অধ্যায়ঃ4 কাৰ্বন আৰু তাৰ যৌগ

(CARBON AND ITS COMPOUNDS)

প্ৰশ্নাৱলীঃ

Page No. 61

1. কাৰ্বন ডাই অক্সাইডৰ ( CO2) ৰ ইলেক্ট্রন বিন্দু গঠন কি হব ?

উত্তৰঃ 

2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হব ? (ইঙ্গিত—আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)

উত্তৰঃ 

প্ৰশ্নাৱলীঃ

Page No. 68

1. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা ?

উত্তৰঃ পেন্টেনৰ বাবে তিনিটা সমযোগী আঁকিব পাৰি।

যেনে –

(i) n – পেন্টেন

(ii) আইচো (Iso) পেন্টেন

(iii) নিও পেন্টেন

2. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন – যৌগ পাওঁ ?

উত্তৰঃ কাৰ্বনৰ তলত দিয়া দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন যৌগ পোৱা যায়।

(i) কেটিনেচন – কেটিনেচন ধৰ্মৰ বাবে কার্বনে দীঘল শৃংখল, শাখা শৃংখল বা চক্রীয় শৃংখল গঠন কৰিব পাৰে।

(ii) চতুর্সহযোজ্যতা – কাৰ্বনৰ যোজ্যতা চাৰি হোৱাৰ বাবে কার্বনে আন বহুতো মৌল লগ লাগি বহুতো যৌগ গঠন কৰিব পাৰে।

3. চাইক্ল’পেন্টেনৰ সংকেট আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা।

উত্তৰঃ চাইক্ল’পেন্টেনৰ সংকেত হ’ল – C5H10

চাইক্ল’পেন্টেনৰ গঠন সংকেত হ’ল – 

 

চাইক্ল’পেন্টেনৰ ইলেট্রনীয় বিন্দু গঠন হ’ল – 

 

4. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা – 

(i) ইথানয়িক এছিড    (ii) ব্ৰ’ম’পেন্টেন *

(iii) বিউটান’ন           (iv) হেক্সানেল

* ব্ৰম’পেন্টেনৰ সমযোগী সম্ভৱনে ? 

উত্তৰঃ

 

5. তলৰ যৌগবোৰৰ নাম লিখা – 

(i) CH3– CH2-Br

উত্তৰঃ ব্ৰ’ম’ইথেন।

(ii)

উত্তৰঃ মিথানেল।

(iii)

উত্তৰঃ হেক্সাইন।

প্ৰশ্নাৱলীঃ

Page No. 71

1. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া ?

উত্তৰঃ ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰা বিক্রিয়াটো হ’ল – 

CH3-CH2OH + ক্ষাৰকীয় KMnO+ তাপ নাইবা আম্লিক K2Cr2O7 + তাপ →  CH3COOH

যিহেতু এই বিক্রিয়াত অক্সিজেন যৌগ হৈ ইথানলক ইথানয়িক এচিডলৈ পৰিবর্তন হৈছে।গতিকে বিক্রিয়াটো এটা জাৰণ বিক্রিয়া।

2. লোহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?

উত্তৰঃ যেতিয়া অক্সিজেন আৰু ইথাইনৰ মিশ্রণ এটা দহন কৰা হয়, তেতিয়া সম্পূর্ণ দহন ঘটি উচ্চ তাপৰ সৃষ্টি হয়।ফলত নীলা শিখাৰ উৎপন্ন হয়।কিন্তু যেতিয়া বায়ু আৰু ইথাইনৰ মিশ্রণ এটা দহন কৰিলে অসম্পূর্ণ দহন ঘটি এলান্ধুযুক্ত শিখাৰ উৎপন্ন কৰে।সেই কাৰণে লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়।

প্ৰশ্নাৱলীঃ

Page No. 74

1. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি ?

উত্তৰঃ

 

2. জাৰক দ্রব্য কি ?

উত্তৰঃ যিবোৰ পদার্থই আনক অক্সিজেন দিব পাৰে বা আন পদাৰ্থৰ পৰা হাইড্রজেন আতৰাই নিব পাৰে, সেই বোৰকে জাৰক পদার্থ বোলে।

যেনে – ক্ষাৰকীয় পটাছিয়াম পাৰমেঙ্গানেট (KMnO4)  বা আম্লিক পটাছিয়াম ডাইক্রমেট(K2Cr2O7)।

প্ৰশ্নাৱলীঃ

Page No. 74

1. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পাৰিবানে ?

উত্তৰঃ অপমাৰ্জকে ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব নোৱাৰিম।কিয়নো কঠিন পানীৰ লগতো অপমাৰ্জক সহজে ফেনৰ সৃষ্টি হয়।

2. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে।সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত (washing machine) ভৰাই জোকাৰি দিয়ে।কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?

উত্তৰঃ কাপোৰ পৰিষ্কাৰ কৰিবলৈ জোকাৰিব লাগে কাৰণ চাবোনৰ মাইছেলবোৰ যিবোৰে তেলীয়া মলিবোৰ ইয়াৰ কেন্দ্রত জমা কৰে।সেইবোৰ কাপোৰৰ পৃষ্ঠত লাগি থাকে।সেই বোৰক কাপোৰৰ পৃষ্ঠৰ পৰা আতৰাব লাগে।

যেতিয়া চাবোন পানীত তিয়াই থকা কাপোৰ জোকাৰি দিয়া হয় তেতিয়া তেলীয়া মলি থকা মাইছেলবোৰ কাপোৰৰ পৃষ্ঠৰ পৰা আঁতৰি পানীলৈ যায় আৰু লেতেৰা কাপোৰ পৰিষ্কাৰ হয়।

অনুশীলনীঃ

Page No. 77

1. ইথেন (C2H6) অণু এটাত

(a) 6 টা সহযোজী বান্ধনি আছে।

(b)7 টা সহযোজী বান্ধনি আছে।

(c) ৪ টা সহযোজী বান্ধনি আছে।

(d) 9 টা সহযোজী বান্ধনি আছে।

উত্তৰঃ (b)7 টা সহযোজী বান্ধনি আছে।

2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য কৰী মূলক হ’ল –

 
(a) কার্বক্সিলিক এছিড

(b) এলডিহাইড

(c) কিটন

(d) এলকহল

উত্তৰঃ (c) কিটন
3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো –

(a) খাদ্য ভালদৰে নিসিজিল।

(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

(c) ইন্ধনটো সিক্ত।

(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়।

উত্তৰঃ (d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়।

4. CH3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা।

উত্তৰঃ CH3CI যৌগটোৰ নাম হ’ল ক্ল’ৰ’মিথেন।

ইয়াত এটা কার্বন, তিনিটা হাইড্রজেন আৰু এটা ক্লৰিনেৰে ক্ল’ৰ’মিথেন যৌগটো গঠিত হৈছে।আমি জানি যে কার্বনৰ বাহিৰতম কক্ষত চাৰিটা ইলেক্ট্রন, ক্লৰিনৰ বাহিৰতম কক্ষত সাতটা ইলেক্ট্রন আৰু হাইড্রজেনৰ বাহিৰতম কক্ষত এটা ইলেক্ট্রন থাকে। গতিকে কার্বনে সুস্থিৰ ইলেক্ট্রনীয় বিন্যাস পাবলৈ চাৰিটা ইলেক্ট্রন ক্লৰিন আৰু হাইড্রজেনৰ এটা এটাকৈ ইলেক্ট্রন লাগে।এতেকে কাৰ্বনে তিনিটা হাইড্রজেন আৰু এটা ক্লৰিনৰ মাজত ইলেক্ট্রনৰ ভাগ বতৰা কৰি তিনিটা হাইড্রজেনৰ লগত তিনিটা সহযোজী বান্ধনি আৰু এটা ক্লৰিনৰ লগত এটা সহযোজী বান্ধনি গঠন কৰি ক্ল’ৰ’মিথেন যৌগটো গঠন কৰে।

5. তলত দিয়াবিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা – 

(a) ইথানয়িক এচিড

উত্তৰঃ

(b) H2S

উত্তৰঃ

(c) প্রপান’ন

উত্তৰঃ

(d) F2

উত্তৰঃ

6. সমগণীয় শ্ৰেণী কাক বোলে ? উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ যি শ্রেণীৰ যৌগত একে কার্যকৰী মূলক উপস্থিত থাকে আৰু একে ৰাসায়নিক ধর্মৰ।সেই শ্রেণীটোকে সমগণীয় শ্রেণী বোলে।

উদাহৰণ হিচাপে এলকহল (-OH) থকা CH3OH, C2H5OH, C3H7OH আৰু C4H9OH এই যৌগবোৰ সমগণীয় শ্রেণীৰ।গতিকে সিহঁতৰ ৰাসায়নিক ধর্ম প্রায় একে।

7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা।

উত্তৰঃ ভৌতিক ধর্মঃ

ইথানল –

(i) ই মনোহৰ গোন্ধ দিয়ে।

(ii) ইয়াৰ গলনাংক 156 K।

(iii) ইয়াৰ উতলাংক 351 K।

(iv) ই নীলা লিটমাছক ৰঙা নকৰে।

ইথানয়িক এছিড –

(i) ই উগ্র গোন্ধ দিয়ে ।

(ii) ইয়াৰ গলনাংক 290 K।

(iii) ইয়াৰ উতলাংক 391 K।

(iv) ই নীলা লিটমাছক ৰঙা কৰে।

ৰাসায়নিক ধর্মঃ

ইথানল –

(i) ই কার্বনেট আৰু হাইড্রজেন কার্বনেটৰ লগত বিক্রিয়া নকৰে।

(ii) ই ছড়িয়াম ধাতুৰ লগত বিক্রিয়া কৰি ছড়িয়াম ইথঅক্সাইড আৰু হাইড্রজেন গেছ উৎপন্ন কৰে।

ইথানয়িক এছিড –

(i) ই কার্বনেট আৰু হাইড্রজেন কার্বনেটৰ লগত বিক্রিয়া কৰি লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে।

(ii) ই ছড়িয়াম ধাতুৰ লগত বিক্রিয়া কৰি লৱণ আৰু হাইড্রজেন গেছ উৎপন্ন কৰে।

8. পানীত চাবোন দিলে কিয় ফেন উঠে ? বেলেগ দ্রাৱক যেনে ইথানলত ফেন উঠিবনে ?

উত্তৰঃ চাবোনৰ এটা অনুত দুটা মেৰু থাকে এটা হল – আয়নীয় মেৰু যি পানীত দ্রৱণীয় আৰু আনটো হল কার্বন শৃংখলৰ জৈৱ অংশ যি পানীত অদ্রৱনীয় কিন্তু তেলত দ্রৱনীয়।যেতিয়া চাবোন পানীত দ্রৱীভূত কৰা হয় তেতিয়া কার্বন শৃখংলৰ জৈৱ অংশটো তেলীয়া মলিৰ দ্বাৰা আকৰ্ষিত হৈ দ্রৱীভূত হয় আৰু আয়নীয় অংশটো পানীৰ দ্বাৰা আকৰ্ষিত হৈ মলিৰ বাহিৰৰ ফালে থাকি চাবোনৰ অনুবোৰে ঘূর্ণন আকৃতিৰ পুঞ্জ গঠন কৰে তাকে ফেন মাইছেল বুলি কোৱা হয়।সেই কাৰণে পানীত চাবোন দিলে ফেন উঠে।

বেলেগ দ্রাৱক যেনে ইথানলত ফেন নুঠে।

9. প্রায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়।কিয় ?

উত্তৰঃ প্রায় সকলো ক্ষেত্ৰত কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যবহাৰ কৰাৰ কাৰণটো হ’ল বায়ুৰ উপস্থিতিত সিহঁতক দহন কৰিলে যথেষ্ট তাপ শক্তি উদ্ভৱ হয়।

10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (scum) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

উত্তৰঃ সাধাৰণতে কঠিন পানীত কেলছিয়াম আৰু মেগনেছিলাম লৱণ থাকে। গতিকে চাবোনৰ অনুবোৰে কেলছিয়াম আৰু মেগনেছিয়ামৰ লৱনৰ লগত বিক্রিয়া কৰি অদ্রৱণীয় অধঃক্ষেপৰ সৃষ্টি কৰে।এই অধঃক্ষেপবোৰ পানীৰ ওপৰত এটা বগা তৰপ হিচাপে ওপঙিবলৈ আকম্ভ কৰে।এই তৰপটোকে গেদ বুলি কোৱা হয়।চাবোন কঠিন পানীত মলি আঁতৰোৱাৰ শক্তি গেদ সৃষ্টি হোৱাৰ বাবে হেৰুৱাই পেলায়।

11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা ?

উত্তৰঃ চাবোন হ’ল তীব্র ক্ষাৰক (NaOH) আৰু মৃদু এছিডৰ (কার্বক্সিলিক এছিড) লৱণ।গতিকে চাবোনৰ দ্রৱৰ প্রকৃতি ক্ষাৰকীয় হব।ক্ষাৰকীয় প্ৰকৃতিৰ হোৱাৰ বাবে চাবোনৰ দ্রৱই ৰঙা লিটমাছক নীলা কৰিব।

12. হাইড্ৰ’জেনেচন মানে কি ? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা।

উত্তৰঃ যি  বিক্রিয়াত পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্রকাৰ্বৰ লগত হাইড্রজেন যৌগ হৈ সংপৃক্ত হাইড্রাকার্বন উৎপন্ন হয়।তাকে যোগাত্মক বিক্রিয়া বা হাইড্ৰ’জেনেচন বোলে।

উদাহৰণ –

 

ইয়াক ব্যৱহাৰ – উদ্ভিদৰ তেল হাইড্র’জেনযুক্ত কৰি বনষ্পতি ঘি উৎপন্ন কৰিবলৈ হাইড্র’জেনেচন প্রক্রিয়া ব্যহাৰ কৰা হয়।

13. তলৰ কোনবিলাকৰ হাইড্ৰ’কাৰ্বনে যোগাত্মক বিক্রিয়া দেখুৱায় ?

C2H6, C3H8, C3H6, C2H2 আৰু  CH4

উত্তৰঃ যিহেতু অসংপৃক্ত হাইড্র’কাৰ্বনে যোগাত্মক বিক্রিয়া দেখুৱায়।এতেকে C3H6 (প্রপিন) আৰু C2H2 (ইথাইন) য়ে যোগাত্মক বিক্রিয়া দেখুৱায়।

14. মাখন (butter) আৰু খোৱাতেলৰ (cooking oil) মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ মাখন হ’ল সংপৃক্ত কার্বন যৌগ।আনহাতে খোৱা তেল হ’ল অসংপৃক্ত কার্বন যৌগ।অসংপৃক্ত কার্বন যৌগই ব্রমিন পানী বৰনহীন কৰে।আনহাতে সংপৃক্ত কার্বন যৌগই ব্রমিন পানী বৰনহীন নকৰে।গতিকে মাখনে ব্রমিন পানী বৰনহীন নকৰে আৰু খোৱা তেলে ব্রমিন পানী বৰনহীন কৰে।

15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action) ব্যাখ্যা কৰা৷

উত্তৰঃ কাপোৰত থকা মলিবোৰ জৈৱিক প্রকৃতিৰ আৰু পানীত অদ্রৱনীয়।গতিকে অকল পানীৰে ধুই ইয়াক আঁতৰাব নোৱাৰি।চাবোনৰ এটা অনুত দুটা মেৰু থাকে, এটা আয়নীয় মেৰু যি পানীত দ্রৱনীয় আৰু আনটো হল কার্বন শৃংখলৰ জৈৱ অংশ যি পানীত অদ্রৱণীয় কিন্তু তেলত বা হাইড্রকাৰ্বনত দ্রৱনীয়।যেতিয়া চাবোন পানীত দ্রৱীভূত কৰা হয়, তেতিয়া চাবোনৰ দুটা অংশ বেলেগ বেলেগ মাধ্যমত দ্রৱীভূত হয় আৰু কার্বন শৃংখলৰ জৈৱ অংশটো তেলীয়া মলিত দ্রৱীভূত হয় আৰু কাপোৰৰ পৰা মলিবোৰ আঁতৰাই দিয়ে, তেতিয়া চাবোনৰ অণুবোৰে মাইছেল গঠন কৰি তেলীয়া মলিবোৰ ইয়াৰ কেন্দ্ৰত জমা কৰে।মাইছেলবিলাক পানীত অবদ্ৰব্য হিচাপে থাকে আৰু আয়ন আয়ন বিকর্ষণৰ বাবে অধক্ষিপ্ত নহয়।গতিকে এই অৱস্থাত মাইছেলত ওপঙি থকা মলিবোৰ সহজতে পানীৰে ধুই আঁতৰাব পাৰি।

অতিৰিক্ত প্রশ্নঃ 

1. সহযোজী বান্ধনি কাক বোলে ?

উত্তৰঃ যিকোনো দুটা পৰমাণুৰ মাজত ইলেক্ট্রনৰ ভাগ বতৰা হৈ যিটো বান্ধনিৰ সৃষ্টি হয় তাকে সহযোজী বান্ধনি বোলে।

এই বান্ধনিবিলাক দৃঢ় কিন্তু অনু বিলাকৰ মাজৰ আন্তঃআনবিক বল কম।

2. এক বান্ধনি, দ্বি বান্ধনি আৰু ত্রি বান্ধনি কাক বোলে ?

উত্তৰঃ এক বান্ধনি – যদি যিকোনো দুটা পৰমাণুৰ মাজত এযোৰ ইলেক্ট্রন ভাগ বতৰা কৰি যি বান্ধনিৰ সৃষ্টি কৰে তাকে এক বান্ধনি বোলে ।
উদাহৰণ –

হাইড্রজেন অণুৰ গঠন

দ্বি বান্ধনি – যদি যিকোনো দুটা পৰমাণুৰ মাজত দুযোৰ ইলেক্ট্রন ভাগ বতৰা কৰি যি বান্ধনিৰ সৃষ্টি কৰে তাকে দ্বি বান্ধনি বোলে।

উদাহৰণ –

অক্সিজেন অণুৰ গঠন

ত্রি বান্ধনি – যদি যিকোনো দুটা পৰমাণুৰ মাজত তিনিযোৰ ইলেক্ট্রন ভাগ বতৰা কৰি যি বান্ধনিৰ সৃষ্টি কৰে তাকে ত্রি বান্ধনি বোলে।
উদাহৰণ –

নাইটজেন অণুৰ গঠন

3. কার্বনে সদায় সহযোজী বান্ধনিৰ সৃষ্টি কৰে।ব্যাখ্যা কৰা।

উত্তৰঃ কাৰ্বন হল এটা ৰাসায়নিক মৌল যাৰ পাৰমাণৱিক সংখ্যা 6 আৰু ই আধুনিক পর্যাবৃত্ত তালিকাৰ বর্গ সংখ্যা 14 ৰ এটা সদস্য।

কার্বনৰ ইলেক্ট্রনীয় বিন্যাস 2, 4।গতিকে কার্বনৰ বাহিৰতম কক্ষত থকা ইলেক্ট্রনৰ সংখ্যা 4 কিন্তু সুস্থিৰ ইলেক্ট্রলীয় বিন্যাস হবলৈ ইলেক্ট্ৰনৰ সংখ্যা 8 হব লাগে।গতিকে কার্বনে 4 টা ইলেক্ট্রন হেৰুওৱাই বা 4 টা ইলেক্ট্রন গ্রহণ কৰি ইয়াৰ অষ্টক সম্পূর্ণ কৰিব পাৰে।কিন্তু কার্বনৰ বাহিৰতম কক্ষৰ পৰা 4 টা ইলেক্ট্রন হেৰুওৱা বা গ্রহণ কৰিবলৈ যথেষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন, যিটো প্রাকৃতিক ভাবে সম্ভৱ নহয়।সেই কাৰণে কাৰ্বনৰ বাহিৰতম কক্ষত থকা 4 টা ইলেক্ট্রনে আন এটা কার্বন পৰমাণুৰ 4 টা ইলেক্ট্ৰনৰ লগত ভাগ বতৰা কৰি সিহঁতৰ অষ্টক সম্পূর্ণ কৰে।সেই কাৰণে কাৰ্বনে সদায় সহযোজী বান্ধনিৰ সৃষ্টি কৰে।

4. কেটিনেচন কি ?

উত্তৰঃ কার্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অনু গঠন কৰিব পাৰে।এই ধর্মকে কেটিনেচন বুলি কোৱা হয়।

5. সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ কাক বোলে ?

উত্তৰঃ সংপৃক্ত যৌগ – কার্বন পৰমাণুবোৰ এক বান্ধনিৰ দ্বাৰা সৃষ্টি হোৱা যৌগবোৰক সংপৃক্ত যৌগ বোলে।

যেনে – মিথেন, ইথেন আদি।

অসংপৃক্ত যৌগ – দ্বিবান্ধনি বা ত্রিবান্ধনিযুক্ত কার্বন পৰমাণুৰ যৌগবোৰক অসংপৃক্ত যৌগ বোলে।যেনে – ইথিন, ইথাইন আদি।

6. বিষম পৰমাণু কি ?

উত্তৰঃ কাৰ্বনে আন বহুতো মৌলৰ লগত লগ লাগি বহুতো যৌগৰ গঠন কৰিব পাৰে, যাৰ ধর্ম বিশেষকৈ অনাকাৰ্বন মৌলটোৰ ওপৰত নির্ভৰ কৰে।এই অনাকার্বন মৌলটোক যৌগটোৰ বিষম পৰমাণু বুলি কোৱা হয়।

7. গঠন সমযোজী যৌগ কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ যৌগৰ আণৱিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ বেলেগ। সেইবিলাকক গঠন সমযোজী যৌগ বোলে।

যেনে – বিউটেনৰ আনৱিক সংকেত হ’ল C4H10 । ইয়াৰ সমযোজী যৌগকেইটা হ’ল-

 

৪. বেনজিনৰ আনৱিক সংকেত আৰু গঠন সংকেত লিখা ?

উত্তৰঃ বেনজিনৰ আনৱিক সংকেত হল C6H6। ইয়াৰ গঠন সংকেত হ’ল –

9. হাইড্র’কার্বন কাক বোলে ?

উত্তৰঃ যি কার্বনৰ যৌগত কেৱল কার্বন আৰু হাইড্রজেন থাকে তাক হাইড্রাকার্বন বোলে।

10. এলকেন, এলকিন আৰু এলকাইন কাক বোলে ?

উত্তৰঃ এলকেন – সংপৃক্ত হাইড্রকাৰ্বনক অর্থাৎ এক বান্ধনি থকা যৌগক এলকেন বোলে।

এলকিন – দ্বি বান্ধনিত থকা অসংপৃক্ত যৌগক এলকিন বোলে।

এলকাইন – ত্রি বান্ধনিত থকা অসংপৃক্ত যৌগক এলকাইন বোলে।

11. সংপৃক্ত যৌগৰ সাধাৰণ সংকেত আৰু যৌগবোৰৰ নাম লিখা ?

উত্তৰঃ সংপৃক্ত যৌগৰ বা এলকেনৰ সাধাৰণ সংকেত হ’ল – CnH2n+2

যদি n = 1 হয় তেন্তে যৌগটোৰ নাম মিথেন (CH4)।

যদি n = 2 হয় তেন্তে যৌগটোৰ নাম ইথেন (C2H6)।

যদি n = 3 হয় তেন্তে যৌগটোৰ নাম প্রপেন ( C3H8)।

যদি n = 4 হয় তেন্তে যৌগটোৰ নাম বিউটেন (C4H10)।

যদি n = 5 হয় তেন্তে যৌগটোৰ নাম পেন্টেন (C5H12)।

যদি n = 6 হয় তেন্তে যৌগটোৰ নাম হেক্সেন (C6H14)।

12. অসংপৃক্ত যৌগৰ সাধাৰণ সংকেত আৰু যৌগবোৰৰ নাম লিখা ?

উত্তৰঃ (A) অসংপৃক্ত যৌগৰ বা এলকিনৰ সাধাৰণ সংকেত হ’ল – CnH2n

যদি n = 1 হয় তেন্তে যৌগটোৰ নাম মিথিন (CH2)।

যদি n = 2 হয় তেন্তে যৌগটোৰ নাম ইথিন ( C2H4)।

যদি n = 3 হয় তেন্তে যৌগটোৰ নাম প্রপিন ( C3H6)।

যদি n = 4 হয় তেন্তে যৌগটোৰ নাম বিউটিন (C4H8)।

যদি n = 5 হয় তেন্তে যৌগটোৰ নাম পেন্টিন ( C5H10)।

যদি n = 6 হয় তেন্তে যৌগটোৰ নাম হেক্সিন (C6H12)।

(B) সংপৃক্ত যৌগৰ বা এলকাইনৰ সাধাৰণ সংকেত হ’ল – CnH2n-2

যদি n = 1 হয় তেন্তে যৌগটোৰ নাম মিথাইন (CH)।

যদি n = 2 হয় তেন্তে যৌগটোৰ নাম ইথাইন (C2H2)।

যদি n = 3 হয় তেন্তে যৌগটোৰ নাম প্রপাইন ( C3H4)।

যদি n = 4 হয় তেন্তে যৌগটোৰ নাম বিউটাইন (C4H6)।

যদি n = 5 হয় তেন্তে যৌগটোৰ নাম পেন্টাইন ( C5H8)।

যদি n = 6 হয় তেন্তে যৌগটোৰ নাম হেক্সাইন (C6H10)।

13. কার্যকৰী মূলক কি ? উদাহৰণ দিয়া।

উত্তৰঃ যেতিয়া কার্বনে কোনো এটা বিষম পৰমাণুৰ লগত যৌগ গঠন কৰে, তেতিয়া বিষম পৰমাণুবোৰ অকলশৰীয়াকৈ বা সিহঁতৰ একো একোটা থূপ বা মূলকৰ উপস্থিতিয়ে যৌগবোৰৰ ধর্ম নির্ধাৰণ কৰে কৰে।কিন্তু কার্বন শৃংখলৰ দৈর্ঘ্য বা প্রকৃতিৰ ওপৰত বিশেষ নির্ভৰ নকৰে।এই মূলবোৰক কার্যকৰী মূলক বুলি কোৱা হয়।

যেনে – এলকহল, এলডিহাইড, কিটন, কার্বক্সিলিক এছিড আদি।

14. কিছুমান কার্যকৰী মূলকৰ নাম আৰু সংকেত লিখা ?

উত্তৰঃ

 

15. যোগাত্মক বিক্রিয়া কি ? উদাহৰণ দিয়া।

উত্তৰঃ যি বিক্রিয়াত পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্রকাৰ্বনৰ লগত হাইড্রজেন যোগ হৈ সংপৃক্ত হাইড্রকার্বন উৎপন্ন হয়।তাকে যোগাত্মক বিক্রিয়া বোলে।

উদাহৰণ –

16. প্রতিষ্ঠাপন বিক্রিয়া কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ সূর্যৰ পোহৰৰ উপস্থিতিত ক্লৰিনে হাইড্র’কাৰ্বনৰ এটা এটাকৈ সকলোবোৰ হাইড্রজেন পৰমাণু প্রতিষ্ঠাপন কৰে।ইয়াকে প্রতিষ্ঠাপন বিক্রিয়া বোলে।

যেনে – সূর্যৰ পোহৰৰ উপস্থিতিত ক্লৰিনে মিথেনৰ সকলোবোৰ হাইড্র’জেন প্রতিষ্ঠাপন কৰি ক্ল’ৰ’মিথেন আৰু হাইড্র’ক্ল’ৰিক এছিড উৎপন্ন কৰে।

CH + Cl2 → CH3Cl + HCl (সূর্যৰ পোহৰত)

17. ইথানলৰ দুটা ধর্ম লিখা ?

উত্তৰঃ ইথানলৰ দুটা ধর্ম হ’ল –

(i) ইথানলে ছড়িয়ামৰ লগত বিক্রিয়া কৰি ছড়িয়াম ইথ’ক্সাইড আৰু হাইড্রজেন গেছ উৎপন্ন কৰে।

2Na + 2CH3CH2OH → 2CH3CH2ONa+ + H2

(ii) 443 K উষ্ণতাত অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এছিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰুদন ঘটি ইথিন উৎপন্ন হয়।

CH3CH2OH + তপত গাঢ় H2SO4 → CH2=CH2 + H2O

18. ভিনেগাৰ কি ? ইয়াৰ ব্যৱহাৰ লিখা ?

উত্তৰঃ এচিটিক এচিডৰ 5 – 8 % জলীয় দ্ৰৱনত ভিনেগাৰ বোলে।

ইয়াৰ ব্যৱহাৰ হ’ল –

আচাৰ সংৰক্ষণত ইয়াক বহুলভাবে ব্যৱহাৰ কৰা হয়।

19. ইথানয়িক এছিডৰ কেইটামান ধর্ম লিখা ?

উত্তৰঃ ইথানয়িক এছিডৰ কেইটামান ধর্ম হল –

(i) এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিড আৰু নির্ভেজাল এলকহলৰ মাজত বিক্রিয়া ঘটিলে এষ্টাৰ উৎপন্ন হয়।

CH3COOH + CH3CH2OH + এছিড → CH3COOCH2CH3

(ii) খনিজ এছিডৰ দৰে ইথানয়িক এছিডে ছ’ড়িয়াম হাইড্র’ক্সাইড আদি ক্ষাৰৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।

NaOH + CH3COOH → CH3COONa + H2O

(iii) ইথানয়িক এছিডে কার্বনেট আৰু হাইড্রজেন কার্বনেটৰ লগত বিক্রিয়া কৰি লৱণ (ছ’ডিয়াম এছিটেট), কার্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে।

2CH3COOH + Na2CO3 → 2CH3COONa + H2O + CO2

CH3COOH + NaHCO3 → CH3COONa + H2O + CO2

20. এষ্টাৰিভৱন বিক্রিয়া কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিড আৰু নির্ভেজাল এলকহলৰ মাজত বিক্রিয়া ঘটিলে এষ্টাৰ উৎপন্ন হয়।এই বিক্রিয়াটাকে এষ্টাৰিভৱন বিক্রিয়া
বোলে।

CH3COOH + C2H5OH + এছিড → CH3COOC2H5

21. এষ্টাৰ কি ? ইয়াৰ ব্যৱহাৰ লিখা।

উত্তৰঃ এষ্টাৰ হ’ল এবিধ সুগন্ধি দ্রব্য যাৰ ৰাসায়নিক সংকেত হল R-COO-R’, যত R আৰু R’ হল এলকিল মূলক।

ইয়াৰ ব্যৱহাৰ – এষ্টাৰ এবিধ সুগন্ধি দ্রব্য আৰু খাদ্য সুস্বাদুকাৰক হিচাপে ব্যৱহাৰ কৰা হয়।

22. চেপনিফিকেচন বা চাবোনীভৱন কাক বোলে ?

উত্তৰঃ ছডিয়াম হাইড্রঅক্সাইডৰ লগত এষ্টাৰৰ বিক্রিয়া ঘটালে এলকহল আৰু কাৰ্বক্সিলিক এছিডৰ ছড়িয়াম লৱণলৈ ৰূপান্তৰিত হয়।এই বিক্রিয়াটোক চেপনিফিকেচন বা চাবোনীভৱন বুলি কোৱা হয়।

CH3COOC2H5 + NaOH → CH3COONa + C2H5OH

23. মাইছেল বা কণাপুঞ্জ কাক বোলে ?

উত্তৰঃ চাবোনৰ এটা অনুত দুটা মেৰু থাকে, এটা আয়নীয় মেৰু (জলাকর্ষী বা জলস্নেহী) যি পানীত দ্রৱণীয়।আনটো হ’ল কার্বন শৃংখলৰ জৈৱ অংশ (জলবিকর্ষী বা জনঘৃণী) যি পানীত অদ্রৱণীয় কিন্তু তেলত বা হাইড্র’কাৰ্বনত দ্রৱনীয়।যেতিয়া চাবোন পানীত দ্রৱীভূত কৰা হয় তেতিয়া চাবোনৰ দুটা অংশ বেলেগ বেলেগ মাধ্যমত দ্রৱীভূত হয়।অর্থাৎ কার্বন শৃংখলৰ অংশটো তেলীয়া মলিত দ্ৰৱীভূত হয় আৰু আয়নীয় অংশটো পানীত দ্রৱীভূত হয়।তেতিয়া চাবোনৰ অনুবিলাকে পানীৰ মাজত এটা পুঞ্জ তৈয়াৰ কৰে য’ত কার্বন শৃংখলৰ জৈৱ অংশটো পুঞ্জটোত ভিতৰৰ মূৰ কৰি অর্থাৎ মলিৰ ফালে আৰু আয়নীয় অংশটো পুঞ্জটোৰ বাহিৰত থাকে।এনেকৈ গঠিত হোৱা পুঞ্জটোকে মাইছেল বা কণাপুঞ্জ বোলে।

24. চক্ৰীয় হাইড্রকাৰ্বনৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰঃ চাইক্ল’হেক্সেন আছে বেনজিন।

25. এলকিল মূলক কি ?

উত্তৰঃ এলকিল মূলক হ’ল এটা কাৰ্বন যৌগ বা হাইড্র’কাৰ্বন যাৰ সাধাৰণ সংকেত হ’ল – CnH2n+1অর্থাৎ ইয়াত এলকেনতকৈ এটা হাইড্রজেন কম থাকে।
ইয়াক ‘R’ আখৰেৰে চিনাক্ত কৰা হয়।
যেনে – R → CH3, C2H5, C3H7 ইত্যাদি।

26. অনুঘটক কি ? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ পদাৰ্থ নিজৰ ধৰ্মৰ কোনো পৰিবর্তন নোহোৱাকৈ বিক্রিয়াৰ গতিবেগ বঢ়োৱাত সহায় কৰে তাকে অনুঘটক বোলে।

যেনে – ক্ষাৰকীয় পটাছিয়াম পাৰমেঙ্গানেট (KMnO4)  আৰু আম্লিক পটাছিয়াম ডাইক্রমেট(K2Cr2O7)।


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *