অধ্যায়ঃ10 মহাকৰ্ষণ

(GRAVITATION)

প্রশ্নাৱলীঃ

Page No. 134

1. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা ।

উত্তৰঃ বিশ্বজনীন সুত্ৰটো হ’ল – বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে, এই আকর্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ ব্যস্তানুপাতিক। এই বল বস্তু দুটাৰ কেন্দ্ৰ সংযোগী ৰেখাৰ দিশত ক্রিয়াশীল হয়।

2. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো লিখা।

উত্তৰঃ ধৰা হ’ল,
M = পৃথিৱীৰ ভৰ

m = পৃথিৱীৰ পৃষ্ঠত থকা বস্তুৰ ভৰ

R = পৃথিৱীৰ ব্যাসার্ধ

এতেকে,

মহাকর্ষণ বল (F) = G Mm/R2

প্রশ্নাৱলীঃ

Page No. 136

1. মুক্ত অধোগমন মানে কি বুজা ?

উত্তৰঃ কোনো এটা বস্তুৱে কেৱল মহাকর্ষণ বলৰ প্ৰভাৱত পৃথিৱীৰ ফালে গতি কৰিলে, সেই গতিক মুক্ত অধোগমন বুলি কোৱা হয়।

2. মাধ্যাকর্ষণিক ত্বৰণ মানে কি বুজা ?

উত্তৰঃ কোনো এটা বস্তু পৃথিৱীৰ দিশত তললৈ পৰিলে, পৃথিবীৰ মহাকর্ষণ বলৰ বাবে বেগৰ মানৰ পৰিবর্তন ঘটে অর্থাৎ ত্বৰণৰ উৎপত্তি হয়। এই ত্বৰণক মাধ্যাকর্ষণিক বুলি কোৱা হয়।

ইয়াক ‘g’ আখৰেৰে চিনাক্ত কৰা হয়।

ইয়াৰ S.I. একক হ’ল – ms-2 আৰু S.I.  মান হ’ল – 9.8 ms-2

প্রশ্নাৱলীঃ

Page No. 138

1. বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি ?

উত্তৰঃ বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ হ’ল –

ভৰঃ

(i) ভৰ হ’ল কোনো এটা বস্তুত থকা পদার্থৰ পৰিমান বা জড়তাৰ মাপ।
(ii) ই স্কেলাৰ ৰাশি।
(iii) ইয়াৰ মান সদায় একে।

ওজনঃ
(i) ওজন হ’ল পৃথিৱীয়ে কোনো এটা বস্তুক আকৰ্ষন কৰা বল।
(ii) ই এটা ভেক্টৰ ৰাশি।
(iii) ইয়াৰ মান অৱস্থান সাপেক্ষে পৰিবর্তন হয়।

2. চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূ-পৃষ্ঠৰ ওজনৰ 1/6 অংশ হয় কিয় ?

উত্তৰঃ

প্রশ্নাৱলীঃ

Page No. 141

1. মিহি কিন্তু মজবুত ৰচিৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয় ?

উত্তৰঃ যিহেতু কোনো এটা বস্তুৰ ওপৰত ক্রিয়া কৰা বল বস্তুটোৰ ক্ষেত্রফলৰ ওপৰত নির্ভৰশীল অর্থাৎ চাপ ক্ষেত্রফলৰ ব্যস্তানুপাতিক।গতিকে মিহি কিন্তু মজবুত ৰচিৰ ফিটাৰ ক্ষেত্রত কম ঠাইত বেছি বলে ক্রিয়া কৰিব। সেই কাৰণে মিহি কিন্তু মজবুত ৰচিৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয়।

2. প্লাৱিতা মানে কি বুজা ?

উত্তৰঃ কোনো এটা বস্তু পানীত ডুবালে পানীয়ে বস্তুটোৰ ওপৰত এটা ঊর্ধমুখী হেঁচা প্রয়োগ কৰে। এই ঊর্ধমুখী হেঁচাকে
প্লাৱিতা বা প্লাৱিতা বল বুলি কোৱা হয়।

3. বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুবাৰ কাৰণ কি ?

উত্তৰঃ যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম, সেই বিলাক বস্তু পানীত উপঙিব আৰু যিবিলাক বস্তুৰ ঘনত্ব পানীৰ
ঘনত্বতকৈ বেছি, সেইবিলাক বস্তু পানীত ডুবিব।

প্রশ্নাৱলীঃ

Page No. 142

1. ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 kg । তোমাৰ ভৰ 42 kg তকৈ কম নে বেছি ?

উত্তৰঃ

2. তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100 kg পোৱা গ’ল। বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ কোনটো বেছি গধুৰ আৰু সি কিয় বেছি গধুৰ ক’ব পাৰিবানে ?

উত্তৰঃ

অনুশীলনীঃ

Page No. 143

1 . দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ’ব ?

উত্তৰঃ সমাধানঃ

ধৰা হল,

A আৰু B দুটা বস্তু যাৰ ভৰ ক্রমে M আৰু m আৰু সিহঁতৰ মাজৰ দূৰত্ব হল d ।

মহাকৰ্ষণৰ বিশ্বজনীন সূত্র অনুসৰি,
বস্তু দুটাৰ মাজৰ আকর্ষণ বল,

F = G Mm/d2

যেতিয়া  দূৰত্ব আধা কৰি দিয়া অর্থাৎ d/2 হয় তেতিয়া বস্তু দুটাৰ মাজৰ আকর্ষণ বল,

F1 = G Mm/(d/2)2

⇒ F1 = G Mm/d2/4

⇒F1 = 4 G Mm/d2

⇒F1 = 4 F   [Using (i) ]

অৰ্থাৎ, যেতিয়া বস্তু দুটাৰ মাজৰ দূৰত্ব আধা কৰি দিয়া হয় তেতিয়া আকর্ষণ বল পূর্বৰ তুলনাত চাৰিগুন হ’ব।

2. মহাকর্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে। তেন্তে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয় ?

উত্তৰঃ

3. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 kg ভৰৰ বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান কিমান ?
(পৃথিৱীৰ ভৰ 6 × 1024 kg আৰু পৃথিৱীৰ ব্যাসার্ধ 6.4 × 106 m)

উত্তৰঃ

সমাধানঃ দিয়া আছে,

পৃথিৱীৰ ভৰ (M) = 6 × 1024 kg

পৃথিৱীৰ ব্যাসাৰ্ধ (R) = 6.4 ×106  m

বস্তুটোৰ ভৰ (m) = 1 kg

মহাকর্ষণৰ বিশ্বজনীন সূত্র অনুসৰি,
মহাকর্ষণ বল (F) = G Mm/R2

= 6.7 ×10-11× 6 × 1024 ×1/(6.4 × 106 )2

= 40.2 ×10-11+24/40.96 ×1012

= 40.2 ×1013/40.96 ×1012

= 402 ×100/10 ×4096

= 40200/4096

= 9.8 N (প্রায়)

নির্ণেয় মহাকৰ্ষণিক বলৰ মান 9.8 N প্রায় ।

4 .  মহাকৰ্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকৰ্ষিত হয়। চন্দ্ৰই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণী বল সমান নে কম নে বেছি ? কিয় ?

উত্তৰঃ

5. চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্ত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয় ?

উত্তৰঃ

6. দুটা বস্তুৰ মাজৰ বলৰ কি পৰিবৰ্তন হ’ব, যদি

(i) এটা বস্তুৰ ভৰ দুগুণ কৰা হয় ?
(ii) বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু তিনিগুণ কৰা হয় ?
(iii) দুয়োটা বস্তুৰ ভৰ দুগুণ কৰা হয় ?

উত্তৰঃ

7. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান ?

উত্তৰঃ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব হ’ল –

এই সুত্রই পৰস্পৰ সম্পৰ্ক নথকা বহুকেইটা পৰিঘটনাবিলাক সফলভাৱে ব্যাখ্যা কৰিছিল ।

(i) আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বল।

(ii) পৃথিৱীৰ চাৰিফালে চন্দ্ৰৰ গতি।

(iii) সূর্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি আৰু

(iv) চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্রপৃষ্ঠত উঠা জোৱাৰ।

 8. মুক্ত অধোগমনৰ ত্বৰণ কিমান ?

উত্তৰঃ 9.8 ms-2

9. পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি বুলি কওঁ?

উত্তৰঃ মাধ্যাকৰ্ষণিক বল।

10. অমিতে তেওঁৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্রামমান সোণ কিনিলে।বিষুৱ অঞ্চলত তেওঁৰে ভেটাভেটি হলত সোণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি ল’বনে ? যদি নলয়, তেন্তে কিয় ? [ইংগিতঃ বিষুব
অঞ্চলতকৈ মেৰু অঞ্চলত g ৰ মান বেছি।]

উত্তৰঃ

11. কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি ?

উত্তৰঃ

12. চন্দ্ৰপৃষ্ঠত মহাকর্ষণিক বল ভূপৃষ্ঠৰ মহাকৰ্ষণিক বলৰ 1/6 অংশ। 10 kg ভৰৰ বস্তু এটাৰ চন্দ্ৰপৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটন এককত ওজন কিমান হ’ব ?

উত্তৰঃ

13. বল এটা উলম্বভাৱে ওপৰলৈ 49 m/s বেগেৰে দলিওৱা হ’ল।

(i) ই আৰোহন কৰা সৰ্বোচ্চ উচ্চতা আৰু
(ii) ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় নিৰ্ণয় কৰা।

উত্তৰঃ সমাধানঃ
(i) ইয়াত,
প্রাৰম্ভিক বেগ (u) = 49 m/s

অন্তিম বেগ (v) = 0 m/s

মাধ্যাকৰ্ষণিক ত্বৰণ (g) = – 9.8 m/s2

সর্বোচ্চ উচ্চতা (h) = ?

আমি জানো যে,
v2 – u2 = 2gh

⇒ 0 – (49)2 = 2 x (- 9.8) x h

⇒ – (49)2 = 2 x (- 9.8) x h

⇒ h = 49 x 49 /2 x 9.8

⇒ h = 490/4

⇒ h = 122.5 m

এতেকে, বলটোৱে আৰোহন কৰা সর্বোচ্চ উচ্চতা হ’ল 122.5 m ।

(ii) We have,

v = u + gt

⇒ 0 = 49 + (- 9.8) x t

⇒ – 49 = – 9.8 x t

⇒ t = 49/9.8

⇒ t = 490/98

⇒ t = 5 sec.

এতেকে, ভূপৃষ্ঠলৈ উভতিবলৈ প্রয়োজন হোৱা মুঠ সময় = 5 sec. ।

14. 19.6 m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা এৰি দিয়া হ’ল। মাটি স্পৰ্শ কৰাৰ আগমুহূৰ্তত ইয়াৰ অন্তিম বেগ কিমান হ’ব উলিওৱা।

উত্তৰঃ সমাধানঃ

ইয়াত,
প্রাৰম্ভিক বেগ (u) = 0 m/s

মাধ্যাকৰ্ষণিক ত্বৰণ (g) = 9.8 m/s2

উচ্চতা (h) = 19.6 m

অন্তিম বেগ (v) = ?

আমি জানো যে,
v2 – u2 = 2gh

⇒ v2 = u2 + 2gh

⇒ v2 = 02 + 2 x 9.8 x 19.6

⇒ v2 = 2 x 9.8 x 19.6

⇒ v2 = 2 x 98 x 196/10 x 10

⇒ v2 = (196)2/(10)2

⇒ v2 = (19.6)2

⇒ v = 19.6 m/s

এতেকে, শিলগুটিটোৰ অন্তিম বেগ 19.6 m/s হ’ব ।

15. 40 ms-1  বেগেৰে শিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিওৱা হ’ল। gৰ মান 10 ms-2 ধৰি শিলগুটিটো সর্বোচ্চ কিমান উচ্চতালৈ উঠিব উলিওৱা। শিলগুটিটোৰ মুঠ সৰণ আৰু ই অতিক্ৰম কৰা মুঠ দূৰত্ব উলিওৱা ।

উত্তৰঃ

16. পৃথিৱী আৰু সূৰ্যৰ মাজৰ মহাকৰ্ষণ বল নিৰ্ণয় কৰা। দিয়া আছে পৃথিৱীৰ ভৰ = 6 × 1024 kg, সূৰ্যৰ ভৰ = 2 × 1030 kg, পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব =1.5 × 10 m ।

উত্তৰঃ সমাধানঃ

দিয়া আছে,
পৃথিৱীৰ ভৰ (m) = 6 × 1024 kg

সূর্যৰ ভৰ (M) = 2 × 1030 kg

পৃথিৱী আৰু সূমৰ মাজৰ দূৰত্ব (d) = 1.5 × 1011 m

মহাকর্ষণৰ বিশ্বজনীন সূত্র অনুসৰি,
মহাকর্ষণ বল (F) = G Mm/R2

= 6.7 ×10-11× 2 × 1030 × 6 × 1024/(1.5 × 1011 )2

= 6.7 × 2 × 6 × 10-11 + 30 + 24/2.25 × 1022

= 80.4 × 1043/2.25 × 1022

= 80.4 × 1043/2.25 × 1022

= 80.4 × 100 ×1043 – 22/225 × 10

= 8040 ×1021/225

= 35.73 ×1021

= 35.73 ×1021 × 10/10

= 3.573 ×1022

= 3.6 ×1022 N (প্রায়)

নির্ণেয় পৃথিৱী আৰু সূর্যৰ মাজৰ মহাকৰ্ষণ বল হ’ব 3.6 ×1022 N (প্রায়) ।

17.100 m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা পৰিবলৈ দিয়া হ’ল আৰু একে সময়তে অন্য এটা শিলগুটি 25 ms-1 বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হ’ল। কেতিয়া আৰু ক’ত শিলগুটি দুটাৰ ভেটাভেটি হ’ব ?

উত্তৰঃ

18. উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 চেকেণ্ডৰ পিছত প্ৰক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল।

 (ক) ইয়াৰ উর্ধমুখী প্ৰক্ষেপ বেগ
(খ) ই আৰোহণ কৰা সর্বোচ্চ উচ্চতা
(গ) 44 চেকেণ্ড পিছত ইয়াৰ অৱস্থান নিৰ্ণয় কৰা।

উত্তৰঃ

19. তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্ৰিয়া কৰে ?

উত্তৰঃ তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাৱিতা বলে ঊর্ধমুখী অৰ্থাৎ ওপৰৰ ফালে ক্রিয়া কৰে।

20. পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে ?

উত্তৰঃ প্লাষ্টিকৰ টুকুৰাটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হোৱা বাবে পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা
এটা পানীৰ পৃষ্ঠলৈ ঘূৰি আহে।

21. 50 gm ভৰৰ বস্তু এটাৰ আয়তন 20 cm3 । যদি পানীৰ ঘনত্ব 1 gm cm-3 হয় তেন্তে বস্তুটো পানীত উপঙিব নে ডুবিব ?

উত্তৰঃ দিয়া আছে,

বস্তুটোৰ ভৰ (m) = 50 gm

বস্তুটোৰ আয়তন (v) = 20 cm³

পানীৰ ঘনত্ব = 1 gm cm-3

এতেকে, বস্তুটোৰ ঘনত্ব = ভৰ/আয়তন

= 50/20

= 2.5 gm cm-3

যিহেতু বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি। এতেকে বস্তুটো পানীত ডুবিব।

22. 500 g ভৰৰ বন্ধ পেকেট এটাৰ আয়তন 350 cm³। পানীৰ ঘনত্ব 1 gm cm-3 হ’লে পেকেটটো পানীত উপঙিব নে ডুবিব ? পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰ কিমান হ’ব ?

উত্তৰঃ দিয়া আছে,

পেকেটটোৰ,
ভৰ (m) = 500 g
আয়তন (v) = 350 cm³
পানীৰ ঘনত্ব = 1 gm cm-3

আমি জানো যে,
বস্তুটোৰ ঘনত্ব = ভৰ/আয়তন

= 500/350

= 10/7

= 1.42 gm cm-3 (প্রায়)

যিহেতু পেকেটটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি, গতিকে পেকেটটো পানীত ডুবিব।

Again,
যিহেতু পেকেটটো সম্পূর্ণৰূপে পানীত ডুবিব, এতেকে ইয়াৰ আয়তন আৰু ইয়ে অপসাৰিত কৰা পানীৰ আয়তনৰ
সমান।

এতেকে, পানীৰ আয়তন = 350 cm³

আমি জানো যে,

ঘনত্ব = ভৰ/আয়তন
⇒ 1    = ভৰ/350

⇒ ভৰ = 350 gm

নির্ণেয় পানীৰ ভৰ = 350 gm ।

অতিৰিক্ত প্রশ্নোত্তৰঃ

1. অভিকেন্দ্রিক বল বা কেন্দ্রাভিমুখী বল কাক বোলে ?

উত্তৰঃ যেতিয়া কোনো এটা বস্তু বৃত্তাকাৰ পথত ঘূৰে তেতিয়া বস্তুটোৰ দিশৰ পৰিবৰ্তনৰ লগত বেগৰো পৰিবর্তন হয় অর্থাৎ ত্বৰণৰ
সৃষ্টি হয় । যিটো বলে এই ত্বৰণৰ সৃষ্টি কৰে আৰু বস্তুটো  বৃত্তাকাৰ পথত ঘূৰাই ৰাখে সেইটো বল কেন্দ্ৰৰ দিশত ক্রিয়াশীল। এই বলক অভিকেন্দ্রিক বল বা কেন্দ্রাভিমুখী বল বুলি কোৱা হয়।

2. মহাকর্ষণ বল কাক বোলে ?

উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৱেই ইটোৱে সিটোক আকৰ্ষণ কৰে।বস্তুৰ মাজৰ এই আকর্ষণ বলটোকে মহাকর্ষণ বল বুলি কোৱা হয়।

3. মহাকৰ্ষণৰ বিশ্বজনীন সূত্রটো বাখ্যা কৰা ।

উত্তৰঃ ধৰা হল, A আৰু  B বস্তু দুটাৰ ভৰ ক্রমে M আৰু  m আৰু d হল সিহঁতৰ মাজৰ দূৰত্ব ।

মহাকৰ্ষণৰ বিশ্বজনীন সূত্র অনুসৰি, বস্তু দুটাৰ মাজৰ বল (F), সিহঁতৰ ভৰৰ গুণফলৰ সমানুপাতিক
অর্থাৎ,
F α Mxm  →   (i)

আৰু বস্তু দুটাৰ মাজৰ বল সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক
অর্থাৎ,

F α 1/d→   (i)

From (i) and (ii) we have,

F α Mxm/d

⇒ F = G Mxm/d,য’ত G এটা সমানুপাতিক ধ্রুৱক আৰু ইয়াকে মহাকৰ্ষণৰ বিশ্বজনীন ধ্রুৱক বুলি কোৱা হয়।

4. মহাকৰ্ষণৰ বিশ্বজনীন ধ্রুৱকৰ S.I.একক কি ?

উত্তৰঃ Nm2kg-2

5.মহাকৰ্ষণৰ বিশ্বজনীন ধ্রুৱকৰ গৃহীত মান কিমান ?

উত্তৰঃ 6.673 × 1011 Nm2kg-2

6. প্ৰমান কৰা যে, g = G Mm/R2, য’ত g হ’ল মধ্যাকৰ্ষণিক ত্বৰণ, M হ’ল পৃথিৱীৰ ভৰ, R হ’ল পৃথিৱীৰ ব্যাসার্ধ, G হল মহাকৰ্ষণৰ বিশ্বজনীন ধ্রুৱক।

উত্তৰঃ ধৰা হ’ল,

M আৰু m হল ক্রমে পৃথিৱীৰ ভৰ আৰু কোনো এটা বস্তুৰ ভৰ আৰু d হ’ল সিহতৰ মাজৰ দুৰত্ব।

মহাকর্ষণৰ বিশ্বজনীন সূত্র অনুসৰি,

বস্তুটোৰ ওপৰত ক্রিয়া কৰা মহাকর্ষণ বল,

F = G Mxm/d2   →   (i)

Again,

এই মহাকৰ্ষণিক বলৰ মান বস্তুটোৰ ভৰ আৰু ইয়াৰ ওপৰত ক্রিয়া কৰা মহাকৰ্ষণিক বলৰ বাবে সৃষ্টি হোৱা ত্বৰণৰ গুণফলৰ সমান।
অর্থাৎ,

F= mg   →   (ii)

(i) আৰু (ii) ৰপৰা পাঁও যে,
G Mxm/d = mg

⇒ g =  G M/d

যদি বস্তুটো পৃথিৱীৰ পৃষ্ঠৰ ওপৰত বা ওচৰত অৱস্থিত তেন্তে d= R

এতেকে,
g =  G M/R

প্ৰমানিত হল ।

7.  হেঁচা আৰু চাপ কাক বোলে ?

উত্তৰঃ হেঁচা – কোনো এটা বস্তুৰ পৃষ্ঠত লম্বভাবে ক্রিয়া কৰা বলকেই হেঁচা বোলে।

চাঁপ – একক ক্ষেত্রফলৰ ওপৰত প্রয়োগ হোৱা হেঁচাকে চাপ বোলে।
অর্থাৎ,
চাপ = হেঁচা/ক্ষেত্রফল

8. চাপৰ S. I. একক কি ?

উত্তৰঃ Nm-2 বা পাস্কেল।

9. পাস্কেল কি ?

উত্তৰঃ চাপৰ S.I. একককে পাস্কেল বুলি কোৱা হয় । ইয়াক Pa আখৰেৰে সূচোৱা হয়।

10. আৰ্কিমিডিছৰ সূত্ৰটো লিখা।

উত্তৰঃ আৰ্কিমিডিছৰ সূত্ৰটো হ’ল – বস্তু এটা তৰলত সম্পূৰ্ণ বা আংশিকভাৱে ডুবালে ই ঊৰ্ধমুখী বল এটা অনুভৱ কৰে যাৰ মান বস্তুটোৱে
অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।

11. গাখীৰৰ শুদ্ধতা নিৰ্নয় কৰা যন্ত্ৰটোৰ নাম কি ?

উত্তৰঃ দুগ্ধমেতা (Lactometer)।

12. জুলীয়া বস্তুৰ ঘনত্ব জোখা যন্ত্ৰটোৰ নাম কি ?

উত্তৰঃ জলমেতা (Hydrometer) ।

15. দুগ্ধমেতা আৰু জলমেতা কি সূত্ৰৰ আধাৰত নির্মিত হৈছে ?

উত্তৰঃ আর্কিমিডিছৰ সূত্র ।

14. আপেক্ষিক ঘনত্ব কাক বোলে ?

উত্তৰঃ কোনো এটা বস্তুৰ আপেক্ষিক ঘনত্ব হ’ল বস্তুটোৰ ঘনত্ব আৰু পানীৰ ঘনত্বৰ অনুপাত ।
অর্থাৎ,
আপেক্ষিক ঘনত্ব = বস্তুটোৰ ঘনত্ব/পানীৰ ঘনত্ব

 

 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *