অধ্যায়ঃ8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ?

(HOW DO ORGANISMS REPRODUCE ?)

প্ৰশ্নাৱলীঃ

Page No.128

1. প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি ?

উত্তৰঃ DNA হ’ল ক্রম’জ’মত পোৱা জিনীয় পদার্থ যিটো কোষকেন্দ্রত থাকে।এই DNA অণুবোৰ প্রটিন গঠনৰ উৎস।যদি DNA ৰ বাহকৰ গুণ ভিন্ন হয় তেন্তে ভিন্ন প্ৰকাৰৰ প্রটিন সংশ্লেষণ হয় আৰু প্ৰতিটো নির্দিষ্ট প্রকাৰৰ প্রটিন এটা নির্দিষ্ট প্ৰকাৰৰ জীৱ দেহৰ অৱয়ব অর্থাৎ ভিন্ন প্ৰকাৰৰ প্ৰটিনবোৰে জীৱ দেহৰ অৱয়ব সলনি কৰে।

এনেকৈ DNA অনুবোৰে কোনো এটা জীৱৰ জীৱ দেহৰ অৱয়ব নির্ণয় কৰে।গতিকে এই সিদ্ধান্তত উপনিত হ’ব পাৰো যে DNA অনুবোৰে পিতৃ মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ কঢ়িয়াই নিয়ে।সেই কাৰণে প্রজনন প্রক্রিয়াত DNA ৰ প্ৰতিলিপি আৱশ্যক।

2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?

উত্তৰঃ কেতিয়াবা পৰিৱেশৰ এনে কঠোৰভাৱে পৰিবর্তন হয় যিয়ে কোনো এটা প্রজাতিৰ বাবে জীয়াই থকা কঠিন হৈ পৰে।যেনে – যদি পানীৰ উষ্ণতা হঠাৎ বাঢ়ে তেন্তে তাত বাস কৰা প্রায়ভাগ বেক্টেৰিয়াৰ মৃত্যু হব।মাত্র অতি কম সংখ্যক বৈসাদৃশ্যতা বিশিষ্ট্ বেক্টেৰিয়া, যিয়ে অতি উষ্ণতা সহিব পাৰিব, জীয়াই থাকিব পাৰিব।যদি এই বৈসাদৃশ্যতাবোৰ সৃষ্টি নহ’লহেতেন তেন্তে গোটেই বেক্টেৰিয়া প্রজাতিৰ ধ্বংস হ’লহেতেন।গতিকে এটা প্রজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ
চৰিত্রবিলাক জীৱৰ জীয়াই থকাত সহায় কৰে।

কিন্তু সকলোবোৰ বৈসাদৃশ্যতা ব্যৱহাৰ উপযোগী নহয়।গতিকে এই বৈসাদৃশ্যতাবোৰ অপ্রয়োজনীয় ভাৱে প্রত্যেক জীৱৰ বাবে লাভজনক নহয়।

প্ৰশ্নাৱলীঃ

Page No.133

1. দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদ কি কি ?

উত্তৰঃ দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদবোৰ হ’ল –

দ্বিখণ্ডন বা দ্বিবিভাজনঃ

(i) ইয়াত কোষ কেন্দ্র বিভাজিত হৈ দুটা অপত্য কোষ কেন্দ্রৰ সৃষ্টি হয়।

(ii) ই সাধাৰণতে অনুকূল পৰিবেশত সংঘটিত হয়।

(iii) মাত্র দুটা অপত্য কোষৰ সৃষ্টি হয়।

(iv) এমিবা আৰু বেক্টেৰিয়া আদিৰ ক্ষেত্রত এই প্রক্রিয়া সংঘটিত হয়।

বহু বিভাজনঃ

(i) ইয়াত কোষ কেন্দ্র বিভাজিত হৈ অসংখ্য অপত্য কোষ কেন্দ্রৰ সৃষ্টি হয়।

(ii) ই সাধাৰণতে প্রতিকূল পৰিবেশত সংঘটিত হয়।

(iii) অসংখ্য অপত্য কোষৰ সৃষ্টি হয়।

(iv) প্লাজম’ডিয়ামৰ ক্ষেত্রত এই প্রক্রিয়া সংঘটিত হয়।

2. যদি কোনো জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব ?

উত্তৰঃ যদি কোনো এটা জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই তলত দিয়া ধৰণে লাভাম্বিত হ’ব পাৰে –

(i) এটা ৰেণুধানীত অসংখ্য ৰেণুৰ উৎপত্তি হয়।

(ii) ৰেণুবোৰ  সহজতে বায়ুৰ দ্বাৰা দূৰৰ বিভিন্ন ঠাইলৈ বিতৰন কৰি দিয়ে।ফলত এটা ঠাইত প্রতিযোগিতাৰ পৰা হাত সাৰে।

(iii) ৰেণুবিলাকৰ ডাঠ আৱৰণ থাকে যাতে এইবোৰে প্রতিকূল  পৰিবেশ যেনে – উচ্চ উষ্ণতা, খাদ্য আৰু পানীৰ অভাৱ আদিৰ প্রতিৰোধ কবিব পাৰে।

3. উচ্চ খাপৰ জীৱই কিয় পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দৰ্শাব পাৰিবানে ?

উত্তৰঃ সৰল প্রাণী হাইড্রা আৰু প্লেনেৰিয়া আদিয়ে পুনৰজীৱন প্রক্রিয়াৰে নতুন জীৱৰ উৎপত্তি কৰিবলৈ সক্ষম।এই প্ৰক্ৰিয়াটো সিহঁতৰ শৰীৰৰ অংশৰ (অংগ‍) পৰা নতুনকৈ সম্পূর্ণ জীৱৰ উৎপত্তিৰ লগত জড়িত।এই পুনৰজীৱন কিছুমান বিশেষ কোষৰ দ্বাৰা সম্পন্ন হয়।

কিন্তু উচ্চ খাপৰ জীৱই পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে। কিয়নো –
(i) উচ্চ খাপৰ জীৱৰ  দেহৰ অৱয়ব অতি জটিল আৰু সিহঁত তলত দিয়া ধৰণে একোটা ক্রমৰ সংগঠনৰ দ্বাৰা গঠিত।
কোষ – কলা – অংগ – অংগ প্রনালী

(অর্থাৎ উচ্চ খাপৰ জীৱৰ ক্ষেত্ৰত কিছুমান বিশেষত্বপূর্ণ কোষৰ সমষ্টিৰে কলাৰ গঠন হয়, তেনে কিছুমান কলাৰ সমষ্টিৰে অংগ গঠিত হয় আৰু এই অংগবিলাক দৈহিক কার্য সংগঠন কৰিবলৈ দেহৰ প্রয়োজনীয় নির্দিষ্ট ঠাইত হে উপলদ্ধ হয়)।

(ii) ইয়াৰ উপৰিও সিহঁতৰ কোনো বিশেষ ধৰণৰ কোষ নাই যিয়ে পুনৰজীৱন প্রক্রিয়াত সহায় কৰে।

4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয় ?

উত্তৰঃ বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে আংগিক বিস্তাৰন প্ৰয়োগ কৰা হয় কাৰণ –
(i) বীজ উৎপাদন ক্ষমতা হেৰুওৱা বা গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰৰ বাবে এই পদ্ধতি প্রয়োগ কৰা হয়।যেনে – গোলাপ, কুহিয়াৰ।

(ii) বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদ বিলাকতকৈ আংগিক বিস্তাৰনৰ যোগেদি উৎপত্তি হোৱা উদ্ভিদবিলাকৰ আগতিয়াকৈ ফুল ফল ধৰে।

5. প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্ৰতিলিপিকৰণ কিয় প্রয়োজন ?

উত্তৰঃ DNA ৰ প্ৰতিলিপিকৰণ প্রজনন প্রক্রিয়াৰ এটা গুৰুত্বপূর্ণ অংশ কাৰণ DNA অণুবোৰে পিতৃ মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ কঢ়িয়াই নিয়ে আৰু জীৱৰ জীৱদেহৰ অৱয়ব নির্ণয় কৰে।দেহৰ কোষে কিছুমান ৰাসায়নিক বিক্রিয়াৰ সহায়ত DNA অণুৰ নকল সৃষ্টি কৰে।এই DNA অণুৰ  পৰা অপত্য কোষত দুটা DNA ৰ প্ৰতিলিপিৰ সৃষ্টি হয়।DNA ৰ প্ৰতিলিপিকৰণত সদায় কোষাংগ থাকে।ফলত এটা কোষৰ পৰা দুটা কোষৰ সৃষ্টি হয়।সেই কাৰণে প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাপে ডি. এন. এ (DNA) ৰ প্রতিলিপিকৰণ প্রয়োজন।

প্ৰশ্নাৱলীঃ

Page No.140

1. নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ ?

উত্তৰঃ পৰাগযোগ হ’ল এটা স্থানান্তৰণ প্রক্রিয়া য’ত এপাহ ফুলৰ পৰাগৰেণু গৈ আন এপাহ ফুলৰ স্ত্রীকেশৰৰ গৰ্ভমুণ্ডত পৰে।এই প্রক্রিয়াটো কিছুমান কাৰক যেনে – বতাহ, পানী বা কিছুমান প্রাণীৰ দ্বাৰা সংঘটিত হয়।
আনহাতে পুংজনন কোষ আৰু স্ত্রীজনন কোষৰ মিলনকে নিষেচন বোলা হয়।ইয়াৰ ফলত একোটা যোজন কোষৰ সৃষ্টি হয়।

2. শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি ?

উত্তৰঃ শুক্রাশয়ত শুক্রাণু উৎপন্ন হয় আৰু ই শুক্রবাহী নলীয়েদি প্রবাহিতহয়। শুক্রবাহী নলৰ ৰাস্তাত প্ৰষ্টেট গ্ৰন্থি আৰু শুক্রধাৰৰ পৰা নিঃসৰিত ক্ষাৰকীয় ৰস লগ লাগি শুক্রাণুৰ গতি পথত সহায় কৰে আৰু সিহঁতক পুষ্টিৰ যোগান ধৰে।

3. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিবৰ্তন দেখা যায় ?

উত্তৰঃ

4. মাতৃদেহত ভ্রূণকোষে কেনেকৈ পুষ্টি লাভ কৰে ?

উত্তৰঃ মাতৃদেহৰ জৰায়ুত ভ্রুণাৱস্থাৰ শিশুটোৰ বৰ্দ্ধন আৰু পোষণ হয়।গৰ্ভাৱস্থাত ভ্রুণটো গর্ভাশয়ৰ অন্তঃআচ্ছাদানৰ লগত এবিধ বিশেষ কলাৰ দ্বাৰা বান্ধ খাই থাকে।ইয়াক অমৰা বা প্লেচেণ্টা বোলে।এই প্লেচেণ্টাৰ দ্বাৰা মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰুণটোৱে পুষ্টি লাভ কৰে।প্লেচেণ্টাটো কাঁহী সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পোত খাই থাকে।ইয়াৰ পৰা কিছুমান ভিলাই ভ্ৰুণটোৰ ফালে বিয়পি থাকে। গর্ভাশয়ৰ অন্তঃআচ্ছাদানৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃ দেহৰ পৰা গ্লুক’জ আৰু অক্সিজেন ভ্রুণটোলৈ সৰবৰাহ হৈ থাকে।ভ্রুণটোৱে সৃষ্টি কৰা ৰেচন পদার্থবোৰ প্লেচেন্টাৰ মাধ্যমেদি মাতৃ দেহত এৰি দিয়ে।এনেকৈ মাতৃ দেহত ভ্রুণটো সম্পূর্ণ হ’বলৈ প্ৰায় ন মাহ আৱশ্যক হয়।গভাশয়ৰ পেশীৰ নির্দিষ্ট লয়ৰ সংকোচনৰ ফলত এটা শিশু জন্ম হয়।

5. যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper – T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হ’বনে ?

উত্তৰঃ

অনুশীলনীঃ

Page No.141

1. অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয় –
(ক) এমিবাত
(খ) ইষ্ট
(গ) প্লাজম’ডিয়ামত
(ঘ) লেইচমেনিয়াত

উত্তৰঃ(খ) ইষ্ট

2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় ?
(ক) ডিম্বাশয়।
(খ) জৰায়ু
(গ) শুক্রবাহী নলী।
(খ) ফেলোপিয়ান নলী।

উত্তৰঃ(গ) শুক্রবাহী নলী।

3. পৰাগধানীত পোৱা হয় – 
(ক) বেটুপাত
(খ) ডিম্বক
(গ) স্ত্রীকেশৰ
(ঘ) পৰাগ ৰেণু

উত্তৰঃ(ঘ) পৰাগ ৰেণু

4. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ হ’ল –

(i) অযৌন প্রজনন প্রক্রিয়াৰ তুলনাত যৌন প্রজনন প্রক্রিয়াত অধিক পৰিমানৰ ভিন্নতাৰ সৃষ্টি হয়, যিয়ে কোনো এটা জনসংখ্যাত প্রজাতিৰ জীয়াই থকাটো নিশ্চিত কৰে।

(ii) যৌন প্রজনন প্রক্রিয়াত উৎপন্ন হোৱা নতুন জীৱত পিতৃ-মাতৃ দুয়োটাৰ চাৰিত্রিক বৈশিষ্ট্যই দেখা দিয়ে।

(iii) অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতাৰ সৃষ্টি হয়।

5. মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে ?

উত্তৰঃ মানুহৰ শুক্রাশয় কেইটাৰ কাম তলত দিয়া হল –

(i) সিহঁতে শুক্রাণু গঠন কৰে।

(ii) সিহঁতে টেষ্ট’ষ্টেৰণ হৰমন গঠন কৰে, যিয়ে ল’ৰাৰ ক্ষেত্রত যৌৱন কালত বিভিন্ন পৰিবর্তন আনে।

6. ঋতুস্রাব কিয় হয় ?

উত্তৰঃ

7. দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।

উত্তৰঃ

8. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি ?

উত্তৰঃ গর্ভধাৰণ প্রতিৰোধৰ কাৰণে কনডম, অৰেল কন্ট্রাচেপটিভ পিল, কপাৰ-টি আৰু অন্য কিছুমান পদ্ধতি অবলম্বন কৰা হয়।

9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কৌশল সমূহ কেনেধৰণৰ ?

উত্তৰঃ এককোষী জীৱৰ এটাহে কোষ থাকে।গতিকে সিহঁতে অযৌন প্রজনন প্রক্রিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰে।এই প্রক্রিয়াত সিহঁতে সম্পূর্ণ কোষৰ বিভাজনৰ দ্বাৰা প্রজনন প্রক্রিয়া সংঘটিত হয়।এককোষী জীৱৰ প্ৰজনন প্রক্রিয়াৰ কৌশল সমূহ বিভাজন, মুকুলোদগম আদি হব পাৰে।আনহাতে বহুকোষী জীৱৰ ক্ষেত্রত নির্দিষ্ট বিষেসত্ব যুক্ত প্রজনন অংগ থাকে।গতিকে সিহঁতে জটিল প্রজনন প্রক্রিয়া যেনে –  আংগিক বিস্তাৰণ, ৰেণুৰ  উৎপত্তিৰ দ্বাৰা বংশ বিস্তাৰ কৰিব পাৰে। ইয়াৰ উপৰিও অধিক জটিল বহুকোষী জীৱ যেনে – মানুহ আৰু উদ্ভিদত ক্ষেত্রত প্রজনন প্রক্রিয়াৰ কৌশল হ’ল যৌন প্রজনন ।

10. প্রজনন প্রক্রিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে ?

উত্তৰঃ জীৱবিলাকে নিজৰ প্রজাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে প্রজনন প্রক্রিয়া সংঘটিত কৰে।এই প্রক্রিয়াই পিতৃ-মাতৃৰ লগত সাদৃশ্য থকা নতুন জীৱৰ উৎপত্তি কৰি কোনো প্রজাতিৰ জীৱৰ আবাদিৰ স্থিতি ৰক্ষাত সহায় কৰে।সেই কাৰণে মেকুৰীয়ে মাত্র মেকুৰী জন্ম দিয়ে বা কুকুৰে মাত্র কুকুৰ জন্ম দিয়ে।গতিকে প্রজননে মেকুৰী বা কুকুৰ বা যিকোনো অন্য প্রজাতিৰ জনসংখ্যাৰ (অবাদিৰ) স্থিতি ৰক্ষাত সহায় কৰে।

11. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি ?

উত্তৰঃ

অতিৰিক্ত প্রশ্নঃ 

1. দ্বি-খণ্ডন বা বিভাজন কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যি প্রজনন প্রক্রিয়াত এককোষী জীৱই অতি সৰল ভাবে কোষটো সমভাবে দ্বি-খণ্ডিত হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে তাকে দ্বি-খণ্ডন বোলে।
যেনে – এমিবা।

2. বিভংগন কি ? উদাহৰণ দিয়া।

উত্তৰঃ কিছুমান উদ্ভিদে পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ হৈ বংশ বিস্তাৰ কৰে। অথাৎ এই সৰু সৰু খণ্ডিত টুকুৰা বিলাকৰ পৰা নতুন প্রজন্মৰ সৃষ্টি তাকে বিভংগন বোলে।
যেনে – সৰ্পিল শেলাই।

3. পুনৰ জীৱন কি ? উদাহৰণ দিয়া।

উত্তৰঃ যদি কোনো এটা জীৱৰ কিবা কাৰণত কাটি বা ভাগি বহু টুকুৰা টুকুৰ হয় তেন্তে তাৰে কিছুমানৰ পৰা পৃথককৈ পুনৰ নতুনকৈ জীৱটোৰ সৃষ্টি হয়।তাকে পুনৰ জীৱন বুলি কোৱা হয়। যেনে – হাইড্রা আৰু প্লেনেৰিয়া।

4. মুকুলোদগম কি ? উদাহৰণ দিয়া।

উত্তৰঃ কিছুমান জীৱই মুকুল বিলাকৰ দেহৰ কোনো নির্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ উলাই আহে। ফলত এই মুকুল বিলাকৰ পৰা নতুন জীৱৰ সৃষ্টি কৰে।তাকে মুকুলোদগম বোলে। যেনে – হাইড্রা।

5. আংগিক বিস্তাৰণ কি ? উদাহৰণ দিয়া।

উত্তৰঃ যেতিয়া উদ্ভিদৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰা উপযুক্ত পৰিৱেশত নতুন জীৱৰ উৎপত্তি হয় তাকে আংগিক বিস্তাৰণ বুলি কোৱা হয়।
যেনে – কুঁহিয়াৰ আৰু গোলাপ।

6. হাইড্রাৰ মুকুলোদগমৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ হাইড্রাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদগম প্রক্রিয়াৰে পুনৰুজ্জীৱিত কৰে।হাইড্রাৰ এনে প্রক্রিয়াত মুকুলবিলাক দেহৰ কোনো এক নির্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে।এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাইড্রাৰ সৃষ্টি হয় আৰু যেতিয়া সিহঁত পুৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্রাৰ পৰা এৰাই আহি নতুন এটা হাইড্রাৰ উৎপত্তি কৰে।

7. প্রজনন কি? ই কেইপ্রকাৰ আৰু কি কি ? প্রত্যকৰে সংজ্ঞা দি উদাহৰণ দিয়া।

উত্তৰঃ যি প্রক্রিয়াৰ দ্বাৰা উদ্ভিদ বা প্রাণীয়ে অপত্য জীৱৰ সৃষ্টি কৰি নিজৰ প্রজাতিৰ অস্থিত্ব ৰক্ষা কৰে তাকে প্রজনন বুলি কোৱা হয়।

প্রজনন দুই প্রকাৰৰ –
(i) অযৌন প্রজনন আৰু (ii) যৌন প্রজনন।

(i) অযৌন প্রজনন – যি প্রজনন প্রক্রিয়াত জনন কোষৰ গঠন বা জনন কোষৰ মিলন নোহোৱাকৈ জীৱই বংশ বিস্তাৰ কৰে তাকে অযৌন প্রজনন বোলে।

এই প্রক্রিয়াত প্রজাতিৰ এটা জীৱৰ ব্যক্তিৰ পৰাই অপত্য জীৱৰ সৃষ্টি হয়।
যেনে-

(ii) যৌন প্রজনন – যি প্রজনন প্রক্রিয়াত পুং আৰু স্ত্রী জনন কোষৰ মিলনৰ ফলত নতুন জীৱৰ (প্রাণী) সৃষ্টি হয় তাকে যৌন প্রজনন বোলে।
যেনে-

8. যৌন আৰু অযৌন প্রজনন প্রক্রিয়াৰ সুবিধা সমূহ কি কি ?

উত্তৰঃ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ হ’ল –

(i) এইবিধ প্রজননত মতা আৰু মাইকী দুটা প্রাণী জড়িত হয় আৰু ইহতে দুই ধৰণৰ জনন কোষৰ সৃষ্টি কৰে । যেনে – পুং আৰু স্ত্রী জনন কোষ।

(ii) দুই ধৰণৰ জনন কোষ মিলিত হোৱাত অপত্য প্রাণীবোৰত নতুন জিনৰ সংমিশ্রন ঘটে আৰু সেয়ে অপত্য প্রাণীবোৰৰ আনুবংশিক চাৰিত্রিক বিভিন্নতাই দেখা দিয়ে।

(iii) নিষেচন প্রক্রিয়াৰ দ্বাৰা পুং আৰু স্ত্রী জনন কোষৰ মিলন হৈ যোজন কোষৰ সৃষ্টি হয়।

(iv) যৌন প্রজনন প্রক্রিয়া এক জটিল প্রক্রিয়া আৰু ই দ্রুত নহয়।
অযৌন প্রজননৰ সুবিধাসমূহ হ’ল –

(i) এই প্রজনন দ্রুত গতিত সম্পন্ন হয়।

(ii) একে সময়তে বহু অপত্য প্রাণীৰ সৃষ্টি হব পাৰে।

(iii) প্রতিকূল পাৰিপার্শ্বিক অৱস্থাতো এনে প্রজনন সংঘটিত হব পাৰে।

(iv) অযৌন প্রজনন সৰল দৈহিক কোষ বিভাজনৰ দ্বাৰা সম্পন্ন হয়।

9. পৰাগযোগ কাক বোলে ?
উত্তৰঃ ফুল ধৰা উদ্ভিদৰ যৌন প্ৰজননত পৰানধানীৰ পৰা পৰাগৰেণু  গৈ গর্ভমুণ্ডত পৰা পৰিঘটনাটোক পৰাগযোগ বোলে।

10. স্ব-পৰাগযোগ আৰু ইতৰ পৰাগযোগ কাক বোলে ?

উত্তৰঃ নিষেচন প্রক্রিয়াত যদি একেপাহ ফুলৰ পুংকেশৰৰ পৰা পৰাগৰেণুবিলাক স্ত্রীকেশৰৰ গর্ভমুণ্ডলৈ স্থানান্তৰিত হয় তাকে স্ব-পৰাগযোগ বুলি কোৱা হয়।

নিষেচন প্রক্রিয়াত যদি এপাহ ফুলৰ পৰাগৰেণু গৈ আন এপাহ ফুলৰ স্ত্রীকেশৰৰ গর্ভমুণ্ডত স্থানান্তৰিত হয় তাকে ইতৰ পৰাগযোগ বোলে।


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *