অধ্যায়ঃ5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

(PERIODIC CLASSIFICATION OF ELEMENTS)

প্ৰশ্নাৱলীঃ

Page No.81

1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।

উত্তৰঃ নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিল।

ব্যাখ্যাঃ ড’বাৰেইনাৰৰ ট্রায়ডত লিথিয়াম (Li), ছডিয়াম (Na) আৰু পটেছিয়ামৰে (K) এটা ট্রায়াড গঠন কৰিছে। আনহাতে, এই মৌলবিলাক নিউলেণ্ডছৰ অষ্টকতো একে স্তম্ভত আছে।কাৰণ এই মৌলবিলাকৰ ধর্ম একেই।

2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?

উত্তৰঃ ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ হ’ল –

(i) ড’বাৰেইনাৰে মাত্র তিনিটা ট্ৰায়াডহে চিনাক্ত কৰিছিল।অর্থাৎ মুঠ মৌলৰ সংখ্যা 9 টা।

(ii) কিন্তু সেই সময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ সর্বমুঠ সংখ্যা ড’বাৰেইনাৰৰ ট্ৰায়াডত জড়িত হোৱা মৌলবোৰৰ মুঠ সংখ্যাতকৈ বেছি অৰ্থাৎ ড’বাৰেইনাৰে সেই সময়ৰ সকলো মৌলবোৰৰ শ্রেণীবিভাজন কৰিব পৰা নাই।

(iii)  সেইবাবে ড’বাৰেইনাৰৰ ট্ৰায়াড হিচাপে শ্রেণীবিভাজনৰ এই পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল ।

প্ৰশ্নাৱলীঃ

Page No.85

1. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।– K, C, Al, Si, Ba.

উত্তৰঃ K2O, CO2, Al2O3, SiO2, BaO।

2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল ? (যিকোনো দুটা)

উত্তৰঃ স্কেনডিয়াম আৰু জার্মেনিয়াম।

3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ (criteria) কি কি আছিল ?

উত্তৰঃ মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ  তলত উল্লেখ কৰা হ’ল – 

(i) মৌলবোৰে গঠন কৰা হাইড্রাইট আৰু অক্সাইডসমূহৰ সংকেতক আধাৰ হিচাপে বাচি লৈছিল।অর্থাৎ মৌলবোৰৰ ৰাসায়নিক ধর্মৰ ভিত্তিত মৌলাবোৰ সজাইছিল।

(ii) মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্রমত সজাইছিল।

4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ? 

উত্তৰঃ সম্ভ্রান্ত গেছবোৰ অতিশয় নিষ্ক্রিয় আৰু সিহঁতে একে ধর্ম প্রদর্শন কৰে।অৰ্থাৎ আন মৌলাবোৰৰ তুলনাত অদ্বিতীয় ধর্ম দেখুৱায়।সেইকাৰণে সম্ভ্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে।

প্ৰশ্নাৱলীঃ

Page No.90

1.আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল ?

উত্তৰঃ আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ তলত দিয়া ধৰণে দূৰ কৰিছিল –

(i) আধুনিক পর্য্যাবৃত্ত তালিকাত মৌলবিলাক সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ বৰ্দ্ধিত ক্রমত সজাইছিল।গতিকে মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত একেটা স্থানত এটাতকৈ অধিক মৌল ৰখাটো প্রয়োজন হোৱা নাই ।

(ii) আধুনিক পর্যাবৃত্ত তালিকাত সমস্থানীক সমূহৰ স্থানক লৈ কোনো অসুবিধা হোৱা নাই।কাৰণ সমস্থানীকবোৰৰ পাৰমাণৱিক সংখ্যা একে কিন্তু পাৰমাণৱিক ভৰ বেলেগ বেলেগ।

(iii) একে  যোজক ইলেক্ট্রন থকা মৌলবোৰক একে বৰ্গত ৰখা হৈছে।

(iv) ত্রকে শ্বেলৰ সংখ্যা থকা মৌলবোৰক একে পৰ্যায়তে ৰখা হৈছে।

(v) আধুনিক পর্যাবৃত্ত তালিকাত হাইড্রজেনৰ স্থান নির্দিষ্ট কৰি দিছে।যিহেতু হাইড্রজেনক একে যোজক ইলেক্ট্রন থকা মৌলবোৰৰ বৰ্গত স্থান দিয়া হৈছে।

2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা।তোমাৰ এই বাচনিৰ ভিত্তি কি ?

উত্তৰঃ বেৰিলিয়াম আৰু কেলছিয়াম।মেগনেছিয়ামৰ দৰে বেৰিলিয়াম আৰু কেলছিয়াম একে ৰাসায়নিক বিক্রিয়া দেখুৱায়।কাৰণ মেগনেছিয়াম, বেৰিলিয়াম আক কেলছিয়াম একে বৰ্গত অর্থাৎ দ্বিতীয় বৰ্গত অৱস্থিত।

3. নাম লিখা

(a) বাহিৰতম কক্ষত এটাকৈ ইলেক্ট্রন থকা তিনিটা মৌলৰ।

উত্তৰঃ হাইড্রজেন, লিথিয়াম আৰু ছড়িয়াম।

(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ৷

উত্তৰঃ বেৰিলিয়াম, মেগনেছিয়াম, কেলছিয়াম।

(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।

উত্তৰঃ হিলিয়াম, নিয়ন আৰু আর্গন।

4. (a) লিথিয়াম, ছডিয়াম, পটেছিয়াম — এই আটাইকেইটা ধাতু।ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে।এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে ?

উত্তৰঃ লিথিয়াম, ছড়িয়াম, পটেছিয়াম মৌল কেইটাৰ সাদৃশ্য অনত দিয়া হল –

(i) সিহঁত একে বৰ্গত অৱস্থিত।

(ii) সিহঁতৰ যোজক ইলেক্ট্রনৰ সংখ্যা একেই।

(iii) সিহঁতে অধাতুৰ সৈতে আয়নীয় বান্ধনিৰ সৃষ্টি কৰে।

(iv) সিহঁত অতিশয় সক্রিয় ধাতু।

(v) সিহঁত উচ্চ বিদ্যুৎ ধনাত্মকীয় বা উচ্চ বিদ্যুৎ ধনাত্মকশীল ।

(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়নো এটা প্রায় নিষ্ক্রিয় গেছ।ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায় ?

উত্তৰঃ হিলিয়াম আৰু নিয়নৰ পৰমাণুবোৰৰ মাজত থকা মিলবোৰ তলত দিয়া হল –

(i) সিহঁতৰ পৰিপূর্ণ বাহিৰতম কক্ষ আছে।

(ii) সিহঁতৰ সুস্থিৰ ইলেক্ট্রনীয় বিন্যাস আছে।

(iii) সিহঁত একে বৰ্গত অৱস্থিত।

5. আধুনিক পর্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু ?

উত্তৰঃ লিথিয়াম আৰু বেৰিলিয়াম।

6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধর্মী হ’ব বুলি অনুমান কৰিবা ?
Ga, Ge, As, Se, Be ।

উত্তৰঃ

মৌলৰ নাম      বৰ্গৰ সংখ্যা

Ga(গেলিয়াম)       13
Ge(জাৰ্মেনিয়াম)   14
As (আৰছেনিক)   15
Se (ছেলেনিয়াম)   16
Be (বেৰিলিয়াম)    2

আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবিলাকৰ ধাতৱীয় ধর্ম পৰ্যাবৃত্ত তালিকাৰ স্থানৰ ওপৰত নির্ভৰ কৰে।যিহেতু পৰ্যাবৃত্ত তালিকাত মৌলবিলাকৰ ধাতৱীয় ধর্ম পর্যায় একোটাত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে কমি যায়।গতিকে বেৰিলিয়াম হ’ল আটাইতকৈ বেছি ধাতৱধর্মী আৰু ছেলেনিয়াম হ’ল আটাইতকৈ কম ধাতৱধর্মী। কিয়নো ছেলেনিয়াম হ’ল এবিধ অধাতু।

অনুশীলনী:

 

Page No. 91

1. পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাঁওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।
(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।

উত্তৰঃ (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।

2. মৌল X য়ে XCI2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে।ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ।মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি ?
(a) Na      (b)    Mg      (c) Al      (d) Si

উত্তৰঃ(b)    Mg

3. কোনটো মৌলৰ আছে

(a) ইলেকট্রনপূর্ণ দুটা কক্ষ ?

উত্তৰঃ নিয়ন (2,8)।

(b) 2, 8, 2 ইলেকট্রনীয় বিন্যাস ?

উত্তৰঃ মেগনেছিয়াম।

(c) যোজক কক্ষত চাৰিটা ইলেকট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ ?

উত্তৰঃ ছিলিকন (2, 8, 4)।

(d) যোজক কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ ?

উত্তৰঃ বৰন (2,3)।

(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন ?

উত্তৰঃ কার্বন (2, 4)।

4. a. পর্যাবৃত্ত তালিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?

উত্তৰঃপর্যাবৃত্ত তালিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ সাধাৰণ ধৰ্মবোৰ হ’ল –

(i) ব’ৰন হ’ল ধাতুকল্প।আনহাতে পর্যাবৃত্ত তালিকাত ব’ৰনৰ লগত একে বর্গত থকা আন সকলো মৌল বিলাক ধাতু।

(ii) সিহঁতৰ যোজ্যতা একে।

(iii)সিহঁত বিদ্যুৎ ধনাত্মকীয়।

b. পর্যাবৃত্ত তালিকাত ফুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?

উত্তৰঃ পর্যাবৃত্ত তালিকাত ফুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ সাধাৰণ ধৰ্মবোৰ হ’ল –

(i) সিহঁত অধাতু।

(ii) সিহঁতৰ যোজ্যতা একেই।অর্থাৎ সিহঁতৰ যোজ্যতা 1।

(iii) সিহঁত উচ্চ বিদ্যুৎ ঋনাত্মকীয়।

(iv) সিহঁতৰ বাহিৰতম কক্ষত 7 টা ইলেক্ট্রন থাকে।

5. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2, 8, 7

a. এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি ?

উত্তৰঃ 17 ।

b. তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)
N (7) F (9) P(15) Ar (18)

উত্তৰঃ F (9)।

6. পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।
16 বর্গ     17 বর্গ

–                  –

–                  A

–                  –

B                  C

(a) মৌল A ধাতুনে অধাতু ?

উত্তৰঃ অধাতু।

(b) C মৌলটো A তকৈ বেছি সক্রিয়নে কম সক্রিয় ?

উত্তৰঃ C মৌলটো A তকৈ কম সক্রিয়।

(c) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু ?

উত্তৰঃ C মৌলটো আকাৰত B তকৈ সৰু।

(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব ?

উত্তৰঃ মৌল A এ এনায়ন গঠন কৰিব।

7. নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে।এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎঋণাত্মক হ’ব আৰু কিয় ?

উত্তৰঃ ইলেক্ট্রনীয় বিন্যাস,

নাইট্ৰজেন – 2, 5
ফছফৰাছ – 2, 8, 5
নাইট্ৰজেৰ কক্ষপথৰ সংখ্যা দুটা।আনহাতে ফছফৰাছৰ কক্ষ পথৰ সংখ্যা তিনিটা। গতিকে ফচফৰাছৰ তুলনাত নাইট্ৰজেন আকাৰত সৰু।এই সৰু আকাৰৰ বাবে নাইট্রজেনৰ বিদ্যুৎ ঋণাত্মক বেছি হব।

৪. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে ?

উত্তৰঃ পৰমাণু এটাৰ ইলেক্ট্রনীয় বিন্যাসে যোজক ইলেক্ট্রন আৰু কক্ষপথৰ সংখ্যাৰ বিষয়ে জ্ঞান দিয়ে।ইয়াৰ ওপৰিও ইলেক্ট্রনীয় বিন্যাসে বৰ্গৰ সংখ্যাৰ বিষয়েও আভাস দিয়ে।

9. আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে ?

উত্তৰঃ 12 আৰু 38 পাৰমানৱিক সংখ্যা বিশিষ্ট মৌলবোৰ কেলছিয়ামৰ লগত ভৌতিক আৰু ৰাসায়নিক ধর্ম মিলে।

10. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement) ৰ তুলনা কৰা।

উত্তৰঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা

(i) 8 টা বৰ্গ আৰু 6 টা পৰ্য্যায় আছে।

(ii) সম্ভান্ত গেছৰ স্থান নাই।

(iii) মৌলবোৰৰ ধর্মবোৰ সিহঁতৰ পাৰমানৱিক ভৰৰ পর্যায় ক্রমে
সলনি হয়।

(iv) লেন্থানাইড আৰু এ এক্টিনাইড
নাই।

আধুনিক পর্যাবৃত্ত তালিকা

(i) 18টা বৰ্গ আৰু 7 টা পৰ্য্যায় আছে।

(ii) সম্ভ্রান্ত গেছৰ স্থান আছে।

(iii) মৌলবোৰৰ ধর্মবোৰ সিহঁতৰ পাৰমানৱিক সংখ্যাৰ পর্যায় ক্রমে
সলনি হয়।

(iv) লেন্থানাইড আৰু এ এক্টিনাইড
আছে।

অতিৰিক্ত প্রশ্নঃ 

1.ড’বাৰেইনাৰৰ ট্রায়াড কি ?

উত্তৰঃ ড’বাৰেইনাৰে একে ধর্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল।তেঁও তিনিটা তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এই বোৰক ট্রায়াড বা ত্রিক বোলে।যেনে – লিথিয়াম, ছড়িয়াম আৰু পটেছিয়ামৰে গঠিত এটা ট্রায়াড।

2. নিউলেণ্ডছ অষ্টক সূত্ৰটো কি ?

উত্তৰঃ জন নিউলেণ্ডছে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক হাইড্র’জেনৰ পৰা আৰম্ভ কৰি সিহঁতৰ পাৰমানৱিক ভৰৰ বৰ্দ্ধিত ক্রমত সজাই 56 তম মৌল থ’ৰিয়ামত শেষ কৰিছিল।এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধর্ম প্ৰথমটো মৌলৰ লগত একে ধৰণৰ লক্ষ্য কৰিছিল।এইটোক তেওঁ সংগীতৰ অষ্টকৰ সৈতে তুলনা কৰিছিল। ইয়াকে নিউলেণ্ডছৰ অষ্টক সূত্র বুলি কোৱা হয়।

3. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ সফলতা সমূহ কি কি ?

উত্তৰঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ সফলতাসমূহ হ’ল –

(i) নতুন মৌলবোৰৰ ভৱিষ্যত বাণীঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখনে সেই সময়ত আৱিষ্কাৰ নোহোৱা মৌলৰ অর্থাৎ নতুন মৌলৰ আবিষ্কাৰৰ ভৱিষ্যত বাণী কৰিব পাৰিছিল আৰু একা বৰন, একা এলুমিনিয়াম আৰু একা ছিলিকন নামেৰে সেইবোৰৰ খালী ঠাই এৰিছিল।

(ii) মৌলবোৰৰ শ্রেণীবদ্ধভাৱে অধ্যয়নঃ যিহেতু একে ধর্ম প্রদর্শন কৰা মৌলবোৰ একেটা বৰ্গতে ৰখা হৈছিল।গতিকে মৌলবোৰৰ ধর্মবোৰ শ্রেণীবদ্ধভাৱে অধ্যয়ন কৰাটো সহজ হৈ পৰিছিল।

(iii) পাৰমানৱিক ভৰৰ সংশোধনঃ মেণ্ডেলিভে সেই সময়ৰ কিছুমান মৌলৰ পাৰমানৱিক ভৰ ভূল বুলি প্রমাণিত কৰিছিল আৰু সেইবোৰৰ পাৰমানৱিক ভৰ সংশোধন কৰিছিল।

4. বর্গ আৰু পর্যায় কি ?

উত্তৰঃ পৰ্যাবৃত্ত তালিকাত থকা ঠিয় স্তম্ভবোৰক বর্ন বোলা হয় আৰু পথালি শাৰীবোৰক পৰ্য্যায় বোলা হয়।

5. আধুনিক পর্যাবৃত্ত তালিকা কি ?

উত্তৰঃ মৌলবোৰক বৰ্দ্ধিত পাৰমানৱিক সংখ্যা অনুসৰি সজাওঁতে যিটো পর্যাবৃত্ত তালিকা পোৱা যায় তাকে আধুনিক পর্যাবৃত্ত তালিকা বুলি কোৱা হয়।

আধুনিক পর্যাবৃত্ত তালিকাত 18 টা বৰ্গ আৰু 7 টা পৰ্য্যায় আছে।

6. আধুনিক পর্যাবৃত্ত সূত্ৰটো লিখা।

উত্তৰঃ আধুনিক পর্যাবৃত্ত সূত্রটো হ’ল – মৌলবোৰৰ ধর্ম সিহতঁৰ পাৰমানৱিক সংখ্যাৰ পর্য্যায় ক্রমে সলনি হয়।

7. ধাতুকল্প কি ? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ মৌলই ধাতু আৰু অধাতুৰ উভয়ৰে ধর্ম প্রদর্শন কৰে তাকে ধাতুকল্প বুলি কোৱা হয়।
যেনে – বৰন, ছিলিকন, জার্মেনিয়াম।

8. আধুনিক পর্যাবৃত্ত তালিকাত বৰ্গ আৰু পৰ্যায়ৰ সাপেক্ষে যোজ্যতা আৰু কক্ষপথৰ সংখ্যা কেনেকৈ পৰিবর্তন হয় ?

উত্তৰঃ যোজ্যতাঃ (a)বর্গ –  বর্গ একোটাত ওপৰৰ পৰা তললৈ যোজ্যতা একে থাকে।

(b) পর্যায় – পর্যায় একোটাত মৌলবোৰৰ যোজ্যতা 1- 4  লৈ বৃদ্ধি হৈ পিছত শূন্য লৈ কমি যায়।

কক্ষপথৰ সংখ্যা – (a) বর্গ – বর্গ একোটাত ওপৰৰ পৰা তলকৈ ক্রমে কক্ষপথৰ সংখ্যা বাঢ়ি যায়।

(b) পর্যায় – পর্যায় একোটাত কক্ষপথৰ সংখ্যা একে।

9. আধুনিক পর্যাবৃত্ত তালিকাত মৌলৰ পাৰমানৱিক আকাৰ কিদৰে পৰিবর্তন হয় ? 

উত্তৰঃ পাৰমানৱিক আকাৰঃ (a)বর্গ –  বর্গ একোটাত ওপৰৰ পৰা তললৈ মৌলবিলাকৰ পাৰমাণৱিক আকাৰ বাঢ়ি যায়।

(b) পর্যায় – পর্যায় একোটাত মৌলবিলাকৰ পাৰমাণৱিক আকাৰ বাওঁফালৰ পৰা সোঁফাললৈ কমি যায়।
Note –  ধাতৱীয় ধর্মঃ বর্গ একোটাত মৌলবিলাকৰ ধাতৱীয় ধর্ম একে।

10. পর্যায় এটাত বাঁফালৰ পৰা সোঁফাললৈ পৰমাণুৰ আ যাওঁতে আকাৰ কিয় কমে ?

উত্তৰঃ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে কক্ষপথৰ সংখ্যা একে থাকে।কিন্তু পাৰমাণৱিক সংখ্যা ক্রমে বৃদ্ধি হৈ থাকে।সেই কাৰণে নিউক্লীয় আধান বৃদ্ধি হয়।এই বৰ্দ্ধিত নিউক্লীয় আধানে ইলেক্ট্রনবোৰক নিউক্লীয়াছৰ ওচৰলৈ টানি আনে।ফলত পাৰমাণৱিক ব্যাসার্ধ কমি যায়।সেইবাবে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে পৰমাণুৰ আকাৰ কমে।

11. পর্যাবৃত্ত তালিকাত বর্গ এটাত ওপৰৰ পৰা তললৈ যাওঁতে পাৰমাণৱিক আকাৰ কিয় বাঢ়ে ?

উত্তৰঃ পর্যাবৃত্ত তালিকাত বর্গ এটাত ওপৰৰ পৰা তললৈ যাওঁতে কক্ষপথৰ সংখ্যা ক্রমান্বয়ে বাঢ়ে।অর্থাৎ নিউক্লীয়াছ আৰু বাহিৰতম কক্ষৰ মাজৰ দূৰত্ব বাঢ়ি যায়। সেইকাৰণে ব্যাসাৰ্ধও বাঢ়ি যায়।সেইবাবে নিউক্লীয় আধান বৃদ্ধি হোৱা সত্ত্বেও পাৰমানৱিক আকাৰ বাঢ়ে।

12. বর্গ এটাত ইলেক্ট্রন হেৰুৱাৰ প্রৱণতা কিদৰে পৰিৱর্তিত হব বুলি ভাবা ?

উত্তৰঃ বর্গ এটাত ওপৰৰ পৰা তললৈ যাওঁতে তাৰ বাহিৰতম কক্ষত থকা ইলেক্ট্রনৰ সংখ্যা একে থাকে।কিন্তু সিহঁতৰ কক্ষপথৰ সংখ্যা ক্রমান্বয়ে বাঢ়ি যায়।যাৰ ফলত নিউক্লীয়াছৰ পৰা যোজক ইলেক্ট্রনৰ দূৰত্ব বাঢ়ি যায় আৰু নিউক্লীয় আধান কমি যায় বা নিউক্লীয় আকর্ষণ কমি যায়।গতিকে এনে পৰিস্থিতিত মৌল এটাই তাৰ বাহিৰতম কক্ষত থকা ইলেক্ট্রন সহজে হেৰুৱায়।

15. পর্যায় এটাত ইলেক্ট্রন হেৰুৱাৰ প্রৱণতা কিদৰে ক্রম পৰিৱর্তন হ’ব ?

উত্তৰঃ পর্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে নিউক্লীয়াছত থকা প্ৰটনৰ সংখ্যা বাঢ়ি যায় কিন্তু কক্ষপথৰ সংখ্যা একে থাকে।প্রটনৰ সংখ্যা বাঢ়াৰ  লগে লগে নিউক্লীয় আধান বা আকৰ্ষনো বাঢ়ে।যাৰ ফলত যোজক ইলেক্ট্রন আৰু নিউক্লীয়াছৰ মাজত এক প্রৱল আকর্ষণ হয়।গতিকে যোজক ইলেক্ট্রনবোৰে কক্ষপথৰ পৰা আতৰি নায়ায় আৰু এটা সুস্থিৰ মৌল হবলৈ মৌলটোৱে ইলেক্ট্রন গ্রহণ কৰিব।সেইবাবে পৰ্যায় এটাত ইলেক্ট্রন হেৰুৱাৰ প্রৱণতা কমি যায়।

14. পর্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ’লে ইলেক্ট্রন লাভ কৰাৰ প্রৱণতা কিদৰে সলনি হয় ?

উত্তৰঃ পর্যায় একোটাত বাওঁফালৰ পৰা সোঁফাললৈ গলে প্ৰটনৰ সংখ্যা বাঢ়ি যায়। অর্থাৎ ইলেক্ট্রনৰ সংখ্যা বাঢ়ি যায়।কিন্তু সিহঁতৰ কক্ষপথ একে থাকে।তাৰ ফলত নিউক্লীয় আকৰ্ষণ বাঢ়ি যায় আৰু এটা সম্ভ্রান্ত মৌল হিচাপে স্বীকৃতি পাবলৈ সিহঁতে ইলেক্ট্রন গ্রহণ কৰে।সেই বাবে পর্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লে ইলেক্ট্রন লাভ কৰাৰ প্ৰৱণতা বাঢ়ি যায়।

15. বর্গ এটাত তললৈ আহিলে ইলেক্ট্রন লাভ কৰাৰ প্রৱণতা কিদৰে সলনি হয় ?

উত্তৰঃ বর্গ এটাত ওপৰৰ পৰা তললৈ যাওঁতে বাহিৰতম কক্ষত থকা যোজক ইলেক্ট্রনৰ সংখ্যা একে থাকে কিন্তু কক্ষপথৰ সংখ্যা ক্রমে বাঢ়ি যায়।যাৰ ফলত নিউক্লীয়াছৰ পৰা যোজক ইলেক্ট্রনৰ দূৰত্বও বাঢ়ি যায় আৰু নিউক্লীয় আকর্ষণ কমি যায়।সেইবাবে নিউক্লীয়াছে যোজক ইলেক্ট্রন হেৰুৱায়।সেইবাবে বর্গ এটাত ওপৰৰ পৰা তললৈ যাওঁতে ইলেক্ট্রন লাভ কৰাৰ প্রৱণতা কমি যায়।


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *