O4 (s) + 4H2 (g)

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া।

উত্তৰঃ Ca (s) + 2H2O (l)  → Ca(OH)2 (aq) + H2 (g) +  তাপশক্তি

2K + H2O (l) → 2KOH (aq) + H2 (g) +  তাপশক্তি

3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল।ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।

 

 

ওপৰৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।

(i) আটাইতকৈ সক্রিয় ধাতু কোনটো ?

উত্তৰঃ B ধাতু।

(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে কি হ’ব ?

উত্তৰঃ B ধাতুৰ লৱণ আৰু কপাৰ উৎপন্ন হব।

(iii) A B C D ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজোৱা।

উত্তৰঃ সক্ৰিয়তাৰ নিম্নক্ৰমত,
B ˃ A ˃ C ˃ D

3. লঘু হাইড্ৰ’ক্ল’ৰিক এছিডত (HCl) এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয় ? আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা।

উত্তৰঃ লঘু হাইড্ৰ’ক্ল’ৰিক এছিডত এটা সক্ৰিয় ধাতু দিলে হাইড্রজেন গেছ উৎপন্ন হয়।

আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ হল –

Fe (s) + H2SO4 (aq) FeSO4 (aq) + H2 (g)

5. আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা ? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা৷

উত্তৰঃ আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে, যিংক আইৰনতকৈ বেছি সক্রিয় গতিকে প্রতিষ্ঠাপন বা অপসৰণ বিক্রিয়া ঘটিব আৰু যিংকে আইৰনক (II) ছালফেট যৌগৰ পৰা অপসাৰিত কৰি বৰণহীন যিংক ছালফেট উৎপন্ন হয় কৰে।

সংঘটিত হোৱা বিক্রিয়াটো হল –

Zn (s) + FeSO4 (aq) →  ZnSO4 (aq)) + Fe (s)

প্ৰশ্নাৱলীঃ

Page No.49

1. (i) ছ’ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা।

উত্তৰঃ

(ii) ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন লিখা।

উত্তৰঃ ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na2O ৰ গঠনঃ

2Na 2Na+ + 2e

O + 2e O2-

 

 

ইয়াত Na+ হল ছড়িয়াম কেটায়ন আৰু O2- হ’ল অক্সাইড এনায়ন।ছড়িয়াম পৰমানুৰ বাহিৰতম কক্ষত এটা ইলেক্ট্রন থাকে, যিটো ছডিয়াম পৰমাণুৱে হেৰুৱাই এটা সম্ভ্রান্ত গেছৰ ইলেক্ট্রনীয় বিন্যাস প্রাপ্ত কৰি ছডিয়াম কেটায়নলৈ পৰিবর্তন হয়।আনহাতে অক্সিজেন পৰমানুৰ বাহিৰতম কক্ষত 6 টা ইলেক্ট্রন থাকে আৰু সম্ভ্রান্ত গেছৰ ইলেক্ট্রনীয় বিন্যাস পাবলৈ 2 টা ইলেক্ট্রন লাগে।গতিকে দুটা ছড়িয়াম পৰমাণুৱে হেৰুওৱা দুটা ইলেক্ট্রন অক্সিজেন পৰমাণুৱে গ্রহণ কৰি ছড়িয়াম অক্সাইড (Na2O) যৌগ গঠন কৰে।

ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে MgO ৰ গঠনঃ

Mg Mg2+ + 2e

O + 2e O2-

 

 

ইয়াত Mg2+ হ’ল মেগনেছিয়াম কেটায়ন আৰু O2- হ’ল অক্সাইড এনায়ন।মেগনেছিয়াম পৰমাণুৰ বাহিৰতম কক্ষত 2 টা ইলেক্ট্রন থাকে, যিটো মেগনেছিয়াম পৰমানুৱে হেৰুৱাই এটা সম্ভ্রান্ত গেছৰ ইলেক্ট্রনীয় বিন্যাস প্রাপ্ত কৰি মেগনেছিয়াম কেটায়নলৈ পৰিবর্তন হয়।আনহাতে অক্সিজেন পৰমানুৰ বাহিৰতম কক্ষত 6 টা ইলেক্ট্রন থাকে আৰু সম্ভ্রান্ত গেছৰ ইলেক্ট্রনীয় বিন্যাস পাবলৈ 2 টা ইলেক্ট্রন লাগে।গতিকে মেগনেছিয়াম পৰমাণুৱে হেৰুওৱা দুটা ইলেক্ট্রন অক্সিজেন পৰমাণুৱে গ্রহণ কৰি মেগনেছিয়াম অক্সাইড (Mgo) যৌগ গঠন কৰে।

(iii) এই যৌগটোত থকা আয়নসমূহ কি কি ?

উত্তৰঃ এই যৌগটোত থকা আয়নসমূহ হল – ছড়িয়াম কেটায়ন (Na+), মেগনেছিয়াম কেটায়ন (Mg2+), আৰু অক্সাইড এনায়ন ( O2-)।

3. আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?

উত্তৰঃ আয়নীয় যৌগৰ কেটায়ন আৰু এনায়নৰ মাজত বিদ্যুৎস্থিতীয় আকর্ষণ বল অতি প্রবল।ইয়াক ভাঙি আয়নবোৰক পৃথক কবিবলৈ ভালেখিনি বা যথেষ্ট তাপশক্তি প্রয়োজন হয়।সেই কাৰণে আয়নীয় যৌগৰ গলনাংক বেছি।

প্ৰশ্নাৱলীঃ

Page No.53

1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।

(i) মণিক (mineral) (ii) আকৰ (ore) (iii) খনিজ মল (gangue)

উত্তৰঃ (i) মণিকঃ পৃথীৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোৰক খনিজ পদার্থ বা মণিক বুলি কোৱা হয়।

যেনে – ছড়িয়াম ক্লৰাইড, মেগনেছিয়াম ক্ল’ৰাইড।

(ii) আকৰঃ যি খনিজ পদার্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ  লাভজনকভাৱে আহৰণ কৰিব পাৰি।এই ধৰণৰ খনিজ পদার্থবিধক ধাতুটোৰ আকৰিক বা আকৰ বুলি কোৱা হয়।

যেনে – এলুমিনিয়াম ধাতুৰ আকৰ বা আকৰিক হ’ল বক্সাইড (Al2O3.2H2O), মাৰকিউৰি বা পাৰাৰ আকৰ হ’ল চিনাবাৰ (HgS)।

(iii) খনিজ মলঃ খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি, বালি, আদি মিহলি হৈ থাকে।এই অশুদ্ধি বা অপদ্রৱ্যবোৰক খনিজ মল বোলে।

2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ গল্ড আৰু ছিলভাৰ।

3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় ?

`উত্তৰঃ

 

 

প্ৰশ্নাৱলীঃ

Page No.55

1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল৷

 

 

কোনবিলাক ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব ?

উত্তৰঃ

 

 

2. কোনবোৰ ধাতু সহজে ক্ষয় নহয় ?

উত্তৰঃ গল্ড আৰু প্লেটিনাম।

3. সংকৰ ধাতু কি ?

উত্তৰঃ সংকৰ ধাতু হ’ল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্রণ।
যেনে – ষ্টিল হ’ল লো আৰু কাবর্নৰ সংকৰ ধাতু।ষ্টেইনলেচ ষ্টিল হ’ল লো, নিকেল আৰু ক্রমিয়ামৰ সংকৰ ধাতু, ছ’ন্ডাৰ হল লেড আৰু টিনৰ সংকৰ ধাতু, ব্র’ঞ্জ হল কপাৰ আৰু টিনৰ সংকৰ ধাতু, পিতল হল কপাৰ আৰু  যিংকৰ সংকৰ ধাতু।

অনুশীলনীঃ

Page No.56

1. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব ?
(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
(b) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO4 ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

উত্তৰঃ (d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব ?
(a) গ্ৰীজ ব্যৱহাৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্ৰলেপ দি
(d) ওপৰৰ সকলো

উত্তৰঃ (c) যিংকৰ প্ৰলেপ দি।

3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে।যৌগটো পানীত দ্রৱণীয়।সম্ভৱপৰ মৌলটো
(a) কেলছিয়াম
(b) কার্বন
(c)ছিলিকন
(d) আইৰন

উত্তৰঃ (a) কেলছিয়াম।

4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; যিংক নহয়।কিয়নো – 
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়।

উত্তৰঃ (d) যিংক টিনতকৈ কম সক্রিয়।

5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল।
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?
(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা৷

উত্তৰঃ

6. উভধর্মী অক্সাইড কাক বোলে ? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া৷

উত্তৰঃ যিবোৰ ধাতৱ অগ্রইড অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সিহতক উভয়ধর্মী অক্সাইড বোলে।
দুটা উভয়ধর্মী অক্সাইডৰ উদাহৰণ হল – এলুমিনিয়াম অক্সাইড (Al2O3) আৰু যিংক অক্সাইড (ZnO)।

7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।

উত্তৰঃ লঘু এছিডৰ পৰা হাইড্র’জেন অপসাৰণ কৰা দুটা ধাতুৰ নাম হ’ল এলুমিনিয়াম (Al) আৰু যিংক (Zn)।

লঘু এছিডৰ পৰা হাইড্র’জেন অপসাৰণ নকৰা দুটা ধাতুৰ নাম হ’ল গল্ড (Au) আৰু ছিলভাৰ (Ag)।

8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎবিশ্লেষ্য কি ল’ব লাগিব ?

উত্তৰঃ M ধাতুৰ বৈদ্যুতিক শোধনত এন’ড হিচাপে M ধাতুৰ অশুদ্ধ দণ্ড, কেথড হিচাপে M ধাতুৰ পাত আৰু বিদ্যুৎ বিশ্লেষ্য হিচাপে M ধাতুৰ লৱণৰ দ্রৱণ ল’ব লাগিব।

9. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে।উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।
(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব ?

(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা৷

উত্তৰঃ (a) (i) শুষ্ক লিটমাচ কাগজৰ লগত গেছটোৱে বিক্রিয়া নকৰে।

(ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৱে বিক্রিয়া কৰি ছালফিউৰাজ এছিড উৎপন্ন কৰে।

(b) বিক্রিয়াটোৰ সন্তুলিত সমীকৰণ হ’ল –

SO2 + H2O H2SO3

10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা৷

উত্তৰঃ লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় হ’ল –

(i) লোত ৰং কৰি, তেল সানি আৰু গ্রীজ সানি মামৰে ধৰা ৰোধ কৰিব পাৰি৷

(ii) লোত দস্তালেপন, ক্ৰ’মপ্লেটিং, এনডীকৰণ নাইবা সংকৰ ধাতু তৈয়াৰ কৰা আদি পদ্ধতি প্রয়োগ কৰি মামৰে ধৰাৰ পৰা বোধ কৰিব পাৰি।

11. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে ?

উত্তৰঃ অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুবিলাকে অধাতুৰ  অক্সাইড উৎপন্ন কৰে, যিটো আম্লিক নাইবা প্রশম।

যেনে – SO2, CO2, NO2 (অম্লিক)
H2O, CO (প্রশম)

12. কাৰণ দশোৱা
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়৷

উত্তৰঃ গ’ল্ড, প্লেটিনাম, ছিলভাৰ আদি ধাতুবোৰ বৰ, চিকমিকীয়া, বৰ ঘাতসহনশীল আৰু বৰ নমনীয় ধাতু।ইয়াৰ উপৰিও এই ধাতুবোৰ আটাইতকৈ কম সক্রিয় হোৱাৰ বাবে সহজতে ক্ষয় নহয়।সেই কাৰণে গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়৷

(b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

উত্তৰঃ ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম অধিক সক্রিয় ধাতু।সাধাৰণ উষ্ণতাত সিহঁতে অক্সিজেন আৰু পানী বা জলীয় বাষ্পৰ লগত প্রবল ভাৱে বিক্রিয়া কৰে।বিক্রিয়াটো তাপবৰ্জী অর্থাৎ প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয় আৰু জুই জ্বলি উঠে।সেই কাৰণে এই দূর্ঘটনাটো ৰোধ কৰিবলৈ ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷

উত্তৰঃ এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু হোৱা বাবে বতাহত থকা অক্সিজেনৰ লগত বিক্রিয়া কৰি এলুমিনিয়াম অক্সাইডৰ (Al2O3) এটা পাতল প্রলেপ সৃষ্টি কৰে।এই এলুমিনিয়াম অক্সাইড বৰ সুস্থিৰ।যিয়ে এলুমিনিয়ামক অক্সিজেনৰ লগত আৰু বিক্রিয়া হবলৈ বাধা প্রদান কৰে।অর্থাৎ ক্ষয় হোৱাত বাধা দিয়ে।ইয়াৰ উপৰিও এলুমিনিয়াম ধাতু ওজনত তুলনামূলকভাৱে কম আৰু তাপৰ অধিক সু- পৰিবাহী।সেই কাৰণে এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু হোৱা সত্ত্বেও ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

উত্তৰঃ ছালফাইড আৰু কাৰ্বনেট আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰা সহজ।সেই কাৰণে ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

13. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে ? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে ?

উত্তৰঃ কপাৰে বতাহত থকা সেমেকা কার্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কপাৰ কার্বনেট উৎপন্ন কৰে যাৰ ফলত কপাৰ ধাতুৰ উজ্জ্বল মুগা ৰং পাতল হৈ শেষত কপাৰ কাৰ্বনেটৰ (CaCO3) সামান্য সেউজীয়া ৰঙৰ পাতল প্রলেপ এটা পৰে।নেমু বা তেতেলীত থকা চাইট্রিক এছিডে কপাৰ কাৰ্বনেটৰ লগত বিক্রিয়া কৰি প্রলেপটো দ্রবীভূত কৰে।সেই কাৰণে চেকা লগা কপাৰৰ পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা হয়।

14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা ?

উত্তৰঃ ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য তলত দিয়া হল –

ধাতুঃ

(i) ধাতুবোৰ অক্সিজেনৰ লগত বিক্রিয়া কৰি ক্ষাৰকীয় ধাতৱ অক্সাইড উৎপন্ন কৰে।

(ii) ধাতুবোৰে লঘু এছিডৰ লগত বিক্রিয়া কৰি ধাতৱ লৱণ আৰু হাইড্রজেন গেছ উৎপন্ন কৰে।

(iii) ধাতুবোৰে ইলেকট্রন হেৰুৱাব পাৰে।অর্থাৎ ধাতুবোৰ বিজাৰক পদার্থ।

(iv) ধাতুবোৰ বিদ্যুৎ ধনাত্মক মৌল বা ধর্মৰ।

অধাতুঃ

(i) অধাতুবোৰে অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুৰ অক্সাইড উৎপন্ন কৰে যিটো আম্লিক নাইবা প্রশম।

(ii) অধাতুবোৰে লঘু এছিডৰ লগত বিক্রিয়া নকৰে।

(iii) অধাতুবোৰে ইলেকট্রন গ্রহণ কৰে।অর্থাৎ অধাতুবোৰ জাৰক পদার্থ।

(iv) অধাতুবোৰ বিদ্যুৎ ঋনাত্মক মৌল বা ধর্মৰ।

15. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল।তেওঁ ম্লান পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল।এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল।মানুহজনে খাৰুযোৰ এটা বিশেষ দ্ৰাৱকত ডুবাই ধৰিছিল।খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল; পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল।মহিলাগৰাকী অপ্ৰস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল।মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি কব পাৰিবা নে ?

উত্তৰঃ মানুহজনে ব্যবহাৰ কৰা দ্রাৱকটো হ’ল অম্লৰাজ।

16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়।কিয় ?

উত্তৰঃ কপাৰে পানীৰ লগত মুঠেই বিক্রিয়া নকৰে।অৰ্থাৎ কপাৰে ঠাণ্ডা পানী, গৰম পানী বা উতলা পানীৰ বাষ্পৰ লগত বিক্রিয়া নকৰে।যদি গৰম পানীৰ জলাধাৰটো ষ্টিলেৰে তৈয়াৰ কৰা হয় তেন্তে ষ্টিল আইৰণৰ সংকৰ ধাতু হোৱা কাৰণে আইৰণে গৰম পানীৰ পৰা উদ্ভৱ হোৱা বাষ্পৰ লগত প্রবলভাৱে বিক্রিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্রজেন উৎপন্ন কৰে। সেই কাৰণে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ ষ্টিলৰ সলনি কপাৰ ব্যৱহাৰ কৰা হয়।

অতিৰিক্ত প্রশ্নঃ

1. ধাতৱ দ্যুতি কাক বোলে ?

উত্তৰঃ বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া।ধাতুৰ এই ধর্মক ধাতৱ দ্যুতি বোলে।

2. PVC ৰ সম্পূর্ণ নাম কি ?

উত্তৰঃ পলিভিনাইল ক্ল’ৰাইড (Poly Vinyl Chloride)

3. ধাতুৰ নিনাদীগুন কাক বোলে ?

উত্তৰঃ সাধাৰণতে ধাতুবোৰ টান বা কঠিন পৃষ্ঠৰ লগত খুন্দা খালে শব্দৰ সৃষ্টি হয়।ধাতুৰ এই ধর্মকে ধাতুৰ নিনাদীগুন বোলে ।

4. বহুৰূপ কাক বোলে ?

উত্তৰঃ কার্বন অধাতু হোৱা সত্ত্বেও ই বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে।ইয়াৰ প্রতিটো অৱস্থাক বহুৰূপ বোলে।

যেনে – হীৰা আৰু গ্রেফাইড কার্বনৰ বহুৰূপ।

5. প্রকৃতিৰ সকলোতকৈ টান পদার্থটো কি ?

উত্তৰঃ হীৰা।

6. সাধাৰণ উষ্ণতাত থকা জুলীয়া অধাতুটোৰ নাম কি ?

উত্তৰঃ ব্ৰ’মিন।

7. ধাতু আৰু অধাতু কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ ধাতুঃ যিবোৰ পদার্থ সাধাৰণতে কঠিন, চিকমিকিয়া, নমনীয়, সাত সহনশীল, সনাদ বা নিনাদীগুণ আৰু তাপ তথা বিদ্যুতৰ সুপৰিবাহী সেইবোৰ পদার্থক ধাতু বোলে।

উদাহৰণঃ সোণ, ৰূপ, তাম, লো, ছ’ডিয়াম, পটাছিয়াম ইত্যাদি।

অধাতুঃ যিবোৰ পদার্থ সধাৰণতে কোমল, অনুজ্জ্বল, তাপ আৰু বিদ্যুতৰ কুপৰিবাহী, সনাদ নহয় আৰু নমনীয় তথা সাতসহনশীল নহয় সেইবোৰ পদাৰ্থক অধাতু বোলে।

উদাহৰণঃ হাইড্র’জেন, অক্সিজেন, আয়’দিন, কার্বন, ব্রমিন, ক্ল’ৰিণ ইত্যাদি।

8. বতাহৰ সংস্পৰ্শত ধাতু দহন কৰিলে কি হয় ?

উত্তৰঃ বতাহৰ সংস্পৰ্শত ধাতু দহন কৰিলে ধাতৱ অক্সাইড উৎপন্ন হয়।

শব্দ সমীকৰণ –

ধাতু + অক্সিজেন ধাতৱ অক্সাইড

উদাহৰণস্বৰূপে কপাৰ বতাহৰ সংস্পৰ্শত উত্তপ্ত কৰিলে, ই অক্সিজেনৰ লগত লগ লাগি এবিধ কলা অক্সাইড, কপাৰ অক্সাইড উৎপন্ন কৰে।

2Cu + O2 → CuO

9. এন’ডীকৰণ কি ?

উত্তৰঃ এন’ডীকৰণ হ’ল এটা বিদ্যুৎ বিশ্লেষণ প্রক্রিয়া যাৰ সহায়ত এলুমিনিয়াম ধাতু বা এলুমিনিয়ামৰ পাতৰ ওপৰত ডাঠ এলুমিনিয়াম অক্সাইডৰ এটা সুৰক্ষা তৰপ দিয়া হয়।

এই প্রক্রিয়াত পৰিষ্কাৰ এলুমিনিয়াম ধাতুক এন’ড হিচাপে লৈ লঘু ছালফিউৰিক এছিডৰ লগত বিদ্যুৎ বিশ্লেষণ কৰা হয় আৰু এন’ডত উৎপন্ন হোৱা অক্সিজেন গেছে এলুমিনিয়ামৰ লগত বিক্রিয়া কৰি এলুমিনিয়াম অক্সাইডৰ এটা ডাঠ প্রলেপ সৃষ্টি কৰে যিয়ে ধাতু বিধক অধিক ক্ষয় হোৱাত বাধা দিয়ে।

10. ধাতুৱে পানীৰ লগত কি দৰে বিক্রিয়া কৰে ?

উত্তৰঃ ধাতুৱে পানীৰ লগত বিক্রিয়া কৰি ধাতব অক্সাইড আৰু হাইড্রজেন গেছ উৎপন্ন কৰে আৰু পানীত দ্রৱনীয় ধাতৱ অক্সাইডবোৰে পানীত দ্রৱীভূত হৈ ধাতুৰ হাইড্র’ক্সাইড উৎপন্ন কৰে।

শব্দ সমীকৰণ –
ধাতু + পানী ধাতৱ অক্সাইড + হাইড্রজেন

ধাতৱ অক্সাইড + পানী ধাতুৰ হাইড্র’ক্সাইড

Ca(s) + 2H2O(l) Ca(OH)2(aq) + H2(g)

11. ধাতুৱে এছিডৰ লগত বিক্রিয়া কি দৰে বিক্রিয়া কৰে ?

উত্তৰঃ ধাতুৱে এছিডৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।

যেনে – আইৰণে লঘু হাইড্রক্ল’ৰিক এছিড (HCl) ৰ লগত বিক্রিয়া কৰি আইৰণ ক্ল’ৰাইড আৰু হাইড্রজেন গেছ উৎপন্ন কৰে।
Fe + HCl FeCl2 + H2

12. অম্লৰাজ কি ?

উত্তৰঃ অম্লৰাজ হ’ল 3:1 অনুপাতত গাঢ় হাইড্র’ক্লৰিক এছিড (HCl) আৰু গাঢ় নাইট্রিক এছিডৰ (HNO3) দ্বাৰা প্রস্তুত কৰা এটা মিশ্রণ।ই অতি ক্ষয় কাৰক আৰু ধূমায়মান জুলীয়া পদার্থ।যিয়ে সম্ভ্রান্ত ধাতু যেনে – সোন আৰু প্লেটিনাম দ্রৱীভূত কৰিব পাৰে।

13. ধাতুৱে আন ধাতৱ লৱনৰ লগত কিদৰে বিক্রিয়া কৰে ?

উত্তৰঃ সক্রিয় ধাতুৱে কম সক্রিয় ধাতুৰ লৱণৰ দ্রৱণ বা গলিত লৱণৰ পৰা কম সক্রিয় ধাতুটো অপসাৰিত কৰে ।

যদি A ধাতুৱে B ধাতুৰ লৱণৰ দ্রৱৰ পৰা B ধাতুক অপসাৰিত বা প্রতিস্থাপিত কৰিব পাৰে তেন্তে A ধাতু B তকৈ বেছি সক্রিয় ।

ধাতু A + B ধাতুৰ লৱণৰ দ্রৱ A ৰ লৱণৰ দ্রৱ + ধাতু B

যেনে – যিংক আইৰণতকৈ বেছি সক্রিয় গতিকে প্রতিষ্ঠাপন বা অপসৰণ বিক্রিয়া ঘটিব আৰু যিংকে আইৰণক FeSO4 যৌগৰ পৰা অপসাৰিত কৰি বৰণহীন যিংক ছালফেট উৎপন্ন কৰে।
Zn(s) + FeSO4 ZnSO4(aq) + Fe(s)

14. ধাতুৰ সক্রিয়তা ক্রম কি ?

উত্তৰঃ ধাতুবিলাকক সিহঁতৰ সক্রিয়তাৰ নিম্নক্রমত সজাই প্রস্তুত কৰা তালিকাখনক সক্রিয়তা ক্রম বোলা হয়।

Note – ধাতুৰ সক্রিয়তা ক্রম মুখস্ত কৰাৰ উপায়ঃ

Please Send Cats, Monkeys And Zebras In Large Hired Cages Make Sure (to) Get Padlocked.

15. আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগ কাক বোলে ?

উত্তৰঃ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্রন স্থানান্তৰ হৈ যিটো যৌগ গঠন হয়  তাকে আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগ বোলে।
যেনে – ছডিয়াম ক্ল’ৰাইড (NaCl), মেগনেছিয়াম অক্সাইড (Mg) আদি।

16. আয়নীয় যৌগৰ ধর্মবোৰ লিখা ?

উত্তৰঃ আয়নীয় যৌগৰ ধর্মবোৰ হ’ল –
(i)  আয়নীয় যৌগবোৰ কঠিন বা গোটা আৰু কিছু দৃঢ়।এই যৌগবোৰ চনকা আৰু চাপ প্রয়োগ কৰিলে সহজে ভাঙি টুকুৰা টুকুৰ হয়।

(ii) আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক উচ্চ।

(iii) আয়নীয় যৌগবোৰ পানীত দ্রৱণীয়।

(iv) আয়নীয় যৌগবোৰৰ দ্রৱণ বা বিগলীত অৱস্থাৰ মাজেৰে বিদ্যুৎ পৰিবহন সম্ভৱ।

17. দগ্ধীকৰণ আৰু তাপজাৰণ কাক বোলে ?
উত্তৰঃ দগ্ধীকৰণঃ যি পদ্ধতিত পৰিমিত বায়ুৰ পৰিবেশত উচ্চ তাপত উত্তপ্ত কৰি কার্বনেট আকৰ ধাতৱ অক্সাইলে পৰিবর্তিত হয়। ইয়াকে দগ্ধীকৰণ বোলে।

যেনে – ZnCO3(s) + তাপ  ZnO(s) + CO2(g)
তাপজাৰণঃ যি পদ্ধতিত অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰৰ ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়।এই পদ্ধতিক তাপজাৰণ বোলে।

যেনে – 2ZnS(s) + 3O2(g) +  তাপ 2ZnO (g)+2SO2(g)

18. বিদ্যুৎৰ সু-পৰিবাহী এটা অধাতুৰ নাম লিখা।

উত্তৰঃ গ্রেফাইড।

19. থাৰ্মিট বিক্রিয়া কাক বোলে ?

উত্তৰঃ আইৰন অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্রিয়াটো যথেষ্ট তাপবৰ্জী।এই বিক্রিয়াটোকে থাৰ্মিট বিক্রিয়া বোলে।

এই বিক্রিয়াটো ৰেল লাইন জোৰা দিবলৈ বা যন্ত্রপাতিৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয়।

যেনে – Fe2O3(s) + 2Al(s)  2Fe(l) + Al2O3(s) + Heat

20. বিদ্যুৎ পৰিশোধন পদ্ধতিৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ বিভিন্ন বিজাৰণ পদ্ধতিৰে পোৱা ধাতুবোৰ বিশুদ্ধ নহয়।ইহঁতৰ লগত কিছুমান অশুদ্ধি থাকে এই অশুদ্ধিবোৰ মুক্ত কৰিবলৈ সাধাৰণতে ব্যবহাৰ কৰা পদ্ধতিটো হ’ল বিদ্যুৎ পৰিশোধন পদ্ধতি।

 

 

 

এই পদ্ধতিত অশুদ্ধ ধাতুৰ এন’ড আৰু বিশুদ্ধ ধাতুৰ পাত এচলা কেথ’ড হিচাপে ব্যবহাৰ কৰা হয়।ধাতুটোৰ লৱণৰ দ্ৰৱ এটা বিদ্যুৎ বিশ্লেষ্য হিচাপে লোৱা হয়।সজুঁলিটো চিত্রত দেখুৱা ধৰণে সজা হয়।বিদ্যুৎ বিশ্লেষ্যৰ মাজেদি বিদ্যুৎ প্রবাহ চালিত কৰিলে এন’ড হিচাপে ব্যৱহাৰ কৰা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্রৱীভূত হয়।একে পৰিমাণৰ বিশুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষ্যৰ পৰা গৈ কেথ’ডত জমা হ’ব আৰু দ্রৱণীয় অশুদ্ধিবোৰ দ্রৱীভূত হৈ ৰোৱাৰ বিপৰীতে অদ্রৱণীয় অশুদ্ধিবোৰ বিদ্যুকোষৰ এন’ডৰ তলিভাগত গেদ হিচাপে জমা হব।এই গেদক এন’ড বোকা বোলে আৰু বিশুদ্ধ ধাতু কেথ’ডৰ পৰা আহৰণ কৰা হয় ।

21. মামৰ কি ?

উত্তৰঃ সেমেকা বায়ুৰ সংস্পৰ্শত বহুসময় আইৰন অর্থাৎ লো থৈ দিলে ইয়াৰ ওপৰত ৰঙচুৱা মুগা বৰণৰ পাতল তৰপ পৰে। ইয়াকে মামৰ বোলে।

22. লোত মামৰ ধৰা ৰোধ কৰিবলৈ কেইটামান উপায় লিখা।

উত্তৰঃ লোত মামৰ ধৰা ৰোধ কৰিবলৈ কেইটামান উপায় হ’ল –

(i) লোত ৰং কৰি, তেল সানি আৰু গ্রীজ সানি মামৰ ধৰা পৰা ৰোধ কৰিব পাৰি।

(ii) লোত দস্তালেপন, ক্ৰ’মপ্লেটিং, এনডীকৰণ নাইবা সংকৰ ধাতু তৈয়াৰ কৰা আদি পদ্ধতি প্রয়োগ কৰি মামৰে ধৰাৰ পৰা বোধ কৰিব পাৰি।

23. দস্তালেপন কি ?

উত্তৰঃ যি পদ্ধতিৰ দ্বাৰা ষ্টিল আৰু লোত মামৰ নধৰিবৰ বাবে যিংকৰ আৱৰণ দিয়া হয় তাকে দস্তালেপন বোলে।

24. এমালগাম কি ?

উত্তৰঃ সংকৰ ধাতুৰ এটা উপাদানত পাৰা হ’লে তাক এমালগাম বোলে।

25. নাইট্রিক এছিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে হাইড্র’জেন গেছ কিয় উৎপন্ন নহয় ?

উত্তৰঃ নাইট্রিক এছিড জাৰক পদার্থ হোৱাৰ বাবে উৎপন্ন হোৱা হাইড্র’জেন গেছক পানীলৈ জাৰীত কৰে আৰু নিজে নাইট্রজেনৰ যিকোনো এটা অক্সাইডলৈ বিজাৰিত হয়।সেই কাৰণে নাইট্রিক এছিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে হাইড্র’জেন গেছ উৎপন্ন নহয়।

26. বিশুদ্ধ সোণক কিমান কেৰট গ’ল্ড হিচাপে জনা যায় ?

উত্তৰঃ বিশুদ্ধ সোনক 24 কেৰট গ’ল্ড হিচাপে জনা যায় ।

 

 

 

 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *