অধ্যায়ঃ2 এছিড, ক্ষাৰক আৰু লৱণ

( ACIDS, BASES AND SALTS )

প্ৰশ্নাৱলীঃ

Page No.18

প্রশ্ন 1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্রৱসমূহ কিদৰে চিনাক্ত কৰিবা ?

উত্তৰঃ তিনিটা পৰীক্ষানলত ক্ৰমে এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। কেৱল এটা ৰঙা লিটমাছ ব্যৱহাৰ কৰি দ্ৰৱবোৰ চিনাক্ত কৰিব লাগে। প্ৰথমতে, পৰীক্ষানলবোৰত থকা দ্ৰৱসমূহত ক্ৰমে ৰঙা লিটমাছ কাগজটো ডুবাই দিলে যি পৰীক্ষানলত থকা দ্ৰৱৰ বাবে ৰঙা লিটমাছটো নীলা হ’ব সেই দ্ৰৱটো হ’ব ক্ষাৰকীয়। এতিয়া বাকী দুটা নলীত আকৌ এই নীলা লিটমাছটো ডুবাই দিলে যদি লিটমাছ কাগজটো ৰঙা হয়, তেতিয়া সেই নলীৰ দ্রৱটো হ’ব এছিড দ্ৰৱ আৰু তৃতীয় নলীত এই ৰঙা লিটমাছখন ডুবাই দিলে যদি লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় তেন্তে তৃতীয় নলীত থকা দ্রৱটো হ’ল পাতিত পানী।

প্ৰশ্নাৱলীঃ

Page No.22

প্রশ্ন 1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ?

উত্তৰঃ যেতিয়া দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা হয় তেতিয়া দৈত থকা লেক্টিক এছিড আৰু টেঙা খাদ্যবস্তুত থকা এছিডে তামৰ আৰু পিতলৰ পাত্ৰৰ লগত বিক্ৰিয়া কৰি এটা বিষাক্ত যৌগ বা লৱণ গঠন কৰে যিটো হানিকাৰক। সেইকাৰণে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱানহয়।

প্রশ্ন 2. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় ? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ?

উত্তৰঃ এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰ’জেন ( H2) গেছ নির্গত হয়।

পৰীক্ষা : এটা পৰীক্ষানলত অলপমান লঘু হাইড্ৰ’ক্লৰিক এছিড (HCI) লৈ যিংকৰ (Zn) টুকুৰা কেইটামান যোগ কৰা হ’ল। অলপ সময়ৰ পিছত পৰীক্ষানলত গেছৰ বুদ্ বুদ্ অথবা বুৰবুৰণি সৃষ্টি হৈছে। এতিয়া এডাল জ্বলি থকা ম’ম পৰীক্ষানলৰ খোলা মুখৰ ওচৰত ধৰিলে ফট্‌ফট্ শব্দ কৰি গেছটো জ্বলিব। এই জ্বলা গেছটোৱে হ’ল হাইড্ৰ’জেন গেছ।

প্রশ্ন 3. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্লৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।

উত্তৰঃ বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো হ’ল –

CaCO3 + HCl → CO2 + CaCl2 + H2O

উৎপন্ন হোৱা গেছটো হ’ল কার্বন-ডাই-অক্সাইড (CO2) আৰু A যৌগটো হ’ল কেলছিয়াম কার্বনেট (CaCO3)।

প্ৰশ্নাৱলীঃ

Page No.25

 প্রশ্ন 1. জলীয় দ্রৱত HCI, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্রৱই আম্লিক ধর্ম নেদেখুৱায় ?

উত্তৰঃ জলীয় দ্রৱত HCI, HNO3 ইত্যাদিয়ে H+ আয়ন উৎপন্ন কৰিব পাৰে। সেইকাৰণে সিহঁতে আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই জলীয় দ্রৱত H+ আয়ন উৎপন্ন কৰিব নোৱাৰে। সেইকাৰণে সিহঁতে আম্লিক ধর্ম নেদেখুৱায়।

প্রশ্ন 2. এছিড এটাৰ জলীয় দ্রৱই কিয় বিদ্যুৎ পৰিবহন কৰে ?

উত্তৰঃ এছিড এটাৰ জলীয় দ্রৱই H+ আয়ন দিব পাৰে। সেই কাৰণে এছিড এটাৰ জলীয় দ্রৱই বিদ্যুৎ পৰিবহন কৰিব পাৰে।

প্রশ্ন 3. শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন নঘটায় ?

উত্তৰঃ শুকান HCI গেছে H+ আয়ন উৎপন্ন কৰিব নোৱাৰে। সেইকাৰণে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন নঘটায়।

প্রশ্ন 4. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয় ?

উত্তৰঃ পানীত এছিড দ্রৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবর্জী প্রক্রিয়া। গতিকে যেতিয়া অলপ পৰিমাণৰ এছিড অধিক পানীত যোগ কৰা হয়, তেতিয়া যি তাপ উৎপন্ন হয়, পানীটোৱে সেই তাপটো শোষণ কৰি লয়। কিন্তু অলপ পৰিমাণৰ পানী গাঢ় এছিডত যোগ কৰা হয় তেন্তে উৎপন্ন হোৱা তাপৰ বাবে পানীটো উতলি মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব পাৰে। ফলত জুই অথবা বিস্ফোৰণ ঘটিব পাৰে। সেইকাৰণে এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয়।

প্রশ্ন 5. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (H3O+) গাঢ়তা কিদৰে পৰিবৰ্তিত হয় ?

উত্তৰঃ যেতিয়া নিৰ্দিষ্ট পৰিমাণৰ এছিড পানীত যোগ কৰা হয়, তেতিয়া দ্ৰৱটোৰ প্রতি একক আয়তনত হাইড্ৰ’নিয়াম আয়নৰ সংখ্যা নির্দিষ্ট থাকে। কিন্তু যেতিয়া আৰু বেছি লঘু কৰা হয়, তেতিয়া প্ৰতি একক আয়তনত হাইড্ৰ’নিয়াম আয়নৰ সংখ্যা সংখ্যা কমি যায়। সেইকাৰণে এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ নিয়াম আয়নৰ গাঢ়তা কমি যায়।

প্রশ্ন 6. ছডিয়াম হাইড্রক্সাইডৰ দ্রৱ এটাত অধিক ক্ষাৰক দ্রৱীভূত কৰিলে হাইড্ৰ’ক্সাইডৰ আয়ন (OH)ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হ’ব ?

উত্তৰঃ ছডিয়াম হাইড্র’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে প্ৰথমতে হাইড্ৰ’অক্সাইড আয়নৰ সংখ্যা বাঢ়ি যাব। কিন্তু ছ’ডিয়াম হাইড্র’অক্সাইড তীব্ৰ ক্ষাৰক হোৱাৰ বাবে দ্রৱটোত OH আয়নৰ গাঢ়তা অধিক পৰিমাণে থাকিব, যিয়ে ক্ষাৰকটোৰ বিয়োজনত বাধা দিব। গতিকে হাইড্ৰ’অক্সাইড আয়নৰ গাঢ়তা কমিব।

প্ৰশ্নাৱলীঃ

Page No.28

প্রশ্ন 1. তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্রৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান ৪। কোনটো দ্রৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি ? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ?

উত্তৰঃ A দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি। A দ্রৱটো আম্লিক আৰু B দ্ৰৱটো ক্ষাৰকীয়।

প্রশ্ন 2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে ?

উত্তৰঃ যদি দ্র তেন্তে দ্ৰৱটোত H+ আয়নৰ গাঢ়তা বেছি তেন্তে দ্রৱটো এছিড হ’ব। কিন্তু
যদি H+ আয়নৰ গাঢ়তা কম হয় তেন্তে দ্রৱটো ক্ষাৰকীয়।

প্রশ্ন 3. ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে ? যদি থাকে তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?

উত্তৰঃ ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকে।

ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়নৰ তুলনাত OH(aq) আয়নৰ সংখ্যা বা গাঢ়তা বেছি। সেইকাৰণে H+ আয়ন থকা সত্বেও দ্ৰৱটো ক্ষাৰকীয়।

প্রশ্ন 4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্রক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা ?

উত্তৰঃ যেতিয়া মাটিত আম্লিক অথবা এছিডিক গুণ বৃদ্ধি হয় তেতিয়া কৃষক এজনে পোৰা চূণ বা শিথিলিত চূণ অথবা চক প্ৰয়োগ কৰিব।

প্ৰশ্নাৱলীঃ

Page No.28

প্রশ্ন 1. যৌগ CaOCl2ৰ সাধাৰণ নামটো কি ?

উত্তৰঃ ব্লিচিং পাউদাৰ ।

প্রশ্ন 2. ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

উত্তৰঃ কেলছিয়াম হাইড্রক্সাইড [Ca(OH)2 ]

প্রশ্ন 3. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।

উত্তৰঃ কাপোৰ ধোৱা ছ’ডা (Na2CO3.10H2O)।

প্রশ্ন 4. ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।

উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেটৰ দ্রৱ এটা উত্তপ্ত কৰিলে ছ’ডিয়াম কার্বনেট, পানী আৰু কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয় আৰু বিক্ৰিয়াটোৰ সমীকৰণটো হ’ল –
NaHCO3 +  তাপ → Na2CO3 +  CO2 + H2O

প্রশ্ন 5. প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।

উত্তৰঃ জড়িত সমীকৰণটো হ’ল –

অনুশীলনী:

Page No.34

প্রশ্ন 1. এটা দ্রৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ’ব পাৰে – 
(a) 1          (b) 4          (c) 5          (d) 10

উত্তৰঃ (d) 10

প্রশ্ন 2. এটা দ্রৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্রৱটোত থাকে – 
(a) NaCl          (b) HCl          (c) LiCl          (d) KCl

(b) HCl

প্রশ্ন 3. NaOH দ্ৰৱ এটাৰ 10ml এ HCl দ্ৰৱ এটাৰ 8ml সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্রৱ) পৰিমাণ হ’ব – 
(a) 4mL          (b) 8mL          (c) 12mL           (d) 16mL

উত্তৰঃ (d) 16mL

প্রশ্ন 4. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?
(a) এণ্টিবায়টিক

(b) বেদনানাশক (analgesic)

(c) অম্লনাশক

(d) বীজাণুবাৰক (antiseptic)

উত্তৰঃ (c) অম্লনাশক

প্রশ্ন 5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমকীৰণ লিখা যেতিয়া – 
(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে।
উত্তৰঃ শব্দ সমীকৰণ –
লঘু  ছালফিউৰিক এছিড + যিংকৰ গুড়ি  → যিংক ছালফেট + হাইড্রজেন গেছ।

ৰাসায়নিক সমীকৰণ –

H2SO4 + Zn →  ZnSO4 + H2

 (b) লঘু হাইড্ৰ’ক্লৰিক এছিডে মেগনেছিয়াম ফিটাৰ সৈতে বিক্ৰিয়া কৰে।

উত্তৰঃ শব্দ সমীকৰণ –
লঘু হাইড্ৰ’ক্লৰিক এছিড + মেগনেছিয়াম → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰজেন গেছ।

ৰাসায়নিক সমীকৰণ –

2HCl + Mg → MgCl2 + H2

(c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে।

উত্তৰঃ শব্দ সমীকৰণ –
লঘু ছালফিউৰিক এছিড + এলুমিনিয়াম পাউদাৰ →  এলুমিনিয়াম ছালফেট + হাইড্রজেন গেছ।

ৰাসায়নিক সমীকৰণ –

3H2SO4 + 2Al → Al2(SO4)3 + 3H2

(d) লঘু হাইড্ৰ’ক্লৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।

উত্তৰঃ শব্দ সমীকৰণ –
লঘু হাইড্ৰক্ল’ৰিক এছিড + লোৰ গুড়ি → আইৰণ ক্লৰাইড + হাইড্ৰজেন গেছ।

ৰাসায়নিক সমীকৰণ –

6HCl + 2Fe →  2FeCl3 + 3H2

প্রশ্ন 6. এলকহ’ল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্রেণীভূক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰঃ

প্ৰথমতে গ্লুক’জ, এলক’হল, হাইড্ৰক্ল’ৰিক এছিড, ছালফিউৰিক এছিড আদি দ্ৰৱ কেইটা লোৱা হ’ল। এতিয়া এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি কৰ্কটো 100ml বিকাৰ এটাত ৰখা হ’ল। চিত্ৰত দেখুৱাৰ দৰে গজাল দুটা, বাল্ব এটা আৰু ছুইচ এটাৰ মাজেৰে 6 ভল্ট বেটাৰী এটাৰ মূৰ দুটাৰ সৈতে সংযোগ কৰা হ’ল।
এতিয়া, গ্লুক’জৰ দ্ৰৱ বিকাৰত লৈ চুইচ টিপি বিদ্যুৎ প্রবাহ চালিত কৰা হ’লআৰু ঠিক সেইদৰে এলকহ’ল, হাইড্ৰ’ক্লৰিক এছিড আৰু ছালফিউৰিক এছিড দ্ৰৱ লৈ পৃথকে পৃথকে পৰীক্ষা কৰা হ’ল।
পৰীক্ষাত দেখা গ’ল গ্লুক’জ আৰু এলক’হল দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো নজ্বলে কিন্তু হাইড্ৰ’ক্লৰিক এছিড আৰু ছালফিউৰিক এছিডৰ ক্ষেত্ৰত বাল্বটো জ্বলে। এছিডৰ ক্ষেত্ৰত বাল্বটো জ্বলাৰ কাৰণ হ’ল জলীয় দ্রৱত এছিডে H+ আয়নৰ যোগন ধৰে। আনহাতে গ্লুক’জ আৰু এলকহলৰ ক্ষেত্ৰত বাল্বটো নজ্বলাৰ কাৰণ হ’ল – সিহঁতে জ্বলীয় দ্রৱত H+ আয়নৰ যোগান ধৰিব নোৱাৰে, যি বিদ্যুৎ প্রবাহিত হোৱাৰ বাবে দায়ী। ইয়াৰ পৰা প্ৰমাণিত হ’ল যে এলকহ’ল আৰু গ্লুক’জত হাইড্ৰজেন থকা সত্বেও সিহঁত এছিড নহয়।

প্রশ্ন 7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?

উত্তৰঃ যিকোনো পদাৰ্থৰ মাজেদি বিদ্যুৎ সৰবৰাহ হ’বলৈ পদাৰ্থটোত আধানযুক্ত কণিকা বা মুক্ত আয়ন থাকিব লাগিব যি পদাৰ্থটোৰ মাজেদি চলাচল কৰিব পাৰে। যিহেতু পাতিত পানী বা বিশুদ্ধ পানীত কোনো ধৰণৰ অশুদ্ধি নাথাকে যাৰ কাৰণে কোনা মুক্ত আয়ন নাথাকে ।
আনহাতে বৰষুণৰ পানীত কার্বন-ডাই-অক্সাইড, ছালফাৰ-ডাই-অক্সাইড ইত্যাদিৰ নিচিনা বহুতো গেছ বা অশুদ্ধি দ্ৰৱীভূত হৈ থাকে যিয়ে বৰষুণৰ পানীৰ লগত কার্বনিক এছিড (H2CO3) আৰু ছালফিউৰিক এছিড (H2SO4) উৎপন্ন কৰে যিয়ে মুক্ত আয়ন যোগান ধৰে। সেইকাৰণে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়েই কৰে।

প্রশ্ন ৪. পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্ৰদৰ্শন নকৰে কিয় ?

উত্তৰঃ পানীৰ অনুপস্থিতিত এছিডে H+ আয়ন উৎপন্ন কৰিব নোৱাৰে। সেইকাৰণে পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্রদর্শন নকৰে।

প্রশ্ন 9. পাঁচটা দ্ৰৱ A,B,C,D আৰু E ক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত pHৰ মান ক্রমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ
(a) প্রশম

(b) তীব্র ক্ষাৰকীয়

(c) তীব্র আম্লিক

(d) মৃদু আম্লিক

(e) মৃদু ক্ষাৰকীয়
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ সজোৱা ।
উত্তৰঃ (a) D দ্ৰৱ

(b) C দ্ৰৱ

(c) B দ্ৰৱ

(d) A দ্ৰৱ

(e) E দ্ৰৱ
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত,
11 < 9 < 7 < 4 < 1

প্রশ্ন 10. পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল A ত হাইড্ৰ’ক্লৰিক এছিড (HCI) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় ?

উত্তৰঃ A পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব। কিয়নো হাইড্ৰ’ক্লৰিক এছিড এচিটিক এছিডতকৈ তীব্ৰ এছিড হোৱাৰ বাবে মেগনেছিয়াম ফিটাৰ লগত বেছি সক্রিয়ভাৱে বিক্ৰিয়া কৰি বেছি হাইড্ৰ’জেন গেছ উৎপন্ন কৰিব।

প্রশ্ন 11. কেঁচা গাখীৰৰ pH ৰ মান 6। ই দৈত পৰিণত হ’লে pH সলনি হ’বনে ? ব্যাখ্যা কৰা।

উত্তৰঃ কেঁচা গাখীৰৰ pH ৰ মান 6। ই দৈত পৰিণত হ’লে pH ৰ মান কমি যাব যেতিয়া গাখীৰ দৈত পৰিণত হয় তেতিয়া গাখীৰৰ তুলনাত দৈত লেক্টিক এছিডৰ পৰিমাণ বৃদ্ধি হৈ যায় অর্থাৎ আম্লিক গুণ বৃদ্ধি হয়। সেইকাৰণে কেঁচা গাখীৰ দৈত পৰিণত হ’লে pH ৰ মান কমি যায়।

প্রশ্ন 12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছড়া যোগ কৰিলে৷

(a) কিয় তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ললে।

উত্তৰঃ গোৱালজনে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেচিং ছড়া যোগ কৰি গাখীৰটোৰ pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে কিয়নো ক্ষাৰকীয় গাখীৰ সহজতে নষ্ট নহয়, অর্থাৎ ইয়াক বেছি সময় ধৰি ৰাখিব পাৰে।

(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয় ?

উত্তৰঃ এই গাখীৰখিনি ক্ষাৰকীয় হোৱাৰ বাবে সহজতে আম্লিক হোৱাত বাধা দিয়ে। কিয়নো গাখীৰত উৎপন্ন হোৱা লেক্টিক এছিডে পোন প্রথমে ক্ষাৰকীয় মাধ্যমটোৰ লগত বিক্ৰিয়া কৰি প্ৰশম দ্ৰৱ হৈ গাখীৰ আৰু লেক্টিক এছিডৰ পৰিমাণ বৃদ্ধি হ’লেহে গাখীৰটো দৈ লৈ পৰিৱৰ্তন হ’ব। সেইকাৰণে এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে।

প্রশ্ন 13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত হ’ব লাগে। কিয় ? ব্যাখ্যা কৰা৷
উত্তৰঃ যেতিয়া প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্পৰ লগত বিক্রিয়া হয় তেতিয়া ই জিপছামলৈ পৰিণত হয়, যিটো গোটা টান পদার্থ। সেইকাৰণে প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে।
জড়িত ৰাসায়নিক বিক্ৰিয়াটো হ’ল –

প্রশ্ন 14. প্রশমন বিক্রিয়া কি ? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।
উত্তৰঃ এছিড আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক প্রশমন বিক্রিয়া বোলে।

এই বিক্ৰিয়াত পানী আৰু লৱণ উৎপন্ন হোৱাৰ লগতে তাপ উৎপন্ন হয়।
উদাহৰণঃ(i) NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(I)
(ii) H2SO4(aq) + 2NaOH(aq) → Na2SO4(aq) + 2H2O(I)

কাপোৰ ধোৱা ছ’ডাৰ ব্যৱহাৰ –
(i) ছ’ডিয়াম কার্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰিব পাৰি।

(ii) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

বেকিং ছ’ডাৰ ব্যৱহাৰ –
(i) বেকিং ছ’ডা অম্লনাশকবোৰৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

(ii) ছ’ডা এছিড অগ্নি নির্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন 1. এছিড আৰু ক্ষাৰক কি ?
উত্তৰঃ এছিড –  যি বস্তুৰ সোৱাদ টেঙা আৰু সিহঁতে নীলা লিটমাছক ৰঙা কৰে অথবা দ্রৱত H+(aq) আয়ন উৎপন্ন কৰিব পাৰে তাকে এছিড বোলে।
যেনে – হাইড্ৰ’ক্লৰিক এছিড HCI) আৰু ছালফিউৰিক এছিড (H2SO4)।

ক্ষাৰক – যি বস্তুৰ সোৱাদ তিতা, চুলে চাবোন পানীৰ দৰে লাগে আৰু ৰঙা লিটমাছক নীলা কৰে তাকে ক্ষাৰক বোলে ।
ক্ষাৰকে দ্রৱত OH(aq) আয়ন উৎপন্ন কৰিব পাৰে।
যেনে -ছডিয়াম হাইড্রক্সাইড (NaOH), কেলছিয়াম হাইড্রক্সাইড Ca(OH)2

প্রশ্ন 2. লিটমাছ কি ? ব্যাখ্যা কৰা।

উত্তৰঃ লিটমাছ এবিধ প্রাকৃতিক সূচক যিটো লিচেন নামৰ উদ্ভিদৰ পৰা আহৰণ কৰা এবিধ বেঙুনীয়া ৰঞ্জক।

ইয়াক দুইধৰণে পোৱা যায় –
(i) লিটমাছ কাগজ – কাগজ হিচাপে সাধাৰণতে ই ৰঙা আৰু নীলা দুটা ৰঙত পোৱা যায়।
(ii) লিটমাছ দ্রৱ – দ্ৰৱ হিচাপে ই বেঙুনীয়া ৰঙত পোৱা যায়।

প্রশ্ন 3. সূচক কি ? ব্যাখ্যা কৰা।

উত্তৰঃ কোনো এটা পদার্থ এছিড (আম্লিক) বা ক্ষাৰকীয় বা প্ৰশম দ্ৰৱ সেয়া পৰীক্ষা কৰিবলৈ যিবোৰ বিশেষ ধৰণৰ পদাৰ্থ ব্যৱহাৰ কৰা হয় তাকে সূচক বোলে।

সূচক দুই ধৰণৰ—
(i) প্রাকৃতিক সূচক – লিটমাছ, হালধি, জবা ফুলৰ পাহি, ৰঙা বন্ধাকবি পাত ইত্যাদি।
(ii) কৃত্রিম সূচক বা সাংশ্লেষিক সূচক – মিথাইল অৰেঞ্জ আৰু ফিন’লফ্ৰথেলিন।

প্রশ্ন 4. ঘ্রানেন্দ্রিক সূচক কি ?

উত্তৰঃ যিবোৰ পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিবৰ্তন ঘটে। এইবোৰক ঘ্রাণেন্দ্ৰিক সূচক বোলে।
যেনে— ভেনিলা আতৰ, লং তেল আৰু পিয়াজ ।

প্রশ্ন 5. প্রশম দ্ৰৱ কি ?

উত্তৰঃ যি দ্ৰৱৰ সোৱাদ টেঙা অথবা তিতা দুয়োটাই নহয় আৰু সিহঁতে ৰঙা অথবা নীলা লিটমাছৰ ৰং সলনি নকৰে অৰ্থাৎ যিবোৰ দ্ৰৱ এছিড অথবা ক্ষাৰক দুয়োটাই নহয় তাকে প্রশম দ্ৰৱ বোলে।
যেনে – পাতিত পানী (H2O)

প্রশ্ন 6. ধাতব কার্বনেট আৰু ধাতৱ হাইড্ৰ’জেন কার্বনেট এছিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে ?

উত্তৰঃ ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰ’জেন কার্বনেট এছিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ, কার্বন-ডাই-অক্সাইড আৰু পানী উৎপন্ন কৰে।
ইয়াৰ শব্দ সমীকৰণ হ’ল –
ধাতৱ কাৰ্বনেট/ধাতৱ হাইড্ৰ’জেনকার্বনেট + এছিড  →  লৱণ  +  কার্বন-ডাই-অক্সাইড + পানী
যেনে –  Na2CO3(s) + 2HCl(aq) →  2NaCl(aq) + H2O(l) + CO2(g)

NaHCO3(s) + HCl(aq) →  NaCl(aq) + H2O(l) + CO2(g)

প্রশ্ন 7. লৱণ কি ?

উত্তৰঃ এছিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াৰ ফলত পানীৰ বাহিৰে যি নতুন পদার্থ উৎপন্ন হয় তাকে লৱণ বোলে।
যেনে – NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)
ইয়াত ছড়িয়াম ক্ল,ৰাইড (NaCl) হ’ল লৱণ।

প্রশ্ন ৪. এছিড আৰু ক্ষাৰকে ধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে ?

উত্তৰঃ ধাতুৱে এছিডৰ সৈতে বিক্ৰিয়া কৰি অনুৰূপ লৱণ আৰু হাইড্ৰ’জনে গেছ উৎপন্ন কৰে।
ইয়াৰ শব্দ সমীকৰণ হ’ল –
এছিড + ধাতু → লৱণ + হাইড্ৰ’জেন গেছ
যেনে – HCl(aq) + Zn(s)  → ZnCl2 (aq)+ H2 (g)
ধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰাৰ লগতে এটা লৱণ উৎপন্ন কৰে যাৰ ধাতু আৰু অক্সিজেনেৰে গঠিত এটা ধনাত্মক আয়ন থাকে।
ইয়াৰ শব্দ সমীকৰণ হ’ল –
এছিড + ধাতু → লৱণ + হাইড্ৰ’জেন গেছ
যেনে – 2NaOH(aq) + Zn(s) → Na2ZnO2(aq) + H2(g)
(ছডিয়াম যিংকেট)

প্রশ্ন 9. এছিডে ধাতৱীয় অক্সাইডৰ লগত কিদৰে বিক্ৰিয়া কৰে ?

উত্তৰঃ এছিডে ধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।
ধাতৱীয় অক্সাইডবোৰ ক্ষাৰৰ্কীয়।
ইয়াৰ শব্দ সমীকৰণ হ’ল –
ধাতৱ অক্সাইড + এছিড →লৱণ + পানী
যেনে – CuO(aq) + HCl(aq) → CuCl2(aq) + H2O(I)

প্রশ্ন 10. ক্ষাৰকে অক্সাইডৰ লগত কিদৰে বিক্ৰিয়া কৰে ?

উত্তৰঃ ক্ষাৰকে অধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।
অধাতৱীয় অক্সাইডবোৰ এছিড ধৰ্মী
ইয়াৰ শব্দ সমীকৰণ হ’ল –
অধাতৱীয় অক্সাইড + ক্ষাৰক → লৱণ + পানী
যেনে –  CO2(g) + Ca(OH)2(aq) →  CaCO3(aq) + H2O(I)

প্রশ্ন 11. ধাতীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড কিয় বোলা হয় ?

উত্তৰঃ ক্ষাৰকে এছিডৰ লগত বিক্ৰিয়া কৰাৰ নিচিনাকৈ ধাতৱ অক্সাইড সমূহে এছিড লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেইকাৰণে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয়। অর্থাৎ ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয়।

প্রশ্ন 12. অধাতৱীয় অক্সাইডবোৰক এছিডিক অক্সাইড কিয় বোলা হয় ?

উত্তৰঃ এছিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰাৰ নিচিনাকৈ অধাতৱীয় অক্সাইডসমূহে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেইকাৰণে অধাতৱীয় অক্সাইডবোৰক এছিডিক অক্সাইড বুলি কোৱা হয়। অর্থাৎ অধাতৱীয় অক্সাইডবোৰ এছিড ধর্মী।

প্রশ্ন 13. সকলো এছিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি ?

উত্তৰঃ সকলো এছিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ হ’ল –
(i) এছিড আৰু ক্ষাৰক দুয়োটাই জলীয় দ্ৰৱত আয়নলৈ ভাঙি যায়।
(ii) এছিড আৰু ক্ষাৰক দুয়োটাই জলীয় দ্ৰৱত আয়নৰ বাবে সিহঁতৰ মাজেদি বিদ্যুৎ প্রবাহিত হ’ব পাৰে।

প্রশ্ন 14. জলীয় দ্রৱত এছিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয় ?

উত্তৰঃ এছিডে জলীয় দ্রৱত H+(aq) আয়ন উৎপন্ন কৰে আৰু ক্ষাৰকে জলীয় দ্রৱত OH(aq) আয়ন উৎপন্ন কৰে।
যেনে – HCl + H2O → H3O+ + Cl
NaOH(s) + H2O → Na+(aq) + OH(aq)

প্রশ্ন 15.ক্ষাৰ কি ? উদাহৰণ দিয়া।

উত্তৰঃ সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত নহয় আৰু যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় তাকে ক্ষাৰ বোলে।
যেনে – ছডিয়াম হাইড্রক্সাইড (NaOH), কেলছিয়াম হাইড্রক্সাইড [Ca(OH)2] আৰু পটেছিয়াম হাইড্র’অক্সাইড (KOH) ইত্যাদি।

প্রশ্ন 16. pH স্কেল কি ?

উত্তৰঃ যি স্কেলৰ সহায়ত জলীয় দ্রৱত এছিড বা ক্ষাৰকৰ তীব্ৰতা জোখা হয় তাকে pH স্কেল বুলি কোৱা হয়।
সাধাৰণতে pH স্কেলত 0 ৰ পৰা 14 লৈকে চিহ্ন থাকে। ই দ্ৰৱত H+ আয়নৰ গাঢ়তা পৰিমাণ দিয়ে।

Note : (i) এটা প্রশম দ্ৰৱৰ pH ৰ মান হ’ল 7
(ii) আম্লিক দ্ৰৱৰ pH ৰ মান 7 তকৈ কম, কিন্তু 7ৰ পৰা 0 লৈ গ’লে H+ আয়নৰ গাঢ়তা বাঢ়ি যায় অর্থাৎ এছিডৰ তীব্ৰতা বাঢ়ি যায়।
(iii) pH ৰ মান 7 ৰ পৰা 14 লৈ বাঢ়ি গ’লে OH আয়নৰ গাঢ়তা বাঢ়ি যায় অর্থাৎ ক্ষাৰকৰ তীব্ৰতা বাঢ়ি যায়।

প্রশ্ন 17.তীব্র এছিড কি ? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ এছিড জলীয় দ্রৱত সম্পূৰ্ণ ৰূপে সিহঁতৰ আয়নলৈ ভাঙি যায় অর্থাৎ বেছিকৈ H+ আয়ন উৎপন্ন কৰিব পাৰে। তেনেবোৰ এছিডক তীব্ৰ এছিড বুলি কোৱা হয়।
যেনে – হাইড্ৰ’ক্লৰিক এছিড (HCI), ছালফিউৰিক এছিড (H2SO4)।

প্রশ্ন 18. মৃদু এছিড কি ? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ এছিড জলীয় দ্রৱত আংশিকভাৱে সিহঁতৰ আয়নলৈ ভাঙি যায় অর্থাৎ কম কৈ H+ আয়ন উৎপন্ন কৰিব পাৰে। তেনেবোৰ এছিডক মৃদু এছিড বুলি কোৱা হয়।
যেনে – নেমুৰ ৰস, বিলাহী ৰস, ভিনেগাৰ ইত্যাদি।

প্রশ্ন 19. আমাৰ শৰীৰৰ কাৰ্যকৰী pHৰ পৰিসৰ কিমান ?

উত্তৰঃ আমাৰ শৰীৰে 7.0 ৰ পৰা 7.8 pH পৰিসৰৰ ভিতৰত কাৰ্য কৰে।

প্রশ্ন 20. এছিড বৰষুণ কি ?

উত্তৰঃ বৰষুণৰ পানীৰ pHৰ মান 5.6ৰ কম হ’লে তাক এছিড বৰষুণ বুলি কোৱা হয়।

প্রশ্ন 21. কেতিয়া দন্তক্ষয়ৰ সূচনা হয় ?

উত্তৰঃ মুখৰ ভিতৰত pH ৰ মান 5.5 তকৈ কম হ’লে দন্তক্ষয় সূচনা হয়।

প্রশ্ন 22. মেগনেছিয়ামৰ দুগ্ধ কি ?

উত্তৰঃ মেগনেছিয়ামৰ হাইড্ৰ’ক্সাইডক [Mg(OH)2 ]মেগনেছিয়ামৰ দুগ্ধ বোলে। ইয়াক অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয়।

প্রশ্ন 23. খনিজ লৱণ কি ?

উত্তৰঃ খনিজ লৱণ হ’ল ছডিয়াম ক্ল’ৰাইডৰ দ্বাৰা গঠিত এবিধ লৱণ যিটো বিভিন্ন অশুদ্ধিৰ বাবে গোটা বা বৃহৎ স্ফটিকৰ ৰূপত পোৱা যায়।
সাধাৰণতে এই লৱণ মূগা বৰণৰ হয় আৰু ইয়াক কয়লাৰ দৰে খনি খান্দি আহৰণ কৰা হয়।

প্রশ্ন 24. ব্রাইন কি ?

উত্তৰঃ ছডিয়াম ক্ল’ৰাইডৰ এটা জলীয় দ্রৱক ব্রাইন বোলা হয় ।

প্রশ্ন 25. ক্ল’ৰএলকালি কি ?

উত্তৰঃ যি পদ্ধতিত ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্রৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে ই বিয়োজিত হৈ ছ’ডিয়াম হাইড্রক্সাইড উৎপন্ন কৰে তাকে ক্ল’ৰএলকালি বুলি কোৱা হয়।
এই পদ্ধতিত ছ’ডিয়াম হাইড্ৰ’অক্সাইডৰ উপৰিও ক্ল’ৰিণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন হয়।
জড়িত ৰাসায়নিক বিক্রিয়া হ’ল –
2NaCl(aq )+ 2H2O(l) → 2NaOH(aq)+ Cl2(g) + H2(g)

প্রশ্ন 26.ব্লিচিং পাউদাৰ কি ? ইয়াৰ কেইটামান ব্যৱহাৰ লিখা।

উত্তৰঃ ব্লিচিং পাউদাৰ হ’ল এবিধ বগা ৰঙৰ পাউদাৰ যি শুকান শিথিলিত চূণৰ [Ca(OH)2] লগত ক্ল’ৰিণৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউদাৰ প্ৰস্তুত কৰা হয়।
ইয়াৰ ৰাসায়নিক সংকেত হ’ল –  CaOCl2
ইয়াৰ ৰাসায়নিক সমীকৰণ হ’ল –

Ca(OH)2 + Cl2 → CaOCl2 + H2O

ইয়াৰ ব্যৱহাৰ হ’ল –

(i) বস্ত্ৰ উদ্যোগত কপাহী আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ কাগজ কলত মণ্ড বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷

(ii) অনেক ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয় ।

(iii) খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

প্রশ্ন 27. বেকিং ছ’ডা কি ? ইয়াৰ কেইটামান ব্যৱহাৰ লিখা।

উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেটক (NaHCO3) বেকিং ছ’ডা বুলি কোৱা হয়।

ইয়াক ছ’ডিয়াম ক্ল’ৰাইড (NaCl), পানী (H2O), কার্বন-ডাই-অক্সাইড (CO2) আৰু এমনিয়াৰ (NH3) বিক্ৰিয়াৰ ফলত উৎপন্ন হয়।
ৰাসায়নিক বিক্রিয়া হ’ল –
NaCl + H2O + CO2 + NH3→ NH4Cl + NaHCO3

ইয়াৰ ব্যৱহাৰ হ’ল –

(i) বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(ii) ছ’ডা-এছিড অগ্নি নির্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়।

(iii) ইয়াক অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় ।

প্রশ্ন 28. কাপোৰ ধোৱা ছ’ডা কি ? ইয়াৰ কেইটামান ব্যৱহাৰ লিখা।

উত্তৰঃ স্ফটিকাবদ্ধ জল হিচাপে দহটা পানীৰ অণু থকা ছ’ডিয়াম কার্বনেটক কাপোৰ ধোৱা ছ’ডা বুলি কোৱা হয়। ছ’ডিয়াম কার্বনেটৰ পুনঃ স্ফটিকীকৰণ ঘটালে কাপোৰ ধোৱা ছ’ডা পোৱা যায়।
Na2CO3 + 10H2O → Na2CO3.10H2O

ইয়াৰ ব্যৱহাৰ হ’ল –

(i) ছ’ডিয়াম কার্বনেট কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় ৷

(ii) ব’ৰাক্সৰ দৰে ছ’ডিয়াম যৌগৰ পণ্য উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয় ৷

(iii) ছ’ডিয়াম কার্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয়।

(iv) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

প্রশ্ন 28. স্ফটিকাবদ্ধ জল কি ? উদাহৰণ দিয়া।

উত্তৰঃ স্ফটিকাবদ্ধ জল হৈছে স্ফটিক অৱস্থাত লৱণ এটাৰ প্ৰতিটো সংকেত এককৰে সৈতে ৰাসায়নিকভাৱে যুক্ত হৈ থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু।
যেনে – জলযুক্ত কপাৰ ছালফেটৰ এটা সংকেত এককত স্ফটিকাবদ্ধ জল হিচাপে পাঁচটা পানীৰ অণু থাকে।
ইয়াৰ ৰাসায়নিক সংকেত হ’ল – CuSO4.5H2O

জলযুক্ত ছ’ডিয়াম কার্বনেটৰ এটা সংকেত এককত স্ফটিকাবদ্ধ জল হিচাপে
দহটা পানীৰ অণু থাকে।
ইয়াৰ ৰাসায়নিক সংকেত হ’ল – Na2CO3.10H2O

প্রশ্ন 29. প্লাষ্টাৰ অব পেৰিছ কি ? ইয়াৰ কেইটামান ব্যৱহাৰ লিখা।

উত্তৰঃ কেলছিয়াম ছালফেট হেমিহাইড্রেটক প্লাষ্টাৰ অব পেৰিছ বুলি কোৱা হয় আৰু ই এবিধ বগা পাউদাৰ ।
ইয়াৰ ৰাসায়নিক সংকেত হ’ল – CaSO4.1/2H2O

জিপছামক 373K উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেটত বা প্লাষ্টাৰ অব পেৰিছত পৰিণত হয়।

ইয়াৰ ব্যৱহাৰ হ’ল –
(i) ডাক্তৰে ভগা হাঁড় সঠিক স্থান ধৰি ৰাখিবলৈ প্লাষ্টাৰ হিচাপে ব্যৱহাৰ কৰা হয় ।
(ii) ইয়াক পুতলা, ঘৰ সজোৱাৰ সামগ্ৰী আৰু মসৃণ তল সাজিবৰ বাবে ব্যৱহাৰ কৰা হয়।

প্রশ্ন 30. জিপছাম কি ?

উত্তৰঃ স্ফটিকাবদ্ধ জল হিচাপে দুটা পানীৰ অণু থকা কেলছিয়াম ছালফেটক জিপছাম বুলি কোৱা হয়।

ইয়াৰ ৰাসায়নিক সংকেত হ’ল – CaSO4.2H2O

প্লাষ্টাৰ অব পেৰিছক পানী মিহলালে জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয়।

জড়িত ৰাসায়নিক বিক্ৰিয়াটো হ’ল –


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *