অধ্যায়ঃ16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

(MANAGEMENT OF NATURAL RESOURCES)

প্রশ্নাৱলীঃ

Page No. 269

1. পৰিবেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা ?

উত্তৰঃ পৰিবেশ হিতৈষী হবলৈ তলত দিয়া অভ্যাসবোৰৰ পৰিবৰ্তন কৰিব পাৰি – 

(i) আমি তিনিটা ‘R’ (3R) অর্থাৎ Reduce (হ্রাসকৰণ), Recycle (পুনঃচক্রীয়কৰণ) আৰু Reuse (পুনঃব্যৱহাৰ) ৰ নীতি ব্যৱহাৰ কৰিব লাগিব।

(ii) আমি সদায় জীৱ নিম্নিকৰণ আৰু জীৱ অনিম্নিকৰণ আৱর্জনাবিলাকৰ পৃথকীকৰণ কৰা উচিত।

(iii) প্লাষ্টিক, কাগজ, কাঁচ আৰু ধাতবীয় পদার্থবিলাকৰ পুনঃচক্রীয়কৰণ বা পুনঃব্যৱহাৰ কৰিব লাগে আৰু সিহঁতক আন আৱৰ্জনা বিলাকৰ লগত পেলাব নালাগে।

(iv) বৈদ্যুতিক যন্ত্রপাতিৰ চুইছ বন্ধ কৰি ৰাখিব লাগে যেতিয়া সিহঁতৰ ব্যৱহাৰ নহয়।

(v) শক্তি, পানী আৰু খাদ্যৰ অপব্যৱহাৰৰ পৰা হাত সাৰিব লাগিব।

(vi) আমি সৃষ্টি কৰা আর্বজনাবিলাক নিৰাপদে পেলাব লাগিব আৰু ৰাজহুৱা স্থানত পেলাব নালাগিব।

(vii) আমি কৃত্রিম সাৰৰ পৰিৱৰ্তে যথেষ্ট পৰিমাণে প্রাকৃতিক সাৰ যেনে – গোবৰ ব্যৱহাৰ কৰিব লাগিব লাগে৷

2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ’ব পাৰে ?

উত্তৰঃ ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধাসমূহ হল –

(i) এটা সময়তে সকলো সম্পদৰ সহজলভ্যতা।

(ii) আর্থিক (অর্থনৈতিক) অৱস্থাৰ তিব্ৰতৰ বৃদ্ধি আৰু  বিকাশ।

iii) দ্রুত উদ্যোগীকৰণ।

(iv) কৃষি ক্ষেত্ৰত বৃদ্ধি আৰু বিকাশ।

কিন্তু আমি মনত ৰখা উচিত যে এই সুবিধাবোৰ অতি সীমিত। যিহেতু এইবোৰে বর্তমান আৰু ভৱিষ্যত প্রজন্মৰ প্ৰাকৃতিক সম্পদবোৰৰ অৱশয় ঘটাব পাৰে যিয়ে পৃথিৱীৰ পৰিবেশৰ ধ্বংশ (বিনাশ) ৰ কাৰণ হব পাৰে৷

3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা ?

উত্তৰঃ যদি সম্পদবোৰ ক্ষন্তেকীয়া উদ্দেশ্যৰে আহৰণ কৰা হয় তেন্তে অঞ্চল বর্তমান প্ৰজন্মৰ বাবে সম্পদবোৰৰ উচিত ভাৱে বৃদ্ধি আৰু বিকাশৰ বাবে ব্যৱহাৰ কৰিব পাৰিব অর্থাৎ বর্তমান প্রজন্মৰ প্রয়োজনহে পূৰাব। কিন্তু আমি সম্পদবোৰৰ দীৰ্ঘম্যাদী উদ্দেশ্যৰে আহৰণ কৰা হয় তেন্তে বর্তমান প্রজন্মই সিহঁতৰ প্রয়োজনখিনি পূৰোৱাৰ বাবে সম্পাদবোৰৰ ব্যৱহাৰ কৰাৰ উপৰিও ভৱিষ্যত প্রজন্ময়ো সিহঁতৰ প্রয়োজনখিনি পূৰাবৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। ফলত পৰিবেশৰ সংৰক্ষণৰ লগত অর্থনৈতিক বিকাশো হব আৰু সমস্ত মানৱ জাতিয়েই এই বিকাশৰ পৰা লাভাম্বিত হব। সেইকাৰনে সম্পবোৰৰ আহৰণ দীর্ঘম্যাদী উদ্দেশ্যৰে আহৰণ কৰি লাগে যাতে সিহঁতৰ বর্তমান প্রজন্মই ব্যৱহাৰ কৰাৰ উপৰিও ভৱিষ্যত প্রজন্মৰ ব্যৱহাৰৰ বাবে উপযোগী হৈ থাকে।

4. সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা ? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে ?

উত্তৰঃ সম্পদসমূহৰ সমভাবে বিতৰন হব লাগে যাতে সকলো দেশে সিহঁতৰ প্রয়োজনখিনি পূৰাব পাৰে আৰু সকলো সম্পদবোৰৰ উচিতভাৱে আৰু সমভাবে ব্যৱহাৰ কৰি উন্নতি কবিব পাৰে। ফলত প্রতিজন ব্যক্তিয়ে সম্পদবোৰৰ পৰা তাৰ অংশ লাভ কৰিব, যিয়ে সমানতাৰ মৌলিক অধিকাৰ পূৰণ কৰিব।
মানুহৰ লোভ, ভ্ৰষ্টতা আৰু চহকীয়া আৰু সমতাশালী মানুহ গোটেই আমাৰ প্রাকৃতিক সম্পদৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰি আছে।

প্রশ্নাৱলীঃ

Page No. 273

1. বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?

উত্তৰঃ আমি বন আৰু বন্যপ্রাণীসমূহ সংৰক্ষণ কৰি ৰাখিব লাগে কাৰ

(i) জীৱ বৈচিত্রসমূহ সংৰক্ষণ কৰিব লাগে যাতে প্রাকৃতিক বা পৰিবেশৰ ভাৰসাম্যতা অটুট থাকে।

(ii) অৰণ্যসমূহ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

(iii) যদি অৰণ্যসমূহ সংৰক্ষিত কৰা নহয় তেন্তে স্থানীয় বাসিন্দাসকল প্রভাৱিত হব পাৰে। যিহেতু অৰণ্য সিহঁতৰ খাদ্যবস্তু, আশ্রয়স্থান আৰু জীৱিকাৰ উৎস।

(iv) অৰণ্যই আমাক ঔষধ আৰু অক্সিজেন যোগান ধৰে।

(v) বনে জলবায়ু জলচক্র, মাটিৰ গুনাগুণ আৰু বৰষুৰ পৰিমানো নিয়ন্ত্রন কৰে। ইয়াৰ উপৰিও বনে মাটি পৰিমানো নিয়ন্ত্রন কৰে।

(vi) বনে বিভিন্ন ধৰণৰ প্রয়োজনীয় সম্পদ বা সামগ্রীৰ যোগান ধৰে ধৰে, যিটো ঘৰত যোগান ধৰা হয় আৰু উদ্যোগৰ বাবেও বিভিন্ন ধৰণৰ কেঁচা সামগ্রী যোগান ধৰে।

গতিকে আমি কব পাৰে যে  বন আৰু বন্যপ্রাণীসমূহৰ উপযুক্ত ব্যৱস্থাপনাৰ অবিহনে মানৱ জাতি এই পৃথিৱীত জীয়াই থকাটো অসম্ভৱ হৈ  যাব।

2. বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা ।

উত্তৰঃ বনাঞ্চল সংৰক্ষণৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্রহণ কৰিব লাগিব –

(i) বনসমূহ সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য, বন্যপ্রাণী সংৰক্ষিত অঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত জীৱ মণ্ডল  আদি বিভিন্ন এলেকাত  নথিভুক্ত কৰিব লাগে।

(ii) সচেতন মূলক কাৰ্য বটা প্ৰদান আৰু চৰকাৰী সাহাৰ্য্যৰ যোগেদি বনাঞ্চল সংৰক্ষণ কৰিবলৈ স্থানীয় বাসিন্দা সকলৰ সহায় লব লাগে।

(iii) অপ্রয়োজনীয় ৰাস্তা-ঘাট, বান্ধ, আৰু হোটেল আদিৰ নিৰ্মান কৰি অৰণ্য ধ্বংস কৰিবলৈ অনুমতি দিব নালাগে ।

(iv) অধিক বৃক্ষ ৰোপন কৰি বনাকীকৰণৰ হাৰ অৰণ্য ধ্বংসৰ হাৰতকৈ বঢ়াব লাগিব।

(v) চৰকাৰে বনৰ অবৈধ কার্যকলাপবোৰ প্রতিৰোধ কৰিবলৈ কাঠোৰ আইন প্রণয়ন কৰিব লাগে আৰু বনজ সম্পদবোৰৰ উপযুক্ত ব্যৱস্থাপনাৰ উৎসাহিত কৰিব লাগে।

(vi)পূর্ণ বনানিকৰণৰ ব্যৱস্থা কৰিব লাগে।

প্রশ্নাৱলীঃ

Page No. 276

1. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা।

উত্তৰঃ আমাৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ তলত দিয়া হল –

(i) অঞ্চলবাসীয়ে পোনপটীয়াকৈ বৰষুনৰ পানী সঞ্চয় কৰে। সিহঁতে ঘৰৰ চালত পৰা বৰষুণৰ পানী সংগ্রহ কৰি পুখুৰী, টেংকি আদিত সঞ্চয় কৰে৷

(ii) খেতিৰ পথাৰত আলি দি বৰষুনৰ পানী সংৰক্ষণ কৰা হয়৷

(iii) সিহঁতে বর্ষা ঋতুত (বাৰিষা কাল) বৈ যোৱা পানী সংগ্ৰহ কৰি পুখুৰী, টেংকি আদিত সঞ্চয় কৰে।

(iv) বৰষুণৰ পানী সংগ্রহ কৰি মাটিত দকৈ গাঁত খান্দি ভূ-গর্ভলৈ সংস্ৰৱণ কৰোৱাই ভূ-গর্ভৰ পানীৰ স্তৰ নিয়ন্ত্রন কৰে।

(v) পাহাৰীয়া অঞ্চলৰ লোকে বাহঁৰ চুঙাত জুৰীয়া তৈয়াৰ কৰি পানী সংগ্রহ কৰি বিভিন্ন ধৰণৰ পানীৰ উৎসত সঞ্চয় কৰে।

(vi) নদীৰ বানপানীৰ পানী সংগ্রহ কৰি পুখুৰী, টেংকী আদিত সঞ্চয় কৰে।

2. পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা।

উত্তৰঃ সমতল অঞ্চলত জল-সঞ্চয়নৰ গঠনবোৰ প্রায় অর্ধ চন্দ্রাকৃতিৰ মাটিৰ বান্ধ। প্রায় ভাগ সমতল বা মালভূমি অঞ্চলত কৃত্রিমভাৱে নির্মাণ কৰা পানী সংগ্ৰহৰ ঠাই আছে। যেনে পুখুৰী আৰু কৃত্রিম হ্রদ আৰু এইবোৰ বৰষুন, বানপানী আদিৰ পৰা পানী সংগ্রহ কৰিবলৈ ব্যবহাৰ কৰা হয়। এইবোৰ চাপৰ পোন কংক্রিত আৰু মাটি বা শিল খাদি নিৰ্মাণ কৰা হয়।

আনহাতে পাহাৰীয়া অঞ্চলত নদীৰ পৰা বৈ অহা পানী বা বৰষুণৰ পানী বা হিমবাহৰ পৰা বৈ অহা পানী কিছুমান নলা প্রনালীৰ সহায়ত বোৱাই লৈ নামনি অঞ্চলত খাল, পুখুৰী, টংকি আদিত সংগ্রহ কৰে। যেনে- হিমাচল প্রদেশৰ কুল।

3. তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা।সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পাইনে ?

উত্তৰঃ আমাৰ স্থানীয় অঞ্চলৰ পানীৰ উৎস হ’ল ভূমিজল।

এই উৎসৰ পৰা সেই অঞ্চলত বাস কৰা সকলো মানুহ প্ৰচুৰ পৰিমানে পানী পায়।

অনুশীলনী:

Page No. 278

1. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামৰ্শ আগবঢ়াবা ?

উত্তৰঃ পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত তলত দিয়া ধৰণে পৰিবর্তনৰ পৰামর্শ আগবঢ়োৱা হল –

(i) আমি তিনিটা ‘R’ (3R) অর্থাৎ Reduce (হ্রাসকৰণ), Recycle (পুনঃচক্রীয়কৰণ) আৰু Reuse (পুনঃব্যৱহাৰ) ৰ নীতি ব্যৱহাৰ কৰিব লাগিব।

(ii) বৈদ্যুতিক যন্ত্রপাতিৰ চুইছ বন্ধ কৰি ৰাখিব লাগে যেতিয়া সিহঁতৰ ব্যৱহাৰ নহয়।

(iii) আমি সদায় জীৱ নিম্নিকৰণ আৰু জীৱ অনিম্নিকৰণ আৱর্জনাবিলাকৰ পৃথকীকৰণ কৰা উচিত।

(iv) বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা বা পদ্ধতি অৱলম্বন কৰিব লাগে ।

(v) পানীৰ অপচয় কৰিব নালাগে সেইকাৰণে টেপ বা নল ভালদৰে বন্ধ কৰিব লাগে ।

(vi) যিমান দূৰ সম্ভৱ ৰাজহুৱা পৰিবহন ব্যবহাৰ কৰিব লাগে ।

2. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামৰ্শ দিবা ?

উত্তৰঃ পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে আমাৰ বিদ্যালয়ত তলত দিয়া ধৰণে পৰিবর্তনৰ পৰামর্শ আগবঢ়োৱা হল –

(i) আমি তিনিটা ‘R’ (3R) অর্থাৎ Reduce (হ্রাসকৰণ), Recycle (পুনঃচক্রীয়কৰণ) আৰু Reuse (পুনঃব্যৱহাৰ) ৰ নীতি ব্যৱহাৰ কৰিব লাগিব।

(ii) বৈদ্যুতিক যন্ত্রপাতিৰ চুইছ বন্ধ কৰি ৰাখিব লাগে যেতিয়া সিহঁতৰ ব্যৱহাৰ নহয় ।

(iii) আমি সদায় জীৱ নিম্নিকৰণ আৰু জীৱ অনিম্নিকৰণ আৱর্জনাবিলাকৰ পৃথকীকৰণ কৰা উচিত।

(iv) পানীৰ অপচয় কৰিব নালাগে সেইকাৰণে টেপ বা নল ভালদৰে বন্ধ কৰিব লাগে ।

(v) বিদ্যালয়ৰ চাৰিওকাষে বৃক্ষ ৰোপন কৰিব লাগে।

(vi) ছাত্র-ছাত্রী, শিক্ষক, পিতৃ-মাতৃৰ বাবে পৰিৱেশৰ সচেতনমূলক কার্য পাতিব লাগিব।

3. এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ (Stake holders) আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কৰ্তৃত্ব থাকিব লাগে ? তুমি কিয় তেনেকৈ ভাবা ?

উত্তৰঃ বন আৰু বন্যপ্ৰানীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ তলত দিয়া হ’ল –

(i) বনাঞ্চলত বা বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বসবাস কৰা মানুহবোৰ।

(ii) ভূমিৰ গৰাকী আৰু চৰকাৰৰ বনবিভাগ।

(iii) বনাঞ্চলত নির্ভৰশীল হোৱা উদ্যোগপতি।

(iv) বন্যপ্রাণী আৰু প্রকৃতিপ্রেমী ব্যক্তিবোৰ।

চৰকাৰৰ বনবিভাগে বন সম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত লব পৰা  কৰ্তৃত্ব থাকিব লাগে। কিয়নো বন বিভাগ হ’ল বনৰ যত্ন লওঁতা
আৰু বনৰ যিকোনো ক্ষতি সাধনৰ বাবে দায়ী।কিন্তু বন বিভাগে এনে কৰোতে সামাজিক কর্মকৰ্তা, NGO ৰ লগতে স্থানীয় লোক আৰু স্থানীয় কৰ্তৃপক্ষক অন্তর্ভুক্ত কৰিব লাগে যিয়ে

(i) পৰিৱেশৰ ভাৰসাম্যতা হানী নোহোৱাকৈ সম্পদবোৰ উপযুক্ত ব্যবহাৰ কৰিব পাৰিব।

(ii) সমাজত চৰকাৰৰ প্রতি বিশ্বাস জন্মিব ।

(iii) অতিশয় শোষনৰ পৰা হাত সাৰিব পাৰিব।

4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা
(a) বন আৰু বন্যপ্রাণী
(b) জলসম্পদ
(c) কয়লা আৰু পেট্ৰ’লিয়াম

উত্তৰঃ (a) বন আৰু বন্যপ্রাণী – এই সম্পদৰ ওপৰত এজন ব্যক্তি হিচাপে পালন কৰিবলগীয়া ব্যৱস্থাপনাবোৰ হল –

(i) সাধাৰণ লোকৰ মাজত সমাজ, দেশ আৰু পৰিৱেশৰ বাবে বন আৰু বনপ্রানীসমূহৰ
পৰা হোৱা উপকাৰীতাৰ বিষয়ে সচেতন কৰিব লাগে।

(ii) গছ কটা, বন্য প্রানীৰ, চিকাৰ, বনৰ অপব্যৱহাৰ আৰু আন অবৈধ কার্যকলাপবোৰৰ বিৰুদ্ধে প্রতিবাদ কৰিব পাৰিব লাগে।

(iii) সর্বসাধাৰণ ৰাইজৰ যোগদানৰ যোগেদি একেবাৰে বৃক্ষৰূপন কৰিব লাগে।

(iii) বনৰ পৰা প্রস্তুত হোৱা সামগ্রীৰ ব্যবস্থাৰ হ্রাস কৰিব লাগে।

(iv) বন আৰু বন্যপ্ৰাণীসমূহৰ  ব্যৱস্থাপনাৰ উপযুক্ত বা উত্তম বা উন্নতৰ প্রনালীৰ বিষয়ে সর্বসাধাৰণ ৰাইজক সচেতন কৰিব লাগিব।

(b) জলসম্পদ -এই সম্পদৰ ওপৰত এজন ব্যক্তি হিচাপে পালন কৰিবলগীয়া ব্যৱস্থাপনাবোৰ হল –

(i) পানীৰ অপচয় নকৰিবলৈ যেতিয়া ব্যৱহাৰ কৰা নহয় টেপ বা নল ভালদৰে বন্ধ কৰি ৰাখিব লাগেআৰু ফটা পানীৰ পাইপ মেৰামতি কৰিব লাগে।

(ii) বৰষুণৰ পানী সঞ্চয়নৰ বিভিন্ন ব্যবস্থা অৱলম্বন কৰিব লাগে।

(iii) জাৱৰ আৰু আন আন আৱর্জনাবিলাক নদীত আৰু আন পানীৰ উৎসত পেলোৱাৰ পৰা হাত সাৰিব লাগিব ।

(iv) শষ্যৰ পথাৰত জলসিঞ্চনৰ পানী ছটিওৱা ব্যৱস্থা ব্যৱহাৰ কৰিব লাগে।য’ত শস্যত নলীৰ সহায়ত বৰষুণৰ পানীৰ দৰে ছটিওৱা হয়।

(c) কয়লা আৰু পেট্ৰ’লিয়াম – এই সম্পদৰ ওপৰত এজন ব্যক্তি হিচাপে পালন কৰিবলগীয়া ব্যৱস্থাপনাবোৰ হল –

(i)  ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰিবলৈ যিমান দূৰ সম্ভৱ ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিব লাগিব।

(ii) ইন্ধন হিচাপে কয়লাৰ ব্যৱহাৰ পৰা হাত সাৰিব লাগিব বা বন্ধ কৰিব লাগিব ।

(iii) কয়লা আৰু পেট্রলিয়ামৰ পৰিৱর্তে শক্তিৰ বিকল্প উৎস যেনে – সৌৰ শক্তি, বায়ু শক্তি আদিৰ ব্যৱহাৰৰ বাবে উৎসাহিত কৰিব লাগে।

5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা ?

উত্তৰঃ এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰনৰ প্রাকৃতিক সম্পদবোৰৰ ব্যবহাৰ কম কৰিবলৈ তলত কেইটামান ব্যৱস্থা দিয়া হল –

(i) ঘৰুৱা বা উদোগীক ব্যবহাৰৰ বাবে গছ কটা বন্ধ কৰিব লাগিব।

(ii) আমি তিনিটা ‘R’ (3R) অর্থাৎ Reduce (হ্রাসকৰণ), Recycle (পুনঃচক্রীয়কৰণ) আৰু Reuse (পুনঃব্যৱহাৰ) ৰ নীতি ব্যৱহাৰ কৰিব লাগিব।

(iii) জীৱ নিম্নিকৰন পদার্থবোৰৰ ব্যৱহাৰ বৃদ্ধি আৰু জীৱ নিম্নিকৰন পদাৰ্থবোৰৰ ব্যৱহাৰ কম বা বন্ধ কৰিব লাগে৷

(iv) পানীৰ অপব্যৱহাৰ নহবলৈ যেতিয়া ব্যৱহাৰ কৰা নহয় সদায় পানীৰ টেপ বা নল ভালদৰে বন্ধ কৰিব।

(v) বৰষুনৰ পানী সংৰক্ষণৰ বিভিন্ন ব্যৱস্থা অৱলম্বন কৰিব লাগে।

(vi) বৈদ্যুতিক যন্ত্রপাতিৰ ছুইচ বন্ধ কৰি ৰাখিব লাগে যেতিয়া সিহতৰ ব্যৱহাৰ নহয়।

(vi) শক্তিৰ বিকল্প উৎস যেনে – সৌৰ শক্তি, জলশক্তি, বায়ু শক্তি আদিৰ ব্যৱহাৰ কৰিব লাগে।

6. যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্ৰস্তুত কৰা (পাঁচটাকৈ)
(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ।
(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি।

উত্তৰঃ (a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ – যোৱা এটা সপ্তাহ ধৰি আমি লোৱা কাৰ্যপন্থা বোৰ হ’ল –

(i) আমি তিনিটা ‘R’ (3R) অর্থাৎ Reduce (হ্রাসকৰণ), Recycle (পুনঃচক্রীয়কৰণ) আৰু Reuse (পুনঃব্যৱহাৰ) ৰ নীতি ব্যৱহাৰ কৰিছো।

(ii) জীৱ নিম্নিকৰন পদার্থবোৰৰ ব্যৱহাৰ বৃদ্ধি আৰু জীৱ নিম্নিকৰন পদাৰ্থবোৰৰ ব্যৱহাৰ কম বা বন্ধ কৰিছো।

(iii) পানীৰ অপব্যৱহাৰ নহবলৈ যেতিয়া ব্যৱহাৰ কৰা নহয় সদায় পানীৰ টেপ বা নল ভালদৰে বন্ধ কৰিছো।

(iv) বৰষুনৰ পানী সংৰক্ষণৰ বিভিন্ন ব্যৱস্থা অৱলম্বন কৰিছো।

(vi) বৈদ্যুতিক যন্ত্রপাতিৰ ছুইচ বন্ধ কৰি ৰাখিছো যেতিয়া সিহতৰ ব্যৱহাৰ নহয়।

(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি – যোৱা এটা সপ্তাহ ধৰি আমি লোৱা কাৰ্যপন্থা বোৰ হ’ল –

(i)  ঠাণ্ডা দিনত বৈদ্যুতিক হিটাৰ ব্যৱহাৰ কৰিছো।

(ii) টেপ বা নল বন্ধ নকৰি পানীৰ অপব্যৱহাৰ কৰিছো।

(iii) প্লাষ্টিক বা পলিথিনৰ বেগৰ ব্যৱহাৰ বৃদ্ধি কৰিছো।

(iv) বৈদ্যুতিক যন্ত্র পাতিৰ ছুইচ বন্ধ নকৰি বৈদ্যুতিক শক্তিৰ অপব্যৱহাৰ কৰিছো ।

(v) আমি সৃষ্টি কৰা আৱর্জনাবিলাক নিৰাপদে নেপেলাই ৰাজহুৱা স্থানত পেলাইছো।

7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ
জীৱন শৈলীৰ কি পৰিবৰ্তন কৰিবা ?

উত্তৰঃ

অতিৰিক্ত প্রশ্নোত্তৰ

1. 3R নীতিটো কি উদাহৰণৰ সৈতে বুজাই লিখা।

উত্তৰঃ 3R নীতিটো হ’ল পৰিৱেশ বা প্রাকৃতিক সম্পদসমূহ সংৰক্ষণৰ এটা নীতি । যত Reduce (হ্রাসকৰণ), Recycle (পুনঃচক্রীয়কৰণ) আৰু Reuse (পুনঃব্যৱহাৰ) ৰ এই তিনিটা পদ্ধতি অৱলম্বণ কৰিব লাগিব।

Reduce ৰ উদাহৰণ – যেতিয়া ব্যৱহাৰ কৰা নহয় বৈদ্যুতিক যন্ত্রপাতিৰ ছুইচ বন্ধ কৰি বৈদ্যুতিক শক্তিৰ
ব্যৱহাৰ হ্রাসকৰণ কৰিম, ফুটা পানীৰ পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰি পানীৰ অপব্যৱহাৰ হ্রাস কৰিম।

Recycle ৰ উদাহৰণ – প্লাষ্টিক, কাগজ, কাঁচ আৰু ধাতৱীয় বস্তু সংগ্রহ কৰি ইয়াৰ পৰা ব্যৱহাৰ উপযোগী আন সামগ্রী প্রস্তুত কৰা।যাৰ
ফলত নতুনকৈ প্লাষ্টিক, কাগজ, কাঁচ, আদিৰ সংশ্লেষণ বা ধাতুৰ আহৰণ কৰাটো হ্রাস হব।

Reuse ৰ উদাহৰণ – জাম, জেলি আৰু আচাৰ আদি অনা প্লাষ্টিকৰ বটলবিলাক ৰান্ধনি ঘৰৰ বিভিন্ন বস্তু ৰাখিবলৈ এইবিলাকৰ
পুনঃব্যৱহাৰ কৰা হয়।

2. মানুহৰ, অন্ত্ৰত থকা বেক্টৰিয়াবিধৰ নাম কি ?

উত্তৰঃ কলিফর্ম।

3. কোনবিধ বেক্টৰিয়া পানীত থাকিলে পানী অণুজীৱৰ দ্বাৰা প্ৰদূষিত হৈছে বুলি জনা যায় ?

উত্তৰঃ কলিফর্ম ।

4. প্রাকৃতিক সম্পদসমূহক কিয় উপযুক্ত ব্যৱস্থাপনা কৰিব লাগে ?

উত্তৰঃ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱস্থাপনাৰ কাৰণ –

(i) প্রাকৃতিক সম্পদ অবিহনে মানৱ সভ্যতা বর্তি থাকিব নোৱাৰে।

(ii) প্রকৃতিয়ে নিজে নিজৰ ভাৰসাম্যতা বজাই ৰাখে।

(iii) প্রাকৃতিক সম্পদৰ সংৰক্ষনৰ মাজেদি প্রকৃতিৰ বুকুত বিস্তৃত হৈ থকা জীৱ বৈচিত্র্যৰ অস্থিত্ব অক্ষুন্ন কৰি ৰাখে।

(iv) প্রাকৃতিক সম্পদবিলাক মানৱ জাতিৰ কল্যাণ সাধন কৰাকৈ সু-পৰিকল্পিতভাবে ব্যৱহাৰ কৰিব লাগে যাতে ব্যৱহাৰআৰু উৎপাদনৰ সামঞ্জচ্ছঅটুট থাকে। ইয়াৰ দ্বাৰা অর্থনৈতিক বুনিয়াদো সুদৃঢ় থাকে।

(v) প্রাকৃতিক সম্পদৰ সংৰক্ষনৰ যোগেদি প্রকৃতিৰ বুকুত বিস্তৃত হৈ থকা জীৱ বৈচিত্রৰ স্বভাৱ চৰিত্রৰ ওপৰত গৱেষণা আদিও বাহাল থাকে।ইয়াৰ দ্বাৰা যাতে মানৱ জাতীৰ হিত সাধন কৰিব পাৰে তাৰে প্রতি লক্ষ্য ৰাখিব লাগে।

5. চিপকো আন্দোলন কেতিয়া গঢ় লৈ উঠিছিল ?

উত্তৰঃ 1970

6. পুৰনি কালত ভাৰতত ব্যৱহাৰ হোৱা পানী সঞ্চয়নৰ পদ্ধতি কেইটামান লিখা ।

উত্তৰঃ পুৰনি কালত ভাৰতত ব্যৱহাৰ হোৱা পানী সঞ্চয়নৰ পদ্ধতি কেইটামান হ’ল –

(i) হিমাচল প্রদেশৰ কোলহ।

(ii) ৰাজস্থানৰ খাদিছ আৰু নাদিচ।

(III) বিহাৰৰ এহাৰ।

(iv) তামিলনাডুৰ এৰিছ ।

7. গংগা নদীৰ থকা নদীবান্ধটোৰ নাম কি ?

উত্তৰঃ টেহৰাই নদীবান্ধ ।

8. নৰ্মদা নদীৰ ওপৰত থকা বান্ধটোৰ নাম কি ?

উত্তৰঃ সৰোবৰ বান্ধ ।

9. বৃহৎ নদীবান্ধ নির্মাণৰ কি কি সমস্যা আছে ?

উত্তৰঃ বৃহৎ নদীবান্ধ নির্মাণৰ সমসা কেইটা হ’ল –

(i) সামাজিক সমস্যা – নদীবান্ধ নিৰ্মানৰ ফলত কৃষক আৰু জনজাতীয় লোকক স্থানান্তৰিত কৰা হয়। তেঁওলোকে যথোপযুক্ত ক্ষতিপূৰণ নাইবা পুনঃসংস্থাপনৰ পৰা বঞ্চিত হৈ থাকে ।

(ii) অর্থনৈতিক সমস্যা – বৃহত নদীবান্ধ নিমানত যথেষ্ট অৰ্থৰ আৱশ্যক হয় । এই অর্থভাগ, ৰাজহুৱা অৰ্থ উপযুক্ত লাভ নোহোৱাৰ কাৰণে জনসাধাৰণৰ অর্থনৈতিকভাবে ক্ষতি হয়।

(iii) পৰিৱেশ সমস্যা – নদীবান্ধ নির্মাণস্থলীত যথেষ্ট অৰণ্য ধ্বংস কৰাৰ লগতে ইয়াৰ প্ৰচুৰ জৈৱ বৈচিত্র্যৰ জীৱনলৈ ভাবুকি নামি আহে ।


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *