অধ্যায়ঃ9 বংশগতি আৰু ক্ৰমবিকাশ
(HEREDITY AND EVOLUTION)
প্ৰশ্নাৱলীঃ
Page No.143
1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল?
উত্তৰঃ অযৌন প্ৰজননত দেহৰ কোষে কিছুমান ৰাসায়নিক বিক্রিয়াৰ সহায়ত সিহঁতৰ DNA অনুৰ নকল বা প্রতিলিপি সৃষ্টি কৰে।কিন্তু এই DNA অনুৰ নকল সম্পর্ণৰূপে সঠিক নহয় আৰু সেইকাৰণে নতুনকৈ সৃষ্টি হোৱা DNA ৰ কিছুমান ভিন্নতা দেখা যায়।গতিকে কোনো এটা প্রজাতিৰ জনসংখ্যাৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% হলে চাৰিত্রিক বৈশিষ্ট্যটো অলপতেই উৎপত্তি হৈছিল।সেইকাৰণে এই সিদ্ধান্তত উপনিত হ’ব পাৰো যে একে জনসংখ্যাৰ “B” চাৰিত্ৰিক বৈশিষ্ট্য যাৰ পৰিমাণ 60% আগতীয়াকৈ উৎপত্তি হৈছিল।
2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে ?
উত্তৰঃ কেতিয়াবা পৰিবেশৰ অৱস্থা এনে কঠোৰভাৱে পৰিবর্তন হয় যিয়ে কোনো এটা প্রজাতিৰ বাবে জীয়াই থাকোতে কঠিন হৈ পৰে।যেনে – যদি পানীৰ উষ্ণতা হঠাৎ বাঢ়ি যায় তেন্তে তাত বাস কৰা প্ৰায়ভাগ বেক্টেৰিয়াৰ মৃত্যু হব।মাত্র অতি কম সংখ্যক বৈসাদৃশ্যতা বিশিষ্ট বেক্টেৰিয়া, যিয়ে অতি উষ্ণতা সহিব পাৰে, জীয়াই থাকিব পাৰিব।যদি এই বৈসাদৃশ্যতাবোৰ সৃষ্টি নহলহেতেন তেন্তে গোটেই বেক্টেৰিয়া প্রজাতিৰ ধ্বংস হলহেতেন।গতিকে এটা প্রজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাক জীৱৰ জীয়াই থকাত সহায় কৰে।কিন্তু সকলোবোৰ বৈসাদৃশ্যতা ব্যৱহাৰ উপযোগী নহয়।গতিকে এই বৈসাদৃশ্যতাবোৰ অপ্রয়োজনীয়ভাৱে প্রত্যেক জীৱৰ বাবে লাভজনক নহয়।
প্ৰশ্নাৱলীঃ
Page No.147
1. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল ?
উত্তৰঃ মেণ্ডেলে বিশুদ্ধ ওখ (TT) আৰু বিশুদ্ধ চাপৰ (tt) লক্ষণ বিশিষ্ট দুজোপা মটৰ গছ বাচি লৈছিল আৰু সিহঁতৰ মাজৰ সংকৰণ ঘটোৱা হৈছিল।এনেকৈ সৃষ্টি প্রথম স্তৰৰ প্ৰথম প্ৰজন্মত কোনো ধৰণৰ মধ্যমীয়া বৈশিষ্ট্যপূর্ণ চৰিত্ৰ পোৱা নগৈছিল।সিহঁত হ’ল F1 প্ৰজন্মৰ।সকলো F1 মটৰ মাহৰ গছ শুখ পোৱা গৈছিল ।
পৈতৃক জনু → TT x tt
F1 জনু → Tt, Tt, Tt, Tt
তেতিয়া মেণ্ডেলে F1 জনুৰ গছৰ মাজত স্ব-পৰাগযোগ ঘটাইছিল আৰু পর্যবেক্ষণ কৰিছিল যে দ্বিতীয় প্ৰজন্ম বা F2 জনুত পোৱা সকলোবিলাক ত্তখ চৰিত্রবৈশিষ্ট্য গছ পোৱা নাছিল।তাৰ পৰিৱৰ্তে F2 গছবিলাকৰ এক চতুর্থাংশ চাপৰ চৰিত্রবিশিষ্ট পোৱা গৈছিল।
F1 জনু → Tt x Tt
F2 জনু → TT Tt Tt Tt
এই পৰীক্ষাৰ পৰা মেন্ডেলে সিদ্ধান্ত কৰিলে যে F1 ওখ গছবোৰ বিশুদ্ধ লক্ষণ বিশিষ্ট নাছিল। সিহঁতে ওখ আৰু চাপৰ দুয়োটা চাৰিত্ৰিক বৈশিষ্ট্য বংশানুক্রমিকভাৱে কঢ়িয়াই আনে আৰু চাপৰ চাৰিত্রিক বৈশিষ্ট্যৰ ওপৰত ওখ চাৰিত্রিক বৈশিষ্ট্য প্রভাৱী হোৱাৰ বাবে সেইবোৰ ওখ।
2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাক স্বতন্ত্রভাবে প্রবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?
উত্তৰঃ মেণ্ডেলে হালধীয়া সোঁতোৰা (rrYY) আৰু সেউজীয়া ঘূৰণীয়া (RRyy) লক্ষণযুক্ত মটৰ মাহৰ দুজোপা গছৰ মাজত সংকৰণ ঘটাইছিল ।
গতিকে F1 জনুৰ গছবিলাকত দুয়োটাৰ চাৰিত্রিক বৈশিষ্ট্যসমূহ থাকিব।কিন্তু বীজৰ হালধীয়া বৰণ আৰু ঘূৰণীয়া আকৃতিৰ লক্ষনটো প্ৰভাৱী হোৱাৰ বাবে F1 জনুৰ গছবিলাক হালধীয়া আৰু ঘূৰণীয়া লক্ষণযুক্ত (RrYr)। তেতিয়া F1 জনুৰ গছবোৰ স্ব-পৰাগণ হবলৈ দিয়াত F2 জনুত সৃষ্টি হোৱা বীজবোৰ পৈতৃক জনুত পোৱা লক্ষণৰ উপৰিও আন দুটা লক্ষণৰ সংমিশ্রন পোৱা গেছিল।অর্থাৎ পৈতৃক জনুৰ গছবোৰ হালধীয়া-সোতাৰা আৰু সেউজীয়া-ঘূৰণীয়া লক্ষণৰ উপৰিও হালধীয়া-ঘূৰণীয়া আৰু সেউজীয়া-সোতোৰা নতুন নক্ষণ পোৱা গৈছিল এইবোৰ 9 : 3 : 3 :1 অনুপাতত পোৱা গৈছিল।এই পৰীক্ষাৰ পৰা দেখা যায় যে বংশানুক্রমে প্রবাহীত হোৱা চৰিত্রবিলাক স্বতন্ত্রভাৱে প্রৱাহীত হয়।
3. “A” গ্ৰুপৰ তেজৰ এজন মানুহে “O” গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্রুপ হ’ল “O”।এই তথ্যৰ পৰা তোমালোকে “A” আৰু “O” তেজৰ গ্ৰুপৰ কোনটো প্ৰভাবী তাক ঠাৱৰ কৰিব পাৰিবানে ? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা ?
উত্তৰঃ নোৱাৰিম কিয়নো এই তথ্যৰ পৰা “A” আৰু “O” তেজৰ গ্ৰুপৰ পৰা কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিবলৈ যথেষ্ট নহয়।কিয়নো সকলো সতি সন্ততিবোৰৰ তেজৰ গ্ৰুপৰ বিষয়ে আমি নাজানো আৰু তেজৰ গ্ৰুপ “A” জীনিয়ভাৱে AA বা AO হ’ব পাৰে। সেইকাৰণে এইতথ্যটো যিকোনো সিদ্ধান্তত পৰিণত হবলৈ অসম্পূর্ণ।
4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?
উত্তৰঃ মানুহৰ ক্ষেত্ৰত মহিলাৰ দুটা X ক্রম’জ’ম আৰু পুৰুষৰ এটা X আৰু এটা Y ক্রমজম থাকে। গতিকে মহিলাবোৰ XX আৰু পুৰুষবোৰ হ’ল XY।গতিকে ছোৱালী সন্তানৰ ক্ষেত্রত এডাল X ক্রম’জ’ম তাই পিতৃ ফালৰ পৰা প্রবাহীত হোৱা আৰু আনডাল X ক্রম’জ’ম মাতৃ ফালৰ পৰা প্ৰবাহীত হোৱা।আনহাতে লৰা সন্তানৰ ক্ষেত্রত X ক্রম’জ’মডাল মাতৃ ফালৰ আৰু Y ক্রমজমডাল পিতৃ ফালৰ পৰা প্রবাহিত হোৱা।গতিকে যি সন্তানলৈ পিতৃ ফালৰ Y ক্রম’জ’মডাল প্রবাহ ঘটে সেই সন্তান ছোৱালী সেই সন্তান লৰা আৰু যি সন্তানলৈ পিতৃ ফালৰ X ক্রম’জ’মডাল প্রবাহ ঘটে সেই সন্তানেই ছোৱালী হয়।এনেকৈ মানুহৰ সন্তানৰ লিংগ নির্ধাৰণ কৰা হয়।
প্ৰশ্নাৱলীঃ
Page No.150
1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্রমাগতভাবে বাঢ়ি যায় ?
উত্তৰঃ কোনো এটা জীৱৰ নির্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে তলত দিয়া প্রক্রিয়াবিলাকৰ ফলত বাঢ়ি যায় –
(i) প্রাকৃতিক নির্বাচন – যেতিয়া কোনো এটা জীৱৰ নির্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্যই জীয়াই থকাৰ সুবিধা দিয়ে।অর্থাৎ জীয়াই থকাৰ বাবে লাভ কৰা সুযোগতেই সৃষ্টি হোৱা বৈসাদৃশ্যতা বিশিষ্টটো পিছলৈ সাধাৰণ চাৰিত্রিক বৈশিষ্ট্য হিচাপে পৰিগণিত হয়।
(ii) জিনীয় পথচ্যুত – যেতিয়া সেই নির্দিষ্ট চাৰিত্রিক বৈশিষ্ট্যটো নিয়ন্ত্রণ কৰা কিছুমান জিন এটা জনসংখ্যাত সাধাৰণ হৈ যায়।
(iii) যেতিয়া সেই নির্দিষ্ট চাৰিত্রিক বৈশিষ্ট্যটো কোনো এটা জীৱৰ জীৱন কালত আৰ্জিত হয়।
2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে ?
উত্তৰঃ কোনো এটা জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক অপ্রজনন কলাত পৰিবর্তনৰ লগত জড়িত থাকে।এই কাৰণে সিহঁতৰ জনন কোষত থকা DNA খিনিৰ কোনো সাল-সলনি নহয়।অর্থাৎ দৈহিক কলাত প্রস্ফুটিত হোৱা চাৰিত্রিক বৈশিষ্ট্য বিলাক জনন কোষৰ DNA লৈ গতি নকৰে।সেই কাৰণে জীৱৰ জীৱন কালত আৰ্জিত চৰিত্রবিলাকৰ তাৰ সতি সন্ততিলৈ বংশানুক্রমিক প্রবাহ নঘটে।
3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?
উত্তৰঃ কম সংখ্যক বাঘ মানে বাঘৰ জিনৰ কম সংখ্যক বিভিন্নতাৰ উপলব্ধতা।অর্থাৎ এই বাঘবোৰে যেতিয়া যৌন-প্রজনন প্রক্রিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া সিহঁতৰ সতি সন্ততিত কিছুমান ব্যৱহাৰ উপযোগী ভিন্নতাবোৰ পোৱাৰ সম্ভাৱনা কম।অর্থাৎ যদি বাঘৰ সংখ্যা হ্রাস পাই থাকে তেন্তে সিহঁতৰ সতি সন্ততিত ব্যৱহাৰ উপযোগী ভিন্নতাও ক্রমে হ্রাস পাই থাকিব আৰু এটা সময়ত বাঘৰ জিন চিৰদিনৰ বাবে শেষ হৈ যাব।ফলত বাঘ পৃথিৱীৰ পৰা শেষ পৰা শেষ হৈ যাব।ফলত বাঘ পৃথিৱীৰ পৰা বিলুপ্তি ঘটিব।গতিকে বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্রাস পাই গৈ থকাতো চিন্তিত বিষয়।
প্ৰশ্নাৱলীঃ
Page No.151
1. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?
উত্তৰঃ প্রাকৃতিক নির্বাচন, জিনীয় পথচ্যুত আৰু জীৱৰ জীৱন কালত আৰ্জিত চাৰিত্রিক বৈশিষ্ট্যসমূহে নতুন এটা প্রজাতিৰ উৎপত্তিৰ কাৰণে অৰিহনা যোগায়।
2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?
উত্তৰঃ ভৌগলিকভাৱে পৃথকীকৰণে বিভিন্ন উদ্ভিদৰ বা গছৰ মাজত পৰাগৰেণুবিলাকৰ স্থানান্তৰ হোৱাত বাধা দিয়ে।কিন্তু যিহেতু গছবিলাকৰ স্ব-পৰাগযোগ ঘটে।গতিকে পৰাগৰেণুবোৰ একে গছৰ এটা ফুলৰ পৰাগধানীৰ পৰা একে ফুলৰ বা আন এটা ফুলৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়।সেই কাৰণে ভৌগলিক পৃথিব পৃথকীকৰণে প্রজাতিকৰণৰ বাবে বাধা দিব নোৱাৰে।
3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?
উত্তৰঃ ভৌগলিকভাৱে পৃথকীকৰণে এটা প্ৰজাতিৰ জনসংখ্যাৰ মাজত জিনৰ প্রবাহ হোৱাত বাধা দিয়ে।কিন্তু অযৌন প্ৰজননত সাধাৰণতে মাত্র এটা জীৱহে জড়িত থাকে।অযৌন প্ৰজনন প্ৰক্ৰিয়াত বংশবিস্তাৰ কৰা জীৱৰ ক্ষেত্ৰত যেতিয়া DNA ৰ প্রতিলিপিকৰণ সম্পূর্ণৰূপে সঠিক নহয় তেতিয়াহে বৈসাদৃশ্যতাৰ সৃষ্টি হয়।যেতিয়া ইয়াৰ লগত ভৗগলিকভাবে পৃথকীকৰণ ঘটে তেতিয়াহে এটা প্রজাতিৰ উদ্ভাৱন হয়।সেই কাৰণে ভৌগোলিকভাৱে পৃথকীকৰণৰ বাবে জীৱৰ মাজত প্ৰজাতিকৰণত বাধা আহিব নোৱাৰে।
প্ৰশ্নাৱলীঃ
Page No.156
1. দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।
উত্তৰঃ ডাইন’চ’ৰ আৰু চৰাই এই দুয়োটা প্রজাতিত পাখি (দেউকা) ৰ উপস্থিতিয়ে সিহঁতৰ মাজত বিবর্তনৰ সংকেত দিয়ে।ডাইন’চ’ৰ বিলাকৰ দেউকা আছিল কিন্তু উৰিবৰ বাবে নহয় অথচ এই বোৰে এই উষ্ণ ৰক্তি প্রাণী বোৰৰ তাপৰোধক হিচাপে কাম কৰিছিল বা এইবোৰ দেহত ওমৰ বাবে ব্যৱহাৰ কৰিছিল।আনহাতে চৰাইৰ দেউকা উৰিবৰ বাবে ব্যৱহাৰ কৰিছিল।এইটোৱে প্রমাণ কৰে যে সৰীসৃপ প্রাণী আৰু চৰাইবোৰ নিকটভাৱে সম্পর্কীত আৰু পাখিৰ বিবর্তন সৰীসৃপ প্রাণীত আৰম্ভ হৈছিল।
2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে ? কিয় পাৰি বা কিয় নোৱাৰি ?
উত্তৰঃ বাদুলিৰ ডেউকা দীঘল আঙুলিক সংযোগ কৰি ৰখা ছালৰ পৰিবর্তন।কিন্তু পখিলাৰ পাখি পিৰ পিৰিয়া ছালৰ দ্বাৰা গঠিত।এইবোৰ প্রাণীয়ে পাখি আৰু ডেউকাৰ সহায়ত উৰন কার্য সমাধান কৰে অর্থাৎ কার্যৰ ফালৰ পৰা একেই কিন্তু সিহঁতৰ প্রত্যেকৰ গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন্ন।গতিকে বাদুলীৰ ডেউকা আৰু পখিলাৰ পাখি সমসংস্থ অংগ বুলি কব নোৱাৰি অথচ সিহঁত সমবৃত্তিক অংগ।
3. জীৱাশ্মসমূহ কি ? বিবর্তন সম্পর্কে জীৱাশ্মসমূহে আমাক কি কয় ?
উত্তৰঃ ভূ-পৃষ্ঠৰ পাললিক শিলাস্তৰত জীৱ দেহ বা এই জীৱবোৰৰ অংশ বিশেষ বা অৱশিষ্ট নাইবা জীৱবোৰৰ সাচক জীৱাশ্ম বুলি কোৱা হয়৷
জীৱাশ্মবোৰ হ’ল অতীতৰ জীৱসমূহৰ অৱশিষ্ট।সিহঁতে বর্তমান পৃথিৱীত বিৰাজ কৰি থকা উদ্ভিদ আৰু প্ৰাণীবোৰৰ পূৰ্বপুৰুষৰ প্ৰতিনিধিত্ব কৰে।ইয়াৰ উপৰিও জীৱৰ ক্রমবিকাশৰ সাক্ষ্যৰ প্রচুৰ সমল যোগায়।অর্থাৎ জীৱাশ্মবোৰে বর্তমান পৃথিৱীৰ জীয়াই থকা জীৱসমূহ যে ক্রমবিকাশৰ দ্বাৰাই উৎপক্তি হৈছে তাৰ প্রমাণ দিয়ে।
প্ৰশ্নাৱলীঃ
Page No.158
1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তভুক্ত কিয় ?
উত্তৰঃ এটা প্রজাতি হ’ল জীৱসমূহৰ এটা সমষ্টি যি অপত্য জনু বা অপত্য জননকোষ সৃষ্টি কৰিবলৈ স্ব-নিষেচণ কৰিবলৈ সক্ষম।গাৰ বৰণ, আকৃতি আৰু অৱয়ব আদি ভিন্ন প্রকাৰৰ লক্ষণ সমূহ মানুহৰ দেহত থাকে।এই লক্ষণসমূহ সাধাৰনতে পৰিৱেশৰ দ্বাৰা নিয়ন্ত্রণ কৰে৷ বিভিন্ন দ্বাানি মানৱ জাতি এই লক্ষণসমূহৰ ভিত্তিত গঠিত।কিন্তু মানৱ জাতিৰ এই ধাৰনাৰ সম্পর্কে কোনো জৈৱিক ভিত্তি নাই ।গতিকে সকলো মানুহ এটা মাত্র প্রজাতি যিহেতু বিভিন্ন বৰণ, আকৃতি আৰু অৱয়বৰ মানুহে প্রজনন কৰিবলৈ সক্ষম আৰু অপত্য জনন কোষ সৃষ্টি কৰিব পাৰে।
2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ ? কিয় উচ্চ স্তৰৰ ?
উত্তৰঃ বিবর্তন আৰু ক্রমোন্নতি সদায় একে নহয়।বিবর্তনত ক্রমোন্নতিৰ দ্বাৰা অধিক জটিল দেহযুক্ত জীৱ উৎপত্তি হয়।কিন্তু ইয়াৰ অর্থ এনে নহয় যে সৰল দেহযুক্ত জীৱবোৰ যোগ্যতা সম্পন্ন নহয়।প্রকৃততে বহু আগতে আৰ্বিভাৱ হোৱা অতি সৰল দেহ যুক্ত বেক্টেৰিয়া এতিয়াও প্রকৃতিত বৰ্তি আছে।অর্থাৎ বেক্টেৰিয়া আটাইতকৈ পৃথিৱী ব্যাপি জীৱ।সিহঁতে যিকোনো অ-স্বাস্থ্যকৰ পৰিৱেশ, গৰম-উহ, গভীৰ সাগৰৰ পানী, আনকি বৰফে আবৃত অঞ্চলতো জীয়াই থাকিব পাৰে।গতিকে বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জী আদি সকলো বিবর্তনৰ বিভিন্ন অৱস্থাহে।
অনুশীলনীঃ
Page No.159
1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল।উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল৷ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বৰ্ণনা কৰিব পৰা হব ?
(a) TTWW
(b) TTww
(c) TtWW
(d) TtWw
উত্তৰঃ (c) TtWW
যিহেতু উৎপাদিত গছবোৰ বেঙুনীয়া ফুল গতিকে ওখ গছৰ সৈতে বেঙুনীয়া ফুলৰ মটৰ মাহৰ বেঙুনীয়া ফুলৰ WW জিনীয় সংযুক্তি থাকিব৷আকৌ যিহেতু উৎপাদিত গছবোৰ ওখ আৰু চাপৰ গতিকে ইয়াৰ পৈতৃক পুৰুষ বিশুদ্ধ ওগ গছ নহয়৷গতিকে ইয়াৰ জিনীয় সংযুক্তি হ’ল Tt।গতিকে পৈতৃক পুৰুষৰ মটৰ মাহৰ গছ জোপাৰ জিনীয় সংযুক্তি হ’ব TtWW।
2. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল –
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ শিপা
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
3. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত –
(a) এজন চীনা স্কুলীয়া ছাত্র
(b) এটা চিম্পাঞ্জী
(c) এটা মকৰা
(d) এটা বেক্টেৰিয়া
উত্তৰঃ(a) এজন চীনা স্কুলীয়া ছাত্র
4. এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ ল’ৰা-ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়৷ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিমনে ? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয় ?
উত্তৰঃ যিকোনো এটা তথ্যৰ পৰা চাৰিত্রিক বৈশিষ্ট্যটো প্রভাৱী নে অপ্রভাৱী চৰিত্র সেইটো নির্ণয় কৰিবলৈ নিম্নতম 3 টা জনুৰ চাৰিত্রিক বৈশিষ্ট্য জানিব লাগে।কিন্তু এই ক্ষেত্রত মাত্র দুটা জনুৰ হে চাৰিত্রিক বৈশিষ্ট্য দিয়া আছে।গতিকে চকুৰ পাতল ৰংটো প্রভাৱী নে অপ্রভাৱী নির্ণয় কৰিবলৈ এই তথ্যটো যথেষ্ট নহয়।
5. বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে ?
উত্তৰঃ জীৱ সমূহক ইহঁতৰ চাৰিত্রিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শ্রেণী বিভাজন কৰা হয়। অর্থাৎ জীৱ সমূহৰ আভ্যন্তৰীণ আৰু বাহ্যিক গঠনৰ সাদৃশ্যতা বা সিহঁতে সম্পাদন কৰা কার্যৰ ওপৰত ভিত্তি কৰি শ্রেণীবিভাজন কৰা হয়।এনে শ্রেণী বিভাজন কৰোতে একোটা ক্রম
পোৱা যায়।
দুটা প্রজাতিৰ জীৱ সমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য থাকিলে সিহঁতৰ পৰস্পৰ ওচৰ সম্পর্কীয় হয় আৰু পৰস্পৰ ওচৰ সম্পর্কীয় জীৱসমূহ একেটা পূর্বপুৰুষৰ পৰা বিবর্তন হয়। উদাহৰণস্বৰূপে-একে পৰিয়ালৰে ভাই আৰু ভনী অতি ওচৰ সম্পর্কীয় আৰু সিহঁতৰ পৈতৃক পুৰুষ একেই অর্থাৎ সিহঁতৰ মাক দেউতাক আকৌ এগৰাকী ছোৱালী আৰু তেওঁৰ ভতিজাৰ লগতো কিছু সাদৃশ্য থাকিব।কিন্তু ককায়েকৰ লগত থকা সাদৃশ্যতকৈ কিছু কম হব।কিয়নো ভতিজাকৰ দ্বিতীয় কুলৰ পূর্বপুৰুষ হ’ব ককা আইতাক।ইয়াৰ পৰা স্পষ্টভাৱে প্রমাণিত হয় যে জীৱৰ প্রজাতিৰ শ্রেণী বিভাজনত সিহঁতৰ বিবর্তনৰ প্রতিফলন ঘটে।
6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ সমসংস্থ অংগ – যি বিলাক অংগৰ উৎপত্তি আৰু মৌলিক গঠন প্রায় একেই কিন্তু কার্যৰ ফালৰ পৰা বেলেগ তেনেবোৰ অংগকে সমসংস্থ অংগ বোলে।
যেনে – স্তন্যপ্রায়ী প্রাণীৰ চাৰিখন অগ্রপদপদ থাকে।যিদৰে পক্ষী, সৰীসৃপ আৰু উভচৰ শ্রেণীৰ প্রাণীৰো চাৰিখন অগ্রপদ থাকে।এই অগ্রপদবোৰ গঠন এক ধৰণৰ যদিও এনে মেৰুদণ্ডী প্রাণীসমূহে এইবোৰৰ দ্বাৰা বেলেগ বেলেগ কাম সমাধান কৰে ।
অথবা
যেনে – চৰাইৰ ডেউকা, ভেকুলীৰ আগ ঠেং, ঘোঁৰাৰ আগ ঠেং, বান্দৰৰ আগ ঠেং, তিমিমাছৰ ফিছা, বাদুলীৰ ডেউকা, মানুহৰ হাত আদি হ’ল সমসংস্থ অংগৰ উদাহৰণ।
সমবৃত্তি অংগ – যি বিলাক অংগৰ গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন ভিন কিন্তু কার্য ফালৰ পৰা প্ৰায় একে তেনে বিলাক অংগকে সমবৃত্তি অংগ বোলে৷
যেনে – বাদুলীৰ ডেউকা, চকাইৰ ডেউকা, পখিলাৰ পাখি, জিঞা আদি সমবৃত্তি অংগৰ উদাহৰণ৷
7. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাবী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।
উত্তৰঃ
৪. বিবর্তন প্ৰক্ৰিয়াত জীৱাস্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা।
উত্তৰঃ
9. কি স্বাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি ?
উত্তৰঃ জে. বি. এছ. হেলডান নামৰ ব্রিটিছ বিজ্ঞানী এগৰাকীয়ে উনুকিয়াইছিল যে পৃথিৱীখন সৃষ্টি হোৱাৰ পাছতে তাত বিৰাজ কৰি থকা কিছুমান অজৈৱ পদার্থৰ পৰাই জীৱৰ আবির্ভাৱ ঘটিছিল।তেওঁ বিশ্বাস কৰিছিল যে যেতিয়া পৃথিৱীখন সৃষ্টি হৈছিল তেতিয়া ই এটা গৰম গেছীয় সমূহ আছিল।য’ত নাইট্র’জেন, অক্সিজেন, কার্বন, হাইড্রজেন আদি মৌলবোৰ আছিল। এই মৌলবোৰে পিছত বিক্রিয়া কৰি পানী, কাৰ্বন-ডাই-অক্সাইড, মিথেন, এমনিয়া আদিৰ দৰে কণিকাৰ সৃষ্টি হৈছিল।
পানী গঠন হোৱাৰ পিছত পৃথিৱীৰ পৃষ্ঠ লাহে লাহে ঠাণ্ডা হৈ পৰিছিল আৰু অজৈৱ কণিকাবোৰে পানীত এটাই আনটোৰ লগত বিক্রিয়া কৰি শৰ্কৰা, এমিন এছিড, ফেটি এচিড আদিৰ দৰে সৰল জৈৱ পদার্থৰ সৃষ্টি হৈছিল।যিয়ে পৃথিৱীত জীৱৰ উৎপত্তিৰ সম্ভাৱনা বৃদ্ধি কৰিছিল আৰু এই বিক্রিয়াবোৰৰ বাবে প্রয়োজনীয় শক্তি সৌৰ বিকিৰণ, বিজুলী, আগ্নেয়গিৰি আদিৰ দ্বাৰা যোগান ধৰিছিল।
1953 চনত ষ্টেনলি এল. মিলাৰ আৰু হেৰল্ড চি. ইউৰি নামৰ দুজন বিজ্ঞানীয়ে এটা পৰীক্ষাৰ দ্বাৰা ইয়াৰ প্ৰমাণ কৰিছিল।সিহঁতে এনে এটা সঁজুলি তৈয়াৰ কৰিছিল যে সেই সজুঁলিটোৰ ভিতৰখনত পানী, এমনিয়া, মিথেন আৰু হাইড্ৰজেনৰ এটা মিশ্রন লৈছিল।অর্থাৎ উৎপত্তি কালৰ পৃথিৱীৰ বাতাবৰণ সৃষ্টি কৰিছিল।সেই সঁজুলিটো প্রায় 100° চেন্টিগ্রেড উষ্ণতাৰ তলত ৰাখি তাৰ ভিতৰৰ গেছীয় পদার্থৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ ঘটাই বিজুলী বা বজ্রপাতৰ দৰে এক পৰিৱেশ ৰচনা কৰিছিল।প্রায় এক সপ্তাহৰ পাছত দেখা গল যে 15% কার্বন বা মিথেনৰ পৰা এমিন এছিড, শৰ্কৰা, ফেটি এচিড আদিৰ দৰে আন কিছুমান কার্বন যুক্ত সৰল যৌগ যিয়ে প্রটিন অনুৰ সংশ্লেষণ ভাগ লয়, সেই বিলাক সৃষ্টি হৈছিল।
এই সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদার্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি।
10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰঃ যৌন প্ৰজননত বেলেগ বেলেগ ভিন্নতা বিশিষ্ট দুটা জীৱৰ D.N.A সংযোগ হৈ নতুন জীৱ উৎপত্তি হয়।গতিকে যৌন প্ৰজননত অধিক ভিন্নতা বিশিষ্ট জীৱৰ উৎপত্তি হয়।কিন্তু অযৌন প্ৰজননত D.N.A. ৰ প্রতিলিপিকৰণত বিসংগতি ঘটিলেহে বা সম্পূর্ণৰূপে সঠিক নহলে ভিন্নতা বিশিষ্ট জীৱৰ উৎপত্তি হয়।ইয়াৰ উপৰিও অযৌন প্ৰজননে অতি কম পৰিমাণৰ ভিন্নতা সৃষ্টি হয়।কাৰণ যদি অধিক পৰিমাণৰ ভিন্নতাৰ সৃষ্টি হয় তেন্তে সৃষ্টি হোৱা অপত্য D.N.A. জীয়াই থাকিব নোৱাৰিব।কিন্তু যৌন প্রজননত অধিক পৰিমানৰ ভিন্নতা সৃষ্টি হয় আৰু সৃষ্টি হোৱা অপত্য D.N.A. ও জীয়াই থাকিব পাৰে।গতিকে যৌন প্ৰজননত অযৌন প্রজনন প্ৰক্রিয়াতকৈ বিকাশসহ ভিন্নতাৰ সৃষ্টি হয়।
ভিন্নতাই জীৱৰ প্ৰজাতিবিলাকক সকলো ধৰণৰ পৰিৱেশত জীয়াই থকাত সহায় কৰে। পৰিবেশৰ অৱস্থা গৰম-উহ, পোহৰ, অ-স্বাস্থ্যকৰ পৰিবেশ (অৱস্থা) আৰু খাদ্যৰ উপলব্ধতা আদিয়ে হঠাৎ মাত্র এটা ঠাইত পৰিবর্তন ঘটাব পাৰে।সেইসময়ত এই অৱস্থাবোৰ সহিব পৰা ভিন্নতা বিশিষ্ট জীৱই জীয়াই থাকিবলৈ সক্ষম হ’ব।ফলত লাহে লাহে উচ্চ স্তৰৰ প্রজাতিলৈ বিবর্তন হব।গতিকে ভিন্নতাই যৌন প্রজনন প্রক্রিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰা জীৱসমূহৰ ক্রমবিকাশত সহায় কৰে।
11. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?
উত্তৰঃ মানুহৰ ক্ষেত্রত ক্রম’জ’ম বিলাকৰ পিতৃ আৰু মাতৃৰ প্রত্যেকৰ পৰা 22 ডালকৈ লগ হৈ যোৰা পাতি থাকে।কিন্তু অন্য এযোৰ ক্রম’জ’ম যাক লিংগ নির্ণায়ক ক্রম’জ’ম বুলি কোৱা হয় আৰু ইয়াক X আৰু Y ৰূপে চিনাক্তকৰণ কৰা হয়।
মহিলাৰ দুডাল X ক্রম’জ’ম থাকে আৰু পুৰুষৰ এডাল X আৰু এডাল Y ক্রম’জ’ম হিচাপে থাকে।জনন কোষে ক্রম’জ’ম বিলাকৰ আধা সংখ্যক গ্রহণ কৰে।গতিকে পুৰুষ জনন কোষৰ 22 ডাল ক্রম’জ’ম আৰু এডাল X বা Y ক্রম’জ’ম থাকে৷আনহাতে মহিলা জনন কোষৰ 22 ডাল ক্রম’জ’ম আৰু এডাল X ক্রম’জ’ম থাকে।প্রজনন প্রক্রিয়াত যেতিয়া দুটা জনন কোষৰ মিলন বা যোজন ঘটে তেতিয়া সন্তানে 22 ডাল ক্রম’জ’ম আৰু এডাল X বা Y ক্রম’জ’ম পিতৃ ফালৰ পৰা গ্রহণ কৰে আৰু 22 ডাল ক্রম’জ’ম আৰু এডাল X ক্রম’জ’ম মাতৃ ফালৰ পৰা গ্রহণ কৰে।
12. ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে।’ এই উক্তিৰ সৈতে একমতনে ? যদি হয় কিয় আৰু যদি নহয় কিয় ?
উত্তৰঃ জীৱৰ যিকোনো এটা প্ৰজাতিৰ ক্ষেত্ৰত জীয়াই থকাৰ সুবিধা লাভ কৰাৰ সুযোগতেই সৃষ্টি হোৱা বৈসাদৃশ্যটো প্রাকৃতিক ভাবে নির্বাচিত হয়।জীৱবোৰে সিহঁতৰ পৰিৱেশৰ লগত প্রাকৃতিক ভাৱে নির্বাচিত বৈসাদৃশ্যতাৰ সহায়ত অভিযোজন কৰে। ফলস্বৰূপে এই বৈসাদৃশ্যতাবোৰ সতি সন্ততিলৈ প্রবাহিত হয়।গতিকে দেখা যায় যে প্রাকৃতিক নির্বাচনৰ নিয়ন্ত্রণৰ যোগেদিহে জীৱৰ প্রজাতিত ক্রম বিকাশৰ সূচনা হয়।
কিন্তু আন কিছুমান বৈসাদৃশ্যতাৰ সৃষ্টি হয় যিটো জীৱৰ জীয়াই থকাৰ বাবে কোনো সুবিধা প্রদান নকৰে আৰু এই বৈসাদৃশ্যতাবোৰ মাত্র দুর্ঘটনাক্রমে বা ঘটনাক্রমে সৃষ্টি হয়।এনেকুৱা বৈসাদৃশ্যতাবোৰ কম জনসংখ্যা বিশিষ্ট জীৱৰ ক্ষেত্রত দুর্ঘটনাই জিনৰ সাল-সলনি ঘটাব পাৰে।যদিও সিহঁতে জীয়াই থকাৰ সুবিধা লাভ নকৰে।ইয়াকে জিনীয় পথচ্যুত বুলি কোৱা হয়।গতিকে জিনীয় পথচ্যুতে কোনো অভিযোজন নঘটাকৈ বৈচিত্র্যতাৰ সৃষ্টি কৰে।গতিকে কোনো এটা প্রজাতিৰ জীৱক ভিন্নতাইহে আবাদীক জীয়াই থকাৰ বাবে সুবিধা দিয়ে।
অতিৰিক্ত প্রশ্নঃ
1. বংশগতি কি ?
উত্তৰঃ যি প্রক্রিয়াৰ দ্বাৰা পিতৃ-মাতৃৰ পৰা চাৰিত্ৰিক বৈশিষ্ট্যবোৰ অপৰিবর্তিতভাৱে পৰৰ্বতিজনোলৈ সঞ্চাৰিত হয় তাকে বংশগতি বোলে।
2. প্ৰভাবী আৰু অপ্ৰভাবী চৰিত্র কাক বোলে ?
উত্তৰঃ যৌন প্রজননকাৰী জীৱবিলাকৰ একেটা চাৰিত্রিক বৈশিষ্ট্যৰে জিনৰ দুটাকৈ প্রতিলিপি থাকে।যদিহে প্রতিলিপিবিলাক হুবহু একে নহয় তেতিয়া যিটো প্রতিলিপিৰ চৰিত্র প্রকাশ পাই তাক প্ৰভাবী আৰু আনটোক অপ্রভাবী বুলি কোৱা হয়।
3. জিন কি ?
উত্তৰঃ জিন হ’ল DNA ৰ কার্যকৰী একক।
4. লিংগ নিৰ্নায়ক ক্রমজ’ম কি ?
উত্তৰঃ মানুহৰ ক্রম’জ’ম বিলাকৰ পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰ পৰা 22 ডালকৈ ক্রম’জ’ম লগ হৈ যোৰা পাতি থকাৰ ওপৰিও অন্য এযোৰ ক্রম’জ’ম থাকে তাকে লিংগ নিৰ্নায়ক ক্রম’জ’ম বোলে।
5. X ক্রমজ’ম আৰু Y ক্রম’জ’ম কি ?
উত্তৰঃ লিংগ নিৰ্নায়ক ক্রম’জ’মবোৰ মহিলাৰ ক্ষেত্ৰত যোৰা পাতি থাকে আৰু এই দুয়োডালক X ক্রম’জ’ম বুলি কোৱা হয়।
আনহাতে পুৰুষৰ ক্ষেত্রত লিংগ নিৰ্নায়ক ক্রম’জ’ম দুডাল একে জোখৰ নহয় বাবে সঠিক ভাৱে যোৰা পাতি নাথাকে।ইয়াৰে এডাল X আৰু আনডাল অলপ চুটি যাক Y ক্রম’জ’ম বুলি কোৱা হয়।
6. মানুহ প্ৰথমে কত উৎপত্তি হৈছিল ?
উত্তৰঃ আফ্রিকা ।
0 Comments